Home Blog Page 1061

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী ! গুৱাহাটীত কৰিব ১১,০০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন…

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী

গুৱাহাটীত কৰিব ১১,০০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন

কামাখ্যা মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদানৰ বাবে মা কামাখ্যা দিব্য পৰিযোজনাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীত ক্ৰীড়া আৰু চিকিৎসাৰ আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ সৈতে জড়িত প্ৰকল্পই লাভ কৰিব বিশেষ গুৰুত্ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩-৪ ফেব্ৰুৱাৰী, ২০২৪ত ওড়িশা আৰু অসম ভ্ৰমণ কৰিব।৩ ফেব্ৰুৱাৰীত দুপৰীয়া প্ৰায় ২:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ সম্বলপুৰত এক ৰাজহুৱা অনুষ্ঠানত অংশ লৈ ৬৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে অসমলৈ যাত্ৰা কৰিব। ৪ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত ৰাজহুৱা কাৰ্যসূচীত অংশ লৈ ১১,০০০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।ওড়িশাৰ সম্বলপুৰত ৰাজহুৱা কাৰ্যসূচীত দেশৰ শক্তি সুৰক্ষা সুদৃঢ় কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি শক্তি খণ্ডক উন্নীত কৰাৰ লক্ষ্যৰে একাধিক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰা কৰিব প্ৰধানমন্ত্ৰীয়ে৷প্ৰধানমন্ত্ৰীয়ে ‘জগদীশপুৰ-হালদিয়া আৰু বোকাৰো-ধমৰা পাইপলাইন প্ৰকল্প (জেএইচবিডিপিএল)’ৰ ‘ধমৰা–আংগুল পাইপলাইন অংশ’ (৪১২ কিলোমিটাৰ) উদ্বোধন কৰিব। ‘প্ৰধানমন্ত্ৰী উৰ্জা গংগা’ৰ অধীনত ২,৪৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষ এই প্ৰকল্পটোৱে ওড়িশাক ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ সৈতে সংযোগ কৰিব।

প্ৰধানমন্ত্ৰীয়ে মুম্বাই-নাগপুৰ-ঝাৰছুগুড়া পাইপলাইনৰ ‘নাগপুৰ ঝাৰছুগুড়া প্ৰাকৃতিক গেছ পাইপলাইন অংশ’ (৬৯২ কিলোমিটাৰ)’ৰ আধাৰশিলা স্থাপন কৰিব। ২,৬৬০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পৰ জৰিয়তে ওড়িশা, মহাৰাষ্ট্ৰ, ছত্তীশগড়ৰ দৰে ৰাজ্যৰ প্ৰাকৃতিক গেছৰ পৰ্যাপ্ততা বৃদ্ধি পাব৷এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২৮,৯৮০ কোটি টকাৰ একাধিক শক্তি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰিব । ৰাষ্ট্ৰৰ নামত উৎসৰ্গা হ’বলগীয়া প্ৰকল্পসমূহৰ ভিতৰত ওড়িশাৰ সুন্দৰগড় জিলাৰ এনটিপিচি দৰলিপালি ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন (২x৮০০ মেগাৱাট) আৰু এনএছপিচিএল ৰুৰকেল্লা পিপি-II সম্প্ৰসাৰণ প্ৰকল্প (১x২৫০ মেগাৱাট) উল্লেখযোগ্য। তদুপৰি, তেওঁ ওড়িশাৰ আংগুল জিলাত এনটিপিচি টালচাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট, ষ্টেজ-III (২x৬৬০ মেগাৱাট)ৰ আধাৰশিলা স্থাপন কৰিব। এই শক্তি প্ৰকল্পসমূহে ওড়িশাৰ লগতে আন কেইবাখনো ৰাজ্যলৈও কম খৰচী বিদ্যুৎ যোগান ধৰিব।

প্ৰধানমন্ত্ৰীয়ে ২৭,০০০ কোটিৰো অধিক মূল্যৰ নেইভেলী লিগনাইট নিগমৰ তালাবিৰা তাপ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক শক্তিশালী কৰি এই অত্যাধুনিক প্ৰকল্পই নিৰ্ভৰযোগ্য, সুলভ আৰু ২৪ ঘণ্টাই শক্তি প্ৰদান কৰিব যিয়ে দেশৰ শক্তি সুৰক্ষাত যথেষ্ট অৰিহণা যোগাব আৰু দেশৰ অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

প্ৰধানমন্ত্ৰীয়ে মহানদী কয়লাক্ষেত্ৰ লিমিটেডৰ কয়লা আন্তঃগাঁথনি প্ৰকল্পৰ লগতে ফাৰ্ষ্ট মাইল কানেক্টিভিটি (এফএমচি) প্ৰকল্প-আংগুল জিলাৰ তালচেৰ কয়লাক্ষেত্ৰত ভুবনেশ্বৰী প্ৰথম পৰ্যায় আৰু লাজকুৰা ৰেপিড লোডিং চিষ্টেম (আৰএলএছ) উদ্বোধন কৰিব। প্ৰায় ২,১৪৫ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পসমূহে ওড়িশাৰ পৰা শুকান ইন্ধনৰ মানদণ্ড আৰু যোগান বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ ঝাৰছুগুড়া জিলাত ৫৫০ কোটি টকাৰো অধিক ব্যয়ৰে নিৰ্মিত ইব ভেলী ৱাশ্বাৰীও উদ্বোধন কৰিব। ই গুণগত মানৰ বাবে কয়লা প্ৰক্ৰিয়াকৰণৰ এক আৰ্হি পৰিৱৰ্তন চিহ্নিত কৰিব, যিয়ে উদ্ভাৱন আৰু বহনক্ষমতাক সূচাব। প্ৰধানমন্ত্ৰীয়ে ৮৭৮ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মিত মহানদী ক’লফিল্ডছ লিমিটেডে নিৰ্মাণ কৰা ঝাৰছুগুডা-বৰপালী-চৰ্দেগা ৰে’ল লাইন প্ৰথম পৰ্যায়ৰ ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়টো ট্ৰেক ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।

প্রধানমন্ত্রীয়ে প্রায় ২১১০ কোটি টকাৰ ব্যয়েৰে বিকশিত ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিটা গড়কাপ্তানি খণ্ডৰ প্রকল্পও উদ্বোধন কৰিব৷ এই প্ৰকল্পসমূহৰ ভিতৰত ২১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰিমুলি-কইডা ছেকচনৰ ফৰলেনিং (নতুন ৰাষ্ট্ৰীয় ঘাইপথ নং ৫২০), ২৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বীৰামিত্ৰপুৰ-ব্ৰহ্মণি বাইপাছ আৰু এই অংশৰ ফৰলেনিং আৰু ব্ৰহ্মনি বাইপাছ আৰু-ৰাজামুণ্ডা অংশৰ ফৰলেনিং ২৩নং ৰাষ্ট্ৰীয় ঘাইপথৰ (নতুন ৰাষ্ট্ৰীয় ঘাইপথ নং ১৪৩)। এই প্ৰকল্পসমূহে সংযোগ বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ দিশতো অৰিহণা যোগাব।

প্ৰধানমন্ত্ৰীয়ে ২১৪৬ কোটি টকা ব্যয় সাপেক্ষ ৰেলৱে প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলাও স্থাপন কৰিব। তেওঁ শৈলাশ্ৰী প্ৰাসাদৰ পৰা অনুপ্ৰাণিত স্থাপত্য সম্বলপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব। তদুপৰি, তেওঁ সম্বলপুৰ-তালচেৰ দ্বৈত ৰে’ল পথ (১৬৮ কিলোমিটাৰ) আৰু ঝাৰ্টৰভাক সোণেপুৰ নতুন ৰে’ল পথ (২১.৭ কিলোমিটাৰ) ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব, যাৰ ফলত অঞ্চলটোৰ ৰে’ল নেটৱৰ্কৰ ক্ষমতা বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে পুৰী-সোনেপুৰ-পুৰী সাপ্তাহিক এক্সপ্ৰেছো শুভাৰম্ভ কৰিব, যাৰ ফলত অঞ্চলটোৰ ৰে’ল যাত্ৰীসকলৰ সংযোগ উন্নত হ’ব।

প্ৰধানমন্ত্ৰীয়ে আই আই এম সম্বলপুৰৰ স্থায়ী চৌহদো উদ্বোধন কৰিব। তদুপৰি তেওঁ ঝাৰছুগুড়া মুখ্য ডাকঘৰ ঐতিহ্য ভৱনটো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত ১১,০০০ কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

তীৰ্থস্থান পৰিদৰ্শন কৰা লোকসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাটোত প্ৰধানমন্ত্ৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। এপ্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া অন্যতম মূল প্ৰকল্পৰ ভিতৰত উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ (PM-DevINE) আঁচনিৰ অধীনত অনুমোদিত মা কামাখ্যা দিব্য পৰিযোজন (মা কামাখ্যা প্ৰৱেশ কৰিডৰ) আছে৷ ইয়াৰ জৰিয়তে কামাখ্যা মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে ৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যাৰ অধীনত দক্ষিণ এছিয়া উপ-আঞ্চলিক অৰ্থনৈতিক সহযোগিতা (ছাছেক) কৰিডৰ সংযোগৰ অংশ হিচাপে ৩৮খন দলঙকে ধৰি ৪৩টা পথ উন্নীত কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে দুটা ফৰলেনিং প্ৰকল্প ক্ৰমে ডোলাবাৰীৰ পৰা জামুগুৰি আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ অংশ উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে ইটানগৰৰ সৈতে সংযোগ উন্নত কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।

অঞ্চলটোৰ অপৰিসীম ক্ৰীড়া সম্ভাৱনাক উলিয়াই অনাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত চন্দ্ৰপুৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰীড়া ষ্টেডিয়াম আৰু নেহৰু ষ্টেডিয়ামক ফিফাৰ মানসম্পন্ন ফুটবল ষ্টেডিয়াম হিচাপে উন্নীতকৰণ উল্লেখযোগ্য৷

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব। তদুপৰি, তেওঁ কৰিমগঞ্জত এখন চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰিব।

ৰাছীৰ আদালতে জামিন নাকচ কৰিলে হেমন্ত ছোৰেনৰ ! ৫ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ…

ৰাছীৰ আদালতে জামিন নাকচ কৰিলে হেমন্ত ছোৰেনৰ, ৫ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ

অৱশেত জামিন বিচাৰি মুখ থেকেচা খালে ভূমি কেলেংকাৰিৰ গোচৰত গ্ৰপেতাৰ হোৱা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে । আদালতে ছোৰেনৰ জামিন নাকচ কৰিলে আদালতে। জামিন নাকচ কৰি আদালতে ছোৰেনক পাঁচ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে। ৰাঁচীৰ এখন বিশেষ আদালতে শুক্ৰবাৰে তেওঁ ইডিৰ জিম্মা বৃদ্ধি কৰে। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক অহা পাঁচ দিনৰ বাবে ইডিৰ জিম্মাত থাকিব আৰু এই সময়ত ইডিয়ে তেওঁক জেৰা চলাব বুলি আদালতে কয়। ভূমি কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত বুধবাৰে নিশা ইডিয়ে হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰিছিল। পিছদিনা হেমন্ত ছোৰেনে জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৰাঁচীৰ এখন বিশেষ আদালতে এদিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। শুক্ৰবাৰে পুৱা উচ্চতম ন্যায়ালয়ত হেমন্তৰ জামিন আবেদনৰ শুনানি আৰম্ভ হৈছিল।


ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে কৈছিল যে উচ্চতম ন্যায়ালয়ে গোচৰটোৰ শুনানিৰ বিষয়ত আগ্ৰহী নহয়। ইয়াৰ পৰিৱৰ্তে শিবু ছোৰেনৰ পুত্ৰই উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগে। অধিবক্তা কপিল চিবাল হেমন্ত ছোৰেনৰ হৈ আদালতত উপস্থিত থাকে। এজন মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাটো গুৰুত্বপূৰ্ণ কথা বুলি ছোৰেনৰ অধিবক্তাই আদালতত কৈছিল। । ইয়াৰ প্ৰত্যুত্তৰত বিচাৰপীঠে কয় যে দেশৰ আদালতসমূহ সকলো লোকৰ বাবে মুকলি। উচ্চ ন্যায়ালয়েও সাংবিধানিক প্ৰক্ৰিয়া অনুসৰি কাম কৰে।

ইপিনে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত জামিনৰ আবেদন দাখিল কৰাৰ আগতেই ৰাঁচীৰ এখন আদালতে হেমন্তক পাঁচ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে। অৱশ্যে, শিবু ছোৰেনৰ পুত্ৰ হেমন্ত ছোৰেনে এতিয়াও ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত গ্ৰেপ্তাৰৰ বিৰুদ্ধে আবেদন কৰাৰ পথ মুকলি হৈ আছে। চম্পাই ছোৰেনে শুক্ৰবাৰে ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। অৱশ্যে, শাসকীয় মিত্ৰজোঁটৰ বিধায়কসকলে শপত লোৱাৰ পিছতেই তেওঁলোকক ৰাঁচীৰ পৰা হায়দৰাবাদলৈ স্থানান্তৰিত কৰা হৈছে।

জ্ঞানৱাপী মছজিদত পূজা বন্ধ কৰিব নোৱাৰিব, ৰায় দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে…

বছৰৰ পিছত বছৰ ধৰি পূজা বন্ধ থকা জ্ঞানৱাপী মছজিদত আৰম্ভ হ’ল পূজা। মছজিদটোৰ এক বিশেষ অংশত পূজা অব্যাহত থাকিব। এলাহাবাদ উচ্চ ন্যায়ালয়ে বাৰাণসী জিলা আদালতৰ আদেশ বাহাল ৰাখি এই ৰায়োন কৰে । উচ্চ ন্যায়ালয়ে কয় যে গোচৰটোৰ শুনানি চলি থকাৰ মাজতে মন্দিৰ চৌহদত পূজা অনুষ্ঠিত কৰিব পাৰিব।

শেহতীয়াকৈ এএছআইৰ প্ৰতিবেদনত কোৱা হৈছে যে মছজিদৰ ৱুজুখানা চৌহদতো এটা শিৱলিংগৰ অস্তিত্ব পোৱা গৈছে। প্ৰতিবেদনখনত হনুমান, বিষ্ণু আৰু নন্দীৰ মূৰ্তিৰ কথাও উল্লেখ কৰা হৈছিল। মধ্যযুগীয় দেৱ-দেৱীৰ মূৰ্তি আৰু ভাস্কৰ্যও পোৱা গৈছে বুলি জানিব পৰা গৈছে।

এই প্ৰতিবেদনৰ পিছত মছজিদত উপাসনা কৰাৰ অনুমতি বিচাৰি বাৰাণসী জিলা আদালতৰ কাষ চাপিছিল ভক্তই । দুদিন পূৰ্বে বাৰাণসী জিলা আদালতে হিন্দু ভক্তসকলক ‘ব্যাস কা টয়খানা’ চৌহদত উপাসনা কৰিবলৈ অনুমতি দিছিল। এই নিৰ্দেশৰ কেইঘণ্টামান পিছত মাজনিশা পূজা আৰু আৰতি আৰম্ভ হৈছিল। হিন্দু পক্ষই প্ৰশাসনৰ উপস্থিতিত পূজা আৰম্ভ কৰিছিল।

অঞ্জুমান ইন্তেজামিয়া মছজিদ সমিতিয়ে জিলা আদালতৰ আদেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। বৃহস্পতিবাৰে নিশা মুছলমান পক্ষই গোচৰটোৰ জৰুৰী শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। আবেদনত কোৱা হৈছিল যে যোগী প্ৰশাসনে হিন্দু পক্ষৰ সৈতে মিত্ৰতা কৰি ৰাতিটোৰ ভিতৰতে জিলা আদালতৰ আদেশ কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

সেয়েহে এই বিষয়ত তাৎক্ষণিক পদক্ষেপ লোৱাটো গুৰুত্বপূৰ্ণ। অৱশ্যে উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কে মুছলমান পক্ষৰ অধিবক্তাসকলক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ কয়।ইয়াৰ পিছত মছজিদ কৰ্তৃপক্ষই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপে। কিন্তু তেওঁলোকে কোনো সকাহ নাপালে । এলাহাবাদ উচ্চ ন্যায়ালয়ে কৈছে যে গোচৰটো চলি থকাৰ সময়তো তাত পূজা বন্ধ কৰিব পৰা নাযাব। ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালাই কয় যে চৰকাৰে মছজিদ চৌহদৰ ভিতৰত আৰু বাহিৰত শান্তি আৰু শৃংখলা নিশ্চিত কৰিব লাগিব।

ঢেকীয়াজুলিত ১০ কেজি গাঞ্জা সহিতে এজন যুৱকক আটক আৰক্ষীৰ…

ঢেকীয়াজুলিত ১০ কেজি গাঞ্জা সহিতে এজন যুৱকক আটক আৰক্ষীৰ

ঢেকীয়াজুলি আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰাম্ভ কৰিছে৷ঢেকীয়াজুলি আৰক্ষীয়ে অভিযান চলাই গাঞ্জা সহিতে এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷উল্লেখ্য যে ২ ফেব্ৰুৱাৰী তাৰিখে অনুমানিক দিনৰ ১০ মান বজাত ঢেকীয়াজুলি আৰক্ষীয়ে ঢেকীয়াজুলি আৰক্ষীথানৰ সন্মুখত এখন বাছত তালাছী চলায়৷

আৰক্ষীয়ে বাছত তালাছী চলাই ১০ কেজি গাঞ্জা সহিতে এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷এক গোপন খবৰৰ ভিত্তিত ঢেকীয়াজুলি আৰক্ষীথানাৰ আৰক্ষী উপ পৰিদৰ্শক সুৰজিত মান্তাৰ নেতৃত্বত ঢেকীয়াজুলি আৰক্ষীৰ এটা দলে চলাইছিল এই গাঞ্জা বিৰোধী অভিযান৷

গুৱাহাটীৰ দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা বাছ এখনত তালাছী চলাইছিল ঢেকীয়াজুলি আৰক্ষীয়ে৷ আৰক্ষীৰ তালাচীত ১০ কেজি গাঞ্জা সহিতে নন্দলাল মণ্ডল নামৰ ২৭ বছৰীয়া এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ঢেকীয়াজুলি আৰক্ষী

তামাৰহাটত গংগাধৰ নদীৰ ঘাটত পানী আনিবলৈ গৈ মহিলা সন্ধানহীন ! মহিলা গৰাকীক বিচাৰি এছ ডি আৰ এফৰ অভিযান অব্যাহত…

তামাৰহাটত গংগাধৰ নদীৰ ঘাটত পানী আনিবলৈ গৈ মহিলা সন্ধানহীন । মহিলাক বিচাৰি এছ ডি আৰ এফৰ অভিযান অব্যাহত ।

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উজানপূটলা গাঁৱৰ এগৰাকী মহিলা পানী আনিবলৈ গৈ গংগাধৰ নদীত গৈ পিছলি পৰি সন্ধানহীন হৈ পৰে । জানিব পৰা মতে, তামাৰহাট থানাৰ অন্তৰ্গত উজানপেটলা গাঁৱৰ বাসিন্দা একাব্বৰ আলীৰ কন্যা ৰূপসী বিবিয়ে যোৱা ৩১ জানুৱাৰীৰ দিনা পানী অনাৰ বাবে ওচৰেৰে বৈ যোৱা গংগাধৰ নদীলৈ যায় ।

বহু সময় ধৰি ৰূপসী বিবি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে নৈ ঘাটলৈ বিচাৰি যায় আৰু তাতে ৰূপসী বিবি নদীত সন্ধানহীন হোৱাৰ কথা পোহৰলৈ আহে । পিছত স্থানীয় লোকে নাওৰ সহায়ত নদীৰ বুকুত ৰূপসী বিবি বিচাৰে যদিও কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই ।

পিছদিনা পৰিয়ালৰ লোকে তামাৰহাট থানাত ঘটনা সম্পৰ্কে অবগত কৰে । আজি তামাৰহাট থানাৰ আৰক্ষীয়ে এছ ডি আৰ এফৰ সহযোগত গংগাধৰ নদীত অভিযান চলায় যদিও বাতৰি লিখা সময়লৈকে ৰূপসী বিবিৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । উল্লেখ্য যে সন্ধানহীন হৈ পৰা ৰূপসী বিবিৰ বিবাহ বিচ্ছেদ হোৱা বাবে দুটা সন্তানক লৈ তাই পিতৃ গৃহত বসবাস কৰি আছিল ।

ডিব্ৰুগড় জিলাৰ খোৱাং মাধকলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত…

ডিব্ৰুগড় জিলাৰ খোৱাং মাধকলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। নিহত ২


ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত মাধকলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত দুজন লোক নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়৷ টিংখাঙৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা অৱস্থাত এ এছ ২২ চি ৭৯৫৭ নম্বৰৰ এখন ডাম্পাৰে মহতিয়াই নিয়ে একেই দিশত গৈ থকা এ এছ ০৬ এক্স ০৪৩৫ নম্বৰৰ এখন মাৰুটি ভেনক৷ মহতিয়াই নিয়াৰ ফলত মাৰুতি ভেনখনত অহা এজন লোক

থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হোৱা দুজনৰ এজন ব‍্যক্তিৰ মৃত্যু হয় চিকিৎসালয়ত। নিহত হোৱা লোক দুজন ক্ৰমে টিংখাঙৰ ১ নং ধমন গাঁৱৰ দুলেশ্বৰ সোনোৱাল (৬৫) আৰু ধমন গাঁ‌ৱৰ অখিল সোনোৱাল (৪০)।

আহত হোৱা কপৌহুৱা গাঁ‌ৱৰ ৰঞ্জিত সোনোৱাল নামৰ ব‍্যক্তি জন বৰ্তমান চিকিৎসাধীন হৈ আছে অসম চিকিৎসা মহাবিদ্যালয়ত। নিহত হোৱা লোক দুজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ চালক জনক খোৱাং থানাৰ আৰক্ষীয়ে আটক কৰে

অসম সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশন, কেন্দ্ৰীয় কুঁহি অনুষ্ঠান সম্পন্ন…

ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহি অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিবেশনত সমৱেত হোৱা শতাধিক শিশুৱে গীত -মাত- কবিতা আবৃত্তি আৰু ৰং তুলিকাৰে গ্ৰন্থমেলাৰ বাকৰিত। বৃহস্পতিবাৰে এক বৰ্ণময় পৰিৱেশৰ সূচনা কৰে ৷ শ্বহীদ সূৰ্য বৰা সোঁৱৰণী মঞ্চত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা শিক্ষাবিদ নুৰুদ্দিন আহমেদ সোঁৱৰণী কেন্দ্ৰীয় কুঁহি অনুষ্ঠানৰ উদ্ধোধন কৰি বিশিষ্ট শিল্পী সাহিত্যিক তৰুণ আজাদ ডেকাই কয় যে প্ৰতিটো শিশুৱেই একো একোটা কুঁহিপাত ৷ অসম সাহিত্য সভাৰ মঞ্চৰ পৰাই শিশুৰ হাতত গ্ৰন্থ তুলি দিয়াৰ অধ্যয়ন সুলভ চিন্তাৰ আৰম্ভ হৈছে । অসম সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশন স্থলীৰ গ্ৰন্থমেলাৰ বাকৰিত শিশু সকলৰ বৰ্ণাঢ্য অনুষ্ঠান কুঁহি অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই শুভাৰম্ভ কৰা এই অনুষ্ঠানটোত আদৰণি ভাষণ আগবঢ়ায় আদৰণী সমিতিৰ তৰফৰ পৰা অৰবিন্দ ডেকাই । সাহিত্য সংগঠক স্বাগতা বৰাই সঞ্চালনা কৰা অনুষ্ঠানটোৰ আঁতধৰি উদ্দেশ্য বাখ্যা কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কুঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথে।

কেবাঘন্টীয়া এই বৰ্ণময় অনুষ্ঠানটোত অসম সাহিত্য সভাৰ উপসভাপতি ডা° গিৰিশ সন্দিকৈ, অসম সাহিত্য সভা কু্ঁহি উপ সমিতিৰ কাৰ্যকৰী সভাপতি ঊষা বৰগোহাঁই, অৰুণাচল প্ৰদেশৰ সাহিত্যিক অজন্তা, অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী, অসম সাহিত্য সভাৰ লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱা, সাংগঠনিক সম্পাদক দিগন্ত ভূঞা, অজয় সিংহ, অনঙ্গ কুমাৰ নাথ, প্ৰজাতীয় মৈত্ৰীবন্ধনৰ আহ্বায়ক মনোজ্যোতি ৰেগন, আকাশ উপ সমিতিৰ আহ্বায়ক মঞ্জু হাজৰিকা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভূপেন দত্ত, সাংবাদিক কন্দৰ্প কুমাৰ কলিতা, নগাঁও আঞ্চলিকৰ প্ৰাক্তন সম্পাদক যতীন্দ্ৰ নাথ সূত, গৱেষণা বিষয়া দীপক চৰকাৰে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই কয় যে কুঁহিত অংশলোৱা শিশু সকল অসম সাহিত্য সভাৰ ভৱিষ্যত। মাজুলী জিলাৰ শিশু শিল্পী ৰক্তিম ৰঞ্জন নাথ, চৰাইদেউ জিলাৰ লিছা ৰাজখোৱা, মৰিগাঁও জিলাৰ হৰ্ষিতা নাথ, দৰঙ জিলাৰ পঞ্চানন বৰা, বিভাস বৈভৱ মহন্ত, নগাঁও জিলাৰ দৰ্শনা বৰা প্ৰমুখ্যে নিৰ্বাচিত শতাধিক কু্ঁহি অংশগ্ৰহণকাৰীক কিতাপৰ টোপোলা, নগদ ধন, প্ৰসংশন পত্ৰৰে প্ৰদান কৰা হয়।

ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত ল’লে চম্পাই ছোৰেনে…

আজি ঝাৰখণ্ডৰ নতুন চৰকাৰৰ শপত গ্ৰহণ৷


নতুন মুখ্যমন্ত্ৰীৰূপে শপত ল’লে চম্পাই ছোৰেনে৷


ৰাজভৱনত শপত গ্ৰহণ নতুন মন্ত্ৰীসভাৰ৷


দলৰ অধ্যক্ষ হেমন্ত ছোৰেনৰ পিছত মুখ্যমন্ত্ৰী হিচাপে জেএমএমৰ জ্যেষ্ঠ নেতা চম্পাই সোৰেনৰ শপত গ্ৰহণ।


ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ কনিষ্ঠ ভাতৃ দিকুৰাম ছোৰেনে কয় যে তেওঁ মুখ্যমন্ত্ৰী হোৱাটো ‘আনন্দৰ বিষয়’।

৪৮ মাহৰ ভিতৰত পলাশবাৰী-শুৱালকুছি সংযোগী ১২.২ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন সেতুৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

বিগত বৰ্ষত ৰঙালী বিহুৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযোগী ১২.২ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন সেতুৰ আধাৰশিলা স্থাপন কৰিছিল। এই সেতুৱে অসমৰ ঐতিহ্যবাহী বস্ত্ৰশিল্পৰ কেন্দ্ৰস্থলীক উন্নত যাতায়াত ব্যৱস্থাৰে সমৃদ্ধ কৰিব।

প্ৰকল্পটো ৰূপায়ণৰ পদ্ধতি দ্ৰুতগতিত আগুৱাইছে। লাৰ্ছেন এণ্ড ট্যুব্ৰ’ নিৰ্মাণ প্ৰতিষ্ঠানৰ সৈতে নিৰ্মাণ চুক্তি সম্পন্ন কৰা হৈছে। ৪৮ মাহৰ ভিতৰত এই সেতুৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ । প্ৰধানমন্ত্ৰীৰ সবল নেতৃত্বত অসমত সংযোগ ব্যৱস্থাই এক শক্তিশালী গতি লাভ কৰিছে ৷


১৯৪৭ চনৰ পৰা ২০১৪ চনলৈ আমি ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ ৩খন দলং লাভ ৷ কিন্তু তাৰ পাছৰ সময়ছোৱাত ইতিমধ্যে ৬খন দলং নিৰ্মাণ কৰা হৈছে আৰু আৰু ৬খন শীঘ্ৰেই অসমবাসীয়ে লাভ কৰিব।

ছেম বম্বে কোন? যাক বিয়াৰ ২০ দিনৰ পিছত হানিমুনত জেললৈ পঠিয়াইছিল পুনম পাণ্ডেয়ে…

মডেল পুনম পাণ্ডেৰ মৃত্যুৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা জনোৱা হৈছিল যে পুনম পাণ্ডে আৰু এই পৃথিৱীত নাই। ইফালে অনুৰাগীয়ে তেওঁৰ বিবাহ, স্বামী, সম্পৰ্ক আৰু প্ৰেমৰ বিষয়ে খবৰ বিচাৰিছে। শুকুৰবাৰে পুৱা এটা আচৰিত খবৰ ওলাইছিল। মাত্ৰ ৩২ বছৰীয়া পুনম পাণ্ডেৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা দাবী কৰা হৈছিল যে সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় লৈছে অভিনেত্ৰী পুনম পাণ্ডেয়ে। মডেল আৰু ‘লকআপ’ৰ দৰে অনুষ্ঠানত দেখা পোৱা পুনম পাণ্ডেৰ মৃত্যুৰ কাৰণ হৈছে ছাৰ্ভাইকেল কেন্সাৰ। ইফালে পুনম পাণ্ডেৰ স্বামীক লৈও আলোচনা আৰম্ভ হ’ল। আচলতে ২০২০ চনত পুনম পাণ্ডেই ব্যৱসায়ী ছেম বম্বেৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু কেইদিনমানৰ ভিতৰতে দুয়োৰে মাজত বিবাদৰ সৃষ্টি হয় আৰু বিষয়টো থানাত উপনীত হয়। পুনম পাণ্ডেৰ স্বামী কোন আছিল জানেনে-

২০২০ চনত পুনম পাণ্ডেই বিবাহৰ কথা ঘোষণা কৰাৰ সময়ত লাইমলাইটলৈ আহে। প্ৰেমিক ছেম বম্বেক বিয়া কৰাইছিল। কিন্তু তেওঁলোকৰ বিবাহ বেছি দিন নিটিকিলে। মাত্ৰ ১২ দিনৰ অন্তত তেওঁলোকৰ সম্পৰ্ক আদালতত উপনীত হয়।


২০১৩ চনত ‘নাছা’ ছবিৰে অভিষেক ঘটোৱা পুনম পাণ্ডে বিয়াৰ পিছত গোৱালৈ গৈছিল স্বামীৰ সৈতে হানিমুনলৈ। স্বামীক আক্ৰমণৰ অভিযোগ উত্থাপন কৰি আনকি তেওঁক জেললৈও প্ৰেৰণ কৰে।

বিবাহ বিচ্ছেদৰ প্ৰশ্নটোৰ ওপৰত এটা সাক্ষাৎকাৰত পুনম পাণ্ডেই কৈছিল যে ছেমে তাইক বহুত আঘাত দিছিল। বিবাহ বিচ্ছেদৰ কথা ক’বলৈ গ’লে তেওঁ কৈছিল যে তেওঁলোকৰ বিবাহ বৈধ নহয় গতিকে বিবাহ বিচ্ছেদ ক’ৰ পৰা আহিব।

পুনম পাণ্ডেৰ স্বামী ছেম বম্বে ১৯৮৪ চনৰ ২৭ জানুৱাৰীত ডুবাইত জন্মগ্ৰহণ কৰিছিল। কোৱা হয় যে তেওঁ এজন পৰিচালক, প্ৰযোজক আৰু সম্পাদক। ডুবাইৰ পৰাই তেওঁ পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল। পঢ়া-শুনাৰ পিছত তেওঁ চলচ্চিত্ৰ নিৰ্মাণত নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল। ২০২০ চনৰ ১০ ছেপ্টেম্বৰত মুম্বাইত এক ব্যক্তিগত অনুষ্ঠানত পুনম পাণ্ডেৰ সৈতে বিবাহপাশত আবদ্ধ হয় ছেমে। কিন্তু বিবাদৰ পিছত দুয়োজনে ইনষ্টাগ্ৰামৰ পৰা বিয়াৰ ফটো ডিলিট কৰে।

পুনম পাণ্ডেই এটা সাক্ষাৎকাৰত সম্পৰ্কৰ কথা কৈছিল। য’ত তেওঁ কৈছিল যে আজিলৈকে তেওঁ বহু কথাত অনুশোচনা কৰে। সম্পৰ্কৰ ওপৰত দিয়া বক্তব্য আৰু নিজৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিলে তাইৰ দুখ লাগে।

কিছুবছৰ পূৰ্বে পুনম পাণ্ডেৰ ইনষ্টাগ্ৰাম বন্ধ হৈ পৰিছিল। য’ত ছ’চিয়েল মিডিয়া প্লেটফৰ্মে বল্ড ছবিৰ বাবে এই পদক্ষেপ লৈছিল।