Home Blog Page 1110

শৰীৰত এন্টিঅক্সিডেন্টৰ অভাৱ হ’লে এই সমূহ শাক-পাচলি খাব…

নিৰামিষ খাদ্যত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায়। আপোনাৰ শৰীৰত থকা এন্টিঅক্সিডেন্টৰ অভাৱ কোনবোৰ খাদ্যই পূৰণ কৰিব পাৰে জানেনে। এন্টিঅক্সিডেন্ট আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবোৰে আমাৰ কোষ আৰু কলাবোৰক সুৰক্ষা দিয়ে আৰু বহুতো ভয়াৱহ ৰোগ প্ৰতিৰোধ কৰে। ইয়াৰ উপৰিও এন্টিঅক্সিডেন্টে চৰ্বি, কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ দৰে গুৰুত্বপূৰ্ণ পদাৰ্থবোৰকো অৱক্ষয়ৰ পৰা ৰক্ষা কৰে। এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য খালে কেন্সাৰ, চেনি আৰু হৃদৰোগৰ পৰা হাত সাৰিব পাৰি। গতিকে এন্টিঅক্সিডেন্ট খাদ্য খোৱাটো অতি প্ৰয়োজনীয়।

ষ্ট্ৰবেৰীত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায়। এই এন্টিঅক্সিডেন্টবোৰে আমাৰ শৰীৰৰ কোষবোৰক সুৰক্ষা দিয়ে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ষ্ট্ৰবেৰীত দুটা প্ৰধান এন্টিঅক্সিডেন্ট পোৱা যায় – ফ্লেভন’ইড আৰু এন্থ’চাইনিন। ফ্লেভন’ইডে কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু শৰীৰত উপস্থিত ফ্ৰী ৰেডিকেল ৰোধ কৰে। এন্থ’চাইনিনে ফ্ৰী ৰেডিকেলৰ কাৰ্য্যকলাপো হ্ৰাস কৰে আৰু ই কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায় কৰে। সেয়ে ষ্ট্ৰবেৰী খালে শৰীৰত থকা এন্টিঅক্সিডেন্ট বাঢ়ি যায় আৰু বহু ৰোগৰ পৰা আমাক ৰক্ষা কৰে।

পালেং শাকত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট পোৱা যায় যিবোৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। পালেং শাকত কেৰটিনয়ড, ভিটামিন চি আৰু ভিটামিন ই নামৰ এন্টিঅক্সিডেন্ট থাকে। কেৰটিনয়ড নামৰ এন্টিঅক্সিডেন্টবোৰে আমাৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে। ভিটামিন চি আৰু ভিটামিন ইয়ে ফ্ৰী ৰেডিকেলৰ সক্ৰিয়তা হ্ৰাস কৰি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

ব্ৰকলিত গ্লুক’ৰাফেনিন নামৰ এক বিশেষ ধৰণৰ এন্টিঅক্সিডেন্ট থাকে। ই কেন্সাৰৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। গ্লুক’ৰাফেনিন নামৰ এটি অক্সিডেণ্টে কেন্সাৰৰ দৰে ৰোগ সৃষ্টি কৰা ফ্ৰী ৰেডিকেলক প্ৰতিৰোধ কৰে। লগতে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে যাতে আমাৰ শৰীৰে ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰে। সেয়ে ব্ৰকলি খালে শৰীৰৰ এন্টিঅক্সিডেন্ট বৃদ্ধি পায় আৰু বহু ৰোগ বিশেষকৈ কেন্সাৰৰ পৰা আমাক ৰক্ষা কৰে। ইয়াৰ লগতে আপুনি খাদ্য তালিকাত বিলাহী, আঙুৰ, আখৰোট আদি অন্তৰ্ভুক্ত কৰিব পাৰে।


ৰাম মন্দিৰলৈ প্ৰতিদিনে ১৫ৰ পৰা ২০ লাখ টকাৰ অনুদান ভক্তৰ…

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতে বৃহৎ সংখ্যক ভক্তই অযোধ্যাত উপস্থিত হৈছে। এই মন্দিৰটোৱেও অভিলেখ সৃষ্টি কৰিছে। অতি ভক্তি আৰু উদ্যমেৰে ৰামভক্তসকলে অনুদান আগবঢ়াইছে। আশা কৰা হৈছে যে অযোধ্যাত ভক্তৰ অনুদানে দেশৰ আন সকলো মন্দিৰ অভিলেখ ভংগ কৰিব। আজি নতুনকৈ নিৰ্মিত মন্দিৰত ষষ্ঠ দিন দৰ্শন আৰু যোৱা ৫ দিন ধৰি ইয়াত ৰাইজে মুকলিকৈ দান দি আহিছে।

২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰত ৮ লাখ টকাৰ দান লাভ কৰা হৈছিল। ২৩ জানুৱাৰীত ৰামভক্তসকলে ২ কোটি ৮৯ লাখ টকা আগবঢ়াইছিল। ২৪ জানুৱাৰীত ৰাম মন্দিৰত ভক্তসকলে ১৪ লাখ টকাৰ অনুদান আগবঢ়ায়। ট্ৰাষ্টৰ মতে, মন্দিৰটোৱে প্ৰতিদিনে ১৫ৰ পৰা ২০ লাখ টকাৰ অনুদান লাভ কৰিছে। এতিয়ালৈকে ৩.৫০ কোটি টকা দান লাভ কৰিছে। উল্লেখযোগ্য যে অযোধ্যা ধামত ৰামভক্তৰ সংখ্যা বৃদ্ধি পাইছে। অনুমান কৰা হৈছে যে ৰামলালাৰ দৰ্শনৰ বাবে দৈনিক আগমন কৰা ভক্তৰ সংখ্যা ক্ৰমান্বয়ে ৩ লাখলৈ বৃদ্ধি পাব পাৰে। এই সংখ্যাই শ্ৰী ৰাম জন্মভূমিক এক নতুন স্তৰলৈ লৈ যাব। শুকুৰবাৰেও ইয়াত উপস্থিত হয় ৩.৫ লাখতকৈ অধিক ভক্ত।


ইউ পিৰ যোগী চৰকাৰে ৰামভক্তৰ প্ৰতিটো সা-সুবিধাৰ যত্ন লৈছে।


পাকিস্তানৰ পঞ্জাব প্ৰান্তত নিউমোনিয়াৰ সংহাৰ, মৃত্যু ২২০টি শিশুৰ…

পাকিস্তানৰ পঞ্জাব প্ৰান্তত নিউমোনিয়াৰ সংহাৰ৷


নিউমোনিয়াত আক্ৰান্ত হৈ ৩ সপ্তাহতে মৃত্যু হয় ২২০ টি শিশুৰ৷


মৃত আটাইকেইটি শিশু ৫ বছৰতকৈ তলৰ৷


১ জানুৱাৰীলৈ নিউমোনিয়াত আক্ৰান্ত ১০ হাজাৰতকৈও অধিক শিশু।


বিগত বৰ্ষত পাকিস্তানত নিউমোনিয়াত মৃত্যু হৈছিল ৯৯০টি শিশুৰ৷

ঘৰৰ পৰা পলাই, বিগ বছত নাম অৰ্জন কৰা ‘পাঞ্জাৱৰ কেটৰিনা’ ৩১ বছৰীয়া হ’ল…

বিগ বছ ছিজন ১৩ৰ পৰা খ্যাতি অৰ্জন কৰা শ্বেহনাজ গিলে আজি ৩১ সংখ্যক জন্মদিন উদযাপন কৰিছে। বিগ বছ ছিজন ১৩ৰ আটাইতকৈ জনপ্ৰিয় প্ৰতিযোগী তথা অভিনেত্ৰী শ্বেহনাজ গিলক আজি কোনো পৰিচয়ৰ প্ৰয়োজন নাই। বিগ বছৰ সেই এটা ছিজনে এসময়ত বিতৰ্কিত অভিনেত্ৰী আৰু গায়িকা শ্বেহনাজ গিলৰ সমগ্ৰ জীৱন সলনি কৰি পেলালে। বিগ বছৰ পিছতহে শ্বেহনাজ গিলে ছলমান খানৰ সৈতে প্ৰথমখন ছবিত অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছিল।

শ্বেহনাজ গিল স্কুলীয়া দিনৰে পৰা মডেলিংৰ প্ৰতি আকৰ্ষিত আছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰি শ্বেহনাজে বি.কমত নামভৰ্তি কৰিছিল যদিও কলেজৰ পঢ়া-শুনা মাজ বাটত এৰি মডেলিং কৰিবলৈ লয়।

শ্বেহনাজ গিলে (বিগ বছ) ঘৰৰ পৰা ওলাই আহি সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশ লৈছিল। য’ৰ পৰাই তেওঁ এটা মিউজিক ভিডিঅ’ত কাম পাইছিল। ইয়াৰ পিছত শ্বেহনাজক মাঝে দি জাট্টি, পিণ্ড দিয়ান কুডিয়ান, বেবী ৰিফিক্স আদি বহু মিউজিক ভিডিঅ’ত দেখা গৈছিল। ইয়াৰ পিছত শ্বেহনাজে সত শ্ৰী অকল, কলা-শা-কলা আৰু ঢাকা আদি ছবিত অভিনয় কৰে। তাৰ পিছত গায়িকা হিমাংশী খুৰানাৰ সৈতে হোৱা কাজিয়াৰ বাবে শ্বেহনাজ গিলে লাইমলাইট লাভ কৰে আৰু তেওঁ বিগ বছৰ ছিজন ১৩ৰ অংশ হৈ পৰে। বিগ বছ ১৩ত শ্বেহনাজ গিলে নিজকে পঞ্জাৱৰ কেটৰিনা কাইফ বুলি পৰিচয় দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

স্পটিফাইত ১০০ মিলিয়নৰ অনুৰাগী থকা প্ৰথমজন ভাৰতীয় গায়ক হিচাপে পৰিগণিত অৰিজিত সিং…

Spotify এপত ইতিহাস সৃষ্টি অৰিজিত সিঙৰ।


Spotifyত টেইলৰ ছুইফটক পাছ পেলালে অৰিজিত সিঙে।


ফ’ল’ৱার্চে স্পৰ্শ ১০০ মিলিয়নৰ ঘৰ।


১০০ মিলিয়নৰ অনুৰাগী থকা প্ৰথমজন ভাৰতীয় গায়ক হিচাপে পৰিগণিত অৰিজিত সিং।


সুৰৰ ৰজা অৰিজিত সিঙে নিজৰ যাদুকৰী কণ্ঠৰে অতি সাৱলীলভাৱে গীত গাই।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ’ত শ্ৰেষ্ঠ দলৰ সন্মান নৰ্থ লখিমপুৰ কলেজলৈ…

লক্ষীমপুৰ তেলাহি কমলাবৰীয়া মহাবিদ্যালয়ত ২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰী লৈ অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২২-২৩ ত মুঠ ১৬ টা পদকেৰে শ্ৰেষ্ঠ দলৰ সন্মানেৰে উজ্বলিল নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্বশাসিত)। উত্তৰ অসমৰ ঐতিহ্য মণ্ডিত কলেজ খনৰ এই সাফল্যই মহাবিদ্যালয় খনৰ লগতে জিলা খনিলৈ গৌৰৱ কঢ়িয়াই আনিছে। দলীয় লোক নৃত্যত মহাবিদ্যালয় দ’লটিয়ে সোণৰ পদক লাভ কৰি তৃতীয় বাৰলৈ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে । এই দলটিত আছিল বিশ্বজিৎ হাজৰিকা, লাটুমণি চাংমাই,সূৰজ গগৈ, দৰ্পণ দত্ত, প্ৰাচুৰ্য গগৈ, দীপাংকৰ নাথ, ৰিম্পী বুঢ়াগোহাঁই, ৰশ্মি গগৈ, বৰষা বৈষ্য আৰু কৰিস্মা গগৈ । দলীয় লোকগীতত ৰূপৰ পদক লাভ কৰে মহাবিদ্যালয়ৰ বিশ্বজিৎ হাজৰিকা, প্ৰাচুৰ্য গগৈ, ৰিম্পী বুঢ়াগোহাঁই আৰু ৰশ্মি গগৈৰ দলটিয়ে। লোকবাদ্যৰ সুৰ সমলয়ৰ প্ৰতিযোগিতাত মহাবিদ্যালয়ৰ দলটিয়ে দ্বিতীয় বাৰলৈ সোণৰ পদক লাভ কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। দলটিত আছিল বিশ্বজিৎ হাজৰিকা, সূৰজ গগৈ, সপ্তৰ্ষী মহন, দৰ্পণ দত্ত, প্ৰাচুৰ্য গগৈ, দীপাংকৰ নাথ, ৰিম্পী বুঢ়াগোহাঁই, কৃষ্ণা প্ৰিয়া ফুকন।

গজল গায়নত সীমা কুমাৰীয়ে ব্ৰঞ্জৰ পদক আৰু আধুনিক গীতত ৰূপৰ পদক, ৰংগোলী প্ৰতিযোগিতাত শৰৎ শইকীয়াই ব্ৰঞ্জৰ পদক আৰু কʼলাজ ত ৰূপৰ পদক, ঢোলত প্ৰাচুৰ্য গগৈয়ে ব্ৰঞ্জৰ পদক আৰু গগণাত বৰষা বৈষ্যই সোণৰ পদক, পশ্চিমীয়া সংগীতত পৰিস্মীতা দত্তই ব্ৰঞ্জৰ পদক আৰু ইনষ্টলেচনত শৰৎ শইকীয়া, শশাংকু চেতিয়া , জুবিন শইকীয়া আৰু শচীন দলেৰ দলটিয়ে সোণৰ পদক লাভ কৰে। যুৱ মহোৎসৱ শ্ৰেষ্ঠ তাৰ্কিক হিচাপে সোণৰ পদক লাভ কৰা মহাবিদ্যালয় হষ কুমাৰ সিঙে , অসমীয়া কবিতা আবৃত্তি প্ৰতিযোগিতা যাত্ৰিক ভূঞাঁই ৰূপৰ পদক লাভ কৰে, সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়ৰ দ’লটিয়ে সোণৰ পদক লাভ কৰে । সৃষ্টিশীল নৃত্যত উপাসনা শইকীয়াই বিচাৰকৰ বিশেষ বঁটা আৰু তবলা বাদনত দৰ্পণ দত্তই বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। উল্লেখ্য যে যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই আয়োজন কৰা আলোচনী প্ৰতিযোগিতাত মহাবিদ্যালয়ৰ আলোচনী খনে শ্ৰেষ্ঠ আলোচনী সন্মান লাভ কৰে। মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক লগতে মহাবিদ্যালয়ৰ সংগীত আৰু সাংস্কৃতিক শাখাৰ তত্ত্বাৱধায়ক ড° চুচেংফা গগৈ আৰু ভুগোল বিভাগৰ মুৰব্বী অধ্যাপক ড° স্বপ্নালী গগৈৰ তত্বাৱধানত দলটিয়ে যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছিল আৰু নেতৃত্ব প্ৰদান কৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সংগীত আৰু সাংস্কৃতিক বিভাগৰ সম্পাদক ৰিম্পী বুঢ়াগোহাঁইয়ে।


উল্লেখযোগ্য যে এই যুৱ মহোৎসৱেই আছিল নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্বশাসিত)ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অন্তিমটো আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ।

মহিলাৰ FIH Hockey5s বিশ্বকাপ ২০২৪: ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে ভাৰতে….

মহিলাৰ FIH Hockey5s বিশ্বকাপ ২০২৪: ছেমি ফাইনেলৰ ৰোমাঞ্চকৰ খেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে ভাৰতে।


মহিলাৰ FIH Hockey5s বিশ্বকাপ খিতাপ দখলৰ বাবে নেদাৰলেণ্ড আৰু ভাৰত হ’ব মুখামুখি।

শনিবাৰে ওমানৰ মাস্কাত অনুষ্ঠিত হ’ব এই ফাইনেল খেল।

ভিটামিনৰ অভাৱত শৰীৰত বহু সমস্যাৰ সৃষ্টি হয়, সলনি কৰক খাদ্যাভ্যাস…

ভিটামিন ভিত্তিক খাদ্য গ্ৰহণ কৰাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, যদি আপুনি অসাৱধান হয় তেন্তে শৰীৰে বহু ধৰণৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। শৰীৰক পৰ্যাপ্ত পৰিমাণৰ খাদ্য যোগান ধৰিবলৈ আৰু ৰোগবোৰ আঁতৰাই ৰাখিবলৈ আমাক বহু ধৰণৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন, ইয়াৰ ভিতৰত ভিটামিন অতি গুৰুত্বপূৰ্ণ। আমাৰ শৰীৰত ভিটামিনৰ অভাৱ হ’লে আমাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি হয়। ভিটামিনৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব পাৰি জানো আহক-

দাঁতৰ পৰা তেজ ওলালে বহুত বিষ হব পাৰে, এই সমস্যা আজিকালি সাধাৰণ হৈ পৰিছে। সাধাৰণতে ভিটামিন চিৰ অভাৱৰ বাবে এনে হয়, তেতিয়া ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হৈ পৰে। ইয়াৰ বাবে কমলা আৰু নেমুৰ পৰিমাণ বৃদ্ধি কৰিব লাগে।

যদি মুখত আলচাৰ হয় তেন্তে খাদ্য খোৱাত বহুত অসুবিধা হয়। সাধাৰণতে ভিটামিন বি ১২ আৰু আইৰণৰ অভাৱৰ বাবে এনে হয়। ইয়াৰ বাবে আপুনি চৰ্বিযুক্ত মাছ আৰু শক্তিশালী শস্য খাব পাৰে।


কিছুমান মানুহৰ ৰাতি দৃষ্টিশক্তি বেয়া হয়। যিসকল লোকে খাদ্যত ভিটামিন এ ভিত্তিক খাদ্য কমকৈ খায় তেওঁলোকে এই সমস্যাৰ সন্মুখীন হয়। ইয়াৰ পৰা হাত সাৰিবলৈ কচু আৰু অমিতা খাব লাগে।

যদি শৰীৰত ভিটামিনৰ অভাৱ হয় তেন্তে ই আমাৰ সৌন্দৰ্য্যতো প্ৰভাৱ পেলায়। আপুনি দেখিব যে নখ আৰু চুলি আগতকৈ দুৰ্বল হৈ পৰিছে, যাৰ বাবে ই সহজে ভাঙিব পাৰে।

ভোটাধিকাৰ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় আৰু জাতীয় দায়িত্ব পালন কৰিবলৈ যুৱশক্তিক আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া দেশৰ নতুন ভোটাৰসকলক বৃহস্পতিবাৰে ‘ৰাষ্ট্ৰীয় ভোটাৰ দিৱস’ৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাৰুৱা কথাৰে উজ্জীৱিত কৰে আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে। এই অভিনৱ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটীতো আয়োজিত ‘নমো নৱ ভোটদাতা সন্মিলন’ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি নতুন ভোটাৰসকলৰ সৈতে মত বিনিময় কৰে।

যুৱশক্তিক উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “যুৱশক্তি ~ ভাৰতৰ মহাশক্তি। এই যুৱশক্তি শক্তিশালী হ’লেহে দেশ শক্তিশালী হ’ব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ লোৱাৰ পৰাই বিগত প্ৰায় ১০ বছৰে যুৱপ্ৰজন্মৰ সবলীকৰণৰ দিশটোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে। বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে যুৱপ্ৰজন্মৰ বাবে বিভিন্ন কল্যাণকামী আঁচনি তথা পদক্ষেপ গ্ৰহণৰ লগতে যুৱশক্তিক দেশৰ উন্নয়নৰ নৱজাগৰণৰ মহাশক্তিলৈ ৰূপান্তৰিত কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশৰ যুৱশক্তিৰ আশা-আকাংক্ষা বাস্তৱায়িত হৈছে। ২০৪৭ চনৰ অমৃতকালৰ ভিতৰত ভাৰতক বিশ্বৰ বুকুত এখন আত্মনিৰ্ভৰ আৰু আগশাৰীৰ শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ দিশত এই যুৱশক্তিয়ে সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি দৃঢ় বিশ্বাসী।”

সোণোৱালে লগতে কয়, “এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়াত ভাগ ল’বলগীয়া নতুন ভোটাৰসকলক মই শুভকামনা জনালোঁ। তেওঁলোক দেশৰ প্ৰগতিৰ নতুন ধ্বজাবাহক। অনাগত দিনবোৰত ভোটাধিকাৰ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় আৰু জাতীয় দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ যুৱশক্তিক আহ্বান জনালোঁ। পূৰ্বতে কংগ্ৰেছ চৰকাৰে যুৱপ্ৰজন্মক ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছিল, আনহাতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কোনোধৰণৰ সদিচ্ছামূলক পদক্ষেপ হাতত নল’লে। কংগ্ৰেছৰ দিনত যুৱপ্ৰজন্মই তীব্ৰ হতাশাত ভুগিছিল। কিন্তু মোদী ডাঙৰীয়াই এখন বিকশিত, আত্মনিৰ্ভৰ আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ দিশত ভাৰতৰ যুৱপ্ৰজন্মক যথেষ্ট উদ্বুদ্ধ কৰিছে। আমাৰ চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত যুৱশক্তিক সবাতোকৈ অগ্ৰাধিকাৰ দি কাম কৰি আছে।

‘ষ্টাৰ্ট আপ ইণ্ডিয়া’, ‘ডিজিটেল ইণ্ডিয়া’, ‘পিএম বিশ্বকৰ্মা’, ‘স্কিল ইণ্ডিয়া মিছন’, ‘মেক ইন ইণ্ডিয়া’, ‘পিএম মুদ্ৰা যোজনা’, ‘ৰোজগাৰ মেলা’ আৰু বহুতো বিষয়ৰ উদ্দেশ্য হৈছে আমাৰ যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যত প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ সক্ষম কৰা। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত দেশৰ ৰূপান্তৰ সাধনৰ দিশত যুৱশক্তিক বিশেষ প্ৰাধান্য দিয়া হৈছে। এতিয়া চাকৰিৰ উপৰিও স্ব-নিযুক্তি আৰু উদ্যমিতাৰ ক্ষেত্ৰখন যুৱপ্ৰজন্মৰ বাবে সুচল হৈ উঠিছে। দেশৰ যুৱক-যুৱতীসকলে কংগ্ৰেছৰ অপশাসনৰ দিনত দুৰ্নীতিৰ কুফলৰ বিৰুদ্ধে যুঁজিব লগা হৈছিল। নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ নোহোৱাৰ ফলত বহু মেধাৰ অপচয় হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কংগ্ৰেছৰ এই পক্ষপাতমূলক অন্ধকাৰ যুগৰ অৱসান ঘটাই দেশৰ যুৱপ্ৰজন্মৰ মাজত আশাৰ নতুন ৰেঙণিৰ সঞ্চাৰ কৰিলে। নতুন প্ৰজন্মৰ অফুৰন্ত উৎসাহ-উদ্দীপনা আৰু কৰ্মকুশলতা অত্যন্ত প্ৰশংসনীয়। ভাৰত মাতাৰ প্ৰতি নিষ্ঠাপূৰ্ণ সেৱা আগবঢ়াই যোৱাৰ ক্ষেত্ৰত এই যুৱশক্তিয়ে অগ্ৰণী ভূমিকা পালন কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। মোদী ডাঙৰীয়াৰ উন্নয়নমূলক পদক্ষেপৰ সৈতে যুৱপ্ৰজন্মক ব্যাপক ৰূপত চামিল কৰাৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ সভাপতি শ্ৰী সিধাংকু অংকুৰ বৰুৱা আৰু উৎসাহী কাৰ্যকৰ্তাসকলৰ শলাগ লৈছোঁ। যুৱশক্তিলৈ মোৰ আন্তৰিক আহ্বান- আপোনাৰ এটা মূল্যবান ভোটেই আপোনাৰ সপোনৰ ভাৰতবৰ্ষখন গঢ়ি তোলাত সহায় কৰিব।”

অনুষ্ঠানত লগতে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উপ-সভাপতিদ্বয় নৱ কুমাৰ দলে আৰু জয়ন্ত কুমাৰ দাস, সম্পাদক বিকুল ডেকা, ভাৰতীয় জনতা যুৱ মৰ্চা, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি নীহাৰেন্দ্ৰ শৰ্মা প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল।

বিৰাট কোহলিলৈ ICC Men’s ODI Cricketer Of The Year বঁটা

আই চি চি ক্রিকেট বিশ্বকাপ ২০২৩ ত শ্ৰেষ্ঠ খেলুৱৈ বিৰাট কোহলি।

ভাৰতৰ অসাধাৰণ বেটাৰগৰাকীক আই চি চিৰ বর্ষশ্রেষ্ঠ এদিনীয়া বঁটাৰে সন্মানিত কৰা হৈছে।

বিৰাট কোহলিলৈ চতুৰ্থবাৰৰ বাবে ICC Men’s ODI Cricketer Of The Year বঁটা আগবঢ়োৱা হৈছে৷

২০১২, ২০১৭, ২০১৮ৰ পাছত ২০২৩ বৰ্ষৰ বাবেও বিৰাট কোহলিলৈ ICCৰ এই সন্মান৷