Breaking

বাক্সাত বিশ্ব শ্ৰৱণ দিৱস পালন

0 2,040

আজি ৩ মাৰ্চ তাৰিখে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো বিশ্ব শ্ৰৱণ দিৱস পালন কৰ  হয় ৷ বাক্সা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সুৱনখাটাত বিশ্ব শ্ৰৱণ দিৱস পালন কৰা হয় ৷ দিৱস উপলক্ষে সুৱনখাটা ৰাজ্যিক চিকিৎসালয়ত অনুষ্ঠিত এক চিকিৎসা শিবিৰ মুকলি কৰা হয় ৷ চিকিৎসা শিবিৰটো মুকলি কৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মবিদুৰ ৰহমানে ৷ উক্ত চিকিৎসা শিবিৰত অঞ্চলটোৰ প্ৰায় ৮০ গৰাকী ব্যক্তিক চিকিৎসা প্ৰদান কৰা হয় ৷ আনহাতে শ্ৰৱণ শক্তি হ্ৰাস পোৱা ১৪ গৰাকী লোকৰ মাজত বিনামূলীয়াকৈ শ্ৰৱণ মেচিন বিতৰণ কৰা হয় ৷ আজিৰ এই চিকিৎসা শিবিৰত জিলা এনপিপিচিডি ৰাজামোহন দাস, ডাঃ ভূৱনেশ্বৰ স্বৰ্গীয়াৰী, ডিএমই প্ৰশান্ত কুমাৰ দত্তও উপস্থিত থাকে ৷

Leave A Reply