Breaking

নাজিৰাত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত মহিলাৰ প্ৰতিবাদ : চৰকাৰৰ চৰ্ত মানি নোলোৱাৰ হুংকাৰ

0 2,108

মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া ৭ টা চৰ্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ দাবানল উদগীৰণ হোৱাৰ মাজতে আজি নাজিৰাতো চৰ্তহীন ভাৱে ঋণ ৰেহাইৰ দাবীত নগৰৰ ৰাজপথলৈ ওলাই আহিল ঋণগ্ৰস্ত মহিলা । নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মহিলাসকলৰ মাইক্ৰ’ফাইনেন্সৰ সকলো ঋণ ৰেহাই দিয়াৰ দাবীত ৰূপায়িত হ’ল প্ৰতিবাদী কাৰ্যসূচী । নাজিৰা নগৰৰ মাজমজীয়াৰ এম চি ক্লাৱৰ সন্মুখত নগৰৰ অৰ্ধশতাধিক ঋণগ্ৰস্ত মহিলা সমবেত হৈ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা মুখ্যমন্ত্ৰী তথা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰক ধিক্কাৰ দিয়ে ক্ষুদ্ধ মহিলাসকলে । মহিলাসকলে তীব্ৰ ক্ষোভ উজাৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি নিৰ্বাচনত ভোট লাভৰ বাবে হাত জোকাৰি , ডিঙি ফুলাই মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ কথা ঘোষণা কৰা এইজন নেতাই এতিয়া ওলোটাখৰ মাৰি মহিলাসকলক প্ৰৱঞ্চনা কৰিব বিচৰা বুলি অভিযোগ কৰে । প্ৰতিবাদকাৰী সকলে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক , মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়ক , অশোক সিংহলৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক , ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰৰ সাতটা চৰ্ত কোনো কাৰণতে মানি লোৱা নহ’ব আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদী ঋণগ্ৰস্ত মহিলা সকলে প্ৰকৃত দুখীয়া পৰিয়াল তথা মহিলাসকলৰ ঋণ চৰ্তহীন ভাৱে ৰেহাই দিয়াৰ দাবী জনোৱাৰ লগতে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে কোনো ঋণগ্ৰস্ত মহিলাই আত্মহননৰ পথ ললে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তথা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰেই জগৰীয়া হ’ব বুলি সকীয়াই দিয়ে । 

Leave A Reply