Breaking

যুদ্ধবিধস্ত ইউক্ৰেইনত হঠাতে উপস্থিত হ’ল মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেন, সকিয়ালে পুটিনক

0 71

২৪ ফেব্ৰুৱাৰীত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বৰ্ষপূৰ্তিঃ পুটিনৰ মতে পশ্চিমীয়া দেশেহে ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ কৰিছিল! চাওঁতে চাওঁতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধই এটা বছৰ সম্পূৰ্ণ কৰিব। ২৪ ফেব্ৰুৱাৰীত এই যুদ্ধৰ বৰ্ষপূৰ্তি। যুদ্ধৰ বৰ্ষৰ পূৰ্তিৰ আগে আগে যুদ্ধবিধস্ত ইউক্ৰেইনত হঠাতে উপস্থিত হৈছিল মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেন। পূৰ্বে কোনো বতৰা নিদিয়াকৈয়ে পুটিনে ইউক্ৰেইনত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়। বিডেনৰ ইউক্ৰেইন ভ্ৰমণৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ যুদ্ধৰ বাবে পশ্চিমৰ দেশবোৰকে জগৰীয়া কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ সংসদত দিয়া ভাষণত পশ্চিমীয়া দেশসমূহে ইউক্ৰেইন যুদ্ধ আৰম্ভ কৰাৰ অভিযোগ তোলে আৰু কয় যে ৰাছিয়াই ইয়াক বন্ধ কৰিবলৈ বল প্ৰয়োগ কৰিছিল। ইয়াৰ লগতে তেওঁ দাবী কৰে যে যুদ্ধক্ষেত্ৰত ৰাছিয়াক পৰাস্ত কৰাটো অসম্ভৱ।ৰাষ্ট্ৰপতি পুটিনে মঙলবাৰে মস্কোত কয় যে ৰাছিয়া পশ্চিমৰ সৈতে কূটনীতিৰ পথ তৈয়াৰ আৰু আলোচনাৰ ধাৰণাটোৰ বাবে মুকলি আছিল আৰু নিৰাপত্তাৰ এক অভিন্ন ব্যৱস্থাৰ বাবে মুকলি আছিল। এই সময়ছোৱাত তেওঁ নাটোৰ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি দাবী কৰে যে মস্কোৱে ‘বেইমান উত্তৰ’ লাভ কৰিছে।’পশ্চিমীয়া দেশসমূহে স্থানীয় সংঘৰ্ষক বিশ্বব্যাপী বুলি কয় ‘

ইপিনে সোমবাৰে কিয়েভত আকস্মিক ভ্ৰমণকাৰ্যসূচীলৈ উপস্থিত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ইউক্ৰেইনৰ গণতন্ত্ৰ, সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি আমেৰিকাৰ অটল প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। বিদেনে কয় ”ইউক্ৰেইনত ৰাছিয়াৰ নিৰ্মম আক্ৰমণৰ বাৰ্ষিকী কাষ চাপি অহাৰ লগে লগে মই আজি ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে সাক্ষাৎ কৰিবলৈ আৰু ইউক্ৰেইনৰ গণতন্ত্ৰ, সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি আমাৰ অটল প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিবলৈ কিয়েভত উপস্থিত হৈছো,” ।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইউক্ৰেইনৰ মাটিৰ পৰাই ৰাছিয়াক কঠোৰ সকিয়নী দিয়ে। বিদেনে কয় “যেতিয়া পুটিনে প্ৰায় এবছৰ আগতে আক্ৰমণ আৰম্ভ কৰিছিল, তেতিয়া তেওঁ ভাবিছিল যে ইউক্ৰেইন দুৰ্বল আৰু পশ্চিমীয়া দেশ বোৰ বহুধা বিভক্ত। তেওঁ ভাবিছিল যে তেওঁ আমাক অতিক্ৰম কৰিব পাৰিব। কিন্তু তেওঁৰ ধাৰণা ভুল আছিল,” ।
ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনলৈ ৰাছিয়াৰ বাহিনী প্ৰেৰণ কৰাৰ পিছত বিডেন প্ৰশাসনে ইউক্ৰেইনক প্ৰায় ৩০ বিলিয়ন আমেৰিকান ডলাৰ নিৰাপত্তা সাহায্য হিচাবে প্ৰদান কৰিছে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপত হোৱা সৰ্ববৃহৎ স্থল যুদ্ধ হিচাবে পৰিগণিত হৈছে।
“যোৱা বছৰটোত, আমেৰিকা যুক্তৰাষ্ট্ৰই অভূতপূৰ্ব সামৰিক, অৰ্থনৈতিক আৰু মানৱীয় সমৰ্থনৰ সৈতে ইউক্ৰেইনক ৰক্ষা কৰাত সহায় কৰিবলৈ আটলাণ্টিকৰ পৰা প্ৰশান্ত মহাসাগৰীয় অঞ্চললৈ ৰাষ্ট্ৰসমূহৰ এক মিত্ৰজোঁট গঢ়ি তুলিছে ”। বিডেনে টুইটত উল্লেখ কৰে। ইফালে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কয় যে বিডেনৰ কিয়েভ ভ্ৰমণ “ক্ৰেমলিনৰ ধ্বংসৰ বাবে এক অতি নিৰ্দিষ্ট”সতৰ্কবাণী”।

বিডেনৰ নেতৃত্বত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ নাটো মিত্ৰশক্তিয়ে ক্ৰমান্বয়ে গধুৰ টেংকইউক্ৰেইনলৈ প্ৰেণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। বিডেন সোমবাৰে সন্ধিয়া ৱাশ্বিংটনৰ পৰা পোলেণ্ডলৈ ৰাওনা হোৱাৰ কথা আছিল। দেওবাৰে হোৱাইট হাউছে এক বিবৃতিত কয় যে বিডেন মঙলবাৰে ৱাৰ্ছত উপস্থিত হ’ব আৰু পোলেণ্ডৰ ৰাষ্ট্ৰপতি এন্দ্ৰজেজ ডুডাৰ সৈতে সাক্ষাৎ কৰিব।উল্লেখ্য বিশ্বৰ আন নেতাসকলে যোৱা বছৰটোত জেলেনস্কিৰ সৈতে সাক্ষাৎ কৰিবলৈ আৰু যুদ্ধত আঘাতপ্ৰাপ্ত চহৰখন ভ্ৰমণ কৰিবলৈ কিয়েভ ভ্ৰমণ কৰিছে। অৱশ্যে বিডেনৰ ভ্ৰমণৰ গুৰুত্ব কিছু বেলেগ। ৰাছিয়া-আমেৰিকাৰ দৰে পাৰমাণৱিক শক্তিধৰ দেশে এই যুদ্ধত জড়িত হৈ পৰাত নানান আশংকাৰো সৃষ্টি হৈছে।

Leave A Reply