Breaking

কিয় সুখী নহয় মেছীৰ পত্নী? হঠাতে কি হৈছে মেছী পত্নীৰ!

0 2,164

কোপা আমেৰিকাত বিজয়ী হাঁহি মৰাৰ পাছত হুকহুকাই কান্দিব লগা হৈছিল তাৰকা ফুটবলাৰ মেছীয়ে। বহু প্ৰচেষ্টাৰ পাছতো মেছীয়ে তেওঁৰ প্ৰিয় ক্লাব বাৰ্চিলোনাত থাকিব নোৱাৰিলে। বাৰ্চিলোনা ত্যাগ কৰা আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰজনৰ নতুন পৰিচয় হৈ পৰিছিল পেৰিছ ছেইণ্ট জাৰ্মেইন অৰ্থাৎ পিএছজি। পিএছজিত যোগদানৰ পাছত মেছীৰ আগৰ উন্নত প্ৰদৰ্শন দেখিবলৈ পোৱা নাই অনুৰাগীয়ে। ফ্ৰেঞ্চ লীগতো মেছীৰ ভৰিৰ পৰা আহিছে মাত্ৰ এটা গ’ল।

আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰজনে নিজকে ফ্ৰান্সৰ পৰিস্থিতিৰ সৈতে খাপ খুৱাব পৰা নাই নেকি বুলিও চৰ্চা হৈছিল। এনে বহু কথাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক আশ্চৰ্যকৰ তথ্য। জানিবলৈ পোৱা মতে, সুখী নহয় মেছী পত্নী। কেবল মেছীয়েই নহয় তেওঁৰ সন্তানো এতিয়াও ফ্ৰান্সৰ পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাব পৰা নাই। এল নেচনেল আৰু ইংৰাজী দৈনিক মিৰ’ৰে জনোৱা অনুসৰি, মেছী পত্নী এণ্টোনেলো ৰক্কুজ্জো পেৰিছত মুঠেও সুখী নহয়। সেয়েহে, তেওঁ বাৰ্চিলোনালৈ উভতি যাবলৈ বিচাৰিছে।

এইবিষয়ে পত্নীয়ে ইতিমধ্যে মেছীৰ কাষত কাকূতি-মিনতিও কৰিছে বুলি প্ৰকাশ পাইছে। পেৰিছৰ পৰিৱেশৰ সৈতে কেইবাটাও কাৰণত মোকাবিলা কৰিব পৰা নাই মেছী পত্নী আৰু সন্তানে। ইয়াৰ মূলতঃ ভাষিক সমস্যাই বাটৰ কাঁইট হৈ দেখা দিছে। নিজ মাতৃভাষা স্পেনিছ এৰি ফৰাচী শিকিব লগীয়া হৈছে। এতিয়াও এই ভাষাটো কোৱাত অভ্যস্ত হোৱা নাই তেওঁলোক। তাৰোপৰি বাৰ্চিলোনাৰ বন্ধুবৰ্গলৈও বৰকৈ মনত পৰি আছে মেছী সন্তানৰ। ইফালে, বাৰ্চিলোনাই পুনৰ বিচাৰিছে মেছীক।

ক্ৰমাৎ নিশকতীয়া হৈ পৰা বাৰ্চিলোনাত এতিয়া বাৰ্টেমিউ, লামোৰ্টা, কোমানৰ কোনো নাই। মেছীৰ এসময়ৰ সতীৰ্থ জাভী হাৰ্নান্দেজে বাৰ্চিলোনাৰ নতুন প্ৰশিক্ষক হিচাপে যোগদান কৰিছে। আন এজন সতীৰ্থ ডানী আলভেছে এজন ফুটবলাৰ হিচাপে ক্লাবলৈ উভতি আহিছে। জাভী আৰু আলভেছ দুয়োজনে পুনৰ বাৰ্চিলোনাত বিচাৰিছে মেছীক। এই সকলোবোৰৰ মাজতে পত্নী এণ্টোনেলোৰ মুখত হেৰুওৱা হাঁহি কিদৰে ওভতাই আনে সেয়াহে হ’ব লক্ষ্যণীয়!

Leave A Reply