Breaking

বতৰৰ আপডেটঃ গৰমৰ পৰা সকাহ পাব! বৰষুণ আহি আছে; এই খবৰ বতৰ বিজ্ঞান বিভাগৰ পৰা…

0 34

দিল্লীবাসীৰ বাবে সু-খবৰ।গৰমৰ পৰা সকাহ পাব।২৪ ঘণ্টাৰ ভিতৰত দিল্লী, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু পশ্চিম উত্তৰ প্ৰদেশত মধ্যমীয়া বৰষুণ-শিলাবৃষ্টিৰ লগতে ধূলিৰ ধুমুহা হোৱাৰ সম্ভাৱনা আছে। এতিয়া বতৰ বিজ্ঞান বিভাগে দিল্লী-এনচিআৰ দিল্লীৰ ৰাইজক এই ভাল খবৰ দিছে। শনিবাৰে দিল্লীৰ সৰ্বোচ্চ উষ্ণতা আছিল ৩৮.৭ ডিগ্ৰী। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক ৭২ ঘন্টালৈ দিল্লী-এনচিআৰবাসীয়ে গৰমৰ পৰা কিছু সকাহ পাব। আজি দেওবাৰে দিল্লীত বজ্ৰপাতৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা। আজিৰ সৰ্বোচ্চ উষ্ণতা ৩৭ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৬ ডিগ্ৰী হ’ব পাৰে। দেওবাৰৰ পৰা মঙলবাৰলৈ সৰ্বোচ্চ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছৰ তলত থাকিব দিল্লীত।


কিন্তু বুধবাৰে দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা ৪১ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন তাপমাত্ৰা ২৫ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে।

হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উপকূলীয় ওড়িশা, পূব অসম, অন্ধ্ৰ প্ৰদেশ, উত্তৰ অভ্যন্তৰীণ কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু মধ্য মহাৰাষ্ট্ৰত মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা। বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, উত্তৰ-পূব ভাৰত, ছিকিম, ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান, বিদৰ্ভ, লক্ষদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত সামান্য বৰষুণ হ’ব।

পঞ্জাৱ, হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ, দিল্লী আৰু ৰাজস্থানত বিচ্ছিন্ন ধূলিৰ ধুমুহা আৰু শিলাবৃষ্টিৰ লগতে বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে।

Leave A Reply