Breaking

চিৰাঙৰ বান আৰু গৰাখহনীয়া মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

0 1,531

অসমৰ জলসম্পদ, তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লিখন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিজনীত আই নদীৰ বানপানীৰ ফলত  ২নং খুজৰাৱগুৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা নিৰ্মিতক্ষতিগ্ৰস্থ মথাউৰি পৰিদৰ্শন কৰি আজিৰ পৰাই মথাউৰিৰ মেৰামতি কৰিবলৈ বিভাগীয় বিষয়াক নিদেশ দিয়াৰ লগতে অহাকালিৰ পৰা পৰ্কুপাইন আৰু জিওবেগৰ দ্বাৰা মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। বানপানীৰ ফলত আশ্ৰয় শিবিৰত থকা ক্ষতিগ্ৰস্থ পৰিয়াল বৰ্গৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁ লোকৰ অবস্থা বুজ লয় আৰু সাহায্য সামগ্ৰী বিতৰণ কৰে। বিজনীৰ  শিশুবৰীত মাকৰা নদীৰ গৰাখহনীয়াও তেওঁ পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। মন্ত্ৰীৰ লগত সংগ দিয়ে বিটিচি প্ৰধান প্ৰমোদ বড়ো, ৩১নং বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় ৰায়, ৩৩ নং চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচি কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহ, বিজনী মহকুমাৰ মহকুমাধিপতি আৰু বিভাগীয় বিষয়া সকল। উল্লেখযোগ্য যে মন্ত্ৰী জনৰ এই পৰিদৰ্শনক শলাগ লয় স্থানীয় ৰাইজে।

Leave A Reply