Breaking

কভিডৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহিল বিৰাট-অনুষ্কা

0 2,045

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাই কভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দেশক যুঁজ দিয়াত সহায় কৰাৰ সিদ্ধান্ত লৈছে।কোহলী আৰু অনুষ্কাই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ২ কোটি টকা দান কৰিছে। বিৰাট কোহলীয়ে টুইটাৰযোগে এই বিষয়ে অৱগত কৰে।কেৱল সেয়াই নহয়, দুয়োজনে মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সাত কোটি টকা সংগ্ৰহৰ লক্ষ্যও নিৰ্ধাৰণ কৰিছে।তেওঁলোক দুয়োজনে সাধাৰণ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা সংগঠন কেটোৰ জৰিয়তে এই ধন সংগ্ৰহ কৰি আছে।বিবৃতিটোত কোৱা হৈছে, ‍‘তেওঁলোকে কেটোৰ জৰিয়তে এটা অভিযান আৰম্ভ কৰিছে আৰু তেওঁলোকে নিজৰ তৰফৰ পৰা ২ কোটি টকা দান কৰিছে’।এই অভিযানটো সাত দিনলৈ চলিব।সংগ্ৰহ কৰা ধন অক্সিজেন আৰু অন্যান্য চিকিৎসা সুবিধা প্ৰদানৰ ক্ষেত্ৰত কাম কৰা সংগঠন এচিটি গ্ৰাণ্টছক দিয়া হ’ব।

কোহলীয়ে কয়‍ ‘আমাৰ দেশখন এই মুহূৰ্তত এটা কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈছে। এই মুহূৰ্তত আমি সকলোকে একত্ৰিত কৰিব লাগিব আৰু অধিক সংখ্যক জীৱন ৰক্ষা কৰিব লাগিব ।

Leave A Reply