Breaking

মহানগৰীত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস উদযাপন …..

0 240

“কোনে আনি দিব লোণে আমলখি, কোনে আনি দিব জৰা, কোনে আনি দিব ধনৰে বাতৰি, শদিয়া ৰণৰে পৰা।”এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি যুদ্ধ ক্ষেত্ৰত জপিয়াই পৰা প্ৰথমগৰাকী বীৰাঙ্গণা তথা অসমৰ নাৰী সমাজৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক দেশপ্ৰেম, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান   বীৰাংগনা নাৰী সতী সাধনীৰ আজি মৃত্যুৰ দিৱসৰ দিনটো সশ্ৰদ্ধ স্মৰণ কৰে ৰাজ্যবাসীয়ে |

প্ৰকৃতাৰ্থত সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত  অন্যতম বীৰাংগনা সাধনীৰ মৃত্যুৰ দিনটোত ৰাজ্যৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীত বসবাস কৰা চুতীয়া জনগোষ্ঠীৰ ৰাইজেও স্মৰণ কৰে। 

মহানগৰীৰ বৰবাৰী মেগজিনস্থিতি সতী সাধনী ভৱনত  বীৰাংগনাগৰাকীৰ প্ৰতিচ্চবিত সন্মুখত  ভূমি সংৰক্ষণ বিভাগৰ যুটীয়া সঞ্চালক মণিদীপ চুতীয়াই বন্তি প্ৰজ্বলনৰ জৰিয়তে স্মৃতি দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। কাৰ্যসূচী আৰম্ভ কৰি ভাষণ প্ৰসংগত চুতীয়াই স্বদেশ স্বজাতিৰ বাবে ৰাণী সাধনীৰ আত্মত্যাগ আৰু স্বদেশ প্ৰেম বাখ্যা আগবঢ়াই বীৰাংগনাগৰাকীৰ কৰ্মৰাজি ইতিহাসৰ পৃষ্ঠাত সদায় জিলিকি থাকিব বুলি মন্তব্য কৰে।

প্ৰতিষ্ঠিত ব্যৱসায়ী দিব্য ৰাজখোৱাই সাধনীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ জৰিয়তেই মুকলি কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত  উচ্চ ন্যায়ালয়ৰ  অধিবক্তা কবিন শইকীয়া, ব্যৱসায়ী বুধিন হাজৰিকা,চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক কুণ্ডিল চুতীয়া, পনৱ চুতীয়া, মহানগৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক পাৰ্থ হাজৰিকা, জ্ঞানেন্দ্ৰ চুতীয়াকে ধৰি প্ৰায় অৰ্ধ শতাধিক লোক উপস্থিত থাকে।

সমান্তৰালভাৱে বীৰাংগনা নাৰীগৰাকীৰ লগতে জনগোষ্ঠীটোৰ উপৰি পুৰুষ সোঁৱৰি আৰু শেহতীয়াকৈ হেৰাই যোৱা জাতিটোৰ লোকসকলক আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনাৰ পাছতে সাধনীৰ সভাকক্ষত এখন স্মৃতিচাৰন সভা অনুষ্ঠিত হয় আৰু সমগ্ৰ 
অনুষ্ঠানটো আঁত ধৰে সাংবাদিক ৰণ্টু নেওগে|

Leave A Reply