Home Blog Page 1002

৬৭ বছৰ বয়সত ৩০ বছৰীয়া যুৱকৰ দৰে অভিনেতা অনিল কাপুৰ, তেওঁৰ ফিটনেছৰ ৰহস্য বিষয়ে ক’লে কন্যা সোণম কাপুৰে…

বয়স বৃদ্ধিৰ লগে লগে বুঢ়া যেন দেখাৰ পৰিৱৰ্তে দিনক দিনে সৰু যেন দেখা গৈছে অনিল কাপুৰক। বলীউডৰ অভিনেতা অনিল কাপুৰক কোনো পৰিচয়ৰ প্ৰয়োজন নাই। আজিও যেতিয়া তেওঁ পৰ্দাত থাকে তেতিয়া আজিৰ ছুপাৰষ্টাৰসকলকো তেওঁৰ সন্মুখত পাৰ্শ্ব অভিনেতা যেন লাগে। কেৱল অভিনয় দক্ষতাৰ বাবেই নহয় তেওঁৰ ফিটনেছ ইমানেই শক্তিশালী যে ৬৭ বছৰ বয়সতো তেওঁৰ মুখত ৩০ বছৰীয়া যুৱকৰ দৰে জিলিকনি। অনিল কাপুৰৰ চেহেৰা আৰু ব্যক্তিত্বৰ তুলনাত আজিৰ যুৱ তাৰকা ম্লান হৈ পৰে বুলি ক’লেও ভুল নহয়।

এনে পৰিস্থিতিত মনত প্ৰশ্ন উত্থাপন হয় যে অনিল কাপুৰে কি ডায়েট বা ফিটনেছ ৰুটিন মানি চলে। গতিকে ইয়াৰ উত্তৰ আপুনি জানিব পাৰিব সোণম কাপুৰৰ পৰা। শেহতীয়াকৈ গ্ৰন্থ উন্মোচনৰ সময়ত তেওঁ পিতৃ অনিল কাপুৰৰ জীৱনশৈলীৰ গোপনীয়তা প্ৰকাশ কৰে, যিবোৰ আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। সোণম কাপুৰে কয় যে তেওঁৰ পিতৃ অনিল কাপুৰে মদ আৰু চিগাৰেট খোৱাৰ অভ্যাস বা যিকোনো ধৰণৰ নিচাৰ পৰা আঁতৰি থাকে।

সোণম কাপুৰে লগতে কয় যে স্বামীৰ ফিটনেছক লৈ তেওঁৰ মাতৃ সুনীতা কাপুৰ অতি ছিৰিয়াছ। অভিনেত্ৰীগৰাকীয়ে কয় যে প্ৰথম অৱস্থাত দেউতাই কেতিয়াবা অস্বাস্থ্যকৰ বস্তু খাই ভাল পাইছিল যদিও মা সদায় স্বাস্থ্য সচেতন হৈ আহিছে যাৰ বাবে সকলো ত্যাগ কৰিবলগীয়া হৈছিল।


প্ৰয়াত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ মাতৃ গৰ্ভৱতী, মাৰ্চত পৰিয়াললৈ আহিব নতুন আলহী…

প্ৰয়াত কণ্ঠশিল্পী শুভদীপ সিং সিদ্ধু ওৰফে সিধু মূছেৱালাৰ হত্যাকাণ্ডই সকলোকে স্তম্ভিত কৰি তুলিছিল। এতিয়া দুবছৰৰ পাছত কণ্ঠশিল্পীগৰাকীৰ পৰিয়ালক লৈ এটা ডাঙৰ দাবী উত্থাপন হৈছে। কোৱা হৈছে যে কণ্ঠশিল্পীগৰাকীৰ মাতৃ গৰ্ভৱতী। ২০২২ চনৰ মে’ মাহত সিদ্ধু মূছেৱালাৰ থাৰ গাড়ীত গুলীচালনা কৰা লোকে ৩০ টাতকৈও অধিক গুলীচালনা কৰিছিল। এই দুৰ্ঘটনাত ১৯টাতকৈও অধিক গুলীত আঘাতপ্ৰাপ্ত হয় তেওঁৰ। এক প্ৰতিবেদন অনুসৰি সিদ্ধু মূছেৱালাৰ মাতৃ চৰণ কৌৰ গৰ্ভৱতী। তেওঁৰ প্ৰসৱও মাৰ্চ মাহত হ’ব। সিদ্ধুৰ ককাক চামকৌৰ সিঙে এই তথ্য প্রতিবেদনত দিছে৷ লগতে কোৱা হৈছে যে চৰণ কৌৰে আইভিএফৰ জৰিয়তে মাতৃ হ’বলৈ গৈ আছে। সিদ্ধু আছিল মাক-দেউতাকৰ একমাত্ৰ সন্তান। আনহাতে এতিয়ালৈকে গায়িকাগৰাকীৰ পিতৃ-মাতৃয়ে এই বিষয়ত কোনো বিবৃতি প্ৰকাশ কৰা নাই।


২০২২ চনৰ ২৯ মে’ত সিদ্ধু মুছেৱালাক হত্যা কৰা হৈছিল, তেতিয়া তেওঁৰ বয়স মাত্ৰ ২৮ বছৰ আছিল। অনুৰাগীৰ অতি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। বহু চেলিব্ৰিটিয়েও সিদ্ধু মূছেৱালাৰ হত্যাকাণ্ডক লৈ শোক প্ৰকাশ কৰে।


ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ এগৰাকী ছাত্ৰৰ মৃতদেহ। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী আছিল ছাত্ৰজন।

সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজন। ছাত্ৰজন ধুবুৰী চহৰৰ ছয় নম্বৰ ৱাৰ্ডৰ লোন অফিচ লেনৰ বাসিন্দা তথা শিক্ষক অৰ্ণৱ ৰায়ৰ পুত্ৰ অঙ্কুশ ৰায় ওৰফে কৃশ। ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ আছিল অঙ্কুশ ৰায়।

মেধা সম্পন্ন ছাত্ৰ অঙ্কুশ ৰায়ৰ সৰুৰে পৰা সাঁতোৰ শিকাৰ ইচ্ছা আছিল। সাঁতোৰ শিকাৰ বাবেই সোমবাৰে পুৱাৰ ভাগত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটলৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

-দেৱান জাহাঙ্গীৰ আলম, ধুবুৰী

জ্ঞানৱাপী মছজিদত পূজা কৰিব পাৰিব হিন্দুসকলেঃ এলাহাবাদ উচ্চ ন্যায়ালয়…

জ্ঞানৱাপী মছজিদত পূজা কৰিব পাৰিব হিন্দুসকলে৷ এলাহাবাদ উচ্চ ন্যায়ালয়ে জ্ঞানৱাপী মছজিদ কৰ্তৃপক্ষৰ দ্বাৰা ‘তেহখানা’ত উপাসনা কৰাৰ অনুমতিক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদন খাৰিজ কৰিছে। অৰ্থাৎ হিন্দুধৰ্মী লোকে সেই স্থানত উপাসনা কৰাত আৰু কোনো বাধা নাই। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালাৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে সোমবাৰে বিষয়টোৰ শুনানি গ্ৰহণ কৰে। দুয়োপক্ষৰ যুক্তি শুনি ন্যায়াধীশে বাৰাণসী জিলা আৰু সত্ৰ আদালতৰ ৰায়ৰ বিৰুদ্ধে মছজিদ সমিতিৰ আবেদন খাৰিজ কৰে। আদালতৰ এই ৰায়ৰ পিছতে হিন্দুসকল স্বাভাৱিকতে আনন্দিত হৈ পৰিছে৷ হিন্দুসকলৰ হৈ উপস্থিত থকা অধিবক্তা প্ৰভাস পাণ্ডেই কয় যে মুছলিম সমিতিয়ে তেহখানাত পূজা কৰাৰ ক্ষেত্ৰত বাৰাণসী জিলা আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। কিন্তু আজি, বিচাৰকে তেওঁলোকৰ আবেদন নাকচ কৰে। পূজা অব্যাহত থাকিব। এয়া সনাতন ধৰ্মৰ বাবে এটা ডাঙৰ বিজয়। মুছলিম পক্ষই পুনৰ আদালতৰ কাষ চাপিব পাৰে। অৱশ্যে, উপাসনা বা আৰতি বাধাপ্ৰাপ্ত নহ’ব।


জ্ঞানৱাপীৰ ‘তেহখানা’ত পূজাৰ অনুমতি দিয়া বাৰাণসী জিলা আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই মুছলমান পক্ষই ২ মাৰ্চত উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। শুনানিৰ পিছত ন্যায়াধীশে ১৫ ফেব্ৰুৱাৰীলৈ ৰায়টো সংৰক্ষিত ৰাখিছিল। সোমবাৰে উচ্চ ন্যায়ালয়ে কয় যে তেহখানাত পূজা অব্যাহত থাকিব। লক্ষণীয় যে জ্ঞানৱাপীত মুঠ ৮ টা তেহখানা আছে। য’ত ১৯৯৩ চনলৈকে প্ৰাৰ্থনা অনুষ্ঠিত হৈছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে আদেশ দিছে যে পূজা আৰু আৰতি অব্যাহত থাকিব। পূৰ্বে এএছআইৰ প্ৰতিবেদনত কোৱা হৈছিল যে মছজিদৰ উজুখানা চৌহদত এটা অসম্পূৰ্ণ শিৱলিং পোৱা গৈছিল। তাত হনুমান, বিষ্ণু আৰু নন্দীৰ মূৰ্তিও আছে। মধ্যযুগীয় দেৱ-দেৱীৰ মূৰ্তি আৰু ভাস্কৰ্যও আছে। তাত আধা হনুমান আৰু আধা সাপৰ ঐশ্বৰিক ভাস্কৰ্যও পোৱা গৈছে।

২০২১ চনৰ আগষ্ট মাহত পাঁচগৰাকী হিন্দু মহিলাই জ্ঞানৱাপীৰ ‘মা শ্ৰীংগৰ গৌৰী’ (ৱুজুখানা আৰু তেহখানা নামেৰেও জনাজাত) আৰু মছজিদৰ ভিতৰৰ পশ্চিম দেৱালত দেৱতাৰ মূৰ্তিত উপাসনা কৰাৰ অনুমতি বিচাৰি বাৰাণসীৰ এখন আদালতৰ কাষ চাপিছিল। বাৰাণসী সত্ৰ আদালতৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকাৰৰ দ্বাৰা নিযুক্ত এখন সমিতিৰ নিৰ্দেশত জ্ঞানৱাপী মছজিদৰ ভিতৰত ভিডিঅ’ জৰীপ কৰা হৈছিল।

ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযানৰ বাবে ৪ গৰাকী মহাকাশচাৰীৰ নাম প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযানৰ বাবে নিৰ্বাচিত হ’ল ৪ জন মহাকাশচাৰী। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘গগনযান’ মিছনৰ বাবে ৪গৰাকী মহাকাশচাৰীৰ নাম প্ৰকাশ কৰে।

‘গগনযান’ অভিযানৰ অংশ হিচাপে মহাকাশলৈ যাবলৈ নিৰ্বাচিত হোৱা মহাকাশচাৰীসকল হ’ল-গ্ৰুপ কেপ্টেইন পি বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অংগদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ এছ শুক্লা।

উল্লেখ্য যে ‘গগনযান’ মিছন ভাৰতৰ প্ৰথমটো মানৱ অভিযান।


অহা আঠৰ পৰা ৱ’ল্ড চেম্পিয়নশ্বিপ অব লিজেণ্ডছ! ক্ৰিকেট, গেইল, যুৱৰাজ, পিটাৰছেন, আফ্ৰিদী, হৰভজনৰ অংশগ্ৰহণ…

অহা আঠৰ পৰা ১৯ মাৰ্চলৈ শ্ৰীলংকাৰ কেণ্ডীৰ পাল্লাকেলে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৱ’ল্ডৰ্ চেম্পিয়নশ্বিপ অব লিজেণ্ডছ ক্ৰিকেট প্ৰতিযোগিতা৷ এইবাৰ প্ৰতিযোগিতাত অংশ ল’ব ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল, ইংলণ্ডৰ কেভিন পিটাৰচেন, পাকিস্তানৰ শ্বাহিদ আফ্ৰিদি, ভাৰতৰ যুৱৰাজ সিং তথা হৰভজন সিং আদিৰ দৰে কিংবদন্তি খেলুৱৈসকলে৷ প্ৰতিযোগিতাখনৰ সকলো খেল বিশ্বজুৰি সম্প্ৰচাৰ কৰিব ষ্টাৰ স্প’ৰ্টছে৷ আনহাতে, অগ্ৰণী ক্ৰীড়া প্ৰতিষ্ঠান টয়ম স্প’ৰ্টছ লিমিটেডো ডব্লিউ চি এলৰ সৈতে নিজৰ অংশীদাৰিত্ব আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ মুঠ ১২ দিন ধৰি চলিব লগা প্ৰতিযোগিতাখনত মুঠ ২২ খন মেচ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে এইবাৰ চেম্পিয়ন ট্ৰফীৰ বাবে বিশ্বৰ তাৰকা ক্ৰিকেটাৰৰে গঠিত সাতটা দলে যুঁজ দিব৷ প্ৰতিযোগিতাখনৰ সন্দৰ্ভত টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে কয় ‘ক্ৰিকেট খেলপথাৰত মোৰ আবেগক পুনৰ জগাই তুলিবলৈ তথা মোৰ চমক পুনৰবাৰ প্ৰদৰ্শন কৰিবলৈ পাই মই ৰোমাঞ্চিত হৈছো৷ আমাৰ প্ৰাক্তন খেলুৱৈসকলৰ বাবে এয়া এক অন্যন সুযোগ৷ আমি অনুৰাগীক ৰোমাঞ্চিত কৰিবলৈ সাজু হৈছো৷ ইফালে, ইংলণ্ডৰ তাৰকা পিটাৰচেনে কয়, ‘টয়ম স্পৰ্টছ লিমিটেডৰ জড়িয়তে ডব্লিউ চি এলত যোগ দি মই সন্মানিত হৈছো৷ ক্ৰিকেটৰ প্ৰতি থকা চিৰস্থায়ী আবেগ প্ৰদৰ্শন কৰাৰ লগতে বিশ্বজুৰি অনুৰাগীসকলৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদানৰ ক্ষেত্ৰত সহযোগী কিংবদন্তিসকলৰ সৈতে সহযোগিতা কৰাৰ এয়া এক ৰোমাঞ্চকৰ সুযোগ৷’

টি এছ এলৰ অধ্যক্ষ মহমেদালী বুধৱানীয়ে বিশ্ব ক্ৰিকেটাৰৰ অংশগ্ৰহণে ডব্লিউ চি এলৰ আকৰ্ষন বৃদ্ধি কৰাৰ বিষয়ে অবগত কৰে৷ ইফালে, বলীউডৰ চলচ্ছিত্ৰ আৰু সংগীত নিৰ্মাণৰ ক্ষেত্ৰত দক্ষতাৰ বাবে বিখ্যাত জাবাৱা এণ্টাৰটেইনমেণ্টৰ যোগেদি বলীউডৰ ছুপাৰষ্টাৰ অজয় দেৱগনে ডব্লিউ চি এলৰ প্ৰচাৰত অংশ ল’ব বুলি কোম্পানীৰ সঞ্চালক হৰ্ষিত টোমাৰে ব্যক্ত কৰে৷ ইফালে, চলিত বৰ্ষৰে তিনিৰ পৰা ১৩ জুলাইলৈ আমেৰিকাত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ সমৰ্থনত অনুষ্ঠিত হ’ব বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ-২০২৪৷

তিনিচুকীয়া জিলাৰ লেখাপানীত মহিলা নিৰুদ্দেশ

লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত লালপাহাৰ পথাৰ গাঁৱৰ পৰা নিৰুদ্দেশ এগৰাকী মহিলা।


৫২ বছৰ বয়সৰ মহিলাগৰাকীৰ নাম ৰূপাঞ্জলি দত্ত দুৱৰা বুলি জানিব পৰা গৈছে।


সোমবাৰে দিনৰ ১১ বজাত উদয়পুৰলৈ বুলি উলাই গৈছিল মহিলাগৰাকী।
বৰ্তমানলৈ কোনো সম্ভেদ পোৱা হোৱা নাই নিখুজ মহিলা গৰাকীৰ।


পৰিয়ালৰ লোকে ইতিমধ্যে লেখাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।


নিখুজ মহিলা গৰাকীৰ কোনো সম্ভেদ পালে 6002388915 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

-পৱন দত্ত, জাগুন

Excited To Be a Part of New World Championship of Legends shares Kevin Pietersen, Yuvraj Singh, Kevin Pietersen, Shahid Afridi, and Chris Gayle Set to Grace World Championship of Legends with Cricketing Brilliance

In a momentous development, Toyam Sports Limited (TSL), a leading sports entity listed on the Bombay Stock Exchange, formally declares its strategic partnership with the World Championship of Legends (WCL). Facilitated by its subsidiary, Pacific Star Sports (PSS), this alliance highlights the participation of esteemed cricketing legends such as Yuvraj Singh and Kevin Pietersen. This collaboration signifies a significant milestone in the progression of global sports entertainment, as it assembles a distinguished array of cricketing excellence. WCL, a brainchild of Zabawa Entertainment, renowned for its prowess in Bollywood film and music production, will witness the convergence of cricketing titans from across the globe. With luminaries like Yuvraj Singh, Kevin Pietersen, Shahid Afridi, and Chris Gayle at the helm, alongside Bollywood superstar Ajay Devgn as a co-owner, the league is set to captivate audiences worldwide. Yuvraj Singh, the legendary Indian cricketer, boldly asserted his anticipation for the World Championship of Legends, declaring, “I am thrilled to reignite my passion on the cricket field and demonstrate my mastery once again. This is an opportunity for us former players to reclaim our dominance and captivate fans with our prowess.”


Kevin Pietersen, the renowned cricketing figure, echoed Yuvraj Singh’s sentiments, expressing his enthusiasm for the partnership and his participation in the World Championship of Legends. Pietersen stated, “I am honored to be part of this groundbreaking partnership between Toyam Sports Limited and the World Championship of Legends. It’s an exciting opportunity to showcase the enduring passion for cricket and to collaborate with fellow legends in delivering an unforgettable experience for fans worldwide.” Mohamedali Budhwani, CMD and Chairman of Toyam Sports Limited, expressed his enthusiasm, stating, “Our partnership with the World Championship of Legends (WCL) marks a momentous occasion for Toyam Sports Limited and Pacific Star Sports. Witnessing icons like Yuvraj Singh and Kevin Pietersen return to the field is a testament to our unwavering commitment to sporting excellence.” Harshit Tomar, Director of Zabawa Entertainment, conveyed enthusiasm about partnering with Toyam Sports Limited and Pacific Star Sports, a prominent Indian sports company actively involved in promoting cricket, tennis, and mixed martial arts on a global scale. He added that ITW Mena, lead by Vivek Chandra, is a prominent company in the sports field, and he’s really thankful for their support.
He believes it’ll be a fruitful partnership. The World Championship of Legends (WCL), endorsed by the prestigious England and Wales Cricket Board (ECB), is poised to deliver an electrifying T20 cricket extravaganza at Edgbaston, United Kingdom, from July 3 to July 13, 2024. Among the illustrious lineup of cricketing legends gracing the event are the iconic figures Yuvraj Singh and Kevin Pietersen, promising an unparalleled feast of athleticism and nostalgia.

জনপ্ৰিয় গজল গায়ক পংকজ উধাছৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ…

চিৰদিনৰ বাবে গুছি গ’ল জনপ্ৰিয় গজল গায়ক পংকজ উধাছ৷ প্ৰবীণ গায়ক পংকজ উধাছৰ ৭২ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ পৰিয়ালে এই কথা নিশ্চিত কৰি কয় যে ২৬ ফেব্ৰুৱাৰীৰ দিনৰ ভাগত তেওঁৰ মৃত্যু হয়।পংকজ উধাছ দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল ৷ আজি দিনৰ প্ৰায় ১১ বজাত ব্ৰিচ কেণ্ডি চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়৷ তেওঁৰ জীয়ৰী নায়াব উধাছে এটা বিবৃতি লিখিছে, ” গায়ক পংকজ উধাছৰ দীঘলীয়া অসুস্থতাৰ পিছত ৭২ বছৰ বয়সত মৃত্যু হৈছে৷’’ পংকজে তেওঁৰ অনুষ্ঠান, এলবাম, চলচ্চিত্ৰ গীতৰ দ্বাৰা আশীৰ দশকক আকৰ্ষণীয় কৰি ৰাখিছিল। ‘চান্দি জিয়াচা ৰং’, ‘না কজৰে কি ধৰ’, ‘দেৱাৰন চে মিল কাৰ ৰোনা’, ‘আহিস্তা’, ‘থোডা থোডা প্যাৰ কৰো’, ‘নিক্লো না বেনকাব’– পংকজ উধাছে গোৱা সকলো গজল এতিয়াও শ্ৰোতাসকলৰ মনত আছে। তেওঁৰ ওচৰত ‘নাছা’, ‘পয়মানা’, ‘হাছৰত’, ‘হামচফৰ’ৰ দৰে কেইবাটাও বিখ্যাত এলবাম আছে।

পংকজ উধাছৰ জন্ম ১৯৫১ চনৰ ১৭ মে তাৰিখে গুজৰাটৰ জেটপুৰত হৈছিল। কেশুভাই উধাছ আৰু জিতুবেন উধাছৰ তিনিটা সন্তানৰ ভিতৰত সৰু আছিল পংকজ ।সংগীতৰ প্ৰতি সন্তানৰ উৎসাহ দেখি কেশুভাইয়ে তেওঁক ৰাজকোটৰ সংগীত একাডেমীত নামভৰ্তি কৰাই দিছিল। প্ৰথমতে পংকজে তবলাৰ প্ৰশিক্ষণ লৈছিল । পিছত গোলাম কাদিৰ খানৰ পৰা শাস্ত্ৰীয় সংগীতৰ পাঠ লোৱা আৰম্ভ কৰিছিল। পিছত পংকজে গোৱালিয়ৰ ঘৰানাৰ জনপ্ৰিয় শিল্পী নব্ৰং নাগপুৰকাৰৰ পৰা শিক্ষা ল’বলৈ মুম্বাইলৈ গৈছিল। তেওঁ হম তুম ঔৰ ৱো চলচ্চিত্ৰৰ যোগেদি গানৰ আৰম্ভণি কৰিছিল। অৱশ্যে, ১৯৮৬ চনত ‘নাম’ চলচ্চিত্ৰখনত তেওঁৰ ‘চিথ্থি আয়ে হে’ গানটো জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হয়। তাৰ পিছত, তেওঁ ১৯৯১ চনত ‘ছাজন’ ছবিৰ অতি জনপ্ৰিয় ‘জিয়ে তো জিয়ে’ গানটো গাইছিল। পংকজ উধাছক গোটেই জীৱন দেশ আৰু বিদেশত বহুতো বঁটাৰে সন্মানিত কৰা হৈছে। ২০০৬ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। দেশৰ সংগীত জগতৰ বিশিষ্ট ব্যক্তিসকলে শিল্পীজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্সত পংকজ উধাছৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। চনু নিগমেও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। পৰিয়ালৰ সূত্ৰ অনুসৰিপ্ৰয়াত শিল্পীজনৰ অন্তিম সংস্কাৰ মঙলবাৰে সম্পন্ন কৰা হ’ব। পংকজ উধাছৰ সমগ্ৰ বিশ্বতে বহুতো অনুৰাগী আছে, এই অনুৰাগীসকলৰ তালিকাত প্ৰবীণ অভিনেতা ৰাজ কাপুৰো অন্তৰ্ভুক্ত আছিল। পংকজ উধাছৰ গান ‘চিথ্থি আয়ে হে’ ৰাজ কাপুৰৰ বৰ প্ৰিয় গজল আছিল। পংকজ উধাছে এই গানটো সন্ধিয়া মেহবুব ষ্টুডিঅ’ত ৰেকৰ্ড কৰা হৈছিল। এদিন ‘নাম’ বোলছবিখনৰ প্ৰযোজক ৰাজেন্দ্ৰ কুমাৰে ৰাজ কাপুৰক নৈশ ভোজনৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু এই গানটো বজাই শুনাইছিল। গজলটো শুনি ৰাজ কাপুৰৰ চকু পানীৰে ভৰি পৰিছিল৷ তেওঁ কৈছিল এই গানটো খুব হিট হ’ব আৰু ৰাজ কাপুৰৰ ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হৈছিল।

পুনৰ জাকিৰ হুছেইন শিকদাৰলৈ CIDৰ চমন…

পুনৰ জাকিৰ হুছেইন শিকদাৰলৈ CIDৰ চমন ৷

২৯ ফেব্ৰুৱাৰীত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ৷

পূৰ্বেও CIDয়ে চমন জাৰি কৰিছিল জাকিৰ হুছেইন শিকদাৰলৈ৷ ন্যায় যাত্ৰাত খানাপাৰাত সৃষ্টি হোৱা পৰিস্থিতিক লৈ চমন৷