Breaking

নগাঁও প্ৰেছ ক্লাবত সাংবাদিকক ভেকচিন প্ৰদান

0 2,046

 ক’ৰনাৰ দ্বিতীয় লহৰৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ব্যাপক হাৰত ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী অব্যাহত আছে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জনসাধাৰণৰ সেৱা কৰি থকা সাংবাদিক সকলকো চৰকাৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি নগাঁও প্ৰেছ ক্লাবৰ অনুৰোধ মৰ্মে নগাঁও জিলা প্ৰশাসন আৰু নগাঁও জিলা স্বাস্থ্য বিভাগে আজি নগাঁও প্ৰেছ ক্লাবত সাংবাদিক সকলক ভেকচিন প্ৰদান কৰে।আজি সাংবাদিক সকলৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য আৰু অন্যান্য লোককো ভেকচিন প্ৰদান কৰা হয়। নগাঁও প্ৰেছ ক্লাবত আজি প্ৰায় ২২০ জন লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে। আজি ভেকচিন প্ৰদান কাৰ্যসূচীত নগাঁও জিলা স্বাস্থ্য বিভাগৰ মহকুমা স্বাস্থ্য বিষয়া ডা° মধুমিতা বৰা, স্বাস্থ্য বিষয়া ডা° ডেইজী বৰা, এল এইচ এছ চামচুন নেহাৰ, নাৰ্চ ক্ৰমে হেমা প্ৰভা ডেকা, পম্পী নাথ, হেনা কাশ্যপ, অৰ্চনা নাথ, ৰূপাঞ্জলী হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে। নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা আৰু সম্পাদক দ্বয়, ভাস্কৰ জ্যোতি মেধি আৰু চন্দনজ্যোতি বৰাই সা‍ংবাদিক সকলক ভেকচিন প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাত নগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগক কৃতজ্ঞতা জ্ঞাপন কৰে। নগাঁও প্ৰেছ ক্লাবে ক’ভিড মহামাৰীৰ প্ৰতিৰোধৰ বাবে ৰাইজক ক’ভিড প্ৰ’টকল মানি চলিবলৈ আহ্বান জনাই। আনহাতে আজিৰ পৰা ১৪ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলক এই ভেকচিন প্ৰদান কৰা হৈছে। সেই অনুসৰি নগাঁও চহৰৰ ১নং আমোলাপট্টি এল পি স্কুল, জিতেন শইকীয়া এল পি স্কুল, নুৰুদ্দিন এম ই স্কুলৰ লগতে ৰহা এম ভি স্কুল, কঠিয়াতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়, চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, দগাঁও এ, কে হাই স্কুল, শিঙিমাৰী মহম্মদ আলি হাই স্কুল, কুৱঁৰীটোল হাই স্কুল, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, দক্ষিণ পাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেবেজীয়া ভোগেশ্বৰ হাজৰিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধিং হিন্দী মাৰোৱাৰী এল পি স্কুলত আজি এই ভেকচিন প্ৰদান কৰা হৈছে।

Leave A Reply