Breaking

চি চি আৰ টি গুৱাহাটীৰ উদ্যোগত লোক চিত্ৰ আৰু টেৰাকাটা শিল্পৰ কৰ্মশালা…

0 59

চি চি আৰ টি গুৱাহাটীৰ উদ্যোগত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিগাৰুৰ আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ত ৩ অক্টোবৰৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন লোক চিত্ৰ আৰু টেৰাকাটা শিল্পৰ বিষয়ে কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনত সমল ব্যক্তি হিচাপে মাজুলীৰ পৰা অহা চিত্ৰ শিল্পী মৃদুল হাজৰিকাই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সময়ত সাঁচিপাতত হেঙুল-হাইতালেৰে কিদৰে চিত্ৰ অঙ্কণ কৰিছিল সেই বিষয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক সুন্দৰভাৱে বিৱৰি কয় ।

লোক চিত্ৰ বিভাগত অংশ গ্ৰহণ কৰা পঞ্চাশ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰং তুলিকাৰে সাঁচিপাতত অঙ্কিত ছৱিৰ প্ৰশিক্ষণ প্ৰদান কৰে । টেৰাকাটা বিভাগত সমল ব্যক্তি হিচাপে উপস্থিত থকা শিল্পী দেৱ হাজৰিকাই কুমাৰৰ মাটিৰ দ্বাৰা বিভিন্ন দেৱ-দেৱতাৰ মূৰ্তি চৰাই আদি নিৰ্মানৰ প্ৰশিক্ষণ প্ৰদান কৰে । কৰ্মশালাৰ সমাপ্তিত দুয়োটা শাখা মিলি প্ৰায় এশ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অঙ্কণ আৰু নিৰ্মাণ কৰা চিত্ৰ আৰু শিল্পসমূহৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। কৰ্মশালাখন অনুষ্ঠিত কৰাত সহযোগিতা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামী আৰু শিক্ষয়িত্ৰী মুনমী বৰুৱাই।

Leave A Reply