Breaking

প্ৰেমত কিয় পৰে মানুহে ! বিজ্ঞানে প্ৰেমৰ বিষয়ে কি কয় জানেনে…

0 419

প্ৰেমৰ ওপৰত বিজ্ঞানীয়ে বিজ্ঞানসন্মত তথ্য দাঙি ধৰিছে যদিও এতিয়া আমি মানুহ কেনেকৈ প্ৰেমত পৰে সেই বিষয়ে জানো আহক —

১/ সহানুভূতি লাভৰ বাবে : বিপদ-আপদৰ সময়ত কাৰোবাৰ পৰা সহানুভূতি পোৱাৰ আশাতেই বহুতেই প্ৰেমত পৰাৰ পোষকতা কৰে । যিহেতু প্ৰেমহে মানুহৰ মনৰ কথা বুজাত সহায় কৰে । প্ৰেমৰ মাজত অপাৰ সহানুভূতি থাকিলে সেই প্ৰেম স্থায়ী হয় আৰু প্ৰেমৰ মাজেদিয়েই এজন মানুহে অন্য এজন মানুহৰ কাষত সকলো সময়তে সহানুভূতি বিচাৰি যায় ।

২/ নি: সংগতা দূৰ কৰে : মানুহ কেতিয়াও অকলে জীয়াই থাকিব নোৱাৰে । প্ৰয়োজন হয় এজন সংগীৰ । অৰ্থাৎ প্ৰেমৰ মাজেদিয়েই মানুহে নিজৰ নি: সংগতা দূৰ কৰাৰ চেষ্টা কৰে । কাৰণ নি:সংগ জীৱন এক একঘেয়ামী জীৱন হৈ পৰে । কোনোদিন নতুনত্ব নথকা এই জীৱনত মানুহ কেতিয়াও সুখী হ’ব নোৱাৰে । যিটো কাৰণত মানুহে অন্য মানুহৰ সংস্পৰ্শত থাকি নিজৰ নি:সংগতা দূৰ কৰে ।

৩/ নিজকে সুন্দৰভাৱে উপস্থাপন কৰা : নিজকে সুন্দৰভাৱে উপস্থাপন কৰিবলৈ মানুহ প্ৰেমত পৰে । প্ৰেমক আকৃষ্ট কৰাৰ বাবে এজন পুৰুষ বা নাৰীয়ে নিজৰ চেহেৰাৰ এক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰে । কিছু সুন্দৰ মুহুৰ্ত কটাবলৈ নিজৰ মাজত এই পৰিৱৰ্তন আনিবলৈ উভয়ে চেষ্টা কৰে ।

৪/অনুভূতি প্ৰকাশ কৰে : মানুহে নিজৰ অনুভূতি সদায় আনৰ আগত প্ৰকাশ কৰিব বিচাৰে । যাৰ কাৰণে মানুহে আনৰ লগত এক সম্পৰ্ক গঢ় দিব বিচাৰে । অকলশৰীয়া মানুহে নিজৰ ক্ষোভ, দু:খ, কষ্ট পাহৰি থাকিবলৈ চেষ্টা কৰে । যাৰ বাবে মানুহে নিজৰ ক্ষুদ্ৰ গণ্ডিৰ ভিতৰত নাথাকি এট বহুল পৰিসৰত নিজৰ অনুভূতি প্ৰকাশ কৰিবলৈ চেষ্টা কৰে । প্ৰেমৰ মাধ্যমেৰে মানুহে সহজে আন এজন মানুহৰ লগত অনুভূতি প্ৰকাশ কৰিব বিচাৰে ।

Leave A Reply