Breaking

বিজেপিৰ পৌৰ নিৰ্বাচনৰ মূল লক্ষ্য কি কি ক’লে মুখ্যমন্ত্ৰীয়ে!

0 2,066

বিজেপিৰ পৌৰ নিৰ্বাচনৰ মূল লক্ষ্য কি কি ক’লে মুখ্যমন্ত্ৰীয়ে!বিজেপি পৌৰ নিৰ্বাচনৰ মূল লক্ষ্য সমূহৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে – নগৰ অঞ্চলত থকা মাটি বাৰীৰ খেলি মেলি দূৰ কৰা।দৰিদ্ৰ লোকক মাটি বাৰীৰ অধিকাৰ প্ৰদান কৰা,প্ৰতিখন নগৰত এটা উন্নত পানী যোগান আচঁনি গঢ়ি তোলা ।নগৰ সমূহ আৱৰ্জনা মুক্ত কৰা, আৱৰ্জনা মুক্ত কৰি আৱৰ্জনা সমূহৰ পৰা মিথানেল উৎপাদন কৰা বিজেপিৰ পৌৰ নিৰ্বাচনৰ মূল লক্ষ্য।প্ৰতিখন জিলাত একোখনকৈ সুন্দৰ ষ্টেডিয়াম নিৰ্মাণৰ লক্ষ্য চৰকাৰৰ ।পৌৰসভা আৰু পৌৰ নিগমৰ শীৰ্ষ ৫ টা পদৰ দৰমহা চৰকাৰে বহন কৰিব। নিগম বা সভা সমূহক দিয়া নহয় এই বোজা। কিন্তু নাগৰিকৰ বাবে কাম কৰিব বিষয়া সকলে।আনহাতে ৰে’লৱেৰ মাটি বণিয়াক লীজত দিয়াক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰদান কৰিলে ক’লে।অসমৰ সকলো কাকততে ৰে’লৱেৰ এই নিবিদা প্ৰকাশ পাইছিল। কিন্তু কোনো অসমীয়া লোকে আবেদন নকৰিলে এই নিবিদাত।এতিয়া ৰাজ্য চৰকাৰে উক্ত ভূমিখণ্ড নিজৰ অধীনলৈ আনিব পাৰে নেকি তাৰ চেষ্টা চলাই আছে।আগন্তুক সময়ত এনে বহু নিবিদা হ’ব।

তাত অসমীয়া লোকসকলক আবেদনৰ আহ্বান মুখ্যমন্ত্ৰীৰ।আনহাতে পৌৰ নিৰ্বাচনক লৈ কংগ্ৰেছে কৰা অভিযোগত মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ-“য’ত গল পোষ্টৰ সন্মুখত গল কীপাৰেই নাই তাত বাৰ কেইডালক ধমকি দি কি লাভ হ’ব”।জালুকবাৰীত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ প্ৰাৰ্থীক ধমক দিয়া বুলি অভিযোগ দিয়াৰ পিছতেই এই মন্তব্য মুখ্যমন্ত্ৰীৰ।”অসমত কংগ্ৰেছ এতিয়া ৰাইজৰ মাজত নাই”।”কংগ্ৰেছ প্ৰাৰ্থীক ভাবুকি দিয়াৰ প্ৰশ্নই নাহে। কংগ্ৰেছ এতিয়া কিছুমান অঞ্চলে অঞ্চলে পকেটতহে সোমাই আছে”।

Leave A Reply