বিশ্বকৰ্মা পূজাত ৰাজ্যত ভংগ হ’ল পূৰ্বৰ ৰেকৰ্ড; বিক্ৰী হ’ল অভিলেখ সংখ্যক সুৰাৰ বটল

উদ্বেগজনক! বিশ্বকৰ্মাৰ সৈতে সুৰাৰ কোনো সম্পৰ্ক নাই যদিও আমোদজনকভাৱে এই পূজাতে পূৰ্বৰ ৰেকৰ্ড ভংগ হ’ল অসমত।

এইবাৰৰ বিশ্বকৰ্মা পূজাত বিক্ৰী হ’ল অভিলেখ সংখ্যক সুৰাৰ বটল। ৰাজধানী চহৰ গুৱাহাটীতেই বিক্ৰী হ’ল ৮ কোটি ৩৪ লাখ টকাৰ বিলাতী সুৰা। গুৱাহাটীত যোৱা বৰ্ষত বিক্ৰী হৈছিল ৬.২০ কোটিৰ সুৰা। ২০২১ বৰ্ষৰ বিশ্বকৰ্মা পূজাত বিক্ৰী হৈছিল ৩ কোটি ৭০ লাখৰ সুৰা।

এইবছৰ ১৮ ছেপ্টেম্বৰত ৰাজ্যত বিক্ৰী হ’ল আনুমানিক ১৫.৫০ কোটিৰ সুৰা। ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে ৰাজ্যত সুৰাৰ চাহিদা প্ৰতিদিনে বৃদ্ধি হৈ গৈ আছে।

Related Articles