Breaking

নেপালী এম.আই.এল.ত ৰাজ্যৰ ভিতৰতে ১০০ নম্বৰ সংগ্ৰহ কৰি উজ্জ্বলিল ঊৰ্মিলা পোড়েল

0 89

সোমবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহৰ ফলাফল সন্তোষজনক।

জিলাখনৰ পৰা যদিও স্থান প্ৰাপ্তৰ তালিকাত এগৰাকীও ছাত্ৰ- ছাত্ৰী নাই তথাপিও নেপালী বিষয়ত সৰ্বাধিক নম্বৰ সংগ্ৰহ কৰি সমগ্ৰ ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় উত্তৰ নাওবান্ধা গাঁৱৰ অৰ্জুন পোড়েলৰ কন্যা ঊৰ্মিলা পোড়েল নামৰ ছাত্ৰী গৰাকীয়ে।

উত্তৰ অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত অতি অনগ্ৰসৰ অঞ্চল হিচাপেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহুকেইগৰাকী মেধাৱী ছাত্ৰ- ছাত্ৰীয়ে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ডিমাকুছি শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটোত সৰ্বাধিক নম্বৰৰে উজ্বলিল সোণাজুলিত অৱস্থিত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান হিমালয়ান একাডেমীৰ ছাত্ৰ সঞ্জয় শৰ্মা নামৰ ছাত্ৰ গৰাকী।

সঞ্জয় শৰ্মাই ৯২.৫ শতাংশ নাম্বৰ লাভ কৰি ছয়টা বিষয়তে লেটাৰ মাৰ্ক ৰাখিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে হিমালয়ান একাডেমীৰ পৰা ১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল , ইয়াৰে ৬ গৰাকীয়ে প্ৰথম বিভাগত, ২ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।

বিদ্যা ভাৰতীৰ অন্তৰ্ভূক্ত ডিমাকুছি শংকৰদেৱ শিশু নিকেতনৰ পৰা ষ্টাৰ মাৰ্ক সহ ৬ গৰাকী প্ৰথম বিভাগত, ৯ গৰাকী দ্বিতীয় বিভাগত আৰু ৪ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। নিকেতনখনৰ উত্তীৰ্ণ হাৰ ৯০.৪৭ % । ডিমাকুছি শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২২ গৰাকী প্ৰথম বিভাগত ইয়াৰে ৪ গৰাকীৰ ষ্টাৰ মাৰ্ক, ৪৫ গৰাকী দ্বিতীয় বিভাগত, ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

বিদ্যালয় খনৰ শতকৰা উত্তীৰ্ণ হাৰ হ’ল ৪০.২০ শতাংশ। ডিমাকুছি অঞ্চলৰ বিদ্যালয় সমূহৰ ফলাফলক লৈ আনন্দিত শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ- ছাত্ৰী অভিভাৱক সকল। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতৰ পৰীক্ষাৰ্থী সকলক ইয়াতকৈও অধিক ভাল ফলাফল দেখুৱাবলৈ আহ্বান জনাই৷

Leave A Reply