Breaking

উত্তৰ ভাৰতত হঠাৎ ইমান বৰষুণ কিয়? বতৰ বিজ্ঞান বিভাগে জনালে বৰষুণৰ কাৰণ…

0 101

উত্তৰ ভাৰতত হঠাতে ইমান বৰষুণ কিয় হয়, বতৰ বিজ্ঞান বিভাগে ক’লে ইয়াৰ কাৰণ। দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বহু ৰাজ্যত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। কিন্তু উত্তৰ ভাৰতত হঠাৎ কিয় ইমান বৰষুণ হৈছে জানেনে? উত্তৰ ভাৰতকে ধৰি বহু ৰাজ্যত আৰু যোৱা ২ দিন ধৰি ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে বহু ঠাইত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। হিমাচলত ডজনৰো অধিক সৰু-ডাঙৰ দলং উটুৱাই নিয়াৰ লগতে শ শ ঘৰৰ ক্ষতিসাধন হৈছে। ইয়াৰ বাহিৰেও পঞ্জাৱ আৰু হাৰিয়ানাৰ পথ ভৰোৱাৰ পাছত এতিয়া মানুহৰ ঘৰত পানী সোমাবলৈ আৰম্ভ কৰিছে। কিন্তু, উত্তৰ ভাৰতত হঠাতে কিয় ইমান প্ৰচণ্ড বৰষুণ হৈছে জানেনে?

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ ভাৰতত হঠাৎ বৰষুণৰ কাৰণ হৈছে একেলগে দুটা বতৰ ব্যৱস্থা সক্ৰিয় হোৱা। আই এম ডিয়ে কয় যে উত্তৰ ভাৰতকে ধৰি সমগ্ৰ দেশতে মৌচুমী সক্ৰিয় হৈ আছে আৰু ইয়াৰ সমান্তৰালভাৱে পশ্চিমীয়া অশান্তিও সক্ৰিয় হৈ পৰিছে। এই দুয়োটা ব্যৱস্থাৰ মাৰাত্মক সংযোগৰ বাবে উত্তৰ ভাৰতত প্ৰবল বৰষুণৰ সৃষ্টি হৈছে। বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী মৃত্যুঞ্জয় মহপাত্ৰই কয় যে, ‘দুদিন ধৰি একেলগে দুটা বতৰ ব্যৱস্থা সক্ৰিয় হৈ থকাৰ বাবে উত্তৰ ভাৰতত প্ৰচণ্ড বৰষুণ হৈছে। শনিবাৰে জম্মু-কাশ্মীৰ আৰু দেওবাৰে হিমাচল প্ৰদেশক কেন্দ্ৰ কৰি এই কথা কয় বতৰ বিজ্ঞান বিভাগে। বংগ উপসাগৰ আৰু আৰব সাগৰৰ পৰা আৰ্দ্ৰতা পোৱাৰ বাবে এই অঞ্চলসমূহত প্ৰবল বৰষুণ হৈছিল।

ধাৰাসাৰ বৰষুণৰ মাজতে বতৰ বিশেষজ্ঞসকলে সকীয়াই কয় যে আগন্তুক সময়ত যদি তাপমাত্ৰা বৃদ্ধি পাই থাকে তেন্তে প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ সম্ভাৱনা। এই পৰ্যন্ত হিমাচল প্ৰদেশত ১২ জন লোকৰ মৃত্যু হৈছে। হিমাচলৰ ৭খন জিলাত জাৰি কৰা হৈছেসতৰ্কবাণী। ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে মাণ্ডীৰ চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথ।ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি মুহূৰ্তত বাঢ়িছে বানপানীৰ আশংকা।

Leave A Reply