Breaking

ইউক্ৰেইনৰ বিৰুদ্ধে পাৰমাণৱিক বোমা ব্যৱহাৰ কৰিব নেকি ৰাছিয়াই?

0 59

ইউক্ৰেইনৰ বিৰুদ্ধে পাৰমাণৱিক বোমা ব্যৱহাৰ কৰিব নেকি ৰাছিয়াই?ৰাছিয়াই আমেৰিকাৰ সৈতে থকা পাৰমাণৱিক চুক্তি চুক্তি স্থগিত কৰাৰ পিছতে ঘনীভূত আশংকা। এখন বছৰ জোৰা দীঘলীয়া যুদ্ধ। হাজাৰ হাজাৰ মানুহৰ প্ৰাণ কাঢ়ি নিয়া এই যুদ্ধৰ যেন অন্ত নপৰিবই। ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা এই যুদ্ধৰ মাজতে আন এক অশনি সংকেতে বহুতকে আতংকিত কৰি তুলিছে। ইউক্ৰেইনৰ বিৰুদ্ধে পাৰমাণৱিক বোমা ব্যৱহাৰ কৰিব নেকি ৰাছিয়াই? এই প্ৰশ্নই এতিয়া দোলা দিছে বহুতৰে মনত। আনকি মস্কোৰ তৰফৰ পৰাও সময়ে সময়ে তেনে ইংগিতেই দিয়া হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে থকা পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি খন কাৰ্যকৰী কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে। চুক্তি খন স্থগিত ৰখাৰ কথা আজি পুটিনে তেওঁৰ ভাষণত স্পষ্টভাবে উল্লেখ কৰে। ইয়াৰ অৰ্থ এয়াই যে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ ক্ষেত্ৰত ৰাছিয়াই এতিয়া আৰু কাকো পৰোৱা নকৰে। পুটিনে আজি পুনৰবাৰ স্পষ্ট কৰি দিছে যে ইউক্ৰেইনৰ যুদ্ধত তেওঁৰ ৰণনীতি সলনি নকৰে। ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত পুটিনে কয় “আমি ইউক্ৰেইনৰ লোকসকলৰ সৈতে যুঁজ দিয়া নাই। ইউক্ৰেইনৰ লোকসকল কিয়েভ শাসন আৰু ইয়াৰ পশ্চিমীয়া প্ৰভুসকলৰ বন্দী হৈ পৰিছে, যিয়ে দেশখন আচল অৰ্থত দখল কৰিছে।”

পুটিনে নিউ ষ্টাৰ্ট চুক্তিৰ পৰা আঁতৰি থাকিব বুলি উল্লেখ কৰি পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ বাট পুনৰ বাৰ মোকলাই ল’লে। ২০১০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াই স্বাক্ষৰ কৰা এই চুক্তি মৰ্মে দুয়োপক্ষই দীৰ্ঘ দূৰত্বৰ পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ সংখ্যা হ্ৰাস, কৰাৰ লগতে পাৰমাণৱিক অস্ত্ৰ বহন কৰিব পৰা ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰ সীমিত কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু চুক্তি খনৰ পৰা ৰাছিয়াই একপ্ৰকাৰ ফালৰি কাটি অহাৰ লগে লগে ইউক্ৰেইনত ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ আশংকা বহুগুণে বৃদ্ধি পাইছে। উল্লেখ্য বিগত বৰ্ষত ইউক্ৰেইনৰ ওপৰত পাৰমাণৱিক আক্ৰমণৰ শেহতীয়া ভাবুকি দি আমেৰিকাত থকা ৰাছিয়াৰ উপ ৰাষ্ট্ৰদূত দিমিত্রি পলিয়ানস্কিয়ে কৈছিল যে প্ৰয়োজনত ৰাছিয়াই ইউক্ৰেইনত পাৰমাণৱিক আক্ৰমণ চলাব। একেদৰে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে ইউক্ৰেইনৰ ওপৰত পাৰমাণৱিক আক্ৰমণৰ কথা কৈছিল।

দিমিত্ৰী পলিয়ানস্কিয়ে কৈছিল “যদি নাটোৱে (উত্তৰ আটলাণ্টিক চুক্তি সংগঠন) ৰাছিয়াক উত্তেজিত কৰে, তেন্তে আমাৰ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ অধিকাৰ আছে।” দিমিত্রি পলিয়ানস্কিয়ে লগতে কৈছিল যে “যদি ৰাছিয়াই অস্তিত্বৰ ভাবুকিৰ সন্মুখীন হয় তেন্তে পুটিনে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব।উল্লেখ্য ইউক্ৰেইনৰ যুদ্ধই নাটো মিত্ৰতাক পুনৰুজ্জীৱিত কৰিছে আৰু পুটিনৰ দুই দশকতকৈও অধিক সময়ৰ শাসনৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিছে।এনে সময়তে ৰাছিয়াৰ পৰা পাৰমাণৱিক আক্ৰমণৰ আশংকা তীব্ৰতৰ হৈ পৰিছে। বিগত বৰ্ষত ৰাছিয়াই যোৱা ২৪ ঘণ্টাত দুবাৰকৈ ইউক্ৰেইনৰ ওপৰত পাৰমাণৱিক আক্ৰমণ কৰাৰ ভাবুকি দিছে।পশ্চিমীয়া দেশসমূহে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ সন্দৰ্ভত ৰাছিয়াৰ ওপৰত একেৰাহে হেঁচা প্ৰয়োগ কৰি আছে।
ৰাছিয়াৰ ওচৰত বিশ্বৰ সৰ্ববৃহৎ পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ আছে।

Leave A Reply