Home Blog Page 1102

জীৱনশৈলীত এই ৫টা পৰিৱৰ্তনৰ জৰিয়তে পিচিঅ’এছ সমস্য়া নাইকিয়া কৰিব পাৰি…

মহিলাসকলৰ বাবে পিচিঅ’এছ এক গুৰুতৰ সমস্যা হৈ পৰিছে। পিচিঅ’এছ ৰোগত আক্ৰান্ত মহিলাৰো ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বেছি। পিচিঅ’এছৰ মূল কাৰণ অস্বাস্থ্যকৰ জীৱনশৈলী বুলি ধৰা হয়। বৰ্তমান সময়ত বিশ্বৰ প্ৰায় ১০ শতাংশ মহিলা পিচিঅ’এছ ৰোগত আক্ৰান্ত। ইয়াৰ বাবে পিৰিয়ডছত অশান্তি, ডিম্বাণু সঠিকভাৱে নোলোৱাৰ বাবে গৰ্ভধাৰণ কৰিব নোৱাৰা, মুখৰ ব্ৰণ বা চুলিৰ সমস্যা, ওজন বৃদ্ধি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। পিচিঅ’এছ ৰোগত আক্ৰান্ত মহিলাৰো ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বেছি। এনে পৰিস্থিতিত জীৱনশৈলীত ৫টা সৰু সৰু পৰিৱৰ্তন কৰি পিচিঅ’এছৰ পৰা হাত সাৰিব পাৰি-

১/ মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক
মানসিক চাপক অনিয়মিত মাহেকীয়া হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ বুলি ধৰা হয়। কৰ্মৰ চাপ আৰু ব্যক্তিগত জীৱনৰ বহু সমস্যাৰ বাবে মানুহ মানসিক প্ৰত্যাহ্বানৰ সন্মুখীন হয়। এনে পৰিস্থিতিত মানসিক স্বাস্থ্যৰ ওপৰত হেঁচা পৰে, যাৰ ফলত পিৰিয়ড অনিয়ন্ত্ৰিত হৈ পৰিব পাৰে।

২/ খাদ্যাভ্যাস সঠিকভাৱে ৰাখক
পিচিঅ’এছ ৰোগত আক্ৰান্ত মহিলাসকলে খাদ্যাভ্যাসৰ জৰিয়তে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে। এনে পৰিস্থিতিত ফলমূল, শাক-পাচলি, মাহজাতীয় শস্য, দাইল, বাদাম, গুটি আদি বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ ফলত ইনচুলিনৰ মাত্ৰা ৰাখে আৰু পিচিঅ’এছ পৰিচালিত হৈ থাকে। ইয়াৰ লগতে খাদ্যত থকা কাৰ্বহাইড্ৰেট কম কৰিব। চেনি, বগা ৰুটি, বগা চাউলৰ দৰে ৰিফাইন কাৰ্ববোৰৰ পৰা আঁতৰি থাকক, কাৰণ এইবোৰে বহু সমস্যাৰ সৃষ্টি কৰে।

৩) প্ৰদাহ নিবাৰণকাৰী খাদ্য সেৱন কৰা
পিচিঅ’এছক প্ৰদাহজনিত অৱস্থা বুলি গণ্য কৰা হয়, যিটো খাদ্যৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰি। যেনে- ব্ৰণ আৰু ওজন বৃদ্ধিৰ সমস্যা। এনে পৰিস্থিতিত বিলাহী, শাক, চৰ্বিযুক্ত মাছ যেনে মাগুৰ আৰু টুনা, বাদাম এই সমূহ বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰক। একে সময়তে প্ৰচেছড খাদ্য আৰু চেনিযুক্ত পানীয়ৰ পৰাও আঁতৰি থাকিব লাগে।

৪/ শাৰীৰিক ক্ৰিয়া-কলাপ কৰক
পিচিঅ’এছ পৰিচালনা কৰিবলৈ স্বাস্থ্যসন্মত খাদ্য খোৱাৰ লগতে শাৰীৰিকভাৱে সুস্থ হৈ থকাটোও অতি প্ৰয়োজনীয়। সপ্তাহত কমেও ১৫০ মিনিট ব্যায়ামে মানসিক চাপ নিয়ন্ত্ৰণত সহায় কৰে। ব্যায়ামে কেলৰি জ্বলোৱাত সহায় কৰে আৰু ইনচুলিন নিয়ন্ত্ৰণ কৰে।

৫/ ভিটামিন ডি
পিচিঅ’এছত আক্ৰান্ত মহিলাসকলে সাধাৰণতে ভিটামিন ডিৰ অভাৱত ভুগি থাকে, যাৰ ফলত ইনচুলিন প্ৰতিৰোধ ক্ষমতা আৰু ওজন বৃদ্ধি হ’ব পাৰে। পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ গ্ৰহণ আৰু ভিটামিন ডি সমৃদ্ধ খাদ্য খালে ভিটামিন ডিৰ অভাৱ নিৰাময় হয় আৰু প্ৰজনন ক্ষমতা বৃদ্ধি পায়। ইয়াৰ লগতে টাইপ ২ ডায়েবেটিছ, হৃদৰোগ আৰু ষ্ট্ৰোকৰ সমস্যাও কমাব পাৰি।


বাইহাটাৰ বিহদিয়াত স্থানীয় বিধায়কৰ উপস্থিতিত সাংসদ দিলীপ শইকীয়াই উন্মোচন কৰিলে উচ্চ ক্ষমতা সম্পন্ন লাইট

কামৰূপ জিলাৰ বিহদিয়াত উচ্চ ক্ষমতা সম্পন্ন লাইটৰ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সাংসদ আৱন্তিত আণ্টাইড ফাণ্ডৰে নিৰ্মিত উক্ত উচ্চ ক্ষমতা সম্পন্ন লাইটৰ শুভ উন্মোচন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু কমলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই।

উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এটি উচ্চ ক্ষমতা সম্পন্ন লাইটৰ অভাৱ অনুভৱ কৰি আহিছিল। যদিও সাংসদ গৰাকীয়ে এই অভাৱ পূৰণ কৰাৰ বাবে সাংসদ তথা বিধায়কৰ প্ৰশংসা কৰে বিহদিয়া শান্তি চক কমিটিৰ লগতে স্থানীয় ৰাইজে।

উন্মোচনী অনুষ্ঠানত বিহদিয়া জাজিকোনা মণ্ডল বিজেপিৰ সভাপতি উমেশ ডেকা, মুক্তাপুৰ পঞ্চায়তৰ সভাপতি দিলীপ ডেকা, সমাজকৰ্মী মহেশ্বৰ পাটোৱাৰী, ৰমেশ শইকীয়া, সমাজকৰ্মী অংকুৰ দাস, খগেশ ডেকা আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে।

-ইফ্তাজুল হক, বাইহাটা চাৰিআলি

নাজিৰাৰ জোকতলি আঞ্চলিক শাখাৰ অধিৱেশন সম্পন্ন…

উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ অন্তৰ্গত জোকতলি আঞ্চলিক শাখাৰ বাৰ্ষিক অধিবেশনভাগী জোকতলি আঞ্চলিক শাখাৰ উদ্যোগত আৰু বিশ্বজ্যোতি প্ৰাথমিক শাখাৰ আতিথ্যত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন কৰে ভাৰপ্ৰাপ্ত সভাপতি শোণিত গগৈয়ে। পুৱা নাম- প্ৰসংগ, প্ৰসাদ বিতৰণ, দিহানাম আদি কাৰ্যসূচীৰ পিছতে আঞ্চলিকৰ মূল কাৰ্যসূচীৰ লগতে প্ৰতিনিধি সভা অনুষ্ঠিত হয়। অধিৱেশনভাগীত মূলৰ সদস্য যতীন লাহন, নাজিৰা জিলা শাখাৰ সভাপতি দেবেন কোঁৱৰ, জিলা শাখাৰ সম্পাদক কমল গোহাঁই, আঞ্চলিকৰ উপদেষ্টা দীপক ভৰালীকে প্ৰমুখ্য কৰি জোকতলি আঞ্চলিকৰ শতাধিক বাপ- আইয়ে অংশগ্ৰহণ কৰে।

প্ৰতিদিনে পুৱা ডালিম খালে বহু ৰোগৰ পৰা মুক্ত হ’ব…

ডালিম অতি উপকাৰী ফল, ডালিম খালে বহু ৰোগ নিৰাময় হয়। ভিটামিন, কেলচিয়াম, প্ৰটিন আৰু পটাছিয়াম আদি মৌল ডালিমত পোৱা যায়। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত নিশ্চয়কৈ ডালিম অন্তৰ্ভুক্ত কৰিব লাগে। আজি আপোনালোকক জনাম ডালিম খোৱাৰ খোৱাৰ উপকাৰিতাৰ বিষয়ে। ডালিম আপোনাৰ শৰীৰৰ বাবে অতি উপকাৰী। যদি আপোনাৰ শৰীৰত তেজৰ অভাৱ হয় তেন্তে আপুনি ডালিম খোৱা উচিত। শৰীৰৰ দুৰ্বলতাও দূৰ কৰে ডালিমে-

সুস্থ হৃদযন্ত্ৰ বজাই ৰাখিবলৈ দৈনিক এটাকৈ ডালিম খাব লাগে।

ডায়েবেটিছ ৰোগীয়ে দৈনিক খাব লাগে ডালিম। তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণতো ই অতি সহায়ক।

ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে আৰু শৰীৰক শক্তিশালী কৰাত অতি সহায়ক বুলি প্ৰমাণিত হয়।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে জয় শ্ৰী ৰামৰ টেটু যুৱকৰ…

২২ জানুৱাৰীলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰামভক্তসকলে। সমগ্ৰ দেশতে দীপাৱলী উদযাপনৰ লগতে ভৱিষ্যৎ আৰু ঐশ্বৰিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব। ইফালে শ্ৰীৰামৰ টেটুৰ উন্মাদনা বৃদ্ধি পাইছে ভক্তসকলৰ মাজত।২২ জানুৱাৰীত অযোধ্যাত ভগৱান শ্ৰীৰাম মন্দিৰৰ অভিষেকৰ আয়োজন কৰা হ’ব যাৰ বাবে বহু প্ৰস্তুতি চলোৱা হৈছে। ইফালে ভক্তসকলৰ মাজত শ্ৰীৰামৰ টেটুৰ বাবে যথেষ্ট উন্মাদনা।

বাৰাণসীত শ্ৰীৰাম টেটুৰ উন্মাদনা বাঢ়িছে। যুৱক সকলে হাতত জয় শ্ৰী ৰাম নাম লিখি টেটু কৰা দেখা গৈছে।

জয় শ্ৰী ৰাম নামেৰে টেটু বনোৱাৰ সময়ত মানুহৰ মুখত দেখা গৈছে এক বেলেগ ধৰণৰ সুখ।

মন্দিৰৰ গৰ্ভগৃহত স্থাপন কৰা হ’ব ৫১ ইঞ্চি উচ্চতাৰ ৰামলালাৰ মূৰ্তি।

শ্ৰী ৰাম মন্দিৰ অতি ভৱিষ্যদ্বাণীত নিৰ্মাণ আৰু সজাই তোলা হৈছে। ভক্তসকলে মূৰ্তিৰ দৰ্শন কৰিবলৈ অতি আগ্ৰহী।

AADMA ৰ মৰিগাঁও জিলা কমিটি গঠন, তোফাইল আহমেদক যুটীয়া সম্পাদক (প্ৰশাসনিক)ৰ দায়িত্ব অৰ্পণ

৭ জানুৱাৰী দেওবাৰে মৰিগাঁও পৌৰসভাৰ প্ৰেক্ষাগৃহত মৰিগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ ডিজিটেল মেডিয়াৰ সাংবাদিকসকলৰ উপস্থিতিত All Assam Digital Media Association চমুকৈ AADMA ৰ মৰিগাঁও জিলা কমিটি গঠন কৰা হয়।

এই সন্থাৰ জড়িয়তে অসমৰ ডিজিটেল মেডিয়াৰ সৈতে জড়িত সাংবাদিকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা তথা ডিজিটেল মেডিয়াৰ সাংবাদিকসকলক বৈদ্যুটিক সংবাদ মাধ্যম আৰু ছপা সংবাদ মাধ্যমৰ সমান মৰ্যদা দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

লগতে ডিজিটেল মিডিয়া সমূহে যাতে চৰকাৰী বিজ্ঞাপন, জনসংযোগ বিভাগৰ অনুমোদিত পৰিচয় পত্ৰ লাভ কৰে তাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত কেন্দ্ৰীয় কমিটিৰ মুখ্য সাংগঠনিক সম্পাদক আব্দুল্লাহেল কাফে, সাংগঠনিক সম্পাদক ইমামুল হুছেইন চৌধুৰী আৰু কেন্দ্ৰীয় কমিটিৰ সংগঠক তথা মৰিগাঁও জিলাৰ সংগঠনটোৰ নিৰ্দেশক নেকিবুৰ ৰহমান হাজৰিকাৰ উপস্থিতিত সৰ্ব সন্মতি মৰ্মে সুশীল নাথক উপদেষ্টা, নেকিবুৰ ৰহমান হাজৰিকাক ভাৰপ্ৰাপ্ত সভাপতি তথা ৰাজ্যিক প্ৰতিনিধি, এনামুৰ ৰহমানক কাৰ্যকৰী সভাপতি, পুলিন কাকতিক উপ সভাপতি, দীপক কুমাৰ ডেকাক সাধাৰণ সম্পাদক, অসম দৈনিকৰ স্বত্বাধিকাৰী তথা আইনৰ ছাত্ৰ তোফাইল আহমেদক যুটীয়া সম্পাদক ( প্ৰশাসনিক ), কিশোৰ ডেকা ৰজাক সাংগঠনিক সম্পাদক, ৰাহুল ডেকাক সম্পাদক, পিংকু দাসক কোষাধ্যক্ষ, তামজিদুৰ ৰহমানক সহ: সম্পাদক, আনোৱাৰ হুছেইনক সহ: সম্পাদক , মনোৰঞ্জন মহন্তক সহ: সম্পাদক, আব্দুল হানিফক সহ: সম্পাদক আৰু সদস্য সংগঠক ক্ৰমে ছাজিদ আহমেদ, ছামচুল হক ( বাবুল ), ছাদ্দাম হুছেইন, আব্দুল বাছিদক দায়িত্ব দিয়া হয় । উল্লেখ্য যে AADMA ৰ প্ৰথমটো মৰিগাঁও জিলা কমিটি গঠন কৰা হয়।

ঢেকীয়াজুলিত অনুষ্ঠিত অখিল অসম কলৱাৰ সমাজৰ চতুৰ্থ কেন্দ্ৰীয় মহাসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ঢেকীয়জুলিৰ ভুটপাৰাট অনুষ্ঠিত হৈছে অখিল অসম কলৱাৰ সমাজৰ চতুৰ্থ কেন্দ্ৰীয় মহাসভা৷ উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই মহাসভা৷ উক্ত অনুষ্ঠানটিত দেওবাৰে উপস্থিত হৈ গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়- ‘দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ৰাজ্যলৈ অহা অন্য সমাজৰ প্ৰিয় ভাতৃ-ভগ্নীসকললৈ মোৰ একান্ত অনুৰোধ নিজ সংস্কৃতিৰ অভ্যাসৰ লগতে অসমীয়া সংস্কৃতিৰ লোকাচাৰসমূহো শিকিবলৈ যত্ন কৰক৷ এই সাংস্কৃতিক বিনিময়ৰ জৰিয়তে ৰাজ্যত এক সুন্দৰ সমন্বয় বাতাৱৰণৰ সূচনা হ’ব’৷

মুকলি সভাৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী অশোক সিংঘাল,বৰছলা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ লগতে কেইবাখনো ৰাজ্যৰ বিধায়ক সংসদৰ উপৰিও বহুতো বিশিষ্ট লোক উপস্থিত থাকে৷

-প্ৰশান্ত বৈশ্য, ঢেকীয়াজুলি

৬ জোৱাৰিক আটক হোজাই আৰক্ষীৰ

যোৱাৰ বিৰুদ্ধে হোজাই আৰক্ষীৰ বিশাল অভিযান।

সম্প্ৰতি বহু দিন ধৰি হোজাই জিলা প্ৰশাসনে অবৈধ জোৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আহিছে।

সমান্তৰাল বাবে শনিবাৰে নিশা হোজাই আৰক্ষীয়ে হোজাই চহৰৰ পুৰণা বজাৰত বিশেষ গোপন সূত্ৰে অভিযান চলাই নগদ ধন 5,510 টকা সহ 5 মোবাইল ফোন আৰু ৬ জন জোৱাৰিক আটক কৰে।

আটকাধীন জোৱাৰি কেইটা ক্ৰমে- কামাল উদ্ধিন, কৃষ্ণ দাস, সুমন ৰয়, ফুলন দাস, সৌৰভ ৰয়, আৰু নুৰ ইছলাম।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জোৱাৰী কেইটাক হোজাই আৰক্ষী থানাত আটক কৰি জেৰা অব্যাহত ৰাখিছে।

কাকপথাৰৰ ন-মাইঠঙত বাইকৰ খুন্দাত নিহত দুজনকৈ ছাত্ৰ…

কাকপথাৰৰ ন-মাইঠঙত ভয়ংকৰ দুৰ্ঘটনা। বাইকৰ খুন্দাত নিহত দুজনকৈ ছাত্ৰ।

নিহত সোণজানৰ গিৰি মৰাণ, ন-মাইঠঙৰ পৰাগ বুঢ়াগোহাঁই।

হীৰেন হাজৰিকা নামৰ আন এজন ছাত্ৰ আহত। এখন চাইকেলত খুন্দা মাৰিছিল তীব্ৰবেগী বাইকখনে।

BEYPORE INTERNATIONAL WATER FESTIVELত জিলিকিল সৰুপথাৰৰ নিশামণি

ক্ৰিয়া প্ৰতিভাৰে জিলিকিছে সৰুপথাৰ ৷ লাভলীনা , নয়নমনীৰ পিচতেই সৰুপথাৰৰ নাম উজ্বলাবলৈ সক্ষম হৈছে সৰুপথাৰৰ নগাজৰী দ চুক গাঁৱৰ বিপুল বৰা আৰু ৰুণুৰ বৰা জ্যেষ্ঠ কন্যা নিশামনি বৰাই।

নিশামনিয়ে কেৰালা পৰ্যটন বিভাগৰ উদ্যোগত ২০২৩ বৰ্ষৰ ২৬ডিচেম্বৰৰ পৰা ২৯ডিচেম্বৰলৈকে অনুষ্ঠিত Beypore International Water Festivalৰ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি ৩য় স্থান লাভ কৰি সমগ্ৰ দেশৰ লগতে সৰুপথাৰবাসীক গৌৰৱাম্বিত কৰিবলৈ সক্ষম হৈছে৷

নিশামণিয়ে অসমৰ প্ৰথম গৰাকী চেইলাৰ হিচাবে প্ৰতিনিধিত্ব কৰি Mix category wing surfingত অংশ গ্ৰহণ কৰিছিল। সৰুপথাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীগৰাকীৰ সফলতাত এতিয়া সমগ্ৰ ধনশিৰিবাসী উৎফুল্লিত হৈ পৰিছে।

অসমবাসীৰ বাবে এটা অচিনাকি তথা কঠিন প্ৰতিযোগিতাত সৰুপথাৰৰ নগাজৰী গাৱৰ নিচিনা ভিতৰুৱা ঠাইৰ পৰা গৈ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি তৃতীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱাত সমগ্ৰ ধনশিৰিবাসীয়ে শুভেচ্ছা আৰু অভিনন্দন জনাইছে। নিশামনিৰ সফলতাৰ লগতে অনাগত দিনত নিশামনিয়ে উন্নন মাণদণ্ডৰ প্ৰক্ষিশনৰ বাবে পালতৰা নাও লগতে আৰ্থিক সাহাৰ্যৰ কথা ইতিমধ্যে ঘোষণা কৰিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ৷
-হেমন্ত তামুলী, সৰুপথাৰ ৷