মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভকতপাৰা গাঁৱৰ এটা দীৰ্ঘদিনীয়া সমস্যা।যিতো সমস্যাই আজি ৩৫ টা বছৰে ভকতপাৰা গাঁৱবাসীক জলাকলা খোৱাই আহিছে।কিন্তু অপ্ৰাণ প্ৰচেষ্টাৰ ফলতো দৰং আৰু ওদালগুৰী জিলাৰ সীমান্তৱৰ্তী ভকতপাৰা গাঁৱৰ ৰাইজক এই সমস্যাই লগ এৰা নাই।।প্ৰতি বছৰে ভকপাৰা গাঁৱৰ কৃষক সকলে বেগানদীৰ ওপৰত নিৰ্মিত বৃহৎ কোটি টকীয়া জল সিঞ্চন প্ৰকল্পৰ পৰা পানী পোৱাৰ পৰিৱৰ্তে হতাশাঁত ভোগী আহিছে।।অতি পৰিতাপৰ বিষয় মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভকতপাৰা গাঁৱৰ বেগানদীৰ ওপৰ নিৰ্মিত বৃহৎ লক্ষী বান্ধটো নিৰ্মাণৰ ক্ষেত্ৰত ২০০৮ চনৰ পৰা এতিয়ালৈ প্ৰায় ৩ বাৰকৈ চৰকাৰী আঁচনীৰ ব্যৱধানত সৰ্বমুঠ ১০ কোটি টকা চৰকাৰী ধন অপচয় কৰাৰ পিছতো আজিলৈ ভকত পাৰা গাঁৱৰ লক্ষী বান্ধটো সঠিক ভাৱে গঢ় লৈ নুঠাত স্থানীয় ৰাইজে চৰকাৰ তথা ঠিকাদাৰলৈ ক্ষোভ উজাৰিছে।স্থানীয় ৰাইজৰ অভিযোগ এই বান্ধটো নিৰ্মাণৰ সময়ছোৱাত চৰকাৰী বিষয়ববীয়াই ভালদৰে পৰ্যৱেক্ষণ কৰা নাই যাৰ বাবে বান্ধ নিৰ্মাণৰ এটা বছৰ সম্পূৰ্ণ নহওটেই বেগানদীৰ ওপৰত নিৰ্মিত লক্ষী বান্ধ বিধ্বস্ত হ’ব ধৰিছে ।আৰু এটা মন কৰিব লগিয়া কথা যে এই বান্ধটো এবাৰেই নহয়! বৰ্তমানলৈ তিনিবাৰকৈ নিৰ্মাণৰ বাবে আঁচনীৰ ধন অনুমোদন পোৱাৰ পিছতো পূৰ্ৱৰ দৰেই, কনো পৰিৱৰ্তন নহোৱাত স্থানীয় ৰাইজে জনপ্ৰতিনিধিক অৱগত কৰাইছিল যদিও সীমামূৰীয়া স্থানত অৱস্থিত বাসিন্দা বাবে ভকত পাৰা ৰাইজক কনো সহাৰী নজনোৱাৰ কথা প্ৰকাশ কৰে।কিন্তু এক প্ৰশ্ন উত্থাপন হয়।২০০৮ চনৰ পৰা বৰ্তমানলৈ তিনিবাৰকৈ চৰকাৰী আঁচনী ৰূপায়ন হোৱা সৰ্বমুঠ ১০কোটি টকা ধনেৰে নিৰ্মাণ কৰাৰ পাছতো বান্ধটো কিয় সম্পূৰ্ণ কাৰ্যক্ষম ন’হল?এয়া কি কাৰণত হ’ব পাৰে! চৰকাৰী বিষয়ববীয়াৰ হেতালীত নে ঠিকাদাৰ, মেনাজাৰৰ ভ্ৰস্তাচাৰ সেয়া পৰৱৰ্তি পৰ্যায়ত হে লক্ষণীয় হ’ব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ