Home Blog Page 1112

জাপানত চুনামিৰ সতৰ্কবাণী প্ৰত্যাখ্যানঃ ব্যাপক হতাহত হোৱাৰ সম্ভাৱনা

নৱবৰ্ষৰ দিনা মধ্য জাপানৰ উপকূলত হোৱা এক প্ৰচণ্ড ভূমিকম্পৰ ফলত অতি কমেও ৩০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ পিছতে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই সতৰ্ক কৰি দিছে যে ক্ষয়ক্ষতি ব্যাপক আৰু হতাহতহোৱাৰ সম্ভাৱনা আছে।

ইশিকাৱা প্ৰিফেকচাৰৰ নোটো উপদ্বীপৰ ওচৰত সোমবাৰে আবেলি ৭.৬ প্ৰাবল্যৰ ভূমিকম্পটো সংঘটিত হয়। ২০১১ চনৰ মাৰ্চ মাহত হোৱা ভূমিকম্প আৰু চুনামিৰ পিছত দেশখনৰ প্ৰথমটো ডাঙৰ চুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। উল্লেখ্য যে ২০১১চনৰ চুনামিত দেশখনৰ উত্তৰ-পূবত প্ৰায় ১৮,৫০০ লোকক মৃত বা সন্ধানহীন বুলি ঘোষণা কৰা হৈছিল।

মঙলবাৰে ভাষণ দি কিছিদাই কৈছিল যে ভূমিকম্পৰ ফলত অট্টালিকাসমূহ তললৈ খহি পৰা আৰু জুই লগাৰ ফলত “ব্যাপক ক্ষতি” নিশ্চিত কৰা হৈছে।

তেওঁ কয় যে হতাহতসকল “অজস্ৰ”…ভুক্তভোগীসকলক উদ্ধাৰ কৰাটো তীব্ৰতৰ হ’ব।

কৰ্তৃপক্ষই কৈছিল যে ক্ষতিগ্ৰস্ত ৰাস্তাৰ দ্বাৰা উদ্ধাৰ প্ৰচেষ্টা বাধাগ্ৰস্ত হৈছিল আৰু তেওঁলোকে পৰিণামৰ সম্পূৰ্ণ পৰিমাণ মূল্যাঙ্কন কৰাত অসুবিধা পাইছিল।

চুনামিৰ সতৰ্কবাণী মঙলবাৰে ৰাতিপুৱা উঠাই লোৱা হয়।

দক্ষিণ কোৰিয়াৰ বিৰোধী নেতাৰ ডিঙিত ছুৰিকাঘাত

মঙলবাৰে দক্ষিণ কোৰিয়াৰ বিৰোধী ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা লী জে-মিয়ুঙৰ ডিঙিত ছুৰীৰে আক্ৰমণ কৰে দুৰ্বৃত্তই।

বুচানৰ প্ৰস্তাৱিত বিমানবন্দৰ ভ্ৰমণৰ সময়ত সংবাদমেল সম্বোধন কৰোতে ডিঙিত ছুৰিকাঘাত কৰে বুলি জানিব পৰা গৈছে। লীৰ ওচৰলৈ অটোগ্ৰাফ বিচাৰি গৈছিল দুৰ্বৃত্তটো।

আক্ৰমণকাৰীজনক ঘটনাস্থলীত গ্ৰেপ্তাৰ কৰে নিৰাপত্তাৰক্ষীয়ে।

উত্তৰ গুৱাহাটী জি এন আৰ চি মেডিকেলৰ ১১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন…

উত্তৰ গুৱাহাটী জি এন আৰ চি মেডিকেলৰ ১১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। প্ৰতিষ্ঠা দিৱস উপলক্ষে এখনি সভা অনুষ্ঠিত কৰা হয়। বন্তি জ্বলাই আনুষ্ঠানিক ভাৱে প্ৰতিস্থা দিৱসৰ শুভাৰম্ভনি কৰে জি এন আৰ চি মেডিকেলৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট চিকিৎসক ডা: নোমল বৰাই।

১১ বছৰত প্ৰায় ১০ লাখ ৰোগীক চিকিৎসা ৫০০০০ লোকক অপাৰেচন কৰি এক অভিলেষ গঢ়া চিকিৎসালয় খনে আগলৈ চিকিৎসাৰ ক্ষেত্ৰত অধিক মনোনিবেশ কৰিবলৈ সংকল্পবদ্ধ বুলি ডা:নোমল বৰা মতপোষন। প্ৰতিস্থা দিৱসতে এখনি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট লোকশিল্পী খগেন গগৈয়ে গীত পৰিবেশন কৰি বছৰৰ প্ৰথম দিনতোতে জি এন আৰ চি মেডিকেল জীপাল কৰি তোলে।

শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা কিয় বাঢ়ে? কাৰণ জানি লওক…

শীতকালত শৰীৰত বহু পৰিৱৰ্তন ঘটে। এফালে ফ্লু আৰু ঋতুভিত্তিক ৰোগৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ বিপৰীতে হৃদৰোগও যথেষ্ট বৃদ্ধি পায়। পৰিসংখ্যা অনুসৰি শীতকালত হাৰ্ট এটেকৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পায়। কিন্তু আপুনি জানেনে শীতকালত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা কিয় শীতকালত বৃদ্ধি পায়। আচলতে ঠাণ্ডা বতৰত সিৰাবোৰ সৰু হৈ কঠিন হ’বলৈ আৰম্ভ কৰে। এইবোৰ স্বাভাৱিক কৰিবলৈ শৰীৰত তেজৰ সোঁত বাঢ়িবলৈ আৰম্ভ কৰে, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে আৰু হাৰ্ট এটেক হয়।

আনহাতে ঠাণ্ডাত হৃদৰোগীৰ হাৰ্ট এটেকৰ সম্ভাৱনা ৩১ শতাংশ বৃদ্ধি পায়। এই ঋতুত এই কাম কৰিবলৈ হৃদযন্ত্ৰই স্বাভাৱিকতকৈ অধিক কষ্ট কৰিবলগীয়া হয়, যাৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

শীতকালীন হাৰ্ট এটেকৰ আন কিছুমান কাৰণো আছে। যেনে-

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব লাগে। শীতকালত যিমান পাৰি কম নিমখ খাব লাগে।

ঠাণ্ডা বতৰত মানুহে কম পানী খায়, যিটো হৃদযন্ত্ৰৰ বাবে উপকাৰী বুলি বিবেচিত হয়।

শীতকালত হৃদৰোগীয়ে ৰাতিপুৱা অতি সোনকালে সাৰ পাব নালাগে। সোনকালে সাৰ পালে স্নায়ু সংকুচিত হৈ পৰে আৰু এনে পৰিস্থিতিত লগে লগে ব্যায়াম বা খোজ কঢ়াত অসুবিধা হ’ব পাৰে। গতিকে সূৰ্যৰ পোহৰ হোৱাৰ পিছতহে বাহিৰলৈ ওলাই যাব লাগে আৰু লঘু ব্যায়ামহে কৰিব লাগে। কাপোৰেৰে শৰীৰ ঢাকি ৰাখিব লাগে।

শীতকালত মানুহে ভজা খাদ্য বেছিকৈ খায়। ইয়াৰ বাবে বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। যাৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাব পাৰে। গতিকে ঠাণ্ডা বতৰত পৰঠা আৰু তেলীয়া বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে।

বাৰাণসীত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ যুঁজিব পাৰে সাক্ষী, চলিছে চিন্তা-চৰ্চা…

খেলৰ পৰা ৰাজনীতিলৈ! হয়তো তেনে কথাও হ’ব পাৰে। বাৰাণসীৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে মল্লযোদ্ধা সাক্ষী মালিকৰ। শেহতীয়াকৈ বিজেপি সাংসদ ব্ৰজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙক ভাৰতীয় কুস্তি ফেডাৰেচনৰ নতুন সমিতিৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছতে ইণ্ডিয়া এলায়েন্সে বাৰাণসীৰ পৰা মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিবলৈ সাক্ষীক প্ৰস্তাৱ দিছিল বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সাক্ষীয়ে সেই প্ৰস্তাৱত সন্মতও হৈছে।কিন্তু আনুষ্ঠানিকভাবে তেওঁ এতিয়াও এই বিষয়ত মুখ খোলা নাই। ৰাজধানী দিল্লীত অনুষ্ঠিত ইণ্ডিয়া এলায়েন্সৰ বৈঠকত তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান কৰাৰ প্ৰস্তাৱ দিছিল। মমতাই এইবুলিও কৈছিল যে তেওঁ মোদীৰ বিৰুদ্ধে এগৰাকী মহিলাক থিয় কৰোৱাটো বিচাৰিছে। সেই প্ৰস্তাৱ অনুসৰি তেতিয়াৰে পৰাই ইণ্ডিয়া মিত্ৰজোঁটে এগৰাকী মহিলা প্ৰাৰ্থীৰ সন্ধান কৰি থকা বুলি জানিব পৰা গৈছে।


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা বিধেয়কখন সংসদত গৃহীত কৰি সমগ্ৰ দেশতে প্ৰচাৰ চলাইছিল। তেওঁ আৰু তেওঁৰ দলে সদায় তেওঁ আৰু তেওঁৰ দল বিজেপি মহিলাসকলৰ প্ৰতি কিমান সহানুভূতিশীল তাক আলোকপাত কৰিবলৈ চেষ্টা কৰে। কিন্তু দেশৰ মানুহে জানিব লাগিব যে প্ৰকৃত ছবিখন কি। মহিলা মল্লযোদ্ধাসকলে বাৰে বাৰে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাছতো মোদী চৰকাৰে বিজেপি সাংসদ ব্ৰজ ভূষণৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ প্ৰতিবাদত মল্লযোদ্ধাসকলে মোদী চৰকাৰে প্ৰদান কৰা সকলো পদক, পদ্মশ্ৰীৰ পৰা খেল ৰত্ন, অৰ্জুন আদি ঘূৰাই দিছে। ইয়াতকৈ বেয়া দিন কি হ’ব পাৰে? যদি সাক্ষী (সাক্ষী মালিক) ভাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী হয়, এই সকলোবোৰ কথা জনসাধাৰণৰ সন্মুখত অধিক স্পষ্ট হৈ পৰিব বুলি ইণ্ডিয়া মিত্ৰজোঁটে আশা কৰিছে। ইফালে, ইণ্ডিয়া এলায়েন্সৰ বৈঠকত টিএমচিয়ে শীঘ্ৰে আসন ভাগ-বতৰাৰ কাম সম্পূৰ্ণ কৰিব লাগে বুলি জোৰদাৰ দাবী জনাইছিল। সমাজবাদী পাৰ্টীয়ে কৈছে যে তেওঁলোকে উত্তৰ প্ৰদেশত তৃণমূল কংগ্ৰেছক এখন আসন এৰি দিব।

টিএমচিয়ে এতিয়ালৈকে কোনো চূড়ান্ত চুক্তিত উপনীত হোৱা নাই। সূত্ৰ অনুসৰি ১৯ ডিচেম্বৰত ভাৰত মিত্ৰজোঁটৰ বৈঠকৰ দিনা তৃণমূলে বংগত কংগ্ৰেছক দুখন আসন এৰি দিয়াৰ ইংগিত প্ৰদান কৰিছিল। যদি কংগ্ৰেছে অধিক আসন দাবী কৰে, তেন্তে তেওঁলোকে অসম আৰু মেঘালয়ৰ এখনকৈ আসন টিএমচিৰ বাবে এৰি দিব লাগিব। তেনে ক্ষেত্ৰত কংগ্ৰেছে কি কৰে তাৰ ওপৰতে তৃণমূলে চকু ৰাখিছে। আনহাতে, কংগ্ৰেছৰ সূত্ৰই কয় যে বংগত কংগ্ৰেছৰ সৈতে আসন ভাগ-বতৰা সন্দৰ্ভত ছোনিয়া গান্ধীয়ে নিজেই মমতাৰ সৈতে ফোনযোগে কথা পতাৰ সম্ভাৱনা আছে।

কৰ্ণাটক মাইছুৰুৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি স্থাপন হ’ব ৰাম মন্দিৰত…

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ অযোধ্যাত ব্যাপক প্ৰস্তুতি৷ ইয়াৰ মাজতে এজন ভাস্কৰ্য শিল্পীক লৈ দেশজুৰি চৰ্চা৷

চৰ্চাত কৰ্ণাটক মাইছুৰুৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজ৷ শিল্পীগৰাকীয়ে নিৰ্মাণ কৰা ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি স্থাপন হ’ব ৰাম মন্দিৰত৷ ৰাম মন্দিৰ ট্ৰাষ্টে নিৰ্বাচন কৰিছে যোগীৰাজৰ সৃষ্টিক৷

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ ছ’চিয়েল মিডিয়াযোগে এই ঘোষণা৷

ৰহস্যৰে ভৰা কৃষ্ণগহ্বৰৰ সন্ধানত দেশৰ প্ৰথমটো উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণ কৰিলে ভাৰতে…

নতুন বছৰত নতুন অভিযান। ভাৰতে দেশৰ প্ৰথমটো এক্স-ৰে পোলাৰিমিটাৰ উপগ্ৰহ (এক্সপিঅ’ছেট) ইছৰোৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে মহাকাশলৈ উৎক্ষেপণ কৰিলে। এই এক্সপিঅ’ছেটে মহাকাশৰ অসীম ৰহস্যৰে ভৰি থকা কৃষ্ণগহ্বৰৰ সন্ধান কৰিব। এই বিশেষ কৃত্ৰিম উপগ্ৰহটো সোমবাৰে পুৱা ৯:১০ বজাত উৎক্ষেপণ কৰা হয় । বিজ্ঞানীসকলে অধীৰ উৎকণ্ঠাৰে শেষৰ কেইটামান মুহূৰ্ত ইছৰো নিয়ন্ত্ৰণ কক্ষত অপেক্ষা কৰি ৰৈছিল। অৱশেষত এক্সপিঅ’ছেটৰ সফল উৎক্ষেপণৰ সম্পন্ন হয়। বছৰটোৰ আৰম্ভণিতে দেশৰ সৰ্ববৃহৎ মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকল অত্যন্ত সুখী হৈ পৰে। মন কৰিবলগীয়া যে ভাৰতে এনে উপগ্ৰহ উৎক্ষেপণত বিশ্বৰ দ্বিতীয় খন দেশত পৰিণত হ’ল। ইয়াৰ পূৰ্বে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰই এই সফলতা অৰ্জন কৰিছিল। ইছৰোৰ মহাকাশ বিজ্ঞানীসকলে এনে এক গুৰুত্বপূৰ্ণ অভিযানৰ বাবে নতুন বছৰৰ প্ৰথম দিনটো বাছনি কৰিছিল। জানিব পৰা মতে এক্সপোজেটে মহাকাশত মুখ্যতঃ দুটা অংশৰ জৰিয়তে কাম কৰিব।

এটা হৈছে এক্স-ৰেত পোলাৰিমিটাৰ ইনষ্ট্ৰুমেণ্ট আৰু আনটো হৈছে এক্স-ৰে স্পেক্ট্ৰোস্কোপী। এই কৃত্ৰিম উপগ্ৰহটো পৃথিৱীৰ পৰা বেছি দূৰলৈ নাযাব। এক্সপোজাট মাটিৰ পৰা সৰ্বাধিক ৭০০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত থাকিব। ইছৰোৰ উপগ্ৰহটোৱে তাত কৃষ্ণগহ্বৰ আৰু উজ্জ্বল পোহৰৰ উৎসৰ সন্ধান কৰিব। পৰ্যৱেক্ষণৰ ওপৰত ভিত্তি কৰি পোৱা তথ্য ইছৰোৰ নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ কৰা হ’ব। সেই তথ্য বিশ্লেষণ কৰি সৌৰজগতৰ কৃষ্ণগহ্বৰ আৰু অন্যান্য শক্তিৰ উৎসৰ বিষয়ে জানিব পৰা যাব। এক্সপোজেটে মুঠ ৫ বছৰ মহাকাশত কাম কৰিব পাৰে।

তেনেকৈয়ে ইয়াক তৈয়াৰ কৰা বনোৱা হৈছে। এক্সপোজেটে এক্স-ৰে পোলাৰিমিটাৰৰ সহায়ত পৃথিৱীৰ চাৰিওফালে অন্যান্য পোহৰৰ উৎসও বিচাৰিব। ইয়াৰ পলিক্স অংশই উচ্চ স্তৰৰ এক্স ৰশ্মি নিৰ্গত কৰিব আৰু পৰৱৰ্তী অংশটোৱে মুখ্যতঃ নিৰ্গত এক্স ৰশ্মিৰ পৰিমাণ চাই পৰিৱৰ্তনৰ বিষয়ে তথ্য প্ৰেৰণ কৰিব। বিজ্ঞানীসকলে ধাৰণা কৰিছে যে সেই তথ্য বিশ্লেষণ কৰি কৃষ্ণগহ্বৰ বা অন্যান্য পোহৰ শক্তিৰ বিষয়ে অনুমান কৰা সম্ভৱ হ’ব। সেই দৃষ্টিকোণৰ পৰা ইছৰোৰ এক্সপোজেট মিছনে নিঃসন্দেহে বিশ্বৰ মহাকাশ গৱেষণাত এক অগ্ৰণী ভূমিকা পালন কৰিব।

আহত সময় ক’তো নাই সুখ, হতাশাত ভাঙি পৰা মানুহৰ মুখ! আশাহীন গাজা-পেলেষ্টাইনত নিস্তেজ নৱবৰ্ষৰ উদযাপন…

আহত সময় ক’তো নাই সুখ, হতাশাত ভাঙি পৰা মানুহৰ মুখ। তেনে মুখবোৰে সেয়ে উদযাপন কৰিব পৰা নাই নৱবৰ্ষক। অন্ত পৰা নাই ধোঁৱা আৰু বাৰুদৰ কাহিনী৷ এতিয়াও যুদ্ধ উন্মাদনাত বিধ্বস্ত-বিপৰ্যস্ত ইজৰাইল-পেলেষ্টাইন৷ যুদ্ধৰ বিভীষিকাই ৰেহাই দিয়া নাই কাকো৷ গাজাত এতিয়া মৃত্যুৰ কিৰীলি৷ বতাহত উফৰি আহে মৰণকাতৰ আৰ্তনাদ৷ কেতিয়া ক’ত বোমা ফুটে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে। শক্তিশালী সামৰিক বাহিনী, পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ আৰু বিশ্বৰ ভিতৰতে সুপ্ৰসিদ্ধ অত্যাধুনিক চোৰাংচোৱা সংস্থাৰে মধ্যপ্ৰাচ্যৰ অন্যতম শক্তিশালী দেশ হোৱাৰ পিছতো এতিয়া ইজৰাইলত বিৰাজ কৰিছে আতংকই। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ আকস্মিক আক্ৰমণত একপ্ৰকাৰ বিভীষিকা নামিছে ইজৰাইলত। মানৱতাৰ বধ্যভূমি গাজাত এতিয়া মৃতদেহৰ লানি দেখিবলৈ পোৱা গৈছে। মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰখনত সংঘটিত হোৱা আক্ৰমণে আতংকিত কৰি তুলিছে বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহকো।

নৱবৰ্ষৰ প্ৰথমটো দিনটোত সকলোৱে আদৰণি জনাইছে নতুন বছৰটোক। উজলাই তুলিছে চৌপাশ। কিন্তু যুদ্ধ বিধ্বস্ত ইজৰাইল-পেলেষ্টাইনত নাছিল বৰদিনৰ উংসাহ-উদ্দীপনা, একেদৰে নাই নৱবৰ্ষৰো আনন্দ উল্লাস। গাজাত সংঘৰ্ষ ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে। যুদ্ধৰ ডাৱৰ গাঢ় হৈ আহিছে। যুদ্ধৰ বিভীষিকাই গ্ৰাস কৰা ইজৰাইলত এতিয়া চাইৰেণ বাজিলেই আতংকিত হৈ পৰে সৰ্বসাধাৰণ৷ সৃষ্টি হৈছে হাহাকাৰ পৰিবেশ৷ এফালে, বোমাবৰ্ষণৰ শব্দ, আনফালে হাস্পতালত ৰোগী আৰু আহতসকলৰ মৰণকাতৰ আৰ্তনাদ৷ ক্ষুদ্ৰ চহৰখনৰ চৌদিশে এতিয়া মাথো মৃত্যুৰ কিৰীলি৷ হাস্পতালে হাস্পতালে আহত লোকৰ ভিৰ৷ যুদ্ধৰ ভয়াৱহতাই ছানি ধৰিছে ইজৰাইল-পেলেষ্টাইনৰ আকাশ-বতাহ। হামাছৰ আক্ৰমণৰ পাছতে ইজৰাইলে ঘোষণা কৰা গাজাক মৃত্যু উপত্যকাত পৰিণত কৰিছে। ইতিমধ্যেই সহস্ৰাধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে এই যুদ্ধত। ইজৰাইল-হামাছৰ এই যুদ্ধই বিশ্বজুৰি সৃষ্টি কৰিছে উদ্বেগ-উৎকণ্ঠাৰ৷ যুদ্ধভূমিত শিশুহত্যা, নাৰী নিৰ্যাতনৰ ঘটনাই লজ্জিত কৰিছে আধুনিক সভ্যতাক৷

কাইলৈৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ ! প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ১২খন জিলাক…

কাইলৈৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ৷ প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ১২খন জিলাক৷ তালিকাত বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং,

কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা-মানকাচৰ, ওদালগুৰি ৷ প্ৰথমবাৰৰ বাবে গুণোৎসৱৰ ১০% নম্বৰ সংলগ্ন হ’ব বছৰেকীয়া পৰীক্ষাত৷

প্ৰতিগৰাকী শিক্ষাৰ্থী গুণোৎসৱত উপস্থিত থকাটো বাধ্যতামূলক৷

২০২৩ ত ৬৩ হাজাৰলৈ কমিল অপৰাধমূলক গোচৰ…

২০২৪ বৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত কাকত-চেনেলৰ সম্পাদকসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চৰকাৰে বহু ভূমি দখলমুক্ত কৰিবলৈ সক্ষম হৈছে। ২০২৩ বৰ্ষত ৰাজ্যৰ ৫ হাজাৰ বনভূমি মুক্ত কৰা হৈছে হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে ২০২৩ত ৬৩ হাজাৰলৈ কমিল অপৰাধমূলক গোচৰৰ সংখ্যা। একেদৰে সেই বছৰটোত ১০৩জন দুৰ্নীতিগ্ৰস্ত বিষয়াক গ্ৰেপ্তাৰ আৰু ৪.৩৩ কোটি টকা জব্দ কৰা হৈছে। ৰাজ্যত পথ দুৰ্ঘটনাৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে পূৰ্বৰ বছৰৰ তুলনাত দুৰ্ঘটনাৰ সংখ্যা ৩% বাঢ়িছে, কিন্তু ডিচেম্বৰ মাহত দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাইছে বুলিও তেওঁ উল্লেখ কৰে। ২০২৩ চনত ২ লাখ ২৬ হাজাৰ লোকক ভূমি দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উল্লেখ কৰে।/ অসমত নতুনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও তেওঁ কয়। ৰাজ্যত ২০২৩ চনত ১৬৪ কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰাৰ লগতে এনে কৰ্মৰ সৈতে জড়িত ৫ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলত উল্লেখ কৰে। সীমাবিবাদ নিষ্পত্তিৰ দিশত ২০২৩ চনত চৰকাৰে গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰা বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ২০২৪ চনত নতুন মেডিকেল কলেজ আৰম্ভ কৰাৰ লগতে চাহ বাগিচাতো বিদ্যালয় স্থাপন কৰা হ’ব বুলি তেওঁ কয়। দুই এদিনৰ ভিতৰত ২০০ খন বিদ্যালয়ৰ কাম আৰম্ভ হব।পৰেশ বৰুৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে পৰেশ বৰুৱাৰ লগত মই কথা পাতি থাকোঁ।


তেওঁ অসমলৈ আহিলে গম পাব ক’ত কি সমস্যা হৈ আছে।আজি নহয় কাইলৈ হ’লেও আমি ৰিজাল্ট পাম। কাৰোবাৰ লগত পৰেশ বৰুৱাই কথা পাতিলে তেওঁক ট্ৰেক কৰিব নালাগে বুলি মই পুলিচক কৈ থৈছোঁ বুলিও মুখ্যমন্ত্ৰীয়ে কয়।