Breaking

World Tourism Day তেজপুৰৰ অপৰূপ সৌন্দৰ্যত বিমুগ্ধ পৰ্যটক…

0 132

World Tourism Day তেজপুৰৰ অপৰূপ সৌন্দৰ্যত বিমুগ্ধ পৰ্যটক। প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস। পৰ্যটন উদ্যোগক অধিক আকৰ্ষিত কৰিবলৈ এই দিৱসৰ আয়োজন কৰা হয় । অসমৰ বিভিন্ন ঠাইত পৰ্যটনৰ বিশেষ অঞ্চল আছে যদিও আমি গুৰুত্ব নিদিওঁ । অথচ এই সৌন্দৰ্য উপভোগ কৰিবলৈ আহে বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটক । আজি এই বিশেষ দিনটো আমি আপোনাক তেজপুৰ চহৰৰ কেইখনমান উদ্যান পৰ্যটন স্থান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চহৰৰ কাষতে লাগি থকা তেজপুৰৰ চিত্ৰলেখা উদ্যান, বামুনি পাহাৰ আদিত এই শৈল ভাস্কৰ্য দেখিবলৈ পোৱা যায় । এই অঞ্চললৈ দৈনিক পৰ্যটকৰ আগমন ঘটে ।

লগতে অগ্নিগড়, ভৈৰৱী মন্দিৰ ,এছিয়াৰ প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰত দৈনিক পৰ্যটকৰ সমাগম হয় । পৰ্যটন মন্ত্ৰালয়ৰ ২০২৩ চনৰ ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে দেশৰ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা ৭৯১ খন আবেদনৰ ভিতৰত দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথঘাট নিৰ্বাচিত হৈছে । অসমৰ গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব এতিয়া গুপ্ত কাশী বিশ্বনাথ ঘাটে।

Leave A Reply