Breaking

দুলীয়াজানত ব্যতিক্ৰমী ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ টি : দুচকীয়া বাহনেৰে আহি উপস্থিত হ’ল তৈল নগৰীত

0 122

দুলীয়াজান

ক’ভিড-১৯ মহামাৰীয়ে সমগ্র বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমকো  ভয়াবহ অৱস্থা সৃষ্টি কৰাৰ ফলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা লকডাউন এতিয়া তৃতীয় পৰ্যায়। এই লকডাউনৰ সময়ছোৱাৰ মাজতে জিলাখনৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ টিয়ে আলফা স্বাধীনৰ প্ৰতি মুকলি আহ্বান কৰি দেশৰ এই দুৰ্যোগৰ সময়ত সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি মুকলি আকাশৰ তললৈ আহিবলৈ আহ্বান জনায়৷ ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে শনিবাৰে মটৰ চাইকেল লৈ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত  দুলীয়াজান, নাহৰকটীয়া চাচনী, তেলপানী , ভাদৈ পাঁচআলি, নাওঁহলীয়া আদি অঞ্চল ভ্ৰমণ কৰি আলফা স্বাধীনৰ সদস্যৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ পৰিয়ালৰ সৈতে আলোচনাত মিলিত হয়। আৰক্ষী অধীক্ষকগৰাকীৰ আলফা স্বাধীনৰ পৰিয়ালৰ প্ৰতি আহ্বান যে তেওঁলোকৰ সন্তানসকল ঘৰলৈ ঘূৰি আহিবলৈ কওঁক আৰু আত্মসমৰ্পণ কৰিলে চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰিব। অধীক্ষকগৰাকীয়ে কয় যে জিলাখনৰ বিশেষ কিছু অঞ্চল যেনে ভাদৈ পাঁচআলি, নিতাইপুখুৰী, চাচনী দুলীয়াজানত আৰক্ষীৰ বিশেষ বাহিনীক সষ্টম কৰি অভিযান চলাই থকা হৈছে৷ তেওঁ বৰ্তমান পৰিস্থিতিৰ লগত খোজ মিলাই জিলাখনৰ আৰক্ষী প্ৰশাসনৰ কাম-কাজ কম্পিউটাৰ পদ্ধতিৰে পৰিচালনা কৰাৰ বাবে অইল ইণ্ডিয়াৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ ব্যৱস্থাৰ অধ্যয়ন কৰে৷ আনহাতে, ভাদৈ পাঁচআলি আৰক্ষী চকী পুনৰ্নিমাণ ক্ষেত্ৰত সোমবাৰে বিয়লি অইল ইণ্ডিয়া লিমিটেডৰ লগত এক আলোচনাত হয়। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অহা বতাহ ধুমুহাৰ ফলত ভাদৈ পাঁচআলি আৰক্ষী চকী যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল।

Leave A Reply