Breaking

আৰ্তজনৰ কাষত গোগামুখৰ স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰণঃ জটিল ৰোগত আক্ৰান্ত যুৱকক চিকিৎসা সাহায্য

0 68

গোগামুখৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা উত্তৰণৰ সামাজিক-সাংস্কৃতিক কাৰ্যসূচী অব্যাহত আছে৷ তেওঁলোকৰ সামাজিক কামৰ অংশ হিচাপে ধেমাজি জিলাৰ  গোগামুখ চাউলধোৱা বলিগাঁৱৰ মহেন্দ্ৰ নাথ নামৰ এগৰাকী যুৱকক চিকিৎসা সাহায্য প্ৰদান কৰে ৷

মহেন্দ্ৰ নাথ  কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ  আছিল। সৰুতে দেউতাকক হেৰুৱাই  মাক আৰু দুগৰাকী ভগ্নী সৈতে জীৱন কটোৱা মহেন্দ্ৰ আছিল পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ ব্যক্তি।

ৰোগাক্ৰান্ত হৈ পৰাত বহু জটিল পৰিস্থিতিৰ মাজতে নিজৰ উন্নত চিকিৎসাৰ বাবেও সক্ষম নোহোৱাত গাঁৱৰে কেইজনমান যুৱকে তেওঁক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় । চিকিৎসা বাবে আৰ্থিক অভাৱৰ কথা সামাজিক মাধ্যম যোগে উত্তৰণৰ কৰ্মকৰ্তাই অৱগত হৈ কালি  লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ  মহেন্দ্ৰ নাথৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে  আৰ্থিক সহায় আগবঢ়ায়।

উত্তৰণ পৰিয়ালৰ হৈ সভাপতি প্ৰবীণ চেতিয়াৰ লগতে উত্তৰণ পৰিয়ালৰ জিতু বৰা, হীৰেন দাস, দীপক বৰগোহাঁই, জিতেন্দ্ৰ গগৈ আৰু মৃদুল শৰ্মা উপস্থিত থাকি তেখেতৰ দ্ৰুত আৰোগ্য কামনা কৰে। উল্লেখনীয় যে, উত্তৰণ হৈছে গোগামুখ আছু আৰু প্ৰাক্তন আছু কৰ্মী সকলৰ দ্বাৰা গঠিত স্বেচ্ছাসেৱী সংস্থা ৷

Leave A Reply