Breaking

ছিপাঝাৰত নতুন পি এম গৃহ কেতিয়া হ’ব ! ঘৰ হ’ব হ’ব বুলি বাট চাই থাকোতেই আমনি লাগিছে হিতাধিকাৰীৰ ; গৃহ নিৰ্মাণ সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে বিমোৰত পেলাইছে দৰিদ্ৰ পৰিয়ালক…

0 37

চৰকাৰে পঞ্চায়ত ব্যৱস্থাৰ জৰিয়তে দুখীয়া দৰিদ্ৰ পৰিয়াললৈ আৱন্টন দিয়া পি এম গৃহকলৈ একাংশ দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ হ’ব হ’ব বুলি বাট চাই অপেক্ষা কৰি থাকোতে আমনিবোধ কৰিছে।কিয়নো পঞ্চায়তে পঞ্চায়তে একাংশ দৰিদ্ৰ পৰিয়ালৰ নামত আই ডি নম্বৰ সন্নিৱিষ্ট হোৱাৰ পিছত চৰকাৰী গৃহ লাভ কৰাটো নিশ্চত হৈ পৰাত এই সকল পৰিয়ালে পি এম গৃহ লাভৰ আশাত বাট চাই অপেক্ষা কৰি আছে।পঞ্চায়তৰ প্ৰতিনিধি -কৰ্মচাৰীক যতেই লগ পাইছে ততেই সুধিছে নিজৰ ঘৰটো হ’ব কেতিয়া। পিছে আঁচনিৰ আশা কৰি ভাগৰি পৰা এই সকল দৰিদ্ৰ পৰিয়ালে কেতিয়া চৰকাৰী গৃহ লাভ কৰিব তাক কোনেও সঠিককৈ ক’ব পৰাত নাই। ইফালে গাঁও পঞ্চায়ত এলেকা সমূহত চলি আছে পূৰ্বে গৃহ লাভ কৰা পি এম গৃহৰ নিৰ্মাণ ৰূপায়ণ কাম।দৰঙৰ ছিপাঝাৰ উন্নয়ন খণ্ডটো ২৫ খন গাওঁ পঞ্চায়তত ৰূপায়ণ কৰা হৈছে পি এম গৃহ। দৰিদ্ৰ লোক সকলে ঘৰ ঘৰ বুলি কান্দি থকাৰ মূৰকত কিবাকৰি চৰকাৰী পকী গৃহ এটা লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰা বুলি প্ৰকাশ।পিছে চৰকাৰে দৰিদ্ৰ লোক সকলৰ নামত আৱন্টন দিয়া গৃহ সমূহত পূৰ্বৰ নিৰিখতে ১.৫০ লাখ টকা ধাৰ্য কৰাত সেইখিনি আৱন্টিত ধনেৰে সম্পূৰ্ণকৰণ কৰিব নোৱাৰি বিমোৰত পৰিবলগীয়া হৈছে দৰিদ্ৰ হিতাধিকাৰী সকল।কিয়নো চৰকাৰী গৃহৰ নামত আৱন্টিত ধন হয় ১.৫০ লাখ টকা। হিতাধিকাৰী সকলৰ অভিযোগ অনুসৰি দোকান সমূহত গৃহ নিৰ্মাণ সামগ্ৰীৰ কৃত্ৰিম নাটনি অজুহাত দেখুৱাই ৬০ /৭০ শতাংশ মূল্যবৃদ্ধি ঘটাই অধিক মুনাফা লুটিছে।

ছিপাঝাৰত বিগত বৰ্ষৰ ছেপ্টেম্বৰৰ মাহৰ পৰাই মূল্যবৃদ্ধি সৃষ্টি কৰা হৈছে। অঞ্চলত আজি চাৰিমাহ আগতে ইটাৰ মূল্য হাজাৰত আছিল ৮-৯ হাজাৰ টকা।তাৰ পিছত এতিয়া হোৰাহোৰে দাম বৃদ্ধি হৈ ১৫/১৬ হাজাৰ টকা চুইছে।একেদৰে ৰ’ড ,গুণা,গজল,বালি, চিমেণ্ট,কাঠ আদি সকলোবোৰ গৃহ সামগ্ৰীৰে মূল্য বৃদ্ধি ঘটিছে।বালিৰ কিউবিক মিটাৰ বালিত আগতে আছিল ৯-১০০০ টকা। এতিয়া হ’লগৈ ১২০০ টকা পৰ্যন্ত। কাঠৰ কথাটো ক’বই নালাগে।প্ৰতি কেবি কাঠত ৫০০/৬০০ টকালৈ বৃদ্ধি হৈছে দাম। এনে মূল্য বৃদ্ধি চৰকাৰে নিয়ন্ত্ৰণ কৰিব নাই নাই। আনহাতে চৰকাৰী জোখত গৃহটো নিৰ্মাণ কৰোতে ৰাজমিস্ত্ৰীয়ে লয় ৪০/৪৫ হাজাৰ টকা।ইয়াৰ পিছত গৃহটো বাবে ৰ’ল কেইহাজাৰ টকা। আশ্বৰ্যজনক ভাবে মালিক সকলে নিজৰ ইচ্ছা অনুসৰি দাম বৃদ্ধি কৰাৰ পাছতো চৰকাৰ তথা প্ৰশাসনে ব্যৱস্থা গ্ৰহন কৰিব পৰা নাই। যাৰ বাবে নিজৰ ইচ্ছানুযায়ী দাম বৃদ্ধি ঘটাই থকাটো পৰম্পৰাত পৰিণত হৈছে। ইফালে বিভাগে প্ৰথম কিস্তিৰ ধন হিচাপে আগবঢ়োৱা ৩২,৫০০ টকাৰ ধনেৰে তলৰ কৰিবলগীয়া কামখিনিয়ে নোজোৰে। কিন্তু প্ৰথম কিস্তিৰ আৱন্টিত ধনৰ কাম নকৰিলে দ্বিতীয় কিস্তিৰ ধন আৱন্টন নোহোৱাৰ বাবে হিতাধিকাৰী সকলে উপায়হীন ভাবে অধিক দাম দি সামগ্ৰী কিনিব লগীয়া হয়।কটা ঘাঁতে চেঙা তেল পৰাৰ দৰে হাৰ্ডৰ দোকানৰ পৰা বাকীত সামগ্ৰী কিনি গৃহ সম্পূৰ্ণ কৰিবলৈ বিচাৰিলে দোকানীয়ে বাকীৰ বহীত দহত বিশ লিখি হিতাধিকাৰীক মূৰত মাৰে দ্বিতীয় ডাল ৰাম টাঙোন। যাৰ পিছত তৃতীয় কিস্তিৰ ধন আৱন্টন হ’লেও গৃহ সামগ্ৰীৰ মূল্য আৱন্টিত ধনতকৈ বেছি হৈ পৰে।

আৱন্টিত ধনেৰে দোকানৰ পৰা নিয়া সামগ্ৰীৰ বাকীৰ ধন নোজোৰাত পোহনীয়া জীৱ-জন্তু বিক্ৰী বা ধাৰ কৰিহে দিবলগীয়া হৈ পৰিছে। আশ্বৰ্যজনক কথা যে কোনোজন হিতাধিকাৰীৰ জবকাৰ্ডৰ পাবলগীয়া ধনৰাশি পঞ্চায়ত কৰ্মচাৰীয়ে আনৰ একাউন্টত ৰহস্যজনক ভাবে সোমাই দি হিতাধিকাৰীক প্ৰৱঞ্চনা কৰাৰো অভিযোগ আছে। উল্লেখ্য যে পি এম গৃহৰ হিতাধিকাৰী সকলে জবকাৰ্ডৰ ধনেৰে গৃহৰ দৰ্জা খিৰিকীৰ কাম কৰাৰ আশা পালি টকা কেইটালৈ বাট চাই থাকে যদিও আজিও বহু হিতাধিকাৰীৰ নিজৰ একাউন্টত এইধন সম্পূৰ্ণকৈ নোসোমোৱাত গৃহৰ কাম আধৰুৱা কৈ পেলাই লবলগীয়া হোৱা বুলি প্ৰকাশ। যাৰ বাবে নতুন গৃহ আৱন্টনত সমস্যা হ’ব পাৰে। ইফালে পূৰ্বৰ পঞ্চায়ত কাৰ্যালয়ত চৰকাৰী আৱাস গৃহত অনিয়মৰ পাহাৰ গঢ়ি মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ আওঁতাত তদন্ত অব্যাহত থকা পঞ্চায়তখনত কোনো লোকৰ কথাত নহয়, আঁচনিৰ নীতি নিয়মৰ গণ্ডিত ৰূপায়ণ কাম কৰিবলৈ নৱ নিযুক্ত সচিবক সচেতন মহলে আহ্বান জনাইছে।বিগত সময়ত এগৰাকী বদলিকৃত সচিবে আঁচনিৰ নামত প্ৰতিনিধি , ঠিকাদাৰ, জিপিচি, জি আৰ এছেৰে হাত মিলাই বৃহৎ দুনীতিৰ বজাৰ বহুৱাৰ অভিযোগ দীৰ্ঘদিনীয়া।

Leave A Reply