দিছপুৰ প্ৰেছ ক্লাৱত শনিবাৰে অনুষ্ঠিত হোৱা যুৱ সাংবাদিক মঞ্চ, অসমৰ কাৰ্য নিৰ্বাহক বৈঠকত এখন য়ুথ কনক্লেভ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজনৈতিক, সামাজিক, বানিজ্যিক আদি ক্ষেত্ৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু সাঙুৰি লৈ অনুষ্ঠিত হ’ব এই কনক্লেভ।
এই সভাত মঞ্চই ভৱিষ্যতে সংবাদ জগতৰ বাবে কৰিবলগীয়া কাম সমূহৰ বিষয়তো গুৰুত্বপূৰ্ণ আলোচনা কৰে। ইফালে, কাৰ্য নিৰ্বাহক বৈঠকতে যুৱ সাংবাদিক মঞ্চৰ পূৰ্নাংগ সমিতি গঠন কৰা হয়।
নতুন সমিতি ক্ৰমে, সভাপতি নীতিশ শৰ্মা, উপ সভাপতি মঞ্জুশ্ৰী কলিতা, কাৰ্যকৰী সভাপতি পংকজ মেধি, সম্পাদক দিব্যজ্যোতি দাস, যুটীয়া সম্পাদক হিৰুল হ’ক, হিমাক্ষী বৰুৱা, সাংগঠনিক সম্পাদক শ্বাহ আলম, বিত্ত সম্পাদক ৰঞ্জিতা দেবী, প্ৰচাৰ সম্পাদক বসন্ত দাস, সাহিত্য সম্পাদক দৃষ্টি ৰূপা বৰদলৈ সদস্য ক্ৰমে তথাগত ভট্টাচাৰ্য, অৰ্নৱ দাস ইত্যাদি উপস্থিত থাকে।
ধেমাজি জিলাৰ গোগামুখৰ ব্যক্তিগতখণ্ডৰ চি বি এছ ইৰ একমাত্ৰ শিক্ষানুষ্ঠান গোগামুখ জ্ঞানজ্যোতি একাডেমীত ভোগালী বিহু উপলক্ষে প্ৰাক্ ভোগালী মেলা আৰু বিজ্ঞান সমাৰোহ শনিবাৰে অনুষ্ঠিত হৈ যায় ৷ জ্ঞানজ্যোতি চ’ছাইটিৰ উদ্যোগত আৰু গোগামুখ জ্ঞানজ্যোতি একাডেমীৰ সহযোগত বৰ্ণিল কাৰ্যসূচীৰে জ্ঞানজ্যোতি একাডেমীৰ চৌহদত অনুষ্ঠিত হোৱা উক্ত প্ৰাক্ ভোগালী মেলা আৰু বিজ্ঞান সমাৰোহত ৩৪ খন বিজ্ঞানৰ বিপনী, বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্যমেলা, বস্ত্ৰ মেলা, ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা নিৰ্মিত বাছকবনীয়া সামগ্ৰী আদিৰ লগতে বিভিন্ন জাতি-জনজাতিৰ নৃত্য-গীত প্ৰদৰ্শন কৰা হয় ৷
দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ উপস্থিতিয়ে জ্ঞানজ্যোতি একাডেমীৰ সমগ্ৰ চৌহদত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ৷ অনুষ্ঠানত আদৰণি ভাষণ দি জ্ঞানজ্যোতি একাডেমীৰ পৰিচালন সঞ্চালক খেম বাহাদূৰ প্ৰধানে কয় যে, বিজ্ঞানে আজি আকাশলংঘী সফলতা লাভ কৰিছে ৷ বিজ্ঞান অবিহনে আজিৰ পৃথিৱী নিস্তেজ, গতিহীন ৷ বিজ্ঞানৰ দ্ৰুত গতিয়ে মানুহৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াও সলনি কৰিছে ৷ আমি জ্ঞানজ্যোতি একাডেমীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে আৰু বিজ্ঞানৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি অধিক আকৰ্ষিত কৰিবৰ বাবে প্ৰাক্ ভোগালী মেলাৰ লগত সংগতি ৰাখি বিজ্ঞান সমাৰোহ আয়োজন কৰিছোঁ ৷ ইয়াত ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান, কলা, প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন জাতি-জনজাতিৰ খাদ্যসম্ভাৰ, বস্ত্ৰসম্ভাৰ, কৃষ্টি-সংস্কৃতি, নৃত্য গীত প্ৰদৰ্শন কৰিছে বুলি তেওঁ দোহাৰে ৷
প্ৰাক্ ভোগালী মেলা আৰু বিজ্ঞান সমাৰোহ উদ্বোধন কৰে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতেন শইকীয়াই ৷ দুপৰীয়া ১২ বজাত জ্ঞানজ্যোতি একাডেমীৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন্দ শৰ্মাই ৷
অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া, কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, সাধাৰণ সদস্য ৰাজু পেগু, সহকাৰী শিক্ষক জীৱন শৰ্মা আদিয়ে ৷
২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিচাছৰ ৪৮.৫ শতাংশ জনসংখ্যা হিন্দু সম্প্ৰদায়ৰ। মৰিচাছ প্ৰশাসনে জনোৱা মতে, ২২ জানুৱাৰীত ৰাম মন্দিৰ উপলক্ষে সকলো হিন্দু কৰ্মচাৰীক কামৰ পৰা দুঘণ্টাৰ বিৰতি দিয়া হ’ব। এই বিৰতি দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব। মৰিচাছ প্ৰশাসনে কয় যে হিন্দু শ্ৰমিকসকলে যাতে প্ৰাৰ্থনা কৰিব পাৰে তাৰ বাবে দুঘণ্টাৰ বিৰতি দিয়া হ’ব।
২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন। সেইদিনা ‘ৰামলালা’ৰ মূৰ্তিত ‘প্ৰাণপ্ৰতিষ্ঠা’পৰিবেশন কৰা হ’ব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিশেষ অতিথিও উপস্থিত থাকিব। অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে ১১ দিনৰ বাবে ‘ব্ৰতপালন’ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে।
শুকুৰবাৰে নিজৰ ইউটিউব চেনেলত ‘অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণপ্ৰতিষ্ঠা’ শীৰ্ষক এক বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ পৰা ১১ দিনলৈ ‘বিশেষ নিয়ম’ পালন কৰিবলৈ আৰম্ভ কৰিছে। শাস্ত্ৰত উল্লেখ কৰা নিয়ম অনুসৰি আৰু সন্তসকলৰ উপদেশ পালন কৰি এই ১১ দিন ধৰি কঠোৰ অনুশাসন পালন কৰিব বুলিও তেওঁ অৱগত কৰে।