Breaking

অৱশেষত গ্ৰেপ্তাৰ হ’ল মল্লযোদ্ধা সুশীল কুমাৰ

0 2,051

অৱশেষত ১৮ দিনীয়া উৎকণ্ঠাৰ পাছত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সাগৰ ৰাণা হত্যাকাণ্ডত অভিযুক্ত, অলিম্পিকত দুবাৰকৈ মেডেল অৰ্জন কৰা মল্লযোদ্ধা সুশীল কুমাৰক। দেওবাৰে পুৱা দিল্লী মুণ্ডকা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে সুশীল কুমাৰৰ লগতে আন এগৰাকী অভিযুক্ত অজয় কুমাৰক। উল্লেখযোগ্য যে সুশীল কুমাৰক বিচাৰি দিল্লী পুলিচৰ স্পেচিয়েল চে’লে দিল্লীৰ লগতে উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, উত্তৰাখণ্ড, হাৰিয়ানা আৰু পঞ্জাৱত তালাচী চলাইছিল। সুশীল কুমাৰৰ সন্ধান দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল দিল্লী পুলিচে। লগতে আনজন অভিযুক্ত অজয় কুমাৰৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ টকা পুৰস্কাৰ দিয়া কথা আছিল দিল্লী পুলিচৰ। উল্লেখযোগ্য যে দিল্লীৰ ছত্ৰসাল ষ্টেডিয়ামত ৪ মে’ৰ নিশা সুশীল কুমাৰ আৰু তেওঁৰ সহযোগী কেইবাগৰাকী মল্লযোদ্ধাই মৰিয়াই মৰিয়াই হত্যা কৰিছিল সাগৰ ৰাণাক।

Leave A Reply