Breaking

অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ অধীনত ক্ষীপ্ৰ গতিত নিৰ্মাণ কাৰ্য আৰম্ভ মূৰ্কংচেলেক শিক্ষাখণ্ডৰ পোন্ধৰখন পঞ্চায়তত…

0 36

সামাজিক মাধ্যমত দুৰ্নীতিৰ প্ৰচাৰ হোৱা কাণ্ডৰ ভিত্তিহীন,অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ অধীনত ক্ষীপ্ৰ গতিত নিৰ্মাণকাৰ্য্য চলি আছে মূৰ্কংচেলেক শিক্ষাখণ্ডৰ পোন্ধৰখন পঞ্চায়তত পোন্ধৰখন আদৰ্শ পুথিভঁৰাল

অসম চৰকাৰৰ পুথিভঁৰাল সঞ্চালকালয়ৰ সাংস্কৃতিক বিভাগৰ ২০২১- ২২ বৰ্ষৰ বিশেষ পুঁজিৰ দ্বাৰা নিৰ্মাণ হৈ আছে  মূৰ্কংচেলেক শিক্ষাখণ্ডৰ অন্তৰ্গত পোন্ধৰখন বিদ্যালয়ত শিশু আৰু কৈশোৰৰ বাবে আদর্শ পুথিভঁৰাল।

প্ৰতিখন পুথিভঁৰালৰ বাবদ অসম চৰকাৰৰ  দ্বাৰা ষোল্ল লাখ টকাকৈ আৱন্তন দিয়া পুথিভঁৰাল নিৰ্মাণৰ কাৰ্য দ্রুত গতিত চলাই আছে৷ আদৰ্শ পুথিভঁৰাল নিৰ্মাণ কৰা বিদ্যালয় কেইখন হল-কেমি -জেলম গাওঁ পঞ্চায়তৰ জে এন চিলে ট্ৰাইবেল এম ই স্কুল, চিলে গাওঁ পঞ্চায়তৰ  চিলে এম ই স্কুল,  বাহিৰ জোনাই গাওঁ পঞ্চায়তৰ  প্ৰগতি হাই স্কুল, জোনাই গাওঁ পঞ্চায়তৰ মূৰ্কংচেলেক টাউন হাইস্কুল, ৰায়াং বিজয়পুৰ গাওঁ পঞ্চায়তৰ কাৰ্মপুংপুলি হাই স্কুল,

ৰাজাখানা গাওঁ পঞ্চায়তৰ ৰাজাখানা হাইস্কুল, গালী  চিকাৰী গাওঁ পঞ্চায়তৰ গালী হাইস্কুল, চিগা গাওঁ পঞ্চায়তৰ চিগা সন্তপুৰ জনজাতি এম ই স্কুল, ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ ৰামধন এম ই স্কুল, লাইমেকুৰী গাওঁ পঞ্চায়তৰ লাইমেকুৰী কনেং হাইস্কুল, তেলাম গাওঁ পঞ্চায়তৰ তেলাম ট্ৰাইবেল হাইস্কুল, মিছামৰা গাওঁ পঞ্চায়তৰ কে কে পাতিৰ হাইস্কুল, ডেকাপাম গাওঁ পঞ্চায়তৰ ডেকাপাম হাইস্কুল, চিমেন চাপৰি গাওঁ পঞ্চায়তৰ পশ্চিম চিমেন চাপৰি হাইস্কুল, চমকং গাওঁ পঞ্চায়তৰ-চমকং হাইস্কুল। ইয়াৰ ভিতৰত  প্ৰগতি হাইস্কুল, চিলে মধ্য ইংৰাজী বিদ্যালয়, জে.এন চিলে

ট্ৰেইবেল এম ই স্কুলত  কণিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কাৰ্য্য চলি থকা, প্ৰাকলন বৰ্হিভূতভাৱে নিৰ্মাণকাৰ্য্য চলাই যোৱা বুলি একাংশ  সামাজিক মাধ্যমত বাতৰি প্ৰচাৰ কৰা কাৰ্যক  নসাৎ কৰি  অভিযন্তা গাম পেগুয়ে কয় ইতিমধ্যে  জোনাইৰ ১৫ খন গাওঁ পঞ্চায়তৰ   বিদ্যালয় সমূহত অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ সাংস্কৃতিক বিভাগে মুকলি কৰা ৬৫ শতাংশ টকাৰে ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে , লগতে বিভাগৰ  সম্পূৰ্ণ নিয়মত কাম কৰি থকা হৈছে ইয়াত কোনো দুৰ্নীতি বা অনিয়ম সংঘটিত হোৱা নাই বুলি উল্লেখ কৰি বিভাগৰ মতে দুমাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিব লগীয়া আঁচনি কেইখনৰ নিৰ্মাণ কাৰ্য্য বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে সন্তোষজনকভাৱে দায়িত্ব পালন কৰি আছে বুলি কয়।

শম্ভু দাস চিলাপথাৰ

Leave A Reply