গণৰাজ্য দিৱসক লৈ উজনিত কটকটীয়া নিৰাপত্তা । অসম-অৰুণাচল সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলত উগ্ৰপন্থীবিৰোধী অভিযান।

উগ্ৰপন্থীৰ কূটাঘাত ৰুধিবলৈ তিনিচুকীয়াত সেনা-আৰক্ষীৰ সঞ্চালন।
জিলাখনৰ প্ৰত্যেকখন বনাঞ্চলতে সঞ্চালন সেনা-আৰক্ষী।
গণৰাজ্য দিৱসক লৈ উজনিত কটকটীয়া নিৰাপত্তা । অসম-অৰুণাচল সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলত উগ্ৰপন্থীবিৰোধী অভিযান।

উগ্ৰপন্থীৰ কূটাঘাত ৰুধিবলৈ তিনিচুকীয়াত সেনা-আৰক্ষীৰ সঞ্চালন।
জিলাখনৰ প্ৰত্যেকখন বনাঞ্চলতে সঞ্চালন সেনা-আৰক্ষী।
তেজপুৰত ইউ জি ব্ৰহ্ম, ধুবুৰীত চন্দ্ৰ মোহন পাটোৱাৰী
কামৰূপত কেশৱ মহন্ত, তিনিচুকীয়াত ৰণোজ পেগু
যোৰহাটত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব অতুল বৰাই

ধেমাজিত যোগেন মহন, শিৱসাগৰত সঞ্জয় কিষাণ
বঙাইগাঁৱত পতাকা উত্তোলন কৰিব অশোক সিংঘালে
শিলচৰত পতাকা উত্তোলন কৰিব পৰিমল শুক্লবৈদ্যই
মঙলদৈত পতাকা উত্তোলন কৰিব মন্ত্রী অজন্তা নেওগে

গোলাঘাটত পতাকা উত্তোলন কৰিব জয়ন্ত মল্লবৰুৱাই
গোৱালপাৰাত পতাকা উত্তোলন কৰিব নন্দিতা গার্লোছাই
মৰিগাঁৱত পীযূষ হাজৰিকা, মাজুলীত বিমল বৰা
বুধবাৰে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰূপহী পথাৰস্থিত ৰূদ্ৰ সিংহ ক্ৰীড়া প্ৰকল্পত অসম গণ পৰিষদ দলৰ যোৰহাট লোকসভা সমষ্টি ভিত্তিত এখনি বিশাল বুথ কৰ্মী সন্মিলন অনুষ্ঠিত হয়। প্ৰায় ১৫সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা উপস্থিত থাকি ঐক্য, শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে ৰাইজৰ হকে অসম গণ পৰিষদে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে আৰু আগলৈও পূৰ্ণোদ্যমে সেৱা আগবঢ়াই যাব বুলি মন্তব্য কৰি বৰাই সুখে-দুখে ৰাইজৰ ওচৰত থাকি প্ৰতিগৰাকী কৰ্মকৰ্তাই নিজৰ মাজত একোগৰাকী ভাল ৰাজনৈতিক কৰ্মী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব বুলি উল্লেখ কৰে।
সভাপতি বৰাই লগতে কয় যে, তৃণমূল কৰ্মী হৈছে দলটোৰ শক্তিৰ আধাৰ আৰু এই তৃণমূলৰ কৰ্মকৰ্তাসকলেহে দলৰ ভেটি স্থায়ীভাৱে শক্তিশালী কৰি ৰাখিব পাৰে আৰু আঞ্চলিকতাবাদৰ নতুন আলোড়নৰ সৃষ্টি কৰিব পাৰিব। বুথৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই এইবাৰ লোকসভালৈ অগপৰ প্ৰতিনিধি পঠিয়াবলৈ দৃঢ়তাৰে মন বান্ধিব লাগিব বুলি উল্লেখ কৰি সভাপতি অতুল বৰাই সভাত উপস্থিত সকলোকে ঐক্যবদ্ধভাৱে নিজ নিজ বুথৰ অন্তৰ্গত অঞ্চলসমূহত জনসংযোগ বৃদ্ধিৰে দলটোৰ সাংগঠনিক কাম-কাজ সবল ৰূপত আগবঢ়াই নিবলৈ আহ্বান জনায়।

বৰাই লগতে সম্প্ৰতি কংগ্ৰেছৰ মুখত সঘনে উচ্চাৰিত হৈ থকা ‘ন্যায়’শব্দটো ভূতৰ মুখত ৰামনামৰ দৰে বুলি কটাক্ষ কৰি দীৰ্ঘদিন ধৰি শাসনত থকা কংগ্ৰেছ দলৰ ইতিহাস অন্যায়-অবিচাৰ, দুৰ্নীতি-ভ্ৰষ্টাচাৰেৰে সমৃদ্ধ হৈ আছে আৰু এই ইতিহাস কোনেও ভংগ কৰিব নোৱাৰে বুলি মন্তব্য কৰি কয় যে, জনসাধাৰণে ইয়াৰ উত্তৰ নিৰ্বাচনবোৰত দি আহিছে আৰু আহি থকা নিৰ্বাচনবোৰতো দি যাব। সভাপতিগৰাকীয়ে কয় যে, ৰাহুল গান্ধী অসমলৈ আহি এতিয়া উন্নয়নৰ এখন সুকীয়া ছবি নিশ্চয় দেখিছে আৰু অসমৰ মানুহে এতিয়া বিকাশ বিচাৰে, কংগ্ৰেছক নিবিচাৰে। অন্যায়-অবিচাৰ, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ প্ৰবক্তাস্বৰূপ কংগ্ৰেছৰ বিৰুদ্ধে দলৰ প্ৰতিগৰাকী নেতা কৰ্মীয়ে দৃঢ়তাৰে থিয় হব লাগিব বুলি দলীয় কৰ্মীসকলক আহ্বান জনায়।
সভাপতি অতুল বৰাই বুথ সন্মিলনখন সফলভাৱে পৰিচালনা কৰাত ভূমিকা লোৱা অগপৰ কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দ, শিৱসাগৰ জিলা সমন্বিতে অগপৰ বিভিন্ন জিলাৰ সভাপতি আৰু সম্পাদক, বিষয়ববীয়াসকল তথা কৰ্মকৰ্তাসকলক ধন্যবাদ জনায়। সভাত উপস্থিত থাকি দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই দলৰ বুথ সমূহৰ দায়িত্বপ্ৰাপ্ত সতীৰ্থসকলক সম্বোধন কৰি কয় যে অসম গণ পৰিষদ কেৱল ৰাজনৈতিক দল নহয়, ই হৈছে অসমীয়াৰ জাতীয়তাবাদী সত্তা।
মহন্তই লগতে কয় যে, আঞ্চলিকবাদৰ চিন্তা-চেতনাৰে পুষ্ট প্ৰতিগৰাকী অসমীয়াৰ শক্তিৰে গঠিত অসম গণ পৰিষদ দল। অসম গণ পৰিষদে আপোচবিহীনভাৱে আঞ্চলিকতাবাদৰ হকে কাম কৰি গৈছে আৰু ভৱিষ্যতেও নতুন উদ্যম নতুন গতিৰে আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ বদ্ধপৰিকৰ। সন্মিলনখনত টীয়কস্থিত শ্ৰীশ্ৰী উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত গোস্বামী, দলৰ জ্যেষ্ঠ নেতা ফনীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা, পোনাকন বৰুৱা, উপসভাপতি ভৱেন্দ্ৰ নাথ ভৰালী, সম্পাদকসকল, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, ভাতৃ আৰু ভগ্নী সংগঠনসমূহৰ সভাপতি সকলৰ লগতে যোৰহাট সংসদীয় সমষ্টিৰ অৰ্ন্তগত জিলা সমিতি সমূহৰ সভাপতি প্ৰমূখ্যে বিষয়ববীয়াসকল, বিধান সভা সমষ্টি সমিতি সমূহৰ সভাপতি তথা বিষয়ববীয়াসকল আৰু বুথ সমিতিসমূহৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়া ও সদস্যসকল উপস্থিত থাকে।
I.N.D.L.A.মহাজোঁটত লাগিছে জঁট। বুধবাৰে পশ্চিমবংগত TMC এ কোনো ধৰণৰ মিত্ৰতা নকৰাকৈ অকলে নিৰ্বাচন খেলিব বুলি মমতা বেনাৰ্জীয়ে ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে আম আদমী পাৰ্টিয়ে পঞ্জাৱৰ সকলো লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে।
পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত সিং মানে ঘোষণা কৰে যে পঞ্জাৱত কংগ্ৰেছৰে মিত্রতা নহয় AAPৰ। ১৩খন আসনতে প্রতিদ্বন্দ্বিতা কৰিব আম আদমী পাৰ্টিয়ে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে, “আম আদমী পাৰ্টিয়ে পঞ্জাৱৰ ১৩খন লোকসভা আসনৰ বাবে ৪০ জন প্ৰাৰ্থীক চৰ্টলিষ্ট কৰিছে। আমি প্ৰাৰ্থী চূড়ান্ত কৰাৰ পূৰ্বে এক সমীক্ষা কৰি আছো।”
পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰা, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ আন এক প্ৰতিশ্ৰুতি পূৰণ। আজি নৱগঠিত ৬৯ নং নদুৱাৰ বিধানসভা সমষ্টিৰ ৩,০৩৭ খন নতুন ৰেচন কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰি আনন্দিত মন্ত্ৰী পীযুষ হাজৰিকা।

সমষ্টিটোৰ ১৪,৮৩০ গৰাকী হিতাধিকাৰীক এই নতুন কাৰ্ড সমূহে সামৰি ল’ব তথা উপকৃত কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰ সবল নেতৃত্বত চৰকাৰে ৰাজ্যত

নতুনকৈ ৪০ লক্ষ লোকক অৰ্ন্তভুক্ত কৰিবলৈ কেবিনেটত ইতিমধ্যে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী কৰাৰ বাবে আগবাঢ়িছে। আজিৰ এই অনুষ্ঠানত সাংসদ পল্লবলোচন দাস , বিধায়ক পদ্ম হাজৰিকা , জিলা আয়ুক্ত সহিতে প্ৰশাসনৰ বিষয়াবৰ্গ উপস্থিত থাকে।
মঙলবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ গাড়ীৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত মূৰত সামান্য আঘাতপ্ৰাপ্ত হয়।

মমতা বেনাৰ্জী ৰাজ্যৰ ৰাজধানী কলকাতালৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়

আৰু তেওঁৰ আঘাত সন্দৰ্ভত অধিক সবিশেষ জানিবলৈ অপেক্ষা কৰা হৈছে।
বুধবাৰে দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে। কেৱল সেয়াই নহয়, ৰাজধানীকে ধৰি উত্তৰ ভাৰতৰ কেইবাটাও স্থানত অব্যাহত থাকিব ঠাণ্ডা। আজিৰ দিনটোতো পুৱাৰে পৰা ঘন কুঁৱলীৰে আৱৰি ধৰিছে দিল্লী।
আগন্তুক কেইদিনমানৰ বাবে বতৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। ২৭ জানুৱাৰী পৰ্যন্ত পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু উত্তৰ প্ৰদেশৰ ওপৰত কেইবাটাও স্থানত পুৱা আৰু ৰাতিৰ সময়ত ঘনৰ পৰা অতি ঘন কুঁৱলীৰ সৃষ্টি হ’ব পাৰে।
উত্তৰ ভাৰতৰ বাহিৰেও উত্তৰ-পূব ভাৰতৰ আন আন ৰাজ্যতো কুঁৱলীৰ সতৰ্কতা। বিশেষকৈ ৰাতিপুৱা বিহাৰৰ বিস্তৃত অঞ্চল কেইবা ঘণ্টা ধৰি ঘন কুঁৱলীৰে আৱৰি থাকিব। অন্ততঃ অহা তিনিদিনলৈ এনে বতৰৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে নিজৰ প্ৰেমৰ সম্পৰ্কৰ খবৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে। শেহতীয়াকৈ ৰাম মন্দিৰত ব্যৱসায়ী নিশান্ত পিট্টীৰ সৈতে কংগনাৰ নাম জড়িত হৈ পৰিছিল। যিটো অস্বীকাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। এই খবৰবোৰ উৰাবাতৰিলৈ ৰূপান্তৰিত হৈছে। অৱশেষত সম্পৰ্ক আৰু ডেটিংৰ খবৰক লৈ কংগনা ৰানাৱটে নিজৰ মৌনতা ভাঙিলে। প্ৰথমে হেয়াৰ ষ্টাইলিষ্টৰ সৈতে তেওঁৰ ছবিসমূহ প্ৰকাশ পাইছিল আৰু তাৰ পিছত ৰাম মন্দিৰৰ পবিত্ৰকৰণৰ সৈতে। আচলতে অযোধ্যাত প্ৰকাশ পাইছিল ইজমে ট্ৰিপৰ প্ৰতিষ্ঠাপক তথা কোটিপতি ব্যৱসায়ী নিশান্ত পিট্টীৰ সৈতে অভিনেত্ৰীগৰাকীৰ ছবি। কিন্তু কংগনাই স্পষ্ট কৰি দিছে যে তেওঁৰ জীৱনত আন কোনোবা আছে, যাৰ বিষয়ে তেওঁ সোনকালে ক’ব।
কংগনা ৰানাৱটে ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘সকলোকে অনুৰোধ কৰিছো যে অনুগ্ৰহ কৰি এনে ভুল তথ্য বিয়পাই নিদিব। নিশান্ত পিট্টীৰ সৈতে নহয় মইও আন কাৰোবাৰ সৈতে ডেটিং কৰি আছো। সঠিক সময় নহালৈকে অপেক্ষা কৰক, মই ক’ম।’
নিশান্ত পিট্টী হৈছে অনলাইন ট্ৰেভেল প্লেটফৰ্ম ইজমাই ট্ৰিপৰ সহ-প্ৰতিষ্ঠাপক। ২০২৩ চনৰ প্ৰতিবেদন অনুসৰি এই প্লেটফৰ্মে ৩,৭১৬ কোটি টকাৰ ৰাজহ লাভ কৰিছিল।
দেশৰ কোটি-কোটি মুছলমানলৈ ভাল খবৰ। ঘোষণা হ’ল অযোধ্যাত মছজিদ নির্মাণৰ সময়। ইণ্ডো ইছলামিক কালচাৰেল ফাউণ্ডেচনে ঘোষণা কৰিলে মছজিদ নির্মাণৰ সময়। মে’ মাহৰ পৰা আৰম্ভ হ’ব পৱিত্ৰ মছজিদ নিৰ্মাণৰ কাম।
হাজাৰ হাজাৰ ইমাম, উলেমাৰ উপস্থিতিত আৰম্ভ কৰা হ’ব মছজিদৰ নির্মাণ। বিশাল ভূমিত নির্মাণ হ’ব তাজমহলতকৈও ধুনীয়া মছজিদ। ৰামমন্দিৰৰ পৰা ২৬ কিঃমিঃ দূৰৈত ধনীপুৰত নির্মাণ হ’ব বৃহৎ মছজিদ। ইতিমধ্যে পুনেৰ বিখ্যাত স্থাপত্যশিল্পী ইমৰান শ্বেইখে প্রস্তুত কৰিছে মছজিদৰ আৰ্হি।
নিৰ্মাণ হ’ব লগা মছজিদত একেলগে প্রায় ৯ হাজাৰ লোকে আদায় কৰিব পাৰিব নামাজ। মছজিদৰ প্ৰতিটো ইটাত লিখা থাকিব কোৰানৰ বাণী।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব কেইবাখনো ইছলামিক দেশৰ ৰাজকুমাৰ। অযোধ্যাৰ লগতে সমগ্র ভাৰতবৰ্ষত শান্তি প্রতিষ্ঠা কৰিব এই মছজিদে।
মছজিদত প্রথম নামাজ আদায় কৰিব মক্কাৰ ইমাম আব্দুল ৰহমানে। মছজিদৰ ভিতৰত থাকিব কেন্সাৰ হাস্পতাল, মেডিকেল কলেজ।
উল্লেখ্য যে ৩-৪ বছৰৰ ভিতৰতে সম্পূর্ণ হৈ উঠিব মছজিদৰ নিৰ্মাণকার্য। মছজিদটোৰ নাম মহম্মদ বিন আব্দুল্লা নামেৰে নামকৰণ কৰা হ’ব।
হাজাৰ হাজাৰ নিবনুৱাৰ বাবে ভাল খবৰ।
নাজিৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।
ৰাজ্যত পুনৰ মুকলি হ’ব চাকৰিৰ বিজ্ঞাপন।
‘জুন-জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ হ’ব’।
‘তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব’।
নতুনকৈ ৩৫ হাজাৰ চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।