Breaking

চাৰিদিনীয়া ভ্ৰমণ সূচীৰে আজি মাজুলীলৈ মুখ্যমন্ত্ৰী সোণোৱাল : কেইবাটাও প্ৰকল্পৰ আধাৰশিলাৰ লগতে উদ্বোধন কৰিব স্থায়ী প্ৰকল্পৰ

0 1,237

মাজুলী, ২৬ নৱেম্বৰ : চাৰিদিনীয়া চৰকাৰী কাৰ্যসূচীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল  কাইলৈ বিয়লি মাজুলীত উপস্থিত হ’বহি । এইবাৰৰ চৰকাৰী ভ্ৰমণসূচীৰ সময়ছোৱাত  মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনত ৰূপায়ণ কৰিবলৈ লোৱা কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰ শিলা স্থাপনৰ লগতে আন কেইবাটাও নৱনিৰ্মিত প্ৰকল্পৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰিব ৷ সেই অনুসৰি কালিলৈ বিয়লি  ৪.০০ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ শুভ উদ্ধোধন কৰিব ৷ ৰাতিটো আৱৰ্ত ভৱনত কটাই ২৮ নৱেম্বৰৰ  পূৱা ৯.০০ বজাত মেখেলীগাঁৱত আজলী আই (বা-ভগা) থানৰ নৱনিৰ্মিত সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ শুভ উদ্বোধন আৰু অতিথিগৃহ-দেৱাল নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব ৷ পুৱা ১০.৪৫ বজাত কৰতিপাৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিৰ্মাণ কৰিব লগা বহুমুখী বানপানী আশ্ৰয় শিবিৰৰ আধাৰশিলা স্থাপন আৰু ১১.০০ বজাত উখলচুকত কৰতিপাৰ বহুমুখী বানপানী আশ্ৰয় শিবিৰৰ আধাৰশিলা তথা জলসম্পদ বিভাগৰ তিনিখন আঁচনিৰ ৰূপায়ণ কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ এই অনুষ্ঠানত ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী  যোগেন মহনৰ লগতে  সাংসদ  প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰিব ৷ এই কাৰ্যসূচীৰ পাছতে বিয়লিলৈ  মুখ্যমন্ত্ৰী  ডিব্ৰুগড়লৈ ৰাওনা হ’ব আৰু নিশাটো ডিব্ৰুগড়ত কটাই পুনৰ ২৯ নৱেম্বৰৰ পুৱা হেলিকপ্টাৰেৰে  জেংৰাইমুখত পদাৰ্পণ কৰি  ১১ বজাত জেংৰাইমুখ থানাত মৈত্ৰী আঁচনিৰ অধীনত পুলিচ বেৰেক নিৰ্মাণ আঁচনিৰ শিলান্যাস কৰিব তাৰ পিছতে  ১১.৩০ বজাত উজনি মাজুলী উন্নয়ন খণ্ডৰ সমীপত নৱগঠিত উজনি মাজুলী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিব ৷  দুপৰীয়া ১২ বজাত  জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নৱগঠিত উজনি মাজুলী ৰাজহ চক্ৰৰ শুভ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে ৷ এই অনুষ্ঠানত ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ  যোগেন মহনৰ লগতে লখিমপুৰৰ  সাংসদ  প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰিব। একেটা অনুষ্ঠানতে  মুখ্যমন্ত্ৰীয়ে  জলসম্পদ বিভাগে উজনি মাজুলীত ৰূপায়ণ কৰিবলৈ লোৱা চাৰিখন আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে পৰিবহন বিভাগে মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহন আঁচনিৰ অধীনত বাচনি কৰা মাজুলীৰ তিনিগৰাকী হিতাধিকাৰীক আৱণ্টিত বাহন আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব। বিয়লি ২.৩০ বজাত নয়াবজাৰত জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা নিৰ্মিত ‘মহিলা বজাৰ’ এখনৰ শুভ উদ্বোধন কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ৷৩০ নৱেম্বৰ পুৱা ৯.৩০ বজাত কমলাবাৰী ঘাটত জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ এখন স্পীড বোটৰ শুভ উদ্বোধন কৰিব ৷  পূৱা ১০ বজাত কমলাবাৰীৰ আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত গৃহৰ শুভ উদ্বোধন কৰিব  তাৰ পিছতে পূৱা ১০.৩০ বজাত কমলাবাৰীত অসম ক্ৰিকেট সন্থাৰ প্ৰস্তাৱিত ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব ৷ইয়াৰ পাছতে  মুখ্যমন্ত্ৰী  চৰকাৰী ভ্ৰমণসূচী সামৰি মাজুলীৰ পৰা বিহপুৰীয়ালৈ ৰাওনা হ’ব।

Leave A Reply