Home Blog Page 1017

সৰুসজাই ষ্টেডিয়ামত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ চলি থকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত…

সৰুসজাই ষ্টেডিয়ামত অগ্নিকাণ্ড। খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ চলি থকাৰ সময়তে এই অঘটন।

ষ্টেডিয়ামৰ মাজত থকা ডিজিটেল ষ্টেজত অগ্নিকাণ্ডৰ সূত্ৰপাত।

যান্ত্ৰিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। তাৎক্ষণিকভাৱে নিৰ্বাপন কৰা হয় জুই।

অসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত অসামৰিক পৰীক্ষাত উত্তীৰ্ণ বিদ্যুৎ কুমাৰ দাসক উষ্ম সম্বৰ্ধনা

যোৱা ২০ ফেব্ৰুৱাৰী মংগলবাৰে, সাহিত্য সংস্কৃতিমূলক মাহেকীয়া আলোচনী ‘জোনাক’ৰ উদ্যোগত আৰু মহানগৰীৰ চেনিকুঠীস্থ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰিসংখ্যা শাখাৰ সহযোগত অসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত অসামৰিক পৰীক্ষাত কৰ পৰিদৰ্শকৰূপে স্থান লাভ কৰা বিদ্যুৎ কুমাৰ দাসক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ফুলাম গামোচা, মানপত্ৰ, কিতাপৰ টোপোলা, নৱবৰ্ষৰ কেলেণ্ডাৰসহ সন্মান জনোৱা দাসক উপস্থিত আটায়ে অভিনন্দন জনায় আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰে। কবি-লেখক-পৰিদৰ্শক পুলকেশ ৰায় বৰুৱাই সাৱলীলভাৱে আঁত ধৰা অনুষ্ঠানটোত দাসদেৱে নিজস্ব মনোভাৱ ব্যক্ত কৰি কয়, ” ‘জোনাক’ আলোচনীয়ে আজি দিয়া এই মৰম-শুভাশাক মই কেতিয়াও পাহৰিব নোৱাৰিম, যথেষ্ট কষ্ট-পৰিশ্ৰম কৰি পোৱা মোৰ এই সুখ্যাতিৰ ভাগত মই মা আৰু দেউতাৰ ঋণ পৰিশোধ কৰিব নোৱাৰিম, মানৱজীৱনৰ দু:খময় পৰিৱেশত মানুহ ভাগি পৰিব নালাগে আৰু সুখৰ পৰতো পাখি লগাই উৰি ফুৰিব নালাগে, মাথোঁ নিজস্ব ধ্যান-ধাৰণাৰে গতিপথত আগবাঢ়ি থাকিব লাগে।”


জ্যেষ্ঠ গৱেষণা বিষয়া প্ৰমথেশ ভট্টাচাৰ্য্যই বিশিষ্ট অতিথিৰ আসনৰ পৰাই ভাষণ প্ৰসংগত কয় যে “মানুহে সময় থাকোঁতেই প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে নিজকে নিৰৱচ্ছিন্ন ধৰণে লাগি থাকি উত্তীৰ্ণৰ শাৰীত ভৰি থব লাগে, বিদ্যুৎৰ কৃতিত্বই আমাক যথেষ্ট উৎসাহী কৰি তুলিছে।”

পৰিসংখ্যা শাখাৰ বিষয়া-কৰ্মচাৰী শৈলেন কলিতা, হৰমোহন দাস, মাচুম স্মৃতি দত্ত, নৃপেন দাস, ৰঞ্জিত বৰ্মন, নয়নজ্যোতি দাস, ৰফিক আলী, মীৰা দাস, মৌকন দাস, ৰাহুল ডেকা, সমৰজিৎ ৰামচিয়াৰী, প্ৰণীতা মৌপিয়া উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখন অতি সুকলমে পাৰ হৈ যায়।

ৰাকুল-জেকীৰ বিয়াৰ মেনুত থাকিব গ্লুটেন, ছুগাৰ ফ্ৰী খাদ্য…

জেকি ভগনানী-ৰকুল প্ৰীত সিঙৰ বিয়া: অতিথিৰ বাবে গ্লুটেন-মুক্ত, স্বাস্থ্যকৰ মেনু আছে ৰাকুল- জেকী ভগনানীৰ বিয়াত। গোৱাৰ এক সুন্দৰ পৰিৱেশত ৰাকুল প্ৰীত সিং আৰু জেকী ভগনীয়ে বিবাহপাশত আবদ্ধ হ’ব। ৰাকুল আৰু জেকীৰ ফিটনেছ অনুৰাগী অতিথিসকলৰ বাবে থাকিব গ্লুটেন, ছুগাৰ ফ্ৰী খাদ্য। ৰাকুল আৰু জেকী দুয়োজনেই ফিটনেছৰ ক্ষেত্ৰত অতি বিশেষ বুলি জনা যায়।

যিহেতু দুয়োজনেই ফিট ৰখাৰ ক্ষেত্ৰত অতি বিশেষ, গতিকে তেওঁলোকৰ বিয়াৰ অতিথিসকলক বিশেষ স্বাস্থ্যকৰ মেনুৰে আদৰণি জনোৱা হ’ব। আন আন পৰম্পৰাগত খাদ্যও থাকিব যদিও স্বাস্থ্যসন্মত খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। দম্পতীহালৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, এই এৰেত অতিথিসকলৰ বাবে গ্লুটেনমুক্ত, চেনিমুক্ত আৰু স্বাস্থ্যকৰ খাদ্যৰ ছেট আপ দেখা যাব। ৰাকুল আৰু জেকী দুয়োজনেই সুস্থ জীৱনশৈলীৰ সমৰ্থক আৰু স্বাস্থ্যসন্মত আনন্দৰ বিশেষ প্ৰৱৰ্তন কৰাটোৱেই হৈছে বিয়াখনত তেওঁলোকৰ বিশেষ স্পৰ্শ।

পেনক্ৰিয়াচ ৰোগ কি? ‘অনুপমা’ অভিনেতাৰ ঋতুৰাজ সিঙৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়…

শেহতীয়াকৈ টেলিভিছন ধাৰাবাহিক ‘অনুপমা’ত দেখা পোৱা অভিনেতা ঋতুৰাজ সিঙৰ ৫৯ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে। সংবাদ মাধ্যমত এই খবৰ দিলে তেওঁৰ ঘনিষ্ঠ বন্ধু অমিত বাহলে। বন্ধু অমিত বাহলে কয় যে তেওঁক পেনক্ৰিয়াচ ৰোগৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইয়াৰ পিছত কিছুদিন পূৰ্বে তেওঁক ডিচচাৰ্জ কৰি ঘৰলৈ উভতি আহে। ইয়াৰ পিছতে নিশা প্ৰায় ১২.৩০ বজাত হাৰ্ট এটেকত তেওঁৰ ঘৰত হঠাৎ মৃত্যু হয়। এনে পৰিস্থিতিত পেনক্ৰিয়াচ ৰোগ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ সম্পৰ্কে বহু প্ৰশ্নৰ উত্থাপন হয়। হঠাৎ হৃদযন্ত্ৰৰ বিকলতাৰ মাৰাত্মক অৱস্থা হ’ল হৃদযন্ত্ৰৰ বন্ধ। ইয়াত প্ৰথমে ব্যক্তিজনৰ হৃদযন্ত্ৰই তেজ পাম্প কৰা বন্ধ কৰি দিয়ে, যাৰ বাবে শৰীৰৰ কাম বন্ধ হৈ পৰে। তাৰ পিছত ইয়াৰ ভিতৰত ভেণ্টিকুলাৰ ফাইব্ৰিলেচন হয় আৰু হৃদস্পন্দন বন্ধ হৈ যায় আৰু ব্যক্তিজনৰ মৃত্যু হয়।


আনহাতে যদি কোনো ব্যক্তিৰ এই ৰোগৰ লগতে কোনো ধৰণৰ লুকাই থকা হৃদৰোগ আছে বা ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কলেষ্টেৰল, ধূমপান, মানসিক চাপ আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ দৰে বিপদজনক কাৰকত আক্ৰান্ত হয়, তেন্তে তেওঁ হৃদযন্ত্ৰ বন্ধ হৈ যাব পাৰে।

অগ্নাশয় (Pancreas) হৈছে পিছফালে পেটৰ কাষত থকা এটা দীঘল গ্ৰন্থি, যিয়ে খাদ্য ৰাহিৰ কাম কৰে। যেতিয়া ইয়াত কোনো বিঘিনি ঘটে তেতিয়া বিভিন্ন ধৰণৰ পেনক্ৰিয়াটাইটিছ, পেনক্ৰিয়াটিক কেন্সাৰ বা প্ৰি-কেন্সাৰ অৱস্থাৰ সৃষ্টি হয় আৰু তাৰ লগত ফুলাৰ দৰে বিভিন্ন লক্ষণ দেখা দিয়ে।

সাধাৰণতে পেনক্ৰিয়াচ ৰোগ থকা লোকসকল মদ্যপায়ী আৰু অধিক ধূমপায়ী, গতিকে তেওঁলোকৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা বেছি।


কাণত ধৰি মহিলাই লৈ গ’ল যুৱতীক ! হঠাতে সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতি…

দেৰগাঁৱৰ ৰজাবাহৰ গাঁৱত বিয়লিৰ ভাগত হঠাতে সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ । বহুসংখ্যক মহিলা ওলায় আহি দেহ ব্যৱসায় চলোৱাৰ অভিযোগত এটা ঘৰ ঘেৰি লৈ সৃষ্টি কৰিলে এই পৰিস্থিতি।যুদ্ধং দেহী ৰূপত মহিলা সমিতি ।

মহিলাসকলৰ অভিযোগ ৰজাবাহৰ গাঁৱৰ লাডু বৰাৰ ঘৰত দীৰ্ঘদিনে চলি আহিছে দেহ ব্যৱসায়। অতীষ্ঠ স্থানীয় ৰাইজ। অৱশেষত সন্দেহজনক যুৱক-যুৱতী ঘৰটোত সোমাই থকা অৱস্থাত বেৰি ল’লে মহিলাই । চোঁচৰাই উলিয়াই আনিলে যুৱতীক। উত্তপ্ত হৈ পৰিল পৰিস্থিতি ।

অৱশেষত উপস্থিত হ’লহি আৰক্ষী । আৰক্ষী লৈ গ’ল যুৱতীসহ দেহ ব্যৱসায় চলায় অহাৰ অভিযোগ উঠি থকা লাডু বৰাৰ পত্নীক। মহিলাসকলৰ অভিযোগ পূৰ্বতে আৰক্ষীয়ে আটক কৰিছিল যদিও তাৰ পাছতোএই ঘৰটোত চলিয়েই আহিছে এই ব্যৱসায় । বিনষ্ট হৈছে সামাজিক পৰিৱেশ ।

মৰিগাঁও মহাবিদ্যালয়ৰ সাংবাদিকতা, গণসংযোগ বিষয়ৰ অতিথি অধ্যাপক পদত নিৰ্বাচিত মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন…

মৰিগাঁও মহাবিদ্যালয়ৰ সাংবাদিকতা, গণসংযোগ বিষয়ৰ অতিথি অধ্যাপক পদত নিৰ্বাচিত মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন।

নতুন দৈনিক, দ্য চেণ্টিনেল, আমাৰ অসম, দূৰদৰ্শন, আকাশবাণী, PTI, Assam Tribune কাকতৰ বাহিৰেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ লগত জড়িত। তেখেতে অসম চৰকাৰৰ পৰাও সন্মান লাভ কৰাৰ লগতে JAFAৰ পৰাওঁ স্বীকৃতি লাভ কৰিবলৈ সক্ষম। ইয়াৰ উপৰিও তেওঁ মৰিগাঁৱৰ বহুকেইটা সংগঠনৰ সৈতে জড়িত। এনে এজন জ্যেষ্ঠ সাংবাদিক মৰিগাঁও মহাবিদ্যালয়ৰ সাংবাদিকতা, গণসংযোগ বিষয়ৰ অতিথি অধ্যাপক পদৰ বাবে নিৰ্বাচিত হয়।

ধুবুৰীত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষৰ দ্বাৰা এন ই আৰ প্ৰকল্পৰ উদ্বোধন…

আজি ভাৰ্চুৱেল মাধ্যমেৰে গুৱাহাটীৰ পৰা আন কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ বিপৰীতে ধুবুৰী জাহাজ বন্দৰত এক আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ধুবুৰী আই ডব্লিও এ আইৰ উদ্যোগত ধুবুৰী জাহাজ বন্দৰত আয়োজন কৰা ভাৰ্চুৱেল অনুষ্ঠানত গোসাইগাঁও সমষ্টিৰ বিধায়ক জিৰেন বসুমূতাৰি মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বিপৰীতে প্ৰাক্তন বিধায়ক অশ্বিনি ৰায় সৰকাৰ, জিলা অতিৰিক্ত আয়ুক্ত নিত্য বিনোধ ওৱাৰীৰ লগতে আই ডব্লিউ এ আইৰ উচ্চ পদস্থ বিষয়া আৰু জাহাজ বন্দৰৰ আমদানি, ৰপ্তনিকাৰক সকল উপস্থিত থাকে। আজিৰ পৰা পুনৰ এক নতুন দিগন্তৰ সূচনা হ’ল ধুবুৰী জাহাজ বন্দৰত।

কেটেতঙত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন…

দিনক দিনে মাৰ্ঘেৰিটা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত অবৈধ মাদ্ৰক দ্ৰব্য সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে।মাদ্ৰক দ্ৰব্য সেৱনৰ ফলত সমাজত এইচ আই ভি, হেপাটাইটিছ বি আদি দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ ভয়াবহ ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আজি মাৰ্ঘেৰিটাৰ নংলাই কুঁহিয়াৰবাৰীস্থিত শিৱ মন্দিৰৰ প্ৰাঙ্গনত দিশ দৰ্শন ৰিহেবিলেশ্বন চেণ্টাৰৰ উদ্যোগত আৰু কেটেতং বনগাঁও আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।

উক্ত চিকিৎসা শিবিৰত বহু লোকে নিজ নিজ ৰোগৰ পৰীক্ষা কৰায়।

চলিত মাহৰ শেষৰ ফালে ভূটান ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে দ্বিতীয় আৰু সম্ভৱতঃ শেষ বিদেশ ভ্ৰমণৰ বাবে ভূটানক গন্তব্যস্থান হিচাপে বাছি লৈছে!

খবৰ অনুসৰি চলিত মাহৰ শেষৰ ফালে তেওঁ থিম্ফুলৈ যোৱাৰ কথা। ভূটান ভ্ৰমণৰ সময়ত তেওঁ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে চৰকাৰৰ যোগাযোগ প্ৰক্ৰিয়া বৃদ্ধি কৰি দেশৰ উত্তৰ-পূব অঞ্চলত ব্যৱসায়িক সুযোগ বৃদ্ধিৰ বাৰ্তা প্ৰদান কৰিব।

অসম সীমান্তৰ সমীপৱৰ্তী ভূটানৰ গেলে ফুত এখন উন্নত চহৰ নিৰ্মাণৰ বাবে ৰজা জিগমে ৱাংচুকৰ ব্যয়বহুল পৰিকল্পনাৰ প্ৰতিও মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে।

সূত্ৰ অনুসৰি ভূটানৰ সৈতে সীমা অতিক্ৰম কৰি ৰে’ল প্ৰকল্পৰ আলোচনা মোডীৰ আগন্তুক ভ্ৰমণৰ সময়ত চূড়ান্ত হ’ব পাৰে। ভূটানৰ সৈতে ভাৰতেও গেলেফু বিমানবন্দৰ সম্প্ৰসাৰণৰ বাবে উদ্যোগ ল’ব। ২০১৪ চনত চৰকাৰলৈ অহাৰ পিছত মোদীয়ে ভূটানৰ সৈতে বিদেশ ভ্ৰমণ আৰম্ভ কৰে। ভূটানত চীনৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত মোডীৰ ভূটান ভ্ৰমণ সদায় তাৎপৰ্যপূৰ্ণ।

কিছুমান মানুহক মহে বেছিকৈ কামুৰে, কিছুমানক ক’মকৈ; ইয়াৰ কাৰণ কি জানেনে…

শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে কিছুমান মানুহৰ ছালত এনে পদাৰ্থ থাকে যিয়ে মহক আকৰ্ষণ কৰে। শেহতীয়াকৈ কৰা এক অধ্যয়নত কোৱা হৈছে যে কিছুমান মানুহৰ ছালত এনে পদাৰ্থ থাকে যিয়ে মহক আকৰ্ষণ কৰে। সেই উপাদানবোৰ গোটেই জীৱন ছালত পোৱা যায়। গতিকে মহ এই ছালৰ প্ৰতি সদায় অধিক আকৰ্ষণ হয়।

গৱেষকসকলে দাবী কৰিছে যে মহে কামুৰিলে কিছুমানৰ ছালত কিছু বিশেষ এচিড নিঃসৰণ হয়। ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা বজাই ৰখাত এই এচিডবোৰ অতি গুৰুত্বপূৰ্ণ। বিভিন্ন মানুহৰ শৰীৰৰ ছালৰ ওপৰত নিৰ্ভৰ কৰি এই পদাৰ্থবোৰ বিভিন্ন হাৰত শোষণ কৰে। কিছুমান ছালত বাস কৰা বেক্টেৰিয়া জীয়াই থাকিবলৈ এই এচিডৰ পৰা উৎপন্ন হোৱা ‘চিলিম’ কণিকাৰ ওপৰত নিৰ্ভৰশীল। মানুহৰ ছালৰ গোন্ধো কিছু পৰিমাণে এই মৌলৰ ওপৰত নিৰ্ভৰশীল। বিজ্ঞানীসকলৰ মতে এই পদাৰ্থৰ প্ৰতি মহ আকৰ্ষিত হয়। যিহেতু এই এচিডবোৰ ছালৰ প্ৰাকৃতিক উপাদান, গতিকে ইয়াক শৰীৰৰ পৰা জোৰকৈ বাহিৰ কৰি দিলে ছালৰ ক্ষতি হ’ব পাৰে। আনহাতে মহৰ কামোৰৰ পৰা ৰক্ষা পোৱাৰো কোনো উপায় নাই।