Breaking

টংলা প্ৰেছ ক্লাৱৰ উদ্যোগত বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস উদযাপন…

0 72

বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস আৰু অসমৰ ক্ৰীড়া সাংবাদিকতাৰ শতবাৰ্ষিকী উদযাপন উপলক্ষে আজি টংলা প্ৰেছ ক্লাৱত সম্বৰ্ধনা আৰু অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত হৰিশিঙা থানাৰ অন্তৰ্গত হুগুমা গাঁৱৰ নিবাসী ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ কামেশ্বৰ বসুমতাৰীক জাপি, ফুলাম গামোচা, বেষ্ট আৰু স্মাৰকেৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানতে ক্ৰীড়া সংগঠক খৰ্গেশ্বৰ বৰা, আন্তঃৰাষ্ট্ৰীয় কাবাডী ৰেফাৰী নমল ৰাভা আৰু ক্ৰীড়া সংগঠক ৰমেশ ডেকাকো সম্বৰ্ধনা জনায়।

টংলা প্ৰেছ ক্লাৱৰ সদস্য ফটিক ৰাভাই আঁত ধৰা অনুষ্ঠানত অন্তৰংগ আলাপ কাৰ্যসূচী পৰিচালনা কৰে সাংবাদিক প্ৰফুল্ল বড়োই।সম্বৰ্ধনা গ্ৰহণ কৰি অন্তৰংগ আলাপ অনুষ্ঠানত ৰাষ্ট্ৰীয় প্ৰবীণ খেলুৱৈ কামেশ্বৰী বসুমতাৰীয়ে নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয় যে মই ঘৰৰ বাৰীত থকা ৰবাব টেঙা গছ জোপাৰ ৰবাব টেঙাৰে ফুটবল খেলা আৰম্ভ কৰিছিলো।মই বহু কষ্টৰে খেল অনুশীলন কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছো,১৯৯৯ চনৰ পৰা ফুটবলৰ পৰা বিদায় লৈছিলো যদিও বৰ্তমান নৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ অনুপ্ৰেৰণা যোগাবলৈ আৰু খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ মই খেল বাদ দিয়া নাই। বৰ্তমান পৰ্যন্ত মই হৰিশিঙা ক্ৰীড়া সংগঠনৰ লগত জড়িত হৈ খেল প্ৰশিক্ষক হিচাবে কাম কৰি আছো।

অসম কাবাডী সন্থাৰ উপ সভাপতি খৰ্গেশ্বৰ বৰাই খেল খেলিলে শৰীৰ, মন,আত্মা শুদ্ধ আৰু শান্তি হ’ব লাগিব বুলি কোৱাৰ লগতে আন্ত:ৰাষ্ট্ৰীয় কাবাডী ৰেফাৰী নমল ৰাভাই খেলুৱৈ সৃষ্টি কৰাই তেওঁৰ লক্ষ্য বুলি জনায়।ক্ৰীড়া সংগঠক ৰমেশ ডেকাই মনৰ ভাব প্ৰকাশ কৰি কয় যে খেল এখনত জাতি ,ধৰ্ম আৰু ৰাজনীতি থাকিব নালাগে।

অসমৰ ক্ৰীড়া বাতৰিয়ে গৌৰৱোজ্জ্বল ১০০ বছৰত খোজ পেলাইছে বুলি টংলা প্ৰেছ ক্লাৱৰ উপ সভাপতি দিগন্ত কুমাৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়াই কয়।লগতে অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু বিশিষ্ট লোকশিল্পী ,ঢোলৰ ওজা তুলসী ওজাৰ আত্মাৰ সদগতিৰ কামনাৰ্থে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। টংলা প্ৰেছ ক্লাৱৰ সভাপতি উজ্জ্বল কুমাৰ দাস, সম্পাদক কৌস্তুভিমণি শৰ্মা,সহ সম্পাদক অৰূপ বড়ো,সদস্য বিকাশ ৰাভা, চিন্ময় ডেকা, কাৰ্যালয় সম্পাদক হৃদয়ানন্দ ৰাভা,টংলা আঞ্চলিক ছাত্র সন্থাৰ শিক্ষা সম্পাদক চিন্তূমণি চক্ৰৱৰ্তী,সাংবাদিক দ্বীপেন ডেকা, ধীৰেন মহলীয়া, জ্যেষ্ঠ সাংবাদিক গৌৰীশংকাৰ দাসে উপস্থিত থাকে।

Leave A Reply