Breaking

টংলা মহাবিদ্যালয়ত যোগ দিৱস পালন

0 71

টংলা,২১জুন: সমগ্ৰ বিশ্বৰ লগতে ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান টংলা মহাবিদ্যালয়তো এন চি চি ,এন এছ এছ ,ছাত্ৰ একতা সভা আৰু আই কিউ এ চিৰ সহযোগত অনুষ্ঠিত কৰা হয় অষ্টমসংখ্যক আন্তৰ্জাতিক যোগ দিৱস।

মানৱতাৰ হকে যোগ শীর্ষক বাণীক সৰোগত কৰি যুৱ যোগ প্ৰশিক্ষক অৰূপ বড়োই যোগে মানৱ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।বিশ্ব যোগ দিৱস বুলি আজিয়েই যোগ কৰি আজিৰ পৰা নকৰো তেনেকুৱা নহয়।যোগ ব্যায়াম সদায় কৰিব লাগে ,নিজৰ বাবে।দেহা থাকিলেহে বেহা, দেহত সুস্থ মন।শিশুৰ পৰা বৃদ্ধলৈকে নিয়ম অনুসৰি যোগ আসন, প্রাণায়ম ,ধ্যান কৰি থাকিলে আমি নিৰোগী হৈ থাকিব পাৰিম ,মানসিকভাৱেও সুস্থ হৈ থাকিব পাৰিম।

আহকচোন আমি সকলোৱে নিজৰ দহৰ দেশৰ মংগলৰ অৰ্থে যোগ কৰো।যোগাসন কৰক ,শৰীৰ মন সুস্থ কৰক।যোগ প্ৰশিক্ষকগৰাকীয়ে শতাধিক শিক্ষাৰ্থীৰ লগতে কেবাগৰাকী শিক্ষাগুৰু অংশগ্ৰহণ কৰা অনুষ্ঠানত যোগ ,আসন ,প্ৰাণায়ম ,ধ্যান আদি শিক্ষা প্ৰদান কৰে। টংলা মহাবিদ্যালয় এন চি চিৰ তত্বাৱধায়ক ৰূপন বড়োই আঁত ধৰা অনুষ্ঠানত অধ্যাপক মিন্টু পাঠক,কৃষ্ণ কান্ত বসুমতাৰী, বিমলেশ কলিতা উপস্থিত থাকে।

প্ৰেৰক : অৰুপ বড়ো

Leave A Reply