কামাখ্যা মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদানৰ বাবে মা কামাখ্যা দিব্য পৰিযোজনাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
গুৱাহাটীত ক্ৰীড়া আৰু চিকিৎসাৰ আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ সৈতে জড়িত প্ৰকল্পই লাভ কৰিব বিশেষ গুৰুত্ব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩-৪ ফেব্ৰুৱাৰী, ২০২৪ত ওড়িশা আৰু অসম ভ্ৰমণ কৰিব।৩ ফেব্ৰুৱাৰীত দুপৰীয়া প্ৰায় ২:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ সম্বলপুৰত এক ৰাজহুৱা অনুষ্ঠানত অংশ লৈ ৬৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে অসমলৈ যাত্ৰা কৰিব। ৪ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত ৰাজহুৱা কাৰ্যসূচীত অংশ লৈ ১১,০০০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।ওড়িশাৰ সম্বলপুৰত ৰাজহুৱা কাৰ্যসূচীত দেশৰ শক্তি সুৰক্ষা সুদৃঢ় কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি শক্তি খণ্ডক উন্নীত কৰাৰ লক্ষ্যৰে একাধিক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰা কৰিব প্ৰধানমন্ত্ৰীয়ে৷প্ৰধানমন্ত্ৰীয়ে ‘জগদীশপুৰ-হালদিয়া আৰু বোকাৰো-ধমৰা পাইপলাইন প্ৰকল্প (জেএইচবিডিপিএল)’ৰ ‘ধমৰা–আংগুল পাইপলাইন অংশ’ (৪১২ কিলোমিটাৰ) উদ্বোধন কৰিব। ‘প্ৰধানমন্ত্ৰী উৰ্জা গংগা’ৰ অধীনত ২,৪৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষ এই প্ৰকল্পটোৱে ওড়িশাক ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ সৈতে সংযোগ কৰিব।
প্ৰধানমন্ত্ৰীয়ে মুম্বাই-নাগপুৰ-ঝাৰছুগুড়া পাইপলাইনৰ ‘নাগপুৰ ঝাৰছুগুড়া প্ৰাকৃতিক গেছ পাইপলাইন অংশ’ (৬৯২ কিলোমিটাৰ)’ৰ আধাৰশিলা স্থাপন কৰিব। ২,৬৬০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পৰ জৰিয়তে ওড়িশা, মহাৰাষ্ট্ৰ, ছত্তীশগড়ৰ দৰে ৰাজ্যৰ প্ৰাকৃতিক গেছৰ পৰ্যাপ্ততা বৃদ্ধি পাব৷এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২৮,৯৮০ কোটি টকাৰ একাধিক শক্তি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰিব । ৰাষ্ট্ৰৰ নামত উৎসৰ্গা হ’বলগীয়া প্ৰকল্পসমূহৰ ভিতৰত ওড়িশাৰ সুন্দৰগড় জিলাৰ এনটিপিচি দৰলিপালি ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন (২x৮০০ মেগাৱাট) আৰু এনএছপিচিএল ৰুৰকেল্লা পিপি-II সম্প্ৰসাৰণ প্ৰকল্প (১x২৫০ মেগাৱাট) উল্লেখযোগ্য। তদুপৰি, তেওঁ ওড়িশাৰ আংগুল জিলাত এনটিপিচি টালচাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট, ষ্টেজ-III (২x৬৬০ মেগাৱাট)ৰ আধাৰশিলা স্থাপন কৰিব। এই শক্তি প্ৰকল্পসমূহে ওড়িশাৰ লগতে আন কেইবাখনো ৰাজ্যলৈও কম খৰচী বিদ্যুৎ যোগান ধৰিব।
প্ৰধানমন্ত্ৰীয়ে ২৭,০০০ কোটিৰো অধিক মূল্যৰ নেইভেলী লিগনাইট নিগমৰ তালাবিৰা তাপ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক শক্তিশালী কৰি এই অত্যাধুনিক প্ৰকল্পই নিৰ্ভৰযোগ্য, সুলভ আৰু ২৪ ঘণ্টাই শক্তি প্ৰদান কৰিব যিয়ে দেশৰ শক্তি সুৰক্ষাত যথেষ্ট অৰিহণা যোগাব আৰু দেশৰ অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
বছৰৰ পিছত বছৰ ধৰি পূজা বন্ধ থকা জ্ঞানৱাপী মছজিদত আৰম্ভ হ’ল পূজা। মছজিদটোৰ এক বিশেষ অংশত পূজা অব্যাহত থাকিব। এলাহাবাদ উচ্চ ন্যায়ালয়ে বাৰাণসী জিলা আদালতৰ আদেশ বাহাল ৰাখি এই ৰায়োন কৰে । উচ্চ ন্যায়ালয়ে কয় যে গোচৰটোৰ শুনানি চলি থকাৰ মাজতে মন্দিৰ চৌহদত পূজা অনুষ্ঠিত কৰিব পাৰিব।
শেহতীয়াকৈ এএছআইৰ প্ৰতিবেদনত কোৱা হৈছে যে মছজিদৰ ৱুজুখানা চৌহদতো এটা শিৱলিংগৰ অস্তিত্ব পোৱা গৈছে। প্ৰতিবেদনখনত হনুমান, বিষ্ণু আৰু নন্দীৰ মূৰ্তিৰ কথাও উল্লেখ কৰা হৈছিল। মধ্যযুগীয় দেৱ-দেৱীৰ মূৰ্তি আৰু ভাস্কৰ্যও পোৱা গৈছে বুলি জানিব পৰা গৈছে।
এই প্ৰতিবেদনৰ পিছত মছজিদত উপাসনা কৰাৰ অনুমতি বিচাৰি বাৰাণসী জিলা আদালতৰ কাষ চাপিছিল ভক্তই । দুদিন পূৰ্বে বাৰাণসী জিলা আদালতে হিন্দু ভক্তসকলক ‘ব্যাস কা টয়খানা’ চৌহদত উপাসনা কৰিবলৈ অনুমতি দিছিল। এই নিৰ্দেশৰ কেইঘণ্টামান পিছত মাজনিশা পূজা আৰু আৰতি আৰম্ভ হৈছিল। হিন্দু পক্ষই প্ৰশাসনৰ উপস্থিতিত পূজা আৰম্ভ কৰিছিল।