Home Blog Page 1096

উদুলি মুদুলি দেৰগাঁৱৰ ফেটা পথাৰ সমন্বয় ক্ষেত্ৰ ! শংকৰ আজানৰ মিলন ভূমিলৈ পৰিণত হ’ল ফেটা পথাৰ…

উদুলি মুদুলি দেৰগাঁৱৰ ফেটা পথাৰ সমন্বয় ক্ষেত্ৰ।
শংকৰ আজানৰ মিলন ভূমিলৈ পৰিণত হ’ল ফেটা পথাৰ।
অনৈক্যৰ মাজত ঐক্যৰ এক বিৰল দৃশ্য।

তিনিদিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ ৩৪ তম পূৰ্ণাংগ অধিবেশন।জাতি বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰিছে এই অধিবেশনত।

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম হৈছে সহস্ৰাধিক বৈষ্ণৱ প্ৰান লোকৰ। এক আধ্যাত্মিক পৰিবেশৰ মাজত হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে ফেটা পথাৰ সমন্বয় ক্ষেত্ৰৰ চৌপাশ । দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰ্যবসিত হৈ পৰিছে সমগ্ৰ অঞ্চল ।

আজি অসমে পাব ১১ হাজাৰ ৬০০ কোটিৰ প্ৰকল্প…

নিৰ্ধাৰিত সময় মতেই ১১.৩০ বজাৰ পৰাই আৰম্ভ হ’ব প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা। এই জনসভালৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ৰাইজ। প্ৰায় ডেৰলক্ষাধিক লোকক সম্বোধন কৰিব মোডীয়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে আজি শিলন্যাস কৰিব

  • ৮৩২ কোটি টকাৰে নেহৰু ষ্টেডিয়াম উন্নীতকৰণ প্ৰকল্প।
  • ৩৫৮ কোটি টকা ব্যয়ৰে লোকপ্ৰীয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সংযোগী পথ প্ৰকল্প।

  • ৩০০ কোটি টকা ব্যয়ৰে চন্দ্ৰপুৰ ষ্টেডিয়ামৰ প্ৰকল্প।
  • ৫৭৮ কোটি টকা ব্যয়ৰে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় প্ৰকল্প।
  • ৩,২৫০ কোটি টকা ব্যয়ৰে GMCHৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প।

  • ৪৯৮ কোটিটকীয়া মা কামাখ্যা কৰিডৰ প্ৰকল্প।
  • ৩.৮৮৮ কোটি টকা ব্যয়ৰে ৩৮ খন দলংসহ ৪৩ টা পথৰ উন্নীতকৰণ প্ৰকল্প।
  • ২৯৭ কোটি টকা ব্যয়ৰে ঐক্য ভৱন।

বি বৰুৱা কলেজত আয়োজিত প্ৰজ্ঞাপ্ৰপাত – কুইজ প্ৰতিযোগিতাত এছ বি দেওৰা কলেজৰ শ্ৰেষ্ঠত্ব অৰ্জন

ঐতিহ্য মণ্ডিত বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্হাৰ উদ্যোগত আজি প্ৰজ্ঞা প্ৰপাত শীৰ্ষক নৰেন্দ্ৰ কলিতা সোঁৱৰণীএখনি আন্ত: মহাবিদ্যালয় আৰু আন্ত: বিশ্ববিদ্যালয় কুইজ প্ৰতিযোগিতাত অনুষ্ঠিত হয়।মহাবিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত কুইজ প্ৰতিযোগিতাখনিৰ প্ৰাথমিক ৰাউণ্ডত ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ২১টা দলে অংশগ্রহণ কৰে। লিখিত পৰীক্ষাৰে মূল প্ৰতিযোগিতাৰ বাবে ৬টা দলহে নিৰ্বাচন কৰা হয়।
কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে পৰিচালনা কৰা প্ৰতি যোগিতাখনৰ পূৰ্বে বি বৰুৱা কলেজৰ অধ্যক্ষ ড০সত্যেন্দ্ৰ নাথ বৰ্মন, প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সভাপতি অধ্যাপক জগদীশ গোস্বামী, সম্পাদক ড০ বিজয় গোস্বামী, অধ্যাপক বিমান পাটোৱাৰী, ড০দিগন্ত চৌধুৰী ,সত্যব্ৰত বৰুৱা আদি বিশিষ্ট ব্যক্তি সকলে নৰেন্দ্ৰ কলিতাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
সাউদ ভোলানাথ বৰুৱা আৰু বি বৰুৱা মহাবিদ্যালয় সন্দৰ্ভত দুটা বিশেষ ৰাউণ্ডৰ ব্যৱস্হা থকা কুইজ প্ৰতিযোগিতা খনত শ্ৰেষ্ঠত্ব অৰ্জন কৰে গুৱাহাটীৰ এছ বি দেওৰা কলেজৰ শক্তিমান পেগু আৰু পাৰ্থ প্ৰতিম ভৰালুৱাৰ দলে। দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ক্ৰমে কটন বিশ্ববিদ্যালয়ৰ মাধুৰ্য মোহন কাশ্যপ আৰু দেৱানীত দত্ত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাৰ্থজ্যোতি ভৰদ্বাজ আৰু অনুজ শংকৰ দেৱনাথৰ দলে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ঋত্বিক কৌশিকে আতঁধৰা বঁটা বিতৰণী অনুষ্ঠানত অধ্যাপক জগদীশ গোস্বামী আৰু প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে বিজয়ী দল সমূহক ট্ৰফী আৰু মান পত্ৰ প্ৰদান কৰাৰ লগতে নৰেন্দ্ৰ কলিতাৰ পৰিয়ালৰ হৈ নয়ন মণি হাজৰিকা কলিতা আৰু মেঘালীকলিতাই বিজয়ী সকলক পুৰষ্কাৰৰ ধন প্ৰদান কৰে। উল্লেখ্য যে বিজয়ী দল সমূহক ক্ৰমে ১২,১০ আৰু ৮ হেজাৰ টকাৰ পুৰষ্কাৰ ধন আগবঢ়োৱা হয়।

প্ৰধানমন্ত্ৰীৰ আগমনত যাতে মহানগৰবাসীৰ কোনো যান-জঁট সমস্যাৰ সৃষ্টি নহয় তাৰবাবে বিশেষ পদক্ষেপ যানবাহন আৰক্ষীৰ

প্ৰধানমন্ত্ৰীৰ এই আগমনত যাতে মহানগৰবাসীৰ কোনো যান-জঁট সমস্যাৰ সৃষ্টি নহয় তাৰবাবে বিশেষ পদক্ষেপ যানবাহন আৰক্ষীৰ

১৭ আৰু ২৭নং ঘাইপথত আৰক্ষীয়ে ৰাখিব তীক্ষ্ণ নজৰ

চাৰিচকীয়া বা তাতকৈ বেছি চকাৰ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা

দিনৰ ২ বজাৰ পৰা নিশা ১১ বজালৈ চলাব নোৱাৰিব

কাইলৈ পুৱা ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ একেই নির্দেশনা।

আজি কেইবাটাও পথত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা

জি এছ ৰোড, পাঞ্জাবাৰী ৰোড, বি বৰুৱা ৰোডত নিষেধাজ্ঞা

জি এন বি ৰোড, এ জি ৰোড, এ টি ৰোড, ডি জি ৰোডতো নিষেধাজ্ঞা

দিনৰ ২ বজাৰ পৰা নিশা ১০ বজালৈ বাণিজ্যিক বাহনৰ বাবে নিষেধাজ্ঞা

কাইলৈ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ নিষেধাজ্ঞা

জি এচ ৰোড, পাঞ্জাহাৰী ৰোড, ছয়মাইল-নাৰেংগী ৰোডত নিষেধাজ্ঞা

ত্ৰিপুৰা ৰোড, বেলতলা বজাৰ ৰোড, বেলতলা-বশিষ্ঠ ৰোডত নিষেধাজ্ঞা

মহানগৰবাসীৰ কোনো যান-জঁট সমস্যাৰ সৃষ্টি নহয় তাৰবাবে বিশেষ পদক্ষেপ যানবাহন আৰক্ষীৰ ।

দিনৰ ২ বজাৰ পৰা ১১ বজালৈ চাৰিচকাৰ ওপৰত সকলো বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰিছে ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অভিযান, সীমান্তত ৮ খন সোণৰ বিস্কুট জব্দ

ভাৰত – বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ নিৰীক্ষণ কৰাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্রণ্টিয়াৰৰ ফালৰ পৰা তেওঁলোকক অৰ্পণ কৰা সীমান্তত যাতে কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ সংঘটিত হব নোৱাৰে তাৰ ওপৰত সদা – সতৰ্ক দৃষ্টি ৰাখি আহিছে। ইয়াৰ অংশ হিচাপে পহিলা ফেব্ৰুৱাৰীত ১৩৮ বেটেলিয়ানৰ ঝিক্ৰী বি অ পিৰ দল এটাই নিদিষ্ট তথ্যৰ ভিত্তিত অসমৰ ধুবুৰী সীমান্তৰ পৰা কিছু নিলগৰ পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰা অৱস্থাত ৮ খন সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয়। বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি সোণ সৰবৰাহকাৰী জন কৌশলৰে পলাই যাবলৈ সক্ষম হয়। আনহাতে ৯৩৩.২৪ গ্ৰাম ওজনৰ ৮ খন সোণৰ বিস্কুটৰ আন্তৰ্জাতিক বজাৰত মূল্য প্ৰায় ৫৮.৭০ লাখ টকা হব। উদ্ধাৰ কৰা সোণৰ বিস্কুট কেইখন পাছত কেন্দ্ৰীয় আবকাৰী শুল্ক বিভাগৰ নিকটবৰ্তী কাৰ্যালয়ক গতাই দিয়া হয় । উল্লেখযোগ্য যে বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত মানুহৰ লগতে গৰুসহ কোনো ধৰনৰ নিষিদ্ধ আৰু চোৰাং সামগ্ৰী যাতে সৰবৰাহ হব নোৱাৰে তাৰ বাবে অহৰহ পহৰা দি অহাৰ লগতে এই ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে ।

বিজেপিৰ পিতৃ পুৰুষ লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা…

বিজেপিৰ পিতৃপুৰুষ লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা

ভাৰতীয় জনতা পাৰ্টিৰ পিতৃপুৰুষ লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা প্ৰদানৰ ঘোষণা কৰে। শনিবাৰে এই ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মোডীয়ে কয় যে আদৱানী এজন প্ৰাক্তন মন্ত্ৰী, বিজেপিৰ প্ৰতিষ্ঠাপক সদস্য আৰু ৰামজন্মভূমি আন্দোলনৰ অন্যতম প্ৰধান আছিল৷

তৃণমূল পৰ্যায়ৰ পৰা ভাৰতৰ উপ-প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰিছিল আদৱানীয়ে। ১৯৭০ চনত আদৱানী ৰাজ্যসভালৈ নিৰ্বাচিত হৈ তেওঁৰ সংসদীয় কাৰ্যকাল আৰম্ভ কৰিছিল। তেওঁ ১৯৮৯ চনত নতুন দিল্লীৰ পৰা মোহিনী গিৰিক পৰাস্ত কৰি প্ৰথম লোকসভা নিৰ্বাচনত জয়ী হৈছিল।

১৯৯১ চনত তেওঁ গুজৰাটৰ গান্ধী নগৰ আৰু নতুন দিল্লী এই দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু দুয়োটাতে জয়ী হৈছিল। পৰৱৰ্তী সময়ত তেওঁ গান্ধী নগৰক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ ২০১৪ চনত একেখন আসনৰ পৰা অন্তিম নিৰ্বাচনত যুঁজিছিল। আদৱানীয়ে ১৯৯০ চনৰ আৰম্ভণিতে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে তেওঁৰ ৰথ যাত্ৰাৰ জৰিয়তে বিজেপিক ৰাষ্ট্ৰীয় হিচাপত তুলি ধৰিছিল।

বিদেশী পেৰাগ্লাইডিং ইভেণ্টত প্ৰথম ভাৰতীয় মহিলা…

বিদেশী পেৰাগ্লাইডিং ইভেণ্টত প্ৰথম ভাৰতীয় মহিলাৰ অংশগ্ৰহণ

দেশৰ একমাত্ৰ মহিলা পেৰাগ্লাইডিং পাইলট ছেৱাং ড্ৰোমাই থাইলেণ্ডত অষ্টম থাইলেণ্ড পেৰাগ্লাইডিং একুৰেছী আছিয়ান বন্ধুত্ব অপেনত ভাৰতক প্ৰতিনিধিত্ব কৰিব। এই পেৰাগ্লাইডিং ৮ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈকে থাইলেণ্ডত অনুষ্ঠিত হ’ব ৷

তেওঁ হ’ল আন্তৰ্জাতিক ক্ষেত্ৰত প্ৰথম মহিলা পাইলট। ২০২২ চনত ছেৱাং ড্ৰোমাই মেঘালয় অপেন পেৰাগ্লাইডিং চেম্পিয়নশ্বিপ আৰু এছিয়ান লীগ কুৱালিফাইঙত ভাৰতীয় মহিলা শ্ৰেণীত প্ৰথম ৰানাৰ-আপ স্থান লাভ কৰিছিল৷

ইয়াৰ পাছত থাইলেণ্ডত অনুষ্ঠিত একেটা ইভেণ্টৰ বাবে তেওঁক নিৰ্বাচিত কৰিছিল যদিও অংশগ্ৰহণ কৰিব পৰা নাছিল। ছেৱাং ড্ৰোমা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ দিৰাঙৰ বাসিন্দা৷

১২ বছৰে এটা ঘৰত স্বামীয়ে বন্দী কৰি ৰাখিছিল পত্নীক ! অৱশেষত আৰক্ষীয়ে কৰিলে উদ্ধাৰ…

১২ বছৰে এটা ঘৰত স্বামীয়ে বন্দী কৰি ৰাখিছিল পত্নীক ! অৱশেষত আৰক্ষীয়ে কৰিলে উদ্ধাৰ

এক ভয়ংকৰ ঘটনাৰ খবৰ পোৱা গৈছে কৰ্ণাটকত। ৰাজ্য খনৰ এগৰাকী মহিলাই দাবী কৰিছে যে তেওঁক তেওঁৰ স্বামীয়ে ১২ বছৰ ধৰি এটা ঘৰত বন্দী কৰি ৰাখিছিল । শেষত এই কথা জানিব পাৰি আৰক্ষীয়ে তেওঁক কেইদিনমান আগতে উদ্ধাৰ কৰিছে। মহিলাগৰাকীয়ে অৱশ্যে তেওঁৰ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰিছে স্বামীগৃহ এৰি তেওঁৰ পিতৃ-মাতৃৰ ঘৰত থাকিবলৈ সিদ্ধান্ত লৈছে।

অৱশ্যে, এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে মহিলাগৰাকীক ১২ বছৰ নহয়, কেইসপ্তাহমানৰ বাবেহে স্বামীয়ে বন্দী কৰি ৰাখিছিল। কৰ্ণাটকৰ মাইচুৰুৰ মহিলাগৰাকীৰ বয়স ত্ৰিশ আৰু ১২ বছৰ আগতে তেওঁৰ বিবাহপাশত আৱদ্ধ হৈছিল বুলি জানিব পৰা গৈছে। মহিলাগৰাকীয়ে দাবী কৰিছে যে তেওঁ ঘৰৰ ভিতৰত বন্দী হৈ থাকোতে শৌচাগাৰৰ হিচাবে এটা সৰু বাকচ ব্যৱহাৰ কৰিবলগীয়া হৈছিল।

মহিলাগৰাকীয়ে কয় “মোৰ বিয়া হোৱাৰ ১২ বছৰ হ’ল। স্বামীয়ে মোক সদায় ঘৰত বন্দী কৰি ৰাখিছিল আৰু মোক অত্যাচাৰ কৰিছিল। অঞ্চলটোৰ কোনেও তেওঁক প্ৰশ্ন নকৰে… মোৰ ল’ৰা ছোৱালীবোৰ স্কুললৈ যায়। কিন্তু মোৰ স্বামী কামৰ পৰা উভতি অহালৈকে তেওঁলোক বাহিৰতে থাকে। মই তেওঁলোকক খিৰিকীৰে খাদ্য দিও,”। ইফালে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই মহিলাগৰাকীৰ দাবী শুদ্ধ নহয় বুলি উল্লেখ কৰি কৈছে যে মহিলাগৰাকীক কেৱল যোৱা দুই-তিনি সপ্তাহ ধৰি আৱদ্ধ কৰি ৰখা হৈছিল।

ভুৱা মাৰ্কশ্বীটেৰে নাম ভৰ্তি কৰিছিল চিকিৎসা মহাবিদ্যালয়ত , পঢ়ি-শুনি হৈছিল চিকিৎসক ! ৪৪ বছৰৰ পিছত পৰিল ধৰা…

ভুৱা মাৰ্কশ্বীটেৰে নাম ভৰ্তি কৰিছিল চিকিৎসা মহাবিদ্যালয়ত, পঢ়ি-শুনি হৈছিল চিকিৎসক, ৪৪ বছৰৰ পিছত পৰিল ধৰা

এজন চিকিৎসকৰ বিলৈ। ১৯৮০ চনত তেওঁ দ্বাদশ পৰীক্ষাত ৮০০ নম্বৰৰ ভিতৰত ৫৪৭ নম্বৰ লাভ কৰিছিল।তেওঁৰ সপোন আছিল এমবিবিএছ হোৱা। সপোন সফল কৰিবলৈ তেওঁ মেডিকেল কলেজত আসনো লাভ কৰিলে। তাৰ পিছত পাৰ হৈ গ’ল ৪৪ টা বছৰ। এতিয়া পোহৰলৈ আহিছে বিস্ফোৰক তথ্য । জানিব পৰা গৈছে যে লোকজনে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ভুৱা মাৰ্কশ্বীট প্ৰস্তুত কৰি এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। তেনেদৰেই তেওঁ এজন চিকিৎসক হৈছিল। প্ৰায় ৪৪ বছৰৰ পিছত, তেওঁক প্ৰতাৰণাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে । ফলত চিকিৎসকজনে এতিয়া কাৰাগাৰলৈ যাব লাগিব। আদালতে চিকিৎসকজনক তিনি বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ৩০,০০০ টকাৰ জৰিমনাও বিহিছে।

জানিব পৰা মতে চিকিৎসকজনে আহমেদাবাদৰ পালদি অঞ্চলত বাস কৰে। তেওঁৰ নাম উৎপল পেটেল। আহমেদাবাদৰ উৎপলে ১৯৮০ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮০০ ৰ ভিতৰত ৩৯৪ নম্বৰহে লাভ কৰিছিল। অৱশ্যে এই নম্বৰেৰে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব পৰা নাযায়। গতিকে তেওঁ ৮০০ ৰ ভিতৰত ৫৪৭ নম্বৰ লাভ কৰা বুলি দেখুৱাই এখন ভুৱা মাৰ্কশ্বীট তৈয়াৰ কৰিছিল। তেওঁ সেই মাৰ্কশ্বীটেৰেই আহমেদাবাদৰ বিজে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিও কৰিছিল। কিন্তু পিছত গুজৰাটৰ মাধ্যমিক শিক্ষা পৰিষদে পেটেলৰ মাৰ্কশ্বীটৰ বিষয়ে জানিব পাৰি মহাবিদ্যালয়খনলৈ পত্ৰ লিখি কয় যে পেটেলৰ মাৰ্কশ্বীট জাল আছিল।


অভিযোগ দাখিল কৰাৰ পিছত চিকিৎসা মহাবিদ্যালয়ে মাৰ্কশ্বীটখন প্ৰমাণিত কৰিছিল। গুজৰাট মাধ্যমিক শিক্ষা পৰিষদক এই বিষয়ত সোধা হৈছিল। বোৰ্ডে তেতিয়া কৈছিল যে উৎপলে তেওঁৰ দ্বাদশ শ্ৰেণীৰ উত্তৰ পত্ৰিকাৰ পুনৰ পৰীক্ষণৰ বাবে আবেদন কৰিছিল, কিন্তু ফলাফলত কোনো পৰিৱৰ্তন হোৱা নাছিল। পৰৱৰ্তী সময়ত উৎপলে ভুৱা মাৰ্কশ্বীটৰ সহায়ত এমবিবিএছত নামভৰ্তি কৰিছিল। চিকিৎসা মহাবিদ্যালয়খনে ১৯৯১ চনত শ্বাহবাগ আৰক্ষী থানাত চিকিৎসকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। পেটেলৰ অধিবক্তাই অনুৰোধ কৰিছিল যে তেওঁক কাৰাবাসৰ শাস্তি দিয়া উচিত নহয়। অধিবক্তাই কৈছিল যে পেটেল এজন চিকিৎসক আৰু চহৰখনত এখন ক্লিনিক চলাই সমাজক সেৱা আগবঢ়াই আছে। অপৰাধটো লোকজনে তেওঁৰ মাত্ৰ ১৭ বছৰ বয়সত কৰিছিল,তেওঁৰ বয়স এতিয়া ৬০ বছৰ আৰু পৰিয়ালো আছে।

এপোলো এক্সেলকেয়াৰ হস্পিটেলত প্ৰথমবাৰৰ বাবে সম্পন্ন কৰা হ’ল স্বাপ বৃক্ক সংৰোপণ…

অসমত প্ৰথমঃ এপোলো এক্সেলকেয়াৰ হস্পিটেলত প্ৰথমবাৰৰ বাবে সম্পন্ন কৰা হ’ল স্বাপ বৃক্ক সংৰোপণ

স্বাস্থ্য সেৱাত উৎকৃষ্টতাৰ অন্বেষণ অব্যাহত ৰখা এপোলো এক্সেলকেয়াৰ হস্পিটেল, গুৱাহাটীয়ে অসমত প্ৰথমবাৰৰ বাবে অভিনৱ পদ্ধতিৰে স্বাপ বৃক্ক সংৰোপণ কৰি ইতিহাস ৰচনা কৰিছে। এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত থাকে দুটা পৰিয়ালৰ মাজত বৃক্কৰ আদান-প্ৰদান/অদল-বদল কৰা কাৰ্য, যিসকলে ৰক্তৰ গ্ৰুপৰ অমিলৰ বাবে তেওঁলোকৰ নিজৰ পৰিয়ালৰ সদস্যক বৃক্ক দান কৰিব নোৱাৰে।

এই প্ৰক্ৰিয়াই বৃক্কৰ অভাৱ হ্ৰাস কৰাত সহায় কৰে আৰু আইনীভাবে বৃক্ক সংৰোপণৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰিব। এজন ৰঙিয়াৰ বাসিন্দা আৰু আনজন অৰুণাচল প্ৰদেশৰ ইটানগৰৰ বাসিন্দাই তেওঁলোকৰ দাতা সলনি কৰি ৰোগীৰ জীৱন বচাবলৈ সক্ষম হৈছে।

অস্ত্ৰোপচাৰ আৰু এনাস্থেচিয়া দলটোত আছিল (ডাঃ) সমৰ্থনত ড. কৰণ ছৰাফ (পৰামৰ্শদাতা নেফ্ৰোলজিষ্ট আৰু সংৰোপণ চিকিৎসক), চৈয়দ ৱাছিম হাছান, ড০ শাজিদুল মজুমদাৰ, ড০ বিভাষ ভাগৱতী, ড০ অজয় ডেকা আৰু ড০ নবৰুপ দত্ত বৰুৱা।

এই সফলতাৰ পিছত ড০ কৰণ ছৰাফে কয়, “অঞ্চলটোত অংগ দাতাৰ তীব্ৰ অভাৱ আছে আৰু বহুৰোগীয়ে ৰাজ্যৰ বাহিৰলৈ যোৱাৰ সিদ্ধান্ত লয়। বৃক্ক সংৰোপণৰ তিনিটা পদ্ধতি আছে, যেনে এ.বি.ও. অসঙ্গত সংৰোপণ (মিল নোহোৱা ৰক্ত গোটৰ মাজত), অদল-বদল সংৰোপণ (ৰক্ত গোটৰ অমিলৰ বাবে আদৰ্শভাৱে তেওঁলোকৰ পৰিয়ালৰ সদস্যক বৃক্ক দান কৰিব নোৱাৰা দুটা পৰিয়ালৰ মাজত বিনিময়) আৰু মৃতকৰ অংগ দান। এপোলো এক্সেলকেয়াৰৰ নেফ্ৰোলজী বিভাগ শেহতীয়াকৈ এবিঅ’ সুসঙ্গত সংৰোপণ কৰা অঞ্চলটোৰ প্ৰথম চিকিৎসালয় হিচাপে পৰিগণিত হৈছে ।