Home Blog Page 1073

জ্ঞানবাপী মছজিদ কমপ্লেক্সত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ সমীক্ষাৰ সময়ত হিন্দু দেৱতাৰ ৫৫টা ভাস্কৰ্য উদ্ধাৰ…

জ্ঞানবাপী মছজিদ কমপ্লেক্সত হিন্দু দেৱতাৰ ৫৫টা ভাস্কৰ্য উদ্ধাৰ।

ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ সমীক্ষাৰ সময়ত উদ্ধাৰ ভাস্কৰ্যসমূহ।

তথ্য অনুসৰি, ১৫টা শিৱলিংগ, বিষ্ণুৰ ৩টা মূৰ্তি, গণেশৰ ৩টা, নন্দিৰ ২টা, কৃষ্ণৰ ২টা আৰু হনুমানৰ ৫টা ভাস্কৰ্য উদ্ধাৰ।

‘ভাৰত জোড়ো ন্যায় যাত্ৰা’- পশ্চিমবংগত ৰাহুলৰ নিৰাপত্তা বিচাৰি মমতালৈ পত্ৰ লিখিলে খাৰ্গেই

পশ্চিম বংগতো ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত আক্ৰমণৰ আশংকা কৰিছে কংগ্ৰেছে ৷ তেনে আশংকা কৰিয়েই বংগত ৰাহুলৰ কাৰ্যসূচীক লৈ কংগ্ৰেছ চিন্তিত হৈ পৰিছে। এনে শংকাৰ মাজতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শনিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ৰাহুল গান্ধীৰ নিৰাপত্তা বিচাৰি এখন পত্ৰ লিখিছে। পত্ৰ খনত কোৱা হৈছে -“ৰাহুল গান্ধীয়ে দেশৰ ঐক্য শক্তিশালী কৰিবলৈ মণিপুৰৰ পৰা মহাৰাষ্ট্ৰলৈ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ আৰম্ভ কৰিছে। দুৰ্বৃত্তই বংগৰ সেই পদযাত্ৰাত আক্ৰমণ কৰিব পাৰে। পদযাত্ৰা বন্ধ কৰাৰ বেবে এনে আক্ৰমণ হ’ব পাৰে বা ৰাজ্যপ্ৰশাসনক বদনামী কৰিবলৈও কোনোবা এনে কৰিব পাৰে৷ সেয়ে ৰাহুলৰ নিৰাপত্তাৰ প্ৰয়োজন৷ মমতালৈ লিখা খাৰ্গেই লগতে কয়, “গান্ধী পৰিয়ালৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক আছে। আশা কৰোঁ, ৰাহুল গান্ধী আৰু পদযাত্ৰাৰ অংশগ্ৰহণকাৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰিব।’’

উল্লেখ্য বৃহস্পতিবাৰে কংগ্ৰেছৰ ন্যায় যাত্ৰা অসমৰ পৰা বংগত প্ৰৱেশ কৰিছিল। অৱশ্যে, ৰাহুলে ভ্ৰমণটো মাজভাগতে সমাপ্ত কৰে আৰু দিল্লীলৈ উভতি আহে। ৰাহুল গান্ধীয়ে ২৮ জানুৱাৰীত জলপাইগুৰিৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিব। দুপৰীয়া, তেওঁ বাগডোগ্ৰা বিমানবন্দৰত অৱতৰণ কৰিব আৰু পোনপটীয়াকৈ জলপাইগুৰি চহৰৰ ওচৰৰ পাহাৰপুৰলৈ যাব। কাৰো নাম নোলোৱাকৈ কংগ্ৰেছ সভাপতিগৰাকীয়ে অসমত ৰাহুলৰ যাত্ৰাৰ সময়ত হোৱা অস্থিৰতাৰ কথাও উল্লেখ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে কথাটো হ’ল তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে তেওঁৰ দলে বংগত অকলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। অৱশ্যে, কংগ্ৰেছে মমতাৰ কাষ চাপিবলৈ প্ৰাণপণে চেষ্টা চলাই আছে। শনিবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে মমতা বেনাৰ্জীক ভাৰত মিত্ৰজোঁটৰ সহ-ৰূপকাৰ বুলি অভিহিত কৰে। অৱশ্যে শনিবাৰে জলপাইগুৰিত কংগ্ৰেছৰ পোষ্টাৰ ফালি পেলোৱা বুলি অভিযোগ কৰা হৈছে। স্থানীয় কংগ্ৰেছ নেতাসকলে এই ঘটনাত শাসকীয় দলৰ ফালে আঙুলি তুলিছে। এই সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত ৰাজ্যিক টিএমচিৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ কুনাল ঘোষে কয়, “এই ঘটনাসমূহৰ সৈতে টিএমচিৰ কোনো সম্পৰ্ক নাই।”

ভূমিৰ বিনিময়ত চাকৰিঃ লালুৰ পৰিয়াললৈ পুনৰ ইডিৰ চমন…

বিহাৰত ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পোৱাৰ সময়তে বিপদ নামি আহিছে লালু প্ৰসাদৰ পৰিয়াললৈয়ো৷ এপিনে ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ ভয়, আনপিনে ইডিৰ ৰঙা চকু৷ শনিবাৰে দিল্লীৰ আদালতে আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ, তেওঁৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱী, তেওঁলোকৰ কন্যা হেমা যাদৱক ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী কেলেংকাৰীৰ সন্দৰ্ভত ৯ ফেব্ৰুৱাৰীত হাজিৰ হ’বলৈ নিৰ্দেশনা জাৰি কৰিছে৷ শনিবাৰে অনুষ্ঠিত এক শুনানিৰ সময়ত দিল্লী ৰাউজ এভিনিউ আদালতে লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে জড়িত ভূমি-চাকৰি কেলেংকাৰি সন্দৰ্ভত ভূমি সঞ্চালকালয়ৰ তদন্তত প্ৰৱৰ্তন সঞ্চালকালয়ে দাখিল কৰা অভিযোগপত্ৰ স্বীকাৰ কৰে।

তদন্ত সংস্থাটোৱে দাখিল কৰা প্ৰথম অভিযোগপত্ৰত আছে ৰাবৰি দেৱী, হেমা যাদৱ, মিছা ভাৰতী, অমিত কাতিয়ালি, হৃদয়ানন্দ চৌধুৰী আৰু গোচৰটোৰ জড়িত অন্যান্যসকলৰ নাম। ৰাউজ এভিনিউ আদালতে ইডিৰ অভিযোগপত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ যাদৱ পৰিয়ালৰ ঘনিষ্ঠ সহযোগী অমিত কাতিয়ালী আৰু প্ৰাক্তন ৰে’ল কৰ্মচাৰী হৃদয়ানন্দ চৌধুৰীকো একে তাৰিখতে আদালতত হাজিৰ হ’বলৈ মাতি পঠোৱা হৈছে।

‘ৰামায়ণ’ত ‘শ্ৰী ৰাম’ হোৱাৰ পূৰ্বে অনুৰাগীৰ মুখত হাঁহি বিৰিঙালে অভিনেতা ৰণবীৰ কাপুৰে…

বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ বৰ্তমান তেওঁৰ আগন্তুক প্ৰজেক্টৰ বাবে বাতৰিৰ শিৰোনামত। কিয়নো তেওঁ নীতিশ তিৱাৰীৰ ছবি ‘ৰামায়ণ’ত ভগৱান শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। এই খবৰৰ মাজতে ৰণবীৰ কাপুৰে অনুৰাগীৰ হৃদয় চুই যোৱা কাম এটা কৰিছে। শেহতীয়াকৈ ৰনবীৰ কাপুৰৰ এটা ভিডিঅ’ ওলাইছে, য’ত তেওঁক দেখা গৈছে এজন চকীদাৰৰ সৈতে। ৰণবীৰ কাপুৰৰ এই ভিডিঅ’টো ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে।

আচলতে শনিবাৰে বিয়লি মুম্বাইৰ কলিনা বিমানবন্দৰত উপস্থিত হৈছিল ৰণবীৰ কাপুৰ। য’ত পাপাৰাজীয়ে ৰণবীৰক দেখি চিঞৰিবলৈ আৰম্ভ কৰে। ৰণবীৰ কাপুৰেও ৰাস্তাত পাপাৰাজীৰ বাবে পোজ দিবলৈ আহে, হঠাতে ফ্ৰেমত এজন বৃদ্ধ চকীদাৰ আহে, য’ত পাপাৰাজীয়ে চিঞৰিবলৈ আৰম্ভ কৰে আৰু তেওঁক আঁতৰি যাবলৈ কয়। তাৰ পিছত ৰণবীৰ কাপুৰে সেই চকীদাজনক মাতি তেওঁৰ লগত পোজ দিয়ে। এই কথা দেখি বৃদ্ধ নিৰাপত্তাৰক্ষীজনৰো মুখত হাঁহি বিৰিঙি উঠে।

ৰণবীৰ কাপুৰৰ এই মৰমলগা ষ্টাইলটো দেখি অনুৰাগীসকলে তেওঁক প্ৰশংসা কৰিলে। পাপাৰাজী আৰু বৃদ্ধ নিৰাপত্তাৰক্ষীৰ বিষয়টো ৰণবীৰ কাপুৰৰ নেটিজেনসকলে ভাল পাইছে। এজন ব্যৱহাৰকাৰীয়ে ৰণবীৰৰ প্ৰশংসাত লিখিছে – নম্ৰ আৰু আটাইতকৈ ষ্টাইলিছ তাৰকা।

পাৰ্টিলৈ আহিছিল মাধুৰী, অদিতি, ভূমি! সকলোৱে দৃষ্টি কেৱল মালাইকালৈ, লাজতে তলমূৰ কৰিলে বাকী অভিনেত্ৰীসকলে…

ব্যৱসায়ী আদৰ পুনাৱালাৰ পত্নী নাটাছা পুনাৱালাৰ জন্মদিনৰ পাৰ্টিত অংশগ্ৰহণ কৰে বলীউডৰ বহু চেলিব্ৰিটিয়ে। মাধুৰী দীক্ষিতৰ পৰা আৰম্ভ কৰি হৃতিক ৰোশনৰ প্ৰাক্তন পত্নী ছুছান খানেও নাটাছাৰ জন্মদিনৰ পাৰ্টিত অংশ লৈছিল। নাটাছা পুনাৱালাৰ জন্মদিনৰ পাৰ্টিত দেখুৱাইছিল মালাইকা অৰোৰাই নিজৰ ষ্টাইল। মালাইকা অৰোৰাই ব্লেজাৰৰ সৈতে নীলা ৰঙৰ ষ্টাইলিছ আউটফিট পিন্ধিছিল। মালাইকাক হাই হিল, ডিঙিত সোণৰ হাৰ আৰু হাতত সোণৰ বেগ লৈ অতি গ্লেমাৰাছ ষ্টাইলত দেখা গৈছিল।

সোণম কাপুৰেও স্বামী আনন্দ আহুজাৰ সৈতে নাটাছা পুনাৱালাৰ জন্মদিনৰ পাৰ্টিত অংশ লৈছিল। সোণম কাপুৰক ছিজলিং ষ্টাইলৰ সৈতে অল ব্লেক লুকত দেখা দিছিল।

ভূমি পেডনেকাৰে পিন্ধিছিল ক’লা ৰঙৰ দীঘল স্কাৰ্টৰ সৈতে গোলাপী ৰঙৰ হাই নেক টপ। ভূমি পেডনেকাৰৰ এই অস্বাভাৱিক ষ্টাইল ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে।

স্বামীৰ সৈতে নাটাছা পুনাৱালাৰ জন্মদিনৰ পাৰ্টিত অংশ লৈছিল মাধুৰী দীক্ষিতে।

অভিনেত্ৰী অদিতি ৰাওৰ লুক ষ্টাইলিছ হোৱাৰ লগতে কুল আছিল। বগা ৰঙৰ টপ আৰু নেভি ব্লু ব্লেজাৰ পিন্ধিছিল অদিতিয়ে নীলা ডেনিমৰ সৈতে।


‘অপাৰেচন লোটাছ’! দিল্লীত আপৰ চৰকাৰ ওফৰাব বিচাৰেছে বিজেপিয়ে, কেজৰিৱালৰ অভিযোগ…

বিজেপিয়ে দিল্লীত ‘অপাৰেচন লোটাছ’ৰ আৰম্ভ কৰিব দিল্লীত? এই অভিযোগ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ কেজৰিৱালৰ৷ কেজৰিৱালৰ মতে বিজেপিয়ে দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। গেৰুৱা দলটোৱে আপৰ বিধায়কসকলক তেওঁলোকৰ শিবিৰ সলনি কৰিবলৈ বৃহৎ পৰিমাণৰ ধন আগবঢ়াইছে। দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আপৰ নেতা অৰবিন্দ কেজৰিৱালেও এনে ধৰণেই অভিযোগ উত্থাপন কৰিছে।প্ৰৱৰ্তন সঞ্চালকালয়ে আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত কেজৰিৱালক কেইবাবাৰো চমন জাৰি কৰিছে। কিন্তু কেজৰিৱালে প্ৰতিবাৰেই ইডি কাৰ্যালয়ৰ সন্মুখত উপস্থিত হোৱাটো এৰাই চলিছে। বিজেপিয়ে দল সলনি কৰিবলৈ আপৰ বিধায়কসকলক ২৫ কোটি টকাৰ টোপ দিবলৈ ইডিৰ বিষয়টো ব্যৱহাৰ কৰিছে বুলি কেজৰিৱালে অভিযোগ কৰিছে। এক সাক্ষাৎকাৰত কেজৰিৱালে কয়, “শেহতীয়াকৈ বিজেপিয়ে আমাৰ ৭ জন বিধায়কক সাক্ষাৎ কৰিছে । এইবুলি প্ৰচাৰ চলোৱা হৈছে যে কেজৰিৱালক কেইদিনমানৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হ’ব। তাৰ পিছতে দিল্লীৰ আপ চৰকাৰখন উৎখাত কৰা হ’ব। সেয়ে কোনোবাই বিচাৰিলে বিজেপিত যোগদান কৰিব বুলি কৈ বিজেপিয়ে দলৰ টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ২৫ কোটি টকা দিব বুলি কৈছে।’’ বিজেপিয়ে ২১ জন আপ বিধায়কৰ সৈতে যোগাযোগ কৰা বুলি দাবী কৰিছে কেজৰিৱালে।

কেজৰিৱালে লগতে কয় যে এইবাৰো বিজেপিৰ অভিপ্ৰায় সফল নহ’ব।আপ নেতা আতিশী মাৰ্লেনাইও বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। তেওঁ অভিযোগ কৰিছে যে দলটোৱে দিল্লীত ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।তেওঁ কয় “এজন বিজেপি নেতা আৰু এজন আপ বিধায়কৰ মাজত কথোপকথন ৰেকৰ্ড কৰা হৈছে।
ইফালে বিজেপিয়ে কেজৰিৱাল আৰু আপে উত্থাপন কৰা সকলো অভিযোগ অস্বীকাৰ কৰিছে। বিজেপি নেতা কপিল মিশ্ৰই কয়, “কেজৰিৱালে মিছা কৈছে । তেওঁ কোনে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল সেয়া প্ৰকাশ কৰা নাই। তেওঁ মাত্ৰ নিজৰ বিবৃতি দিছে। তেওঁ বাকী সকলো লুকুৱাই ৰাখিছে। তেওঁৰ সহযোগীসকল এতিয়া কাৰাগাৰত আছে। তেওঁ নিজেই বাৰে বাৰে ইডিৰ চমন এৰাই চলিছে। তেওঁ জানে যে ইডিৰ প্ৰশ্নবোৰৰ কোনো উত্তৰ তেওঁৰ ওচৰত নাই।”

সুৰা হৈছে “ঈশ্বৰৰ উপহাৰ” আৰু ইয়াক ব্যৱহাৰ কৰাসকলৰ বাবে “আনন্দৰ এক প্ৰকৃত উৎস”…

সুৰাকলৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পোপ ফ্ৰান্সিছে৷ আগতে যৌন সুখক ঈশ্বৰৰ উপহাৰ বুলি কোৱা পোপ ফ্ৰান্সিছে এইবাৰ কৈছে যে সুৰা হৈছে “ঈশ্বৰৰ উপহাৰ” আৰু ইয়াক ব্যৱহাৰ কৰাসকলৰ বাবে “আনন্দৰ এক প্ৰকৃত উৎস”৷ ইটালীৰ সুৰা উৎপাদকসকলে পোপৰ এনে মন্তব্যত আন্দ প্ৰকাশ কৰিছে৷ কাৰণ ইউৰোপত সুৰাৰ বিৰুদ্ধে জাৰি হৈ থকা স্বাস্থ্য সতৰ্কবাণীৰ বিষয়টোক পোপৰ এনে মন্তব্যই গৌণ কৰি পেলাব বুলি তেওঁলোকে ধাৰণা কৰিছে৷ পোপ ফ্ৰান্সিছে ভেটিকানত ব্যক্তিগত দৰ্শনৰ সময়ত ইটালীৰ পৰা অহা সুৰা প্ৰস্তুতকৰ্তাসকলৰ স্মুখত এই মন্তব্য কৰিছিল। শ্ৰোতাসকলক আদৰণি জনাই তেওঁ এইদৰে কৈছিল: “সুৰা, ভূমি, কৃষি দক্ষতা আৰু ঔদ্যোগীকৰণ ঈশ্বৰৰ পৰা পোৱা উপহাৰ– সৃষ্টিকৰ্তাই সেইবোৰ আমাক অৰ্পণ কৰিছে ,কিয়নো আমাৰ সংবেদনশীলতা আৰু সততাৰ দ্বাৰা আমি সেইবোৰক আনন্দৰ এক প্ৰকৃত উৎস কৰি তুলিব পাৰো।” অৱশ্যে পোপে সুৰা প্ৰস্তুতকৰ্তাসকল তেওঁলোকৰ কামত “নৈতিক দায়বদ্ধতা”ৰ বিষয়ত চিন্তা কৰিবলৈ আহ্বান জনায়৷ তেনে নৈতিক দায়বদ্ধতাৰ ভিতৰত আছে সুৰা দায়িত্বশীল ভাবে ব্যৱহাৰ কৰা, কেৱল স্বাস্থ্যকৰ সুৰাপানৰ অভ্যাসকহে উৎসাহিত কৰা আদি।

প্ৰতি বছৰে এপ্ৰিলত উত্তৰ ইটালীত অনুষ্ঠিত হোৱা ভিনিটালী সুৰা বাণিজ্য মেলাৰ পূৰ্বে ভেৰোনাৰ বিশ্বপ ডমেনিকো পম্পিলিয়ে এক অনুষ্ঠানৰ আয়োজন কৰি আহিছে। পম্পিলিয়ে কৈছে , “আপোনাক উৎসাহিত আনন্দ দিবলৈ এটা গিলাচ ভাল, কিন্তু পৰিমিত ভাৱেহে তাৰ ব্যৱহাৰ কৰিব লাগে।” ইটালীয়ে ইউৰোপীয় আয়োগৰ দ্বাৰা আয়াৰলেণ্ডক এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুমোদন দিয়াৰ ইটালী, স্পেইন আৰু ইউৰোপীয় ইউনিয়নৰ আন ছয়খন ৰাজ্যৰ প্ৰতিবাদৰ মাজতে আয়াৰলেণ্ডত ২০২৬ চনৰ পৰা ৱাইন, বিয়েৰ আৰু স্পিৰিটৰ বটলত স্বাস্থ্য সম্পৰ্কীয় সতৰ্কবাণীৰ লেবেল লগোৱা হ’ব। ভেৰোনাফিয়েৰৰ সভাপতি ফেডেৰিকো ব্ৰিকোলোৱে কয় যে সুৰাৰ প্ৰতি পোপৰ এনে মন্তব্য পানীয়বিধক “পৰম্পৰাৰ প্ৰতীক আৰু সামাজিক তথা পাৰিপাৰ্শ্বিকভাৱে বহনক্ষম অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰতীক কৰি তুলিছে”। উল্লেখ্য পোপ ফ্ৰান্সিছে অতীততো সুৰাক সমৰ্থন কৰিছিল। ২০১৬ চনত তেওঁ কৈছিল যে ৱাইন বিবাহ উদযাপনৰ এক অবিচ্ছেদ্য অংশ।

অৱশেষত অসম এৰিলে আনন্দ মিশ্ৰই , জন্মভূমি বিহাৰত উপস্থিত…

অৱশেষত বিহাৰলৈ গুচি গ’ল আইপিএছ আনন্দ মিশ্ৰই৷ শনিবাৰে পুৱা ৯ বাজি ১৫ মিনিটত ইণ্ডিগ’ বিমানৰে মিশ্ৰই বিহাৰলৈ বুলি যাত্ৰা কৰে৷ বিহাৰত উপস্থিত হৈয়েই তেওঁ কয় যে এজন নাগৰিক হিচাবে তেওঁ সমাজৰ হিতৰ বাবে কাম কৰি যাব৷ বিহাৰৰ বাবে কিবা এটা কৰাৰ ইচ্ছা আছে বুলিও তেওঁ প্ৰকাশ কৰে৷

আজি দিনৰ ভাগত বিহাৰত উপস্থিত হোৱাৰ পিছতে আনন্দ মিশ্ৰই বিহাৰত উপস্থিত হোৱাৰ ছবি শ্বেয়াৰ কৰে৷উল্লেখ্য চাকৰি কাল শেষ হ’বলৈ বাকী থকাৰ পূৰ্বেই অৱসৰ বিচাৰি আনন্দ মিশ্ৰই আবেদন জনাইছিল৷ আনন্দ মিশ্ৰই বিগত বৰ্ষৰ ১৮ ডিচেম্বৰতে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক তেওঁৰ পদত্যাগৰ ইচ্ছাৰ কথা জনাইছিল।২০১১ ৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ আনন্দ মিশ্ৰই স্বাধীনভাৱে সামাজিককাম-কাজ চলাই যোৱাৰ বাবেই পদত্যাগ কৰিব বিচাৰিছিল বুলি উল্লেখ কৰিছিল৷ জানিব পৰা মতে আনন্দ মিশ্ৰই বিহাৰত ৰাজনীতিৰ সৈতে জড়িত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ তেওণ বিজেপিত যোগদান কৰিব পাৰে বুলিও বহুদিন ধৰি চৰ্চা চলি আহিছে৷

বিজেপিৰ হাতত ধৰি পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী পদত শপত গ্ৰহণৰ বাবে সাজু নীতিশ কুমাৰ, খাৰ্গেৰ ফোনেই নধৰিলে নীতিশ কুমাৰে! চৰকাৰ বচাবলৈ অংকত ব্যস্ত লালু…

বিহাৰত এতিয়া ৰাজনৈতিক উত্তেজনাই চৰ সীমাত উপনীত হৈছে৷ বিজেপিৰ সমৰ্থনত পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব গ্ৰহণৰ দিশে নীতিশ কুমাৰ৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি নীতিশ কুমাৰে সোমবাৰে শপতগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ খবৰ অনুসৰি শনিবাৰে নিশাৰ ভিতৰতে নীতিশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব৷ ইপিনে শনিবাৰে সন্ধিয়া নীতিশ কুমাৰে জনতা দল ইউনাইটেডৰ সকলো বিধায়কক নিজৰ বাসভৱনলৈ মাতি বৈঠকৰ আহ্বান জনাইছে৷ ইপিনে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ ফোন কৰিছিল। কিন্তু নীতিশৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলে খাৰ্গেই৷ কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে শনিবাৰে এই দাবী কৰে। ৰমেশে কয় “মই আনুষ্ঠানিকভাৱে ক’ব পাৰোঁ যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে এবাৰ নহয় কেইবাবাৰো কথা পাতিবলৈ চেষ্টা কৰিছিল। অৱশ্যে, বিহাৰৰ মুখ্যমন্ত্ৰী ব্যস্ত থকাৰ বাবে এয়া সম্ভৱ হোৱা নাছিল।”


খবৰ অনুসৰি বিজেপি নেতা সুশীল কুমাৰ মোদী সোমবাৰে বিহাৰৰ নতুন উপ- মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। তেওঁ বিহাৰৰ ৰাজনীতিত ‘নীতিশৰ ঘনিষ্ঠ’ বুলি জনা যায়। শনিবাৰে নিশা জেডি(ইউ)ৰ বিধায়কসকলৰ এখন বৈঠকত নীতিশৰ দলে বিজেপি নেতৃত্বাধীন এন ডি এত আনুষ্ঠানিকভাৱে যোগদানৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। ইফালে, বিহাৰৰ ‘মহাগোটবন্ধন’ চৰকাৰক বচাবলৈ দিল্লীত কংগ্ৰেছ নেতা ৰাহুল গান্ধী ‘সক্ৰিয়’ হৈ পৰিছে বুলি অনুমান কৰা হৈছে। কংগ্ৰেছৰ সূত্ৰই কৈছে যে তেওঁ শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু হিন্দুস্তানী আৱাম মৰ্চা (এইচএএম)ৰ নেতা জিতন ৰাম মাঝিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰিছে। আৰজেডিৰ মুৰব্বী লালু প্ৰসাদেও শুকুৰবাৰে জিতনৰ সৈতে ফোনযোগে কথা পাতিছিল বুলি আৰজেডি সূত্ৰই জনাইছে। লালুৱে চাৰিজন এইচএএম বিধায়কৰ সমৰ্থনৰ বিনিময়ত জিতনৰ পুত্ৰ সন্তোষ কুমাৰ সুমনক উপ মুখ্যমন্ত্ৰীৰ পদ আগবঢ়াইছিল। যদি ‘ইণ্ডিয়া মিত্ৰজোঁটৰ ‘ৰ এই প্ৰচেষ্টাৰ ফল পোৱা যায়, বিহাৰ বিধানসভাত বিজেপি-জেডিইউ মিত্ৰতা অবিহনেই চৰকাৰ গঠন হ’ব পাৰে। কিন্তু সেই আশা এতিয়াও উজ্জবল হৈ উঠা নাই ৷


২৪৩ খন আসন থকা বিহাৰ বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে ১২২ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। আৰজেডিৰ ৭৯ জন বিধায়ক আছে। ইয়াৰ উপৰি কংগ্ৰেছৰ ১৯ জন বিধায়ক, চিপিআইএমএল লিবাৰেচনৰ ১২ জন বিধায়ক, চিপিএমৰ ২ জন বিধায়ক, চিপিআইৰ ২ জন বিধায়ক আৰু ১ জন নিৰ্দলীয় বিধায়ক বিজেপি বিৰোধী মহাজোটত আছে। অৰ্থাৎ, লালুৱে ১১৫ জন বিধায়কৰ সমৰ্থন লাভ কৰিব পাৰে। ইয়াৰ উপৰি হায়দৰাবাদৰ সাংসদ আসাদুদ্দিন ওৱাইচিৰ অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ এজন বিধায়কেও প্ৰয়োজন হ’লে ‘মহাগোটবন্ধন’ক সমৰ্থন কৰিব পাৰে। তেনে ক্ষেত্ৰত, জিতনৰ চাৰিজন বিধায়কৰ সমৰ্থনত বিজেপি বিৰোধী মিত্ৰজোঁট ১২০ ত উপনীত হ’ব পাৰে।তেনে পৰিস্থিতিত লালুক আৰু মাত্ৰ দুজন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন হ’ব। আনহাতে, দ্বিতীয় বৃহত্তম দল বিজেপিৰ ৭৮ জন বিধায়ক আছে। নীতিশৰ ৪৫ জন । ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া ব্লকত বৃহৎ আঘাত হানি নীতিশ কুমাৰ আৰু তেওঁৰ জেডি (ইউ)এ আকৌ এবাৰ বিজেপি নেতৃত্বাধীন এনডিএত যোগদান কৰিব বুলি অনুমান আৰম্ভ হৈছে৷

জয়ৰাম ৰমেশে কয়, বিহাৰৰ পৰা কিছুমান বিবৃতি আহিছে যে তাত এখন নতুন মন্ত্ৰী পৰিষদ গঠন কৰা হ’ব। ইতিমধ্যে কংগ্ৰেছে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে বিহাৰলৈ প্ৰেৰণ কৰিছে।

আজি বিয়লি বিহাৰত নতুন চৰকাৰৰ শপত!

আজি বিয়লি ৪ বজাত বিহাৰত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে!


পুৱাই ৰাজ্যপালক সাক্ষাৎ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ।


নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল’ব পাৰে নীতিশ কুমাৰে।


বিহাৰত বিজেপি আৰু জেডিইউৰ নতুন চৰকাৰ গঠনৰ সিদ্ধান্ত লোৱা হৈছে।