Breaking

প্ৰশ্নকাকত ফাদিল হোৱাক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

0 49

মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিছত ছেবাই বাতিল কৰিবলগীয়া হয় পৰীক্ষা। প্ৰশ্নকাকত ফাদিলক লৈ প্ৰতিবাদমুখৰ হৈ পৰে ৰাজ্য। ছেবাৰ বিৰুদ্ধে ৰাজ্যজুৰি বিভিন্ন দল–সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ।

ইয়াৰ মাজতে প্ৰশ্নকাকত ফাদিল হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ জুবিন গাৰ্গৰ।

‘‘পেপাৰ ওলাইছে যদি সেইটো ভুল কথা। ওলাব নালাগে। এইবাৰ শুনিছো মেট্ৰিক নাথাকিবই বোলে, অকল হায়াৰ ছেকেণ্ডাৰী থাকিব। সেইটোও বেয়া নহয়। কাৰণ মেট্ৰিকটোৱে এনেই টেনচন এটা দিয়ে ল’ৰা–ছোৱালীক। একেবাৰে হায়াৰ ছেকেণ্ডাৰী দিয়ক ভালকে, চাৰিবছৰ’’-জুবিন গাৰ্গে কয়৷

উল্লেখযোগ্য যে বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত ছেবাই বাতিল কৰিছিল পৰীক্ষা। বিজ্ঞানৰ পৰীক্ষাৰ বাবে নতুন তাৰিখ ইতিমধ্যে ঘোষণা কৰা হৈছে। ৩০ মাৰ্চত অনুষ্ঠিত হ’ব গণিতৰ পৰীক্ষা।

Leave A Reply