Breaking

মৰিগাঁৱৰ শিলপুখুৰীলৈ গৌৰৱ কঢ়িয়ালে জেৰিফা ৱাহিদে

0 88

মৰিগাঁও জিলাৰ মিকিৰভেটাৰ শিলপুখুৰীলৈ গৌৰৱ কঢ়িয়ালে জেৰিফা ৱাহিদে। সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হৈ শিলপুখুৰীলৈ গৌৰৱ কঢ়িয়ালে জেৰিফা ৱাহিদে।

উত্তৰ পূব জান পাৰ শিলপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী ফৰিদা বেগম আৰু বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নুৰুল আমিনৰ কন্যা জেৰিফা ৱাহিদে বেচামাৰী ড°এ. বি ছিদ্দিক জাতীয় বিদ্যালয়ৰ পৰা ডিষ্টিংচন সহ ৮৬.৬ শতাংশ নম্বৰ লাভ কৰি সু-খ্যাতিৰে উত্তীৰ্ণ হয়।

আঙুৰ খাই ভাল পোৱা আৰু নিশা এক বজালৈকে অধ্যয়ন কৰা জেৰিফা ৱাহিদে তাইৰ সাফল্যৰ আঁৰত পিতৃ মাতৃৰ লগতে শিক্ষাগুৰুৰ নাম সাংবাদিকৰ আগত উল্লেখ কৰে। ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন জেৰিফাৰ।

Leave A Reply