Breaking

য়াছৰ কবলত পৰিব অসম! বাতিল কৰা হ’ল কেইবাখনো গুৰুত্বপূৰ্ণ ৰে’ল

0 2,055

সাগৰীয় ঘূৰ্ণীবতাহ য়াছৰ কবলত পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চল৷ এই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ নিৰাপত্তাৰ দিশলৈ লক্ষ্য কৰি ইতিমধ্যে সষ্টম হৈ পৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে৷ সেই অনুসৰি,  অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যাবলগীয়া ৬ খন ৰে’লৰ লগতে দক্ষিণ ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অসমলৈ আহিবলগীয়া মুঠ ১২ খন ৰে’লৰ যাত্ৰা বাতিল কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে৷ টাউতেৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছতে এইবাৰ তাণ্ডৱ চলাবলৈ আহি আছে সাগৰীয় য়াছ৷ ২৪ মে’ৰ সন্ধিয়াৰ ভাগত এই ঘূৰ্ণীয়ে দুয়োখন ৰাজ্য কোবাই যোৱাৰ আশংকা ব্যক্ত কৰা হৈছে৷  অসম তথা উত্তৰ পূৰ্বাঞ্চলত যাত্ৰা বাতিল কৰা ৰে’ল কেইখন ক্ৰমে গুৱাহাটী-বেংগালুৰু এক্সপ্ৰেছ, বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছ, ত্ৰিবান্দ্ৰম-শিলচৰ এক্সপ্ৰেছ, শিলচৰ-ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ, তিনিচুকীয়া-টাম্বাৰাম এক্সপ্ৰেছ, টাম্বাৰাম-তিনিচুকীয়া এক্সপ্ৰেছ, বেংগালুৰু-তিনিচুকীয়া এক্সপ্ৰেছ, তিনিচুকীয়া-বেংগালুৰু এক্সপ্ৰেছ, কামাখ্যা-যশৱন্তপুৰ এক্সপ্ৰেছ, য়শৱন্তপুৰ-কামাখ্যা এক্সপ্ৰেছ, চেন্নাই-নিউ জলপাইগুৰি এক্সপ্ৰেছৰ লগতে নিউ জলপাইগুৰি-চেন্নাই এক্সপ্ৰেছ।

Leave A Reply