Breaking

পূব গুৱাহাটী শাখা , লেখিকা সংস্থা অসমৰ উদ্যোগত দেওবাৰে চুটি গল্পৰ কৰ্মশালা …

0 120

পূব গুৱাহাটী শাখা , লেখিকা সংস্থা অসমৰ উদ্যোগত অহা দেওবাৰে অসম প্ৰকাশন ভাৰতী, চিৰিয়াখানাৰ সমীপত শ্ৰদ্ধাঞ্জলি কাননৰ সন্মুখৰ নামঘৰ পথত এখনি চুটি গল্পৰ কৰ্মশালা অনুষ্ঠিত কৰা হব ।

গুৱাহাটী লেখিকা সংস্থাৰ শাখাৰ সদস্যসকলক চুটি গল্প -অনুগল্পৰ চৰ্চাত বিষয়গত দিশ সমূহৰ প্ৰতি মনোনিবেশেৰে প্ৰসিদ্ধ আলোচকৰ আলোচনা আৰু গল্পকাৰৰ সৈতে অন্তৰংগ আলাপেৰে লেখনিৰ সৌষ্ঠৱ বৃদ্ধিৰ লক্ষ্যৰে এনে কাৰ্যসূচী হাতত লোৱা হৈছে বুলি জনায় আয়োজক‌ সমিতিয়ে । পুৱা ৯ বজাত উদ্বোধনী গীতৰে অনুষ্ঠান আৰম্ভ কৰা হ’ব অভিনয় শিল্পী, সাহিত্যিক, সাংবাদিক গীতিকাৰ জীমণি চৌধুৰয়ে উদ্বোধক হিচাপে উপস্থিত থাকিব। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লেখিকা সংস্থা অসমৰ সভাপতি মৃদুলা শৰ্মা।সমল ব্যক্তি হিচাপে উপস্থিত থাকিব দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ গৱেষণা তত্বাৱধায়ক তথা সহযোগী অধ্যাপক ড০ জাহ্নৱী দেৱী।

দুপৰীয়া ১ বজাত অন্তৰংগ আলাপৰ আতধৰিব টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা নাৰীবাদী লেখক অপৰূপা পটংগীয়া কলিতা।


উল্লেখযোগ্য যে কোনো লোকে এই কৰ্মশলাখনত অংশগ্ৰহণ কৰিব বিচাৰিলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীভুক্ত কৰিবলৈ যোগাযোগ কৰক 8402038767 /9864094821

Leave A Reply