Home Blog Page 1111

তেজপুৰত ৬৭৪০ টা পৰিয়ালৰ মাজত আনুষ্ঠানিকভাৱে নতুনকৈ ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

অসমৰ জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকাই বৃহস্পতিবাৰে তেজপুৰৰ মাজগাঁৱস্থিত শ্বহীদ বাকৰিত আয়োজিত এক অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহৰ মাজত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে।

উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক যোৱা ১৬ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰি অহা হৈছে। ইয়াৰ অংশ হিচাপে জলসম্পদ মন্ত্ৰীগৰাকীয়ে তেজপুৰ বিধানসভা সমষ্টিত মুঠ ২৯,৬৬৮ জন ব্যক্তিক সামৰি ৬,৭৪০ টা পৰিয়ালৰ মাজত আনুষ্ঠানিকভাৱে নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰে।

ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে খাদ্য সুৰক্ষা আইনৰ অধীনত অন্ত্যোদয়া অন্ন যোজনা কাৰ্ড আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল কাৰ্ডৰ জড়িয়তে পৰিয়ালে প্ৰতি মাহে ৩৫ কিল’গ্ৰামকৈ আৰু সদস্যই প্ৰতি মাহে ৫ কিল’গ্ৰামকৈ চাউল লাভ কৰে। ইয়াৰোপৰি ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে আয়ুষ্মান আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আৰু উজ্জ্বলা আঁচনিৰ অধীনতো সুবিধা লাভ কৰিব পাৰে । আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে এই কথা প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে সৰ্বসাধাৰণৰ ভোক আৰু পুষ্টিহীনতা নিবাৰণৰ দ্বাৰা দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে দেশৰ প্ৰতিগৰাকী ব্যক্তিয়ে আত্মসন্মানেৰে জীয়াই থাকিব পৰাকৈ কাম কৰাৰ প্ৰয়াস কৰা বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দিকদৰ্শনেৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইও ৰাজ্যখনক আগবঢ়ায় নিবলৈ বহুখিনি পদক্ষেপ হাতত লৈছে।

অৰুণোদয়, মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ, নিকা চৰকাৰী নিযুক্তি আদি কামৰ জড়িয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত প্ৰদান কৰা প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত মন্তব্য কৰে। লগতে মন্ত্ৰীগৰাকীয়ে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, বাট পথৰ তড়িৎ উন্নয়ন, দলং নিৰ্মাণ, মিচ্যন বসুন্ধৰা, মিচ্যন ভূমিপুত্ৰ আদি ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক কাম আৰু আঁচনিসমূহৰ বিষয়েও বিস্তৃত ৰূপত বৰ্ণনা কৰে।

উল্লেখ্য যে অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰাজ্যখনত নতুনকৈ প্ৰায় ৪০ লাখ লোকক সামৰি প্ৰায় ১০ লাখ পৰিয়াললৈ ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

ধুবুৰী জিলাৰ গোলকগঞ্জৰ মণ্ডলীত ভয়ংকৰ পথ দুৰ্ঘটনা ! পথ দুৰ্ঘটনাত নিহত এজন আৰু আহত দুজন…

📌 ধুবুৰী জিলাৰ গোলকগঞ্জৰ মণ্ডলীত ভয়ংকৰ পথ দুৰ্ঘটনা।

📌পথ দুৰ্ঘটনাত নিহত এজন আৰু আহত দুজন।

📌 দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ As 17 N 9619 বুলি জানিব পৰা গৈছে।

📌 দুৰ্ঘটনাত পতিত হোৱা বাইক আৰোহী কেইজনৰ ঘৰ বিৰাট নগৰ চাৰিআলিত বুলি জানিব পৰা গৈছে।

📌নিয়ন্ত্ৰণ হেৰুৱাই আপাছি বাইক খন গছত খূন্দা মাৰাত দুৰ্ঘটনা সংঘটিত হয়।

📌নিহত মিৰাজ আলি প্ৰধানীৰ ঘৰ উত্তৰ ৰাইপুৰত বুলি জানিব পৰা গৈছে।

📌স্থানীয় ৰাইজ আৰু গোলকগঞ্জ আৰক্ষীয়ে উপস্থিত হৈ আহত দুজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । 

শীতকালত চুলি সৰা সমস্যাৰ প্ৰতিৰোধত কি কি খাদ্য খাব লাগে জানক…

গাজৰ –

গাজৰত নিহিত থকা ভিটামিন ‘এ’-এ চকুৰ ৰশ্মি বৃদ্ধি কৰে, লগতে ই চুলিৰ স্বাস্থ্য আৰু গুৰি সবল কৰি তোলাত সহায় কৰে। গাজৰত থকা ভিটামিন এ চুলিৰ তালুৰ বাবে অতি উৎকৃষ্ট।

পালেং –

শৰীৰত আইৰনৰ মাত্ৰা কমিলেও চুলি সৰে। পালেং শাক খাব পাৰিলে শৰীৰৰ লগতে চুলিৰ বাবেও ফলদায়ক। কাৰণ পালেং শাকত যথেষ্ট আইৰন থাকে, যাৰ সহায়ত চুলি মজবুত হোৱাৰ লগতে চুলি সৰাৰ সমস্যাও হ্ৰাস পায়।

দৈ –

নিয়মিত দৈ খোৱাটো চুলিৰ বাবে উপকাৰী। দৈত পোৱা যায় ভিটামিন বি-৫ আৰু ভিটামিন ডি। শৰীৰত এইসমূহ গুণাগুণৰ পৰিমাণ কমিলে চুলি সৰিবলৈ ধৰে। নিয়মিত দৈ খোৱাৰ ফলত দেহত ভিটামিন বি৫ আৰু ভিটামিন ডিৰ অভাৱ পূৰণ হয় আৰু চুলি সৰা সমস্যাও ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে।

আখৰোট –

যদি আপুনি চুলি সৰা সমস্যাৰ বাবে অতি চিন্তিত, তেন্তে দৈনিক আখৰোট খোৱা আৰম্ভ কৰক। আখৰোটত যথেষ্ট পৰিমাণে তেল নিহিত থাকে। যিয়ে চুলি অন্তৰ্ভাগৰ পৰা মজবুত কৰে। ইয়াৰ দ্বাৰা চুলি সৰা কম হ’বলৈ ধৰে।

মিঠা আলু –

ভিটামিন এ মাত্ৰাৰে ভৰপূৰ মিঠা আলু। যাৰদ্বাৰা চুলি মজবুত হয় আৰু চুলি সৰাও হ্ৰাস পায়। তদুপৰি ই মূৰৰ তালুৰ প্ৰাকৃতিক তেলৰ সুৰক্ষাত সহায় কৰে, যাৰদ্বাৰা চুলি  সবল হৈ থাকে।

কিছমিছ –

কিছমিছ খালেও চুলি সৰা কম হয়। আইৰন আৰু মিনাৰেলেৰে ভৰপূৰ কিছমিছ খালে শৰীৰত তেজৰ চলাচল বৃদ্ধি পোৱাই নহয়, চুলিও ক্ষিপ্ৰগতিত বাঢ়িবলৈ ধৰে।

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ ১৪ গৰাকীলৈ উৎকৃষ্ট সেৱা পদক ঘোষণা…

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি পদক ঘোষণা
অসমৰ এগৰাকী আৰক্ষীক বিশিষ্ট সেৱা পদক
ভিজিলেন্স এণ্ড এণ্টিকৰাপশ্যনৰ ADGP সুৰেন্দ্ৰ কুমাৰলৈ বিশিষ্ট সেৱা পদক


অসম আৰক্ষীৰ ১৪ গৰাকীলৈ উৎকৃষ্ট সেৱা পদক
তালিকাত যান-বাহন শাখাৰ DCP জয়ন্ত সাৰথি বৰা
DSP চিদানন্দ বৰা, DSP অসীম কুমাৰ দে’, নায়ক বোলোনদাও ফংলো…


হাবিলদাৰ ক্লার্ক পৰীক্ষিত গন্ধিয়া, কনিষ্টবল সঞ্জয় কুমাৰ দাস, নীলকমল শুক্লবৈদ্য
মহিলা কনিষ্টবল জুনুমণি ডেকা বৰা, ASI ধর্মেন্দ্র শইকীয়া
লেন্সনায়ক চক্ৰধৰ দাস, ASI প্ৰণৱ বৰা, ASI বিজয়ান্ত দাস
কনিষ্টবল ৰাজেশ কুমাৰ ওজা আৰু নীলিমা দাসক উৎকৃষ্ট সেৱা পদক

টিফুক চাহ বাগিচাৰ এজন যুৱক কৰ্মৰ সন্ধানত বাংগালুৰুলৈ গৈ সন্ধানহীন…

কৰ্মৰ সন্ধানত বাংগালুৰুলৈ গৈ সন্ধানহীন আমগুৰিৰ এজন যুৱক।

বিগত এসপ্তাহ ধৰি সন্ধান নাই টিফুক চাহ বাগিচাৰ লক্ষীনাথ ভূমিজৰ। ৪ বন্ধুৰ সৈতে কোম্পানীত কাম কৰিবলৈ বাংগালুৰুলৈ গৈছিল যুৱকজন।

ঘটনা সন্দৰ্ভত হালোৱাটিং আৰক্ষী থানাত এজাহাৰ পৰিয়ালৰ।

অৱসৰ সন্দৰ্ভত অলিম্পিক পদকজয়ী বক্সাৰ মেৰী কমৰ স্পষ্টীকৰণ…

মই এতিয়ালৈ অৱসৰ ঘোষণা কৰা নাই’। অৱসৰ সন্দৰ্ভত অলিম্পিক পদকজয়ী বক্সাৰ মেৰী কমৰ স্পষ্টীকৰণ। ডিব্ৰুগড়ৰ এক অনুষ্ঠানত বয়সে অনুমতি নিদিয়াৰ বাবেই অৱসৰ ল’ব লাগিব বুলি কৈছিল বক্সাৰগৰাকীয়ে।

ইতিমধ্যে এমেচাৰ চাৰ্কিটত প্ৰতিযোগিতাত অংশগ্ৰহণৰ বয়সৰ যোগ্যতা অতিক্ৰম কৰা ৪১ বছৰীয়া ছানীয়ে কয় যে এতিয়াও ইয়াক ক্ৱিটছ বুলি কোৱাৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী তথা ছবাৰৰ বক্সিং বিশ্ব চেম্পিয়ন এম চি মেৰী কমে বৃহস্পতিবাৰে অৱসৰ ঘোষণা কৰা বাতৰি খণ্ডন কৰে।

এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটিছিল পানীখাইতি অঞ্চলত ! এতিয়া এজাহাৰ দাখিল কৰিবলৈ যোৱা মৃতকৰ পৰিয়ালক হাৰাশাস্তি…

মহানগৰ আৰক্ষীৰ কাণ্ডত বিমোৰত এটা পৰিয়াল । এজাহাৰ দাখিল কৰিবলৈ যোৱা মৃতকৰ পৰিয়ালক হাৰাশাস্তি। এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটিছিল পানীখাইতি অঞ্চলত।

ঘটনাৰ তদন্তৰ বাবে এজাহাৰ দাখিলৰ বাবে গৈছিল পৰিয়ালটো। পানীখাইতি আৰক্ষী চকীয়ে গ্ৰহণ নকৰে এজাহাৰ।আৰক্ষীৰ মতে এজাহাৰ দিব লাগে ধেমাজি আৰক্ষীক ।

উপায়ান্তৰ পৰিয়ালটো কাষ চাপে প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ । প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে পৰিয়ালটো ঘূৰাই পঠিয়ালে পানীখাইতিলৈ।

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাছাৰৰ কাটিগড়াত সজীৱ গুলী আৰু সোণৰ বিস্কুটসহ দুই যুৱক গ্ৰেপ্তাৰ…

২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাছাৰৰ কাটিগড়াত পিস্তল, সজীৱ গুলী আৰু সোণৰ বিস্কুটসহ দুই যুৱক গ্ৰেপ্তাৰ । ধৃত দুই যুৱক আব্দুল আজিজ ওৰফে চানু আৰু আব্দুল ওয়াহাব বুলি জানিব পৰা গৈছে।

কাছাৰ আৰক্ষীৰ এটা দলে কাটিগড়া চৌৰঙ্গীত অভিযান চলাই ধৃত যুৱকৰ পৰা এটা ২২ পিস্তল, তিনি ৰাউণ্ড সজীৱ গুলী, ২৫০ গ্ৰাম ওজনৰ দুটা সোণৰ বিস্কুটসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে জানিবলৈ দিয়া মতে, ধৃত দুই যুৱক বহু অপৰাধমূলক কামৰ লগত জড়িত হৈ আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

তেলেংগানাত শিৱ বালকৃষ্ণৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ অভিযানত জব্দ ১০০ কোটিৰো অধিক ধনসহ নথিপত্ৰ আৰু সামগ্ৰী…

তেলেংগানাত ৰাজ্যিক ৰিয়েল ইষ্টেট নিয়ামক আয়োগ আৰু হায়দৰাবাদ

মেট্ৰ’পলিটান ডেভেলপমেণ্ট অথৰিটিৰ প্ৰাক্তন সঞ্চালক শিৱ বালকৃষ্ণৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ অভিযান।

অভিযানত জব্দ ১০০ কোটিৰো অধিক ধনসহ নথিপত্ৰ আৰু সামগ্ৰী।

ভাৰতৰ লগতে বিভিন্ন দেশৰ ভক্তই ৰাম মন্দিৰলৈ অনলাইনত এদিনতে কৰিলে ৩.১৭ কোটি টকা দান…

ৰাম মন্দিৰলৈ অনলাইনত এদিনতে ৩.১৭ কোটি টকা দান। কেৱল মঙলবাৰৰ দিনটোত এই ধন দান কৰিছে ভক্তই। ভাৰতৰ লগতে বিভিন্ন দেশৰ ভক্তই দান কৰিছে ধন।

মঙলবাৰৰ দিনটোত ৫ লাখৰো অধিক ভক্তই দৰ্শন কৰিছে ৰাম মন্দিৰ। এসপ্তাহৰ মূৰত গণনা কৰা হ’ব মন্দিৰৰ দানপাত্ৰৰ ধন।

প্ৰতিটো সপ্তাহৰ সোমবাৰে খোলা হ’ব মন্দিৰৰ দানপাত্ৰ। ৰাম মন্দিৰৰ ট্ৰাষ্টী অনিল মিশ্ৰই প্ৰকাশ কৰিছে এই তথ্য।