Home Blog Page 1090

ভাগৱত গীতাত হাত থৈ শপত গ্ৰহণ ভাৰতীয় মূলৰ অষ্ট্ৰেলিয়াৰ চিনেটৰ বৰুণ ঘোষৰ…

ভাগৱত গীতাত হাত থৈ শপত গ্ৰহণ ভাৰতীয় মূলৰ অষ্ট্ৰেলিয়ান চিনেটৰ বৰুণ ঘোষৰ। অষ্ট্ৰেলিয়াৰ পাৰ্লিয়ামেণ্টৰ প্ৰথমগৰাকী ভাৰতীয় মূলৰ সদস্য বৰুণ ঘোষ। মঙলবাৰে বেৰিষ্টাৰ বৰুণ ঘোষে অষ্ট্ৰেলিয়াৰ সংসদৰ ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথমজন ভাগৱত শপত গ্ৰহণ কৰা সদস্য হিচাপে পৰিগণিত হয়। বিধানসভা আৰু বিধান পৰিষদে ফেডাৰেল সংসদৰ ছিনেটত অষ্ট্ৰেলিয়াৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিবলৈ বাছি লোৱাৰ পিছতে পশ্চিম অষ্ট্ৰেলিয়াৰ বৰুণ ঘোষক নতুন চিনেটৰ হিচাপে নিযুক্তি দিয়া হৈছে।


বৰুণ ঘোষক আদৰণি জনাই অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱঙে কয় “পশ্চিম অষ্ট্ৰেলিয়াৰ আমাৰ নতুন চিনেটৰ বৰুণ ঘোষলৈ আপোনাক স্বাগতম। ছিনেটৰ ঘোষ হৈছে ভাগৱত শপত লোৱা প্ৰথমজন অষ্ট্ৰেলিয়ান চিনেটৰ। মই প্ৰায়ে কৈছো, যেতিয়া আপুনি কিবা এটা কামত প্ৰথম হয়, তেতিয়া আপুনি নিশ্চিত হ’ব লাগিব।” তেওঁ লগতে কয়, “মই জানো যে চিনেটৰ ঘোষ তেওঁৰ সম্প্ৰদায়ৰ বাবে আৰু পশ্চিম অষ্ট্ৰেলিয়ানসকলৰ বাবে এক শক্তিশালী কণ্ঠস্বৰ হ’ব।” অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছেও বৰুণ ঘোষক শুভেচ্ছা জনায়।

অসম সাহিত্য সভা একাদশ বার্ষিক বাৰপূজীয়া অধিৱেশনত সভাপতিৰ অভিভাষণ সংগ্ৰহালয় আৰু অভিলেখাগাৰ গঠনৰ পোষকতা ড° সূৰ্যকান্ত হাজৰিকা…

‘অসম সাহিত্য সভা সংগ্ৰহালয়’ নামেৰ সংগ্ৰহালয় এটি চৰকাৰৰ সহযোগত স্থাপন কৰি অসমৰ বিভিন্ন গোষ্ঠী-জনগোষ্ঠীৰ বিষয় জড়িত অসমীয়া, ইংৰাজী ভাষাত প্রকাশিত গ্রন্থ, স্ব-গুণেৰে ধন্য হোৱা লেখক-লেখিকাৰ হস্তাক্ষৰ, প্ৰতিচ্ছবি আদিৰ ‘প্রতিচ্ছবি বীথিকা’ অসমীয়া সংস্কৃতিৰ সাংস্কৃতিক সম্পদ, বাদ্য- যন্ত্র, সাজ-পোছাক আদি সংৰক্ষণ কৰিব পাৰিলে প্ৰজন্মৰ পিছত প্রজন্মই উৎসাহ- উদ্দীপনা পাই থাকিব। সভাৰ লাগতিয়াল নথি-পত্র, বৰেণ্যসকলৰ চিঠি-পত্র, সভাৰ কাৰ্যবিৱৰণীসমূহ, সভাৰ বিভিন্ন সময়ৰ চুক্তি-পত্ৰ, দলিল, বিভিন্ন সংস্থাক দিয়া স্মাৰক-পত্ৰ, বিভিন্ন সময়ৰ প্ৰয়োজনীয় আলোকচিত্র আদি সংৰক্ষণ কৰিব পাৰিলে আমাৰ ইতিহাস সুৰক্ষিত হৈ থাকিব। তদুপৰি অসমৰ সম্পদস্বৰূপ দুষ্প্রাপ্য গ্রন্থসমূহ সংগ্ৰহালয়ত সংৰক্ষণ কৰিব পাৰিলে তথ্যবিভ্রাতজনিত ক্ষতিৰ পৰা নৱ-প্ৰজন্মই ৰক্ষা পাব। বিভিন্ন কাৰণত বিষয়ভেদে প্রকাশিত স্মৃতিগ্রন্থ, সংবাদ পত্র, আলোচনী, মুখপত্র আদি সাহিত্য সৃষ্টিৰ ধাৰাটিক প্রতিনিধিত্ব কৰে। সেয়েহে দুষ্প্রাপ্য হৈ পৰাৰ আগতে উপযুক্তভাবে সংৰক্ষণ কৰি জাতীয় দায়িত্ব পালন কৰিব পাৰোঁ। কিয়নো আৱিষ্কাৰ, প্রযুক্তিগত কৌশল, বৈজ্ঞানিক উদ্ভাবন আদি বিভিন্ন বিষয় সমলেৰে এনে গ্রন্থসমূহ সমৃদ্ধ হৈ থাকে, যিসমূহ ভৱিষ্যতৰ বাবে অতিকৈ প্রয়োজনীয় সম্পদ ৰূপে চিহ্নিত কৰি ৰখাটো আমাৰ প্ৰতিজনৰে দায়িত্ব আৰু কর্তব্য। অসম সাহিত্য সভা একাদশ বার্ষিক বাৰপূজীয়া অধিৱেশনত সভাপতিৰ অভিভাষণত অসম সাহিত্য সভাৰ এটি সংগ্ৰহালয়ৰ অপৰিহাৰ্যতাৰ কথা এনেদৰে ব্যক্ত কৰিছে সভাপতি ড° সূৰ্য কান্ত হাজৰিকাই ৷ ইয়াৰ লগতে তেওঁ অসম সাহিত্য সভাৰ তৰফৰ পৰা এটি গুগুল অভিলেখাগাৰ স্থাপন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু প্রয়োজনীয় বিষয় বুলি উল্লেখ কৰিছে যাৰ দ্বাৰা সাহিত্য সভাৰ ইতিহাস সংশ্লিষ্ট বিভিন্ন সময়ৰ নানা নথিপত্র, বিভিন্ন লেখকৰ দুষ্প্রাপ্য পাণ্ডুলিপি, সভাৰ বিভিন্ন সময়ত অনুষ্ঠিত নানা বৈঠকৰ বিৱৰণী আৰু প্ৰস্তাৱসমূহকে আদি কৰি প্রাসঙ্গিক বিষয়সমূহ এই অভিলেখাগাৰত সংৰক্ষণ কৰিব পৰা যাব।

সাহিত্য আৰু ইতিহাস সম্পর্কীয় গবেষণাত যুক্ত বিভিন্ন ব্যক্তি আৰু ছাত্র-ছাত্রীসকল এই ধৰণৰ অভিলেখাগাৰৰ দ্বাৰা উপকৃত হ’ব। অসম সাহিত্য সভাৰ গুগুল সদৃশ এটি অভিলেখাগাৰ মুকলি কৰিলেই শ্রেণীবদ্ধভাবে যিকোনো তথ্য বিচাৰিলেই লগে লগে প্রাপ্ত হ’ব। বিশ্বৰ যিকোনো প্রান্তত থকা গৱেষক ছাত্র-ছাত্রীসকলে এই অভিলেখাগাৰৰ জৰিয়তে গৱেষণা কার্য চলাই থাকিব পাৰিব। এই অভিলেখাগাৰ যেনেকৈ ডিজিটেল ৰূপত থাকিব, তেনেকৈ সাহিত্য সভাৰ কাৰ্যালয়ত ইয়াৰ বাস্তৱিক ৰূপো থাকিব লাগে। আনহাতে অসম সাহিত্য সভাৰ শতাধিক বছৰীয়া গৌৰৱগাঁথাক ঐতিহ্যধন্য কৰিবলৈ সাহিত্যানুৰাগীসকলৰ লগতে যুৱ-প্ৰজন্মক সাহিত্য সভাৰ প্ৰতি যিধৰণে আকৃষ্ট কৰিব বিচৰা হৈছিল সেয়া এশ শতাংশ হৈ নুঠাৰ মূলতে হৈছে বহুধা বিভক্ত চিন্তা আৰু সুকীয়া সুকীয়া পৰিকল্পনা বুলি তেওঁ গুৰুত্বপূর্ণ মন্তব্য কৰে ৷ কার্যনির্বাহকত উত্থাপন কৰা বিষয়সমূহ যথাসম্ভৱ কম সময়ৰ ভিতৰত নিষ্পত্তি কৰাৰ প্ৰয়োজন আছে। হোঁহকা পিছলা নীতিয়ে কামৰ অগ্রগতিত বাধা প্রদান কৰাই নহয় উৎসাহ-উদ্দীপনাতো হেঙাৰ হৈ দেখা দিয়ে বুলি তেওঁ কৰা উল্লেখে সাহিত্য সভাৰ ভিতৰত চলি থকা কিছু অচলাৱস্থাৰ ইংগিত বহন কৰিছে ৷ পঢ়ুৱৈ সমাজৰ একত্ৰিকৰণ , বিদ্যালয় সমূহত গ্ৰন্থ অধ্যয়নক প্ৰাধান্য দি পাঠ্যপুথি প্ৰবৰ্তন , অসমীয়া মানুহৰ মাজত বজাৰ দখলৰ মানসিকতা বৃদ্ধিকে ধৰি বহুবোৰ গুৰুত্ব কথাও তেওঁ নিজৰ অভিভাষণত উল্লেখ কৰিছে ৷ ইয়াৰ লগতে অসমীয়া সাহিত্য সৃষ্টিৰ দিশটোৱে কোনফালে গতি কৰি আছে , গল্প, উপন্যাস, প্রবন্ধ, নিবন্ধ, কবিতা, ৰসৰচনা, হাস্যব্যংগ আদি সৃষ্টিসমূহ কি দিশেৰে উন্নত হৈছে আৰু কি কি দিশেৰে উৎকৃষ্টতাৰ শিখৰত আৰোহণত ব্যৰ্থ হৈছে সেয়া বিশ্লেষণ কৰি সাহিত্য সাধকসকলে নর-প্রজন্ম তথা সাহিত্য চর্চাত নিমজ্জিত থকাসকলক উপকৃত কৰিবলৈ সাহিত্য সভাই এক পদক্ষেপ লোৱাৰ লগতে আলোচনী, গ্রন্থ আদি প্রকাশৰ ক্ষেত্ৰত অনুমোদনৰ ব্যৱস্থা এটা প্ৰবৰ্তনো পোষকতা কৰিছে । কিয়নো বহু গ্রন্থ আমাৰ হাতত পৰে যিসমূহ বানান, ব্যাকৰণকে ধৰি নানান ত্রুটি-বিচ্যুতিৰে ভৰপূৰ। এনে গ্রন্থসমূহে অসমীয়া সাহিত্যৰ স্থিতিলৈ ভাবুকি অনা বুলি ক’লেও বঢ়াই কোৱা নহয় বুলি উল্লেখ কৰি এই ক্ষেত্রত অসম সাহিত্য সভাৰ লগতে অসম প্রকাশন পৰিষদ বা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰাও অনুমোদন লৈ গ্রন্থ প্রকাশনক ত্রুটিমুক্ত কৰিব পাৰে বুলি তেওঁ এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে ৷ উল্লেখ্য যে বাৰপূজীয়া অধিবেশনৰ অন্তিমখন মুকলি সভাত অসম সাহিত্য সভাৰ কোনোৱা স্তৰত হোৱা অনুশাসনহীনতাৰ কথাৰ লগতে মুকলি সভাত নুন্যতম দৰ্শকো উপস্থিত নথকা কথাটোত নিজৰ আক্ষেপ মুকলিকৈ প্ৰকাশ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷


আদৰণী সমিতিৰ সম্পাদকৰ কৃতজ্ঞতা প্ৰকাশ : একাদশ বিশেষ বার্ষিক বাৰপূজীয়া অধিবেশনৰ আদৰণী সমিতিৰ সম্পাদক প্ৰদীপ কুমাৰ ডেকাই আজি এক প্ৰেছ বিবৃত্তি যোগে বাৰপূজীয়া অধিবেশনত সহায় সহযোগিতা আগবঢ়োৱা সকলোকে আদৰণী সমিতিৰ কৃতজ্ঞতা জনোৱাৰ লগতে কয় যে বৃহৎ অনুষ্ঠানত কার্যসূচী ৰূপায়ন কৰিবলৈ যাওতে৷ অজানিতে কিছু ভুলভ্ৰান্তি ৰৈ যোৱাতো স্বাভাবিক৷ তাৰ বাবে সকলোৰে ওচৰত তেওঁ কৰযোৰে ক্ষমাপ্ৰাৰ্থনা বিছাৰিছে ৷ আনহাতে আদৰণী সমিতিৰ সভাপতি , কাৰ্যকৰী সভাপতিৰ লগতে প্রতিখন উপ-সমিতি , প্রতি গৰাকী সদস্য সদস্যাৰ সেৱাৰ মনোভাৱ আৰু ত্যাগ, স্বেচ্ছাসেৱক আৰু সেৱা বাহিনী অশেষ কষ্ট , স্থানীয় মহিলা সকলে নিজে হাতে ৮ ০ হাজাৰ লাড়ু পিঠা তৈয়াৰ কৰি অতিথিক অপ্যায়ন কৰা , বৃহত্তৰ অঞ্চলৰ ৰাইজে অধিবেশনলৈ ৫০০০ ডাল বাঁহ আনি দিয়া আদি ইতিবাচক কথাবোৰ উল্লেখ কৰি তেওঁ সকলোকে ধন্যবাদ জনায়৷

ৰাভা হাচং স্বায়ত্ত পৰিষদৰ বাহিৰৰ ৰাভা সকলৰ বাবে উন্নয়ন পৰিষদ গঠনৰ দাবী,চমকং নাৰায়ণপুৰত জন জাগৰণ সভা

দৈনন্দিন বাৰ্তা সেৱা চিলাপথাৰ,৬ জানুৱাৰীঃ নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা জাতীয় পৰিষদ, ৰাভা উন্নয়ণ পৰিষদ দাবী সমিতি আৰু নিখিল ৰাভা মহিলা পৰীষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত চমকং নাৰায়পূৰ ৰাভা গাঁওত এখন জন জাগৰণ সভা অনুষ্ঠিত কৰা হয় । নিখিল ৰাভা সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সভাপতি পানীৰাম ৰাভাই সভাপতিত্ব কৰা সভাৰ আদৰণি ভাষনৰ লগতে তাৎপৰ্য ব্যাখ্যা আগবঢ়াই ৰাভা উন্নয়ন দাবী সমিতিৰ সাধাৰণ সম্পাদক বকুল ৰাভাই কয় ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ আওতাৰ বাহিৰৰ ৰৈ যোৱা ৰাভা সকলে আজিও ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিকভাৱে পিছপৰি আছে।

ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ আওতাৰ বাহিৰৰ অসমৰ ভূমিপুত্ৰ জনজাতি ৰাভা সকলৰ সৰ্বাঙ্গীণ উন্নয়ন আৰু বিকাশৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ বিকল্প নাই বুলি উল্লেখ কৰি চৰকাৰক শীঘ্ৰে ইয়াৰ ব্যৱস্থা হাতত ল’বলৈ দাবী জনায়। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি নিখিল ৰাভা ছাত্র সন্থাৰ সভাপতি নৃপেন খাণ্ডাই কয় ভূমিপুত্ৰ জনজাতি ৰাভা সকলে স্বৰাজোত্তৰ পয়সত্তৰ বছৰৰ পাছতো কোনো উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই বুলি বক্তব্য ৰাখি দীঘলীয়া সংগ্ৰামৰ ফলত এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত ৰাভা স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিছে যদিও বৃহৎ সংখ্যক ৰাভা ৰাইজৰ ইয়াৰ বাহিৰত ৰৈ গৈছে। ৰাভা পৰিষদৰ বাহিৰৰ ৰাভা সকলৰ উন্নয়ন নিশ্চিত কৰিবলৈ বিকল্প প্ৰশাসনিক ব্যৱস্থাৰ প্ৰয়োজন অতি দৰকাৰ বুলি কৈ এইক্ষেত্ৰত জনগোষ্ঠীটোৰ সৰ্বতো শ্ৰেণীৰ ৰাইজক সজাগ দৃষ্টিভংগী ৰাখিবলৈ আহ্বান জনায়। সভাত নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি বাবুল চন্দ্ৰ ৰাভা, নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক ৰাজকুমাৰ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী কবিতা ৰাভাই স্বকীয় সাংবিধানিক অধিকাৰ প্ৰাপ্তিৰ বাবে ৰাভা জনগোষ্ঠীৰ সচেতন ব্যক্তি, মহিলা, পুৰুষ, যুৱক-যুৱতী, কৃষক সকলোকে উমৈহতীয়া চিন্তা আৰু জাতীয় চেতনাৰে আগবাঢ়ি আহিবলৈ উদাত্ত ভাষন আগবঢ়ায়।অনুষ্ঠানত নিখিল ৰাভা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা,সাংগঠনিক সম্পাদক জয়চন্দ্ৰ ৰাভা, কোষাধ্যক্ষ দেৱেশ ৰাভা, নিখিল ৰাভা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গোবিন্দ ৰাভা,ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ সাংগঠনিক সম্পাদক দিগন্ত ৰাভা প্ৰমুখ্যে ৰাভা জাতীয় সংগঠনৰ কেন্দ্ৰীয় আৰু ধেমাজি জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে

অভিনেতা ৰাজীৱ ৰাজনীশৰ মৃত্যু ! শোকৰ ছা পৰিছে অসমীয়া ছবিজগতত…

দূৰ্ঘটনাত পতিত হৈ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈছিল যদিও কিছু সময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে যুৱ অভিনেতা ৰাজীৱ ৰাজনীশে

প্ৰতিভাসম্পন্ন অভিনেতাগৰাকীৰ মৃত্যুত ইতিমধ্যে শোকৰ ছা পৰিছে অসমীয়া ছবিজগতত।

যতীন বৰা, ৰবি শৰ্মাকে ধৰি বহুকেইগৰাকী অভিনেতাই প্ৰয়াত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই দুখ প্ৰকাশ কৰিছে। ৰাজীৱ ৰাজনীশৰ ঘৰ নগাও জিলাত।

বিগ-স্ক্ৰীণত ৰবটৰ চৰিত্ৰত অভিনয় কৰা বলীউডৰ প্ৰথম অভিনেত্ৰী কৃতি ছানন…

ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ‘মিমি’কে ধৰি ধাৰাবাহিকভাৱে ষ্টেণ্ডআউট প্ৰদৰ্শনৰ পিছত কৃতি ছাননে পুনৰবাৰ নিজৰ মেধা প্ৰতিভা প্ৰমাণ কৰিছে। তেওঁৰ আগন্তুক ছবি ‘তেৰী বাটন মেইন আইছা উলঝা জিয়া’ গীতটোত প্ৰতিভাৱান অভিনেত্ৰীগৰাকীয়ে এক যুগান্তকাৰী ভূমিকা গ্ৰহণ কৰিছে – ছিফ্ৰা নামৰ ৰবটৰ। এনে কৰি কৃতিয়ে কেৱল এটা অনন্য চৰিত্ৰৰ পথ প্ৰদৰ্শক হোৱাই নহয়, ৰূপালী পৰ্দাত ৰবটৰ চিত্ৰ অংকন কৰা বলীউডৰ প্ৰথমগৰাকী মহিলা অভিনেতা হিচাপেও পৰিগণিত হয়।

কৃতিৰ অভিনয়ৰ এটা উল্লেখযোগ্য দিশ হ’ল ৰবটিক ব্যক্তিত্ব। দুখন হাতেৰে অনায়াসে ৰন্ধা-বঢ়া কৰি, নিৰ্জীৱ আচৰণৰ এচিং কৰি, পোন যান্ত্ৰিক মুখ এখনেৰে আৱেগিক কৰি, পিছলৈ বেঁকা কৰি আৰু ৰবটৰ প্ৰামাণ্যতা বজাই ৰখা আন কেইবাটাও মুহূৰ্ত কৰি তাই নিজৰ নিপুণতা প্ৰদৰ্শন কৰে। বলীউডত ৰবট চৰিত্ৰ বিৰল আৰু ছিফ্ৰাৰ চৰিত্ৰত কৃতি ছাননৰ অগ্ৰণী ভূমিকাই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। নিৰ্জীৱ চৰিত্ৰ এটাত প্ৰাণ উশাহ লোৱাৰ ক্ষমতা তেওঁৰ অভিনয়ৰ দক্ষতাৰ প্ৰমাণ।

বিয়াৰ ৬ বছৰৰ পিছত অনুশোচনাত ভুগিছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছ…

বিবাহৰ বহু বছৰৰ পাছত এটা কথাত অনুশোচনাত ভুগিছে নিক জ’নাছ। এটা ভিডিঅ’ত নিকে এই বিষয়ে মুকলিকৈ ক’লে। ভিডিঅ’টোত নিকে বিয়াৰ বিষয়ে এনে এটা কথা ক’লে যে তেওঁৰ ভিডিঅ’টো মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰিল। বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ বিয়া হোৱা ৬ বছৰ হ’ল। দুয়োৰে ৰাজস্থানৰ যোধপুৰৰ উমৈদ ভৱনত ৰাজকীয় বিয়া হৈছিল। এই দুয়োজন তাৰকাই এই বিবাহত পানীৰ দৰে টকা খৰচ কৰিছিল। যিটো খবৰ আজিও চৰ্চিত হৈ আছে। কিন্তু ইমান বছৰৰ পাছত বিয়াখনত খৰচ হোৱা খৰচৰ বাবে নিকে অনুশোচনা ভুগে। শেহতীয়াকৈ এই কথা প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে। অভিনেতা গৰাকীৰ এই ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত নিকক তেওঁৰ ভাতৃদ্বয়ৰ সৈতে দেখা গৈছে। ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে নিক জ’নাছৰ ভিডিঅ’। এই গাড়ীখনত এজন ব্যক্তিয়ে নিক আৰু ভায়েকক অহৰহ প্ৰশ্ন কৰি আছে। এই ভিডিঅ’টোত নিকক এটা প্ৰশ্ন কৰা হৈছিল – ‘আপুনি কোনো এটা সময়ত অনুভৱ কৰিছিলনে যে বিয়াখন শেষ হৈছে?’ উত্তৰত নিক ক’লে- ‘হয়।’ ইয়াৰ পিছত নিক হাঁহি হাঁহি ক’লে – ‘বিশেষকৈ যেতিয়া মই বিল দেখা পাওঁ।’ বিয়াৰ খৰচ সন্দৰ্ভত নিকৰ বক্তব্য কিছু মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰিয়ংকা আৰু নিকৰ বিয়াত মুঠ ব্যয় হৈছে ৩.৫ কোটি টকা। দুয়োজনে পৰম্পৰাগত হিন্দু ৰীতি-নীতি আৰু খ্ৰীষ্টান ৰীতি-নীতিৰে উমৈদ ভৱনত বিবাহপাশত আবদ্ধ হৈছিল।

নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবী টাইপাৰ: ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা আৰু লখিমপুৰত আহোম প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দাবী…

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ নকৰিলে শাসনাধিষ্ঠ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ আটাইকেইটা দলকে আহোম অধুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ভোট বৰ্জন কৰিব টাই আহোম যুৱ পৰিষদ, অসমে। আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে এই বিষয়ে অবগত কৰিছে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইয়ে।আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা আৰু লখিমপুৰ সমষ্টিত আহোম জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদ, অসমে শাসনাধিষ্ঠ বিজেপিৰ মিত্ৰজোঁটৰ লগতে সকলো ৰাজনীতি দলক।টাইপাৰ অভিযোগ যিকোনো নিৰ্বাচন আহিলেই শাসনাধিষ্ঠ দলেই হওঁক বা বিৰোধী দলেই হওঁক টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰা আশ্বাস প্ৰদান কৰে নিৰ্বাচনী প্ৰচাৰৰ ইস্তাহাৰত কিন্তু নিৰ্বাচনী বিতৰণী পাৰ হোৱাৰ পাছত পাহৰি যায় তেওঁলোকে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্রুতি।বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনতে নিৰ্বাচনৰ সময়ত প্ৰতিশ্রুতি প্ৰদান কৰিছিল তেওঁলোকৰ চৰকাৰ শাসনলৈ আহিলেই আহোমকে ধৰি ছয়জনগোষ্ঠীক জনজাতিকৰণ কৰিব কিন্তু প্ৰধানমন্ত্ৰী প্ৰতিশ্রুতি ফুটকা ফেনত পৰিণত হ’ল।


এইবাৰ টাই আহোম যুৱ পৰিষদ, অসমে আগন্তুক লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ দলক তেওঁলোকৰ মিথ্যাচাৰ বাবে বৰ্জন কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে। আগন্তুক লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে শাসনাধিষ্ঠ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে জিলাই জিলাই টাই আহোম যুৱ পৰিষদ, অসমে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে।

পৰীক্ষাত নকল কৰিলে সন্মুখীন হ’ব কাৰাদণ্ডৰ! ভৰিব লাগিব ১ কোটি জৰিমনা…

পৰীক্ষাৰ অসৎ ব্যৱহাৰ ৰোধ কৰিবলৈ বিলঃ পৰীক্ষাত নকল কৰিলে সন্মুখীন হ’ব কাৰাদণ্ডৰ! প্ৰস্তাৱিত আইনখনত নকল কৰাৰ বাবে নূন্যতম তিনিৰ পৰা পাঁচ বছৰৰ কাৰাদণ্ডৰ পৰামৰ্শ দিয়া হৈছে, আনহাতে সংগঠিত প্ৰতাৰণাত জড়িতসকলক পাঁচৰ পৰা দহ বছৰৰ কাৰাদণ্ড আৰু নূন্যতম ১ কোটি জৰিমনা ভৰিব লাগিব। এপিএছচি পৰীক্ষা, ৰাজহুৱা পৰীক্ষা নিকা কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

ইউ পি এছ চি, এছ এছ চি, এন ই টি, জে ই ই, আৰু চি ইউ ই টিৰ দৰে নিযুক্তি পৰীক্ষা আৰু প্ৰৱেশ পৰীক্ষাৰ কাগজ ফাদিল আৰু অসৎ ব্যৱহাৰ ৰোধ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে সোমবাৰে লোকসভাত এখন বিধেয়ক উত্থাপন কৰে। “ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) বিধেয়ক, ২০২৪” শীৰ্ষক বিধেয়কখন দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে। এই প্ৰস্তাৱিত আইনে সংগঠিত গেং-মাফিয়া আৰু অসৎ কামত লিপ্ত হোৱা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত গুৰুত্ব দিব। এই প্ৰস্তাৱিত আইনে ছাত্ৰ-ছাত্ৰীক লক্ষ্য নকৰে।

হোটেল ৰেডিছন ব্লু’ত উদ্ধাৰ সন্দীপ কামলি নামৰ যুৱকজনৰ মৃতদেহ ! প্ৰেমৰ বাবে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ…

হোটেল ৰেডিছন ব্লু’ত উদ্ধাৰ সন্দীপ কামলি নামৰ যুৱকজনৰ মৃতদেহ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কলকাতাৰ অঞ্জলি শ্ব, বিকাশ কুমাৰ শ্বক গ্ৰেপ্তাৰ কৰা হৈছে ৷

প্ৰেমৰ বাবে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ ৷ মৃত যুৱকজনৰ মোবাইলত আছিল যুৱতীগৰাকীৰ আপত্তিজনক ফটো, ভিডিঅ’৷

দীৰ্ঘদিন ধৰি যুৱকজনে যুৱতীগৰাকীক ব্লেকমেলিং কৰি আহিছিল বুলি জানিব পৰা গৈছে৷

‘ৰাম’ৰ উপদেশঃ ‘ৰামায়ণ’ সকলো বিদ্যালয়তে পঢ়ুৱাব লাগে…

বিদ্যালয়ত ৰামায়ণ পাঠদানৰ ধাৰণাক সমৰ্থন কৰিছে অৰুণ গোভিলে। টিভিৰ ৰামে কয় যে এয়া কেৱল সনাতনী লোকৰ বাবেই নহয়, এয়া সকলোৰে বাবে। ৰামানন্দ সাগৰৰ ৰামায়ণত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেই অৰুণ গোবিল প্ৰতি ঘৰে ঘৰে পৰিচিত। একে সময়তে অৰুণ গোভিলে বহু বিষয়ত নিজৰ মতামত ব্যক্ত কৰে। এতিয়া অভিনেতাগৰাকীয়ে বিদ্যালয়ৰ পাঠ্যক্ৰমত ধৰ্মীয় গ্ৰন্থ ৰামায়ণ অন্তৰ্ভুক্ত কৰাৰ কথা কৈছে। টিভি অভিনেতা অৰুণ গোভিলে প্ৰায়ে ৰামায়ণৰ লগত জড়িত কথাবোৰ আলোচনা কৰে। এইবাৰ অভিনেতাগৰাকীয়ে ৰামায়ণক শিক্ষাত অন্তৰ্ভুক্ত কৰাৰ ধাৰণাটোক সমৰ্থন কৰিছে। অৰুণ গোবিলে কৈছিল যে ‘আমাৰ শিক্ষাত ৰামায়ণ অন্তৰ্ভুক্ত হ’ব লাগিব। ৰামায়ণক কেৱল ধৰ্মীয় বুলি কোৱাৰ কোনো ন্যায্যতা নাই। অভিনেতাগৰাকীয়ে আৰু কয় যে ৰামায়ণ আমাৰ জীৱন দৰ্শন।

ৰামায়ণক শিক্ষাৰ সৈতে সংযোগ কৰাৰ কাৰণো উল্লেখ কৰে অৰুণ গোভিলে। অভিনেতাজনে ৰামায়ণৰ পৰা শিকি অহা কথাবোৰৰ কথা ক’লে। অৰণ গোভিলে কৈছিল যে ‘ৰামায়ণ আমাৰ জীৱন দৰ্শন। ৰামায়ণে আমাক শিকাইছে যে কেনেকৈ কেৱল আমি নহয়, সকলোৱে কেনেকৈ জীয়াই থাকিব লাগে। সম্পৰ্কবোৰ কেনেকুৱা হ’ব লাগে? অভিনেতাগৰাকীয়ে লগতে কয় যে ‘ৰামায়ণেও আমাক শিকাইছে যে এজন ব্যক্তিয়ে কিমান ধৈৰ্য্য ধৰিব লাগে আৰু এজন ব্যক্তিয়ে কেনেকৈ শান্তি পাব পাৰে।’ অৰুণ গোবিলে ৰামায়ণক সকলো মানুহৰ লগত সংযোগ কৰিলে। অভিনেতাজনে কয় যে ‘ৰামায়ণ সকলোৰে বাবে। এয়া কেৱল সনাতনী মানুহৰ বাবেই নহয়। শিক্ষা ব্যৱস্থাত এয়া হ’ব লাগিব। ধৰ্ম শাস্ত্ৰ ৰামায়ণক শিক্ষাৰ সৈতে সংযোগ কৰাটো অভিনেতাগৰাকীয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত ৰাম লাল্লাৰ অভিষেক অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ লাভ কৰিছিল টিভিৰ ৰাম অৰুণ গোভিলে। উদ্বোধনী অনুষ্ঠানত অৰুণ গোভিলে সহ অভিনেত্ৰী দীপিকা চিখলিয়া আৰু সুনীল লাহিৰীৰ সৈতে অংশগ্ৰহণ কৰে।