Breaking

বকোত পথত কঠিয়া ৰুই চৰকাৰ বিৰোধী শ্লোগান ভুক্তভোগী জনতাৰ

0 1,561

ৰাজ্যত শাসনাধীন ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিকশিত অসমৰ পয়ালগা ছবি দেশৰ জনতাই দেখা পাব কামৰূপ জিলাৰ বকোত। ৪৮ নং বকো বিধানসভা সমষ্টিৰ একাধিক গ্ৰাম্য পথৰ নগ্ন ছবি দেখিলে সহজেই অনুমান কৰিব পাৰি যে চৰকাৰৰ বিকাশৰ শ্লোগান ভূৱা। উল্লেখ্য যে ; যাতায়াতৰ ক্ষেত্ৰত চৰম যন্ত্ৰনাত ভুগি আজি শাসনাধীন চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দি পথৰ ওপৰত কঠিয়া ৰুই ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি গড়কাপ্তানী বিভাগ আৰু স্থানীয় বিধায়িকা নন্দিতা দাসক হায় হায় কৰি নিন্দাৰে পৰিবেশ মুখৰিত কৰি তোলে। প্ৰাপ্ত তথ্য অনুসৰি ; ছমৰীয়া মৌজাৰ ৫৪ নং বৰুৱা গাওঁ গাওঁ পঞ্চায়তৰ অন্তৰ্গত গাওঁ শিংৰাবড়ী গাওঁৰ মাজেৰে যোৱা এক মাত্ৰ পথটোৰ অৱস্থা অতি শোচনীয়। খৰালি মাহতেই যাতায়তৰ অৱস্থা নোহোৱা পথটো বাৰিষাত কেনে পৰিবেশ সৃষ্টি হয় সহজেই অনুমান কৰিব পাৰি। ইফালে বছৰ বছৰ ধৰি পথটোৰ মেৰামতি নকৰাত ভাঙি ছিঙি গৈছে আৰু যাতায়ত কৰিব নোৱাৰা অৱস্থা হৈছে। সেয়েহে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আজি গাওঁ অঞ্চলৰ পুৰুষ মহিলা উভয়ে ওলাই আহি পথটোৰ ওপৰত কঠিয়া ৰুই চৰকাৰ বিৰোধী শ্লোগান দি পথ উন্নয়ণ কৰিবলৈ আহ্বান জনায়। জানিব পৰা মতে ; বৃহত্তৰ বালিঝাৰ অঞ্চলৰ পৰা শিংৰাবড়ী হৈ মালিবাৰীলৈ যোৱা পথৰ দুৰৱস্থা তথা পয়ালগা ছবি দেখি পথটোৰ উন্নতি সাধন কৰে তাৰ ব্যৱস্থা ল’ৱলৈ আহ্বান জনায়। আজি কঠিয়া ৰুই পথ মেৰামতি কৰাৰ দাবীত অসম চৰকাৰ হায় হায় ; মুখ্যমন্ত্ৰী হায় হায় ; গড়কাপ্তানী বিভাগ হায় হায় আৰু বিধায়িকা হায় হায় ধ্বনি তুলি প্ৰতিবাদ সাব্যস্ত কৰে।

Leave A Reply