Breaking

চামতাৰ ইতিহাস ঐতিহ্য-গৌৰৱ বিষয়ক দৃশ্য গ্ৰহন দূৰদৰ্শন কেন্দ্ৰৰ

0 2,658

নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ প্ৰাণকেন্দ্ৰ চামতাৰ ইতিহাস ঐতিহ্য-গৌৰৱ বিষয়ক এক দৃশ্য শ্ৰব্য অনুষ্ঠানৰ সোমবাৰে  দৃশ্য গ্ৰহণ কৰা হয় ৷ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ “ গাৱত এটা দিন”( Day in a village) শীৰ্ষক কাৰ্যসূচীৰ অধীনত আজি দূৰদৰ্শন কেন্দ্ৰ- গুৱাহাটীৰ এটি বিষয়া কৰ্মচাৰীৰ দল  আহি চামতাত উপস্হিত হয় ৷ এই দলটোৱে প্ৰথমে এশ আঠ বছৰীয়া ঐতিহ্যমণ্ডিত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত উপস্হিত হৈ শিক্ষানুষ্ঠানখনৰ ইতিহাস ঐতিহ্যৰ বিষয়ে বুজ লৈ বাণীবদ্ধ কৰে ৷ দলটো পিছত কুলবিলঘাটত উপস্থিত হৈ বুঢ়াদিয়া নৈ , কুলবিলঘাট ৰাজহুৱা শিৱালয়ৰ বিষয়ে কিছু তথ্য বাণীবদ্ধ কৰে ৷ দলটোৱে কুলবিল হীৰাপাৰাৰ মৃৎ শিল্প আৰু শিল্পী সকলৰ দৃশ্য গ্ৰহন কৰে ৷ দলটোৱে পিছত চামতাৰ কেন্দ্ৰীয় মছজিদ আৰু জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰ গন্ধিয়াত উপস্হিত হয় ৷ চামতাৰ কামৰূপ মহাবিদ্যালয়, পশ্চিম চামতা হাইস্কুল, বাবাৰ থান, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ ষ্টেডিয়াম, আৰু সুৰদেৱী থিয়েটাৰৰ কাৰ্যালয়ত উপস্থিত হৈ তথ্য, দৃশ্য বাণীবদ্ধ কৰে ৷ দূৰদৰ্শন কেন্দ্ৰ দলটোৰ দিনজোৰা কাৰ্যসূচীৰ দিনটোৰ বাবে সংগ দিয়ে বিশিষ্ট ক্ৰীড়া সংগঠকযতীন শৰ্মাই ৷  অনুষ্ঠানটোৰ বাবে আগতীয়াকৈ তথ্য সমৃদ্ধ এখন প্ৰতিবেদন লিখি দাখিল কৰিছিল সংবাদিক ৰাজেন বৈশ্যই ৷ 

Leave A Reply