Breaking

জামুগুৰিহাটত মাইক্ৰ’ফাইনেঞ্চৰ দৌৰাত্ম্য : ঋণগ্ৰস্তক মাহিলী কিস্তি পৰিশোধ কৰিবলৈ ব্যাপক তাগিদা ৷

0 863

জামুগুৰিহাট : কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে ৰাইজক শংকিত কৰি ৰখাৰ সময়তে ৰাজ্যখনৰ চুকে কোণে একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীয়ে পুনৰাই দৌৰাত্ম্য অব্যাহত ৰখাৰ খবৰ পোৱা গৈছে৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীও৷ জানিব পৰা মতে একাংশ মাইক্ৰ’ফাইনেঞ্চৰ প্ৰতিনিধিয়ে আৰ্থিকভাৱে জুৰুলা একাংশ ঋণগ্ৰস্তক ঋণৰ মাহিলি কিস্তি পৰিশোধ কৰিবলৈ ব্যাপক তাগিদা দিয়া বুলি অভিযোগ উঠিছে৷ কেন্দ্ৰীয় চৰকাৰৰ বিধি বিধান মানি যি সময়ত জনগণ গৃহবন্দী হ’বলগীয়া হৈছে, ব্যৱসায় বাণিজ্য বন্ধ হোৱাৰ ফলত অধিকাংশ লোকে আজিও আৰ্থিক স্বচ্ছলতা ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই। আনকি ভাৰতীয় ৰিজাৰ্ভ বেংকেও মাৰ্চ মাহৰ পৰা আগষ্ট মাহ পৰ্যন্ত ৬ মাহৰ বাবে ঋণৰ মাহিলী কিস্তি পৰিশোধ কৰাৰ পৰা ঋণ লোৱা সকলক ৰেহাই দি সাময়িক সকাহ প্ৰদান কৰিছে। তেনে সময়তে জামুগুৰিহাটৰ কেবাটাও বিত্তীয় প্ৰতিষ্ঠানে ঋণ গ্ৰহণ কৰা ব্যক্তিক ঋণ আদায়ৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উল্থাপন কৰিছে একাংশ লোকে৷ আনকি ঋণগ্ৰস্তক কটু কথা শুনাই মানসিকভাৱে কষ্ট দিয়াৰ অভিযোগো উত্থাপন হৈছে৷ মন কৰিবলগীয়া যে ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰ’না কেন্দ্ৰীক লকডাউনৰ সময়চোৱাত সমস্যাজৰ্জৰ জনগণক বেংক, বিত্তীয় প্ৰতিষ্ঠান আদিৰ মাহিলী কিস্তি সমুহ ৬ মাহৰ বাবে পিছুৱাই দিয়াৰ ঘোষণা কৰিছিল আৰু জনগণেও কিছু সকাহ লাভ কৰিছিল যদিও জামুগুৰিহাটৰ একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বাবেই ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা সম্প্ৰতি ধোৱাচাঙত উঠা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই ঋনীৰ গৃহৰ আচবাব লৈ অহা, ঋণীক আইন আদালতৰ ভয় দেখুওৱা আদি অনেক মানসিক নিৰ্যাতনৰ বলি কৰাৰ বাবেই বিগত সময়ত ঋণীয়েও ঘৰ এৰি পলায়ন কৰা, আত্মহননৰ পথ বাচি লোৱাকে ধৰি সংঘটিত বহু ঘটনাৰাজীৰ বাবেই মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিল আৰু পৰিণতিত আৰবিআইয়ে এলানি কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল৷ কিন্তু ইমানৰ পিছতো গা নলৰা একাংশ মাইক্ৰ’ফাইনেঞ্চৰ প্ৰতিনিধিয়ে সম্পূৰ্ণ মইমতালিৰে ঋনীক ঋণ পৰিশোধ কৰিবৰ বাবে ব্যাপক তাগিদা দিয়া খবৰে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে জামুগুৰিহাটত৷ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমুহৰ একাংশ প্ৰতিনিধিয়ে সঘনাই মেল মিটিং অনুষ্ঠিত কৰি সামাজিক দূৰত্বৰ চৰকাৰী নিয়মকো অংগুষ্ঠ প্ৰদৰ্শন কৰা বুলিও গুৰুতৰ অভিযোগ উল্থাপন কৰে ৰাইজে৷ শীঘ্ৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমুহৰ এনে মইমতালি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে জনসাধাৰণে ৷

Leave A Reply