Breaking

কি এই পঞ্চ সংকল্প…

0 129

অমৃত বৃক্ষ, অমৃত কলহ, বীৰ গাথা, লাচিত বৰফুকনৰ ওপৰত ৰচনা, পোষণ সপ্তাহ আদি অনাশৈক্ষিক কাম-কাজত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰোৱা হৈছে বুলি অভিযোগ উঠি আহিছিল। এই অভিযোগৰ সন্দৰ্ভত সামাজিক মাধ্যমত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লিখিত মন্তব্য। তেওঁ কয় যে অমৃত বৃক্ষ, অমৃত কলহ, বীৰ গাথা, লাচিত বৰফুকনৰ ওপৰত ৰচনা, পোষণ সপ্তাহ আদি অনাশৈক্ষিক কাম-কাজত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰোৱা হৈছে বুলি প্ৰকাশিত বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে। বিদ্যালয় হৈছে ব্যক্তি নিৰ্মাণৰ অনুষ্ঠান। বিদ্যাৰ্থীক বিদ্যায়তনিক বিষয়ত শিক্ষাদান কৰাৰ লগতে তেওঁলোকক সু-নাগৰিক হিচাপে গঢ় দিয়াৰ বাবে নিয়মানুৱৰ্তিতা, মানৱতা, নৈতিকতা, ৰাষ্ট্ৰীয়তাবোধ, জাতীয়তাবোধ, সামাজিক দায়বদ্ধতা আদিৰ বাবে প্ৰশিক্ষিত কৰাটো ৰাষ্ট্ৰৰ দায়িত্ব। সুস্থ-সবল নাগৰিক অবিহনে ভাৰতবৰ্ষ বিশ্বগুৰু হ’ব পৰাকৈ ৰাষ্ট্ৰ নিৰ্মাণ হ’ব নোৱাৰে।

বিদ্যালয়ৰ সকলোৱেই ডাক্তৰ অথবা ইঞ্জিনীয়াৰ নহয়; নৈতিকতাবিহীন, দেশপ্ৰেমবিহীন, মানৱতাবিহীন, জাতিপ্ৰেম নথকা, নিজৰ গাঁও, নিজৰ মাটি, নিজৰ দেশক চিনি নোপোৱা তথাকথিত শিক্ষিত ব্যক্তি সৃষ্টি কৰিও লাভ নাই। বৰ্তমানৰ বিদ্যাৰ্থীসকল ভাৰতৰ স্বাধীনতাৰ অমৃত কালৰ অমৃত সন্তান। ২০৪৭ চনত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব এই অমৃত সন্তানসকলৰ। এই সময়ত ৰাষ্ট্ৰৰ অমৃত কাৰ্যসূচীসমূহত অংশ নোলোৱাকৈ তেওঁলোকে সেই দায়িত্ব কেনেকৈ পালন কৰিব? চৰকাৰে সম্পূৰ্ণ পদ্ধতিগতভাৱে ছাত্ৰ-ছাত্ৰীক লাচিতৰ জ্ঞান দিব বিচাৰিছে, নিজৰ গাঁও, নিজৰ মাটি আৰু নিজৰ দেশক ভাল পাবলৈ শিকোৱা, গোলকীয় উষ্ণতাৰ বিৰুদ্ধে সজাগ কৰি বৃক্ষ ৰোপণ কৰোৱা কেতিয়াও অনাশৈক্ষিক কাৰ্যসূচী হ’ব নোৱাৰে। বিদ্যাৰ্থীৰ সুপ্ত প্ৰতিভা বিকাশ কৰোৱাৰ পৰিযোজনা লাগিব। প্ৰতিযোগিতামূলক পৃথিৱীখনত জীয়াই থাকিবলৈ ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতামুখী কৰিব লাগিব। তাৰবাবেই খেল মহাৰণ আৰু সাংস্কৃতিত মহাসংগ্ৰামৰ আয়োজন কৰা হৈছে। আমাৰ উদ্দেশ্য- বিদ্যায়তনিক পাঠ্যক্ৰমৰ লগতে আজিৰ ছাত্ৰসকলক প্ৰকৃতাৰ্থত সমাজ, নিজৰ মাটি, নিজৰ দেশক ভাল পোৱা, মানুহক মানুহৰূপে বুজি উঠা, বীৰযোদ্ধাসকলক চিনি পোৱা, শ্বহীদসকলক চিনি পোৱা, দেশৰ ইতিহাস বুজি উঠা এজন প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলা।

এইদৰে সামাজিক মাধ্যমত লিখিত মন্তব্য ৰাখে।

Leave A Reply