Home Blog Page 1119

নাগাৰা নামেৰে জীপাল অসম ভাওনা সমাৰোহৰ ক্ষেত্ৰ


মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ উদ্যোগত ১৮জানুৱাৰীৰ পৰা অনুষ্ঠিত অসম ভাওনা সমাৰোহৰ-২০২৪ শনিবাৰে তৃতীয় দিন। তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা নাম প্ৰসংগৰ পাছতেই নাগাৰা নাম অনুষ্ঠিত হয়।

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা উদযাপন সমিতিৰ সভাপতি ড পীতাম্বৰ দেৱ গোস্বামীৰ পৰিচালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত প্ৰথমেই নলবাৰীৰ ৰামচৰণ ভাড়ালীয়ে বৰসবাহ(বৰদিহা)ৰ নাম পৰিৱেশন কৰে। ইয়াৰ পাছতেই শ্ৰী শ্ৰী পুনিয়া সত্ৰ দিখৌমুখৰ ডেকা সত্ৰীয়া নীলমনি গোস্বামীয়ে নাগাৰা নাম পৰিৱেশন কৰে। চহা জীৱনৰ দিহানাম পৰিৱেশন কৰে উত্তৰ গুৱাহাটীৰ চক্ৰধৰ ডেকাই।

অনুষ্ঠানতেই টিয়কৰ জয়ন্ত (কমলা) গগৈয়ে নাম পৰিৱেশন কৰে। অনুষ্ঠানতেই ৰামচৰণ ভাড়ালীক নাগাৰা নাম ৰত্ন বঁটা প্ৰদান কৰে সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে। কেশৱ কাকতি আৰু বজেন ভূঞাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদান কৰি সত্ৰাধিকাৰ তথা উদযাপন সমিতিৰ সভাপতি ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে ভাড়ালীয়ে নাগাৰা নামক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰ ভূমিকা লৈ আহিছে বুলি উল্লেখ কৰি তেখেত এজন নাগাৰা নামৰ সাধক বুলি উল্লেখ কৰে।

উপযুক্ত এজন ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে বুলি মতপোষণ কৰে। ১৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই ভাওনা সমাৰোহত ভাওনা দৰ্শনৰ বাবে ঘন কুৱালী আৰু শীতকো নেওচি হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰিছে অসম ভাওনা সমাৰোহৰ প্ৰতিখন প্ৰতিযোগিতামূলক ভাওনা। শনিবাৰে বিয়লি ৫ বজাত কলাগুৰু নাট্য গোষ্ঠী, সোণৰঢেঁকী উত্তৰ লক্ষীমপুৰে ৰাম বৈকুণ্ঠ গমন, ৰঘুকুলৰ পতন পৰিৱেশন কৰে। ইয়াৰ পাছতেই দ্বিতীয়খন প্ৰতিযোগিতা মূলক ভাওনা মহাদেৱ নাট্য গোষ্ঠী, যোৰহাট, নল দময়ন্তী আখ্যান পৰিবেশন কৰে। দেওবাৰে অসম ভাওনা সমাৰোহৰ মণিকাঞ্চন ৰংগ ক্ষেত্ৰত দিনত সদৌ সময় মইনা পাৰিজাতৰ উদ্যোগত সদৌ অসম শিশু একক অভিনয় আৰু বক্ততা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

কটন বিশ্ববিদ্যালয়ত ৪৪ সংখ্যক আই আই জি বাৰ্ষিক সভা আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠান…

কটন বিশ্ববিদ্যালয়ত ৪৪ সংখ্যক আই আই জি বাৰ্ষিক সভা আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠান

কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত অহা ২২ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় ভূগোলবিদ প্ৰতিষ্ঠান(IIG)ৰ ৪৪ সংখ্যক বাৰ্ষিক সভা আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব।
‘কাইলৈ গঢ় দিয়া: আন্তঃসংযোগী পৃথিৱীত সমাজ, সংস্কৃতি আৰু পৰিৱেশ’ (‘শ্বেপিং টুম’ৰ’ : ছ’চাইটী, কালচাৰ এণ্ড এনভাইৰনমেণ্ট ইন এন ইন্টাৰকানেক্টেড ৱৰ্ল্ড’), এই বিষয়বস্তুৰ অধীনত অনুষ্ঠিত এই সন্মিলনৰ লক্ষ্য হৈছে জলবায়ু পৰিৱৰ্তন, পৰিৱেশৰ অৱক্ষয়, আৰু স্থানীয়, আঞ্চলিক আৰু বিশ্ব পৰ্যায়ত পৰিৱৰ্তনশীল বিশ্ব শক্তি গতিশীলতাৰ দৰে উদীয়মান প্ৰত্যাহ্বানসমূহৰ সমান্তৰালভাৱে দৰিদ্ৰতা, বৈষম্য, আৰু বৈষম্যৰ বহুমুখী বিষয়সমূহৰ সৈতে মোকাবিলা কৰা।


দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তিনিশ পঞ্চাশজনতকৈ অধিক অংশগ্ৰহণকাৰীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰি পোন্ধৰটা উপবিষয়ক সামৰি বিভিন্ন কাৰিকৰী দিশৰ ৩৭৬খন গৱেষণা পত্ৰ উপস্থাপন কৰিব। কাৰিকৰী দিশৰ উপৰিও এই সন্মিলনত কৰ্মশালা, চাৰিটা পূৰ্ণাংগ বক্তৃতা, পাঁচটা বিষয়ভিত্তিক বক্তৃতা, দহটা আমন্ত্ৰিত চুটি ভাষণ, আলোচনাচক্ৰ, যুৱ ভূগোলবিদ বঁটাৰ বাবে উপস্থাপন, আৰু দুটা স্মৃতিচাৰণ বক্তৃতা আদি অনুষ্ঠিত হ’ব।

বিশিষ্ট ভূগোলবিদ তথা শিক্ষাবিদ আইজাজুদ্দিন আহমেদৰ সন্মানত আই আই জিয়ে এই বৈঠকত অধ্যাপক আইজাজুদ্দিন আহমেদ সোঁৱৰণী এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছে।

এই বক্তৃটা প্ৰদান কৰিব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ ৰিজিঅ’নেল ডেভেলপমেণ্টৰ প্ৰাক্তন অধ্যাপক আতিয়া হাবিব কিদৱাইয়ে। উক্ত অনুষ্ঠানটিৰ আন আন উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছে বিশিষ্ট ভাৰতীয় ভূগোলবিদ অধ্যাপক এ বি মুকেৰজী সোঁৱৰণী সম্বৰ্ধনা বক্তৃতা অনুষ্ঠান আৰু এই বক্তৃতা প্ৰদান কৰিব পূৰ্বৰ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা অধ্যয়ন প্ৰতিষ্ঠানৰ সৈতে জড়িত অধ্যাপক ৰাম বাবু ভগতে। এই অনুষ্ঠানত ভাৰত আৰু বিদেশৰ কেইবাগৰাকীও বিশিষ্ট ভূগোলবিদ আৰু অন্যান্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

কটন বিশ্ববিদ্যালয়ত ৪৪ সংখ্যক আই আই জি বাৰ্ষিক সভা আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠান

কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত অহা ২২ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় ভূগোলবিদ প্ৰতিষ্ঠান(IIG)ৰ ৪৪ সংখ্যক বাৰ্ষিক সভা আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব।
‘কাইলৈ গঢ় দিয়া: আন্তঃসংযোগী পৃথিৱীত সমাজ, সংস্কৃতি আৰু পৰিৱেশ’ (‘শ্বেপিং টুম’ৰ’ : ছ’চাইটী, কালচাৰ এণ্ড এনভাইৰনমেণ্ট ইন এন ইন্টাৰকানেক্টেড ৱৰ্ল্ড’), এই বিষয়বস্তুৰ অধীনত অনুষ্ঠিত এই সন্মিলনৰ লক্ষ্য হৈছে জলবায়ু পৰিৱৰ্তন, পৰিৱেশৰ অৱক্ষয়, আৰু স্থানীয়, আঞ্চলিক আৰু বিশ্ব পৰ্যায়ত পৰিৱৰ্তনশীল বিশ্ব শক্তি গতিশীলতাৰ দৰে উদীয়মান প্ৰত্যাহ্বানসমূহৰ সমান্তৰালভাৱে দৰিদ্ৰতা, বৈষম্য, আৰু বৈষম্যৰ বহুমুখী বিষয়সমূহৰ সৈতে মোকাবিলা কৰা।


দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তিনিশ পঞ্চাশজনতকৈ অধিক অংশগ্ৰহণকাৰীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰি পোন্ধৰটা উপবিষয়ক সামৰি বিভিন্ন কাৰিকৰী দিশৰ ৩৭৬খন গৱেষণা পত্ৰ উপস্থাপন কৰিব। কাৰিকৰী দিশৰ উপৰিও এই সন্মিলনত কৰ্মশালা, চাৰিটা পূৰ্ণাংগ বক্তৃতা, পাঁচটা বিষয়ভিত্তিক বক্তৃতা, দহটা আমন্ত্ৰিত চুটি ভাষণ, আলোচনাচক্ৰ, যুৱ ভূগোলবিদ বঁটাৰ বাবে উপস্থাপন, আৰু দুটা স্মৃতিচাৰণ বক্তৃতা আদি অনুষ্ঠিত হ’ব।

বিশিষ্ট ভূগোলবিদ তথা শিক্ষাবিদ আইজাজুদ্দিন আহমেদৰ সন্মানত আই আই জিয়ে এই বৈঠকত অধ্যাপক আইজাজুদ্দিন আহমেদ সোঁৱৰণী এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছে। এই বক্তৃটা প্ৰদান কৰিব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ ৰিজিঅ’নেল ডেভেলপমেণ্টৰ প্ৰাক্তন অধ্যাপক আতিয়া হাবিব কিদৱাইয়ে।


উক্ত অনুষ্ঠানটিৰ আন আন উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছে বিশিষ্ট ভাৰতীয় ভূগোলবিদ অধ্যাপক এ বি মুকেৰজী সোঁৱৰণী সম্বৰ্ধনা বক্তৃতা অনুষ্ঠান আৰু এই বক্তৃতা প্ৰদান কৰিব পূৰ্বৰ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা অধ্যয়ন প্ৰতিষ্ঠানৰ সৈতে জড়িত অধ্যাপক ৰাম বাবু ভগতে। এই অনুষ্ঠানত ভাৰত আৰু বিদেশৰ কেইবাগৰাকীও বিশিষ্ট ভূগোলবিদ আৰু অন্যান্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

ৰামায়ণৰ থীমত অনুষ্ঠিত হ’ব বিয়া ! বিবাহ মণ্ডপ সজাই তোলা হ’ব ৰামায়ণৰ ৰাজপ্ৰসাদৰ দৰে…

ৰামায়ণৰ থীমত অনুষ্ঠিত হ’ব বিয়া

সমগ্ৰ দেশত আনন্দ-উৎসাহ দেখিবলৈ পোৱা গৈছে। দীৰ্ঘসময়ৰ পাছত ভগৱান শ্ৰীৰামক তেওঁৰ নতুন মন্দিৰত স্থাপন কৰা হ’ব। এই কাৰণেই ২২ জানুৱাৰীত লক্ষ্মণ নগৰী খ্যাত লক্ষ্ণৌত হ’বলগীয়া সকলো বিয়াত ৰামায়ণৰ ৰং দেখা যাব।


বিয়া মণ্ডপবোৰ ৰামায়ণৰ ৰাজপ্ৰসাদৰ দৰে সজাই তোলা হ’ব। ইয়াৰ বিপৰীতে DJ বলীউডৰ গানৰ সলনি ভজন বজাব।
কেৱল এয়াই নহয়, বিবাহৰ সকলো অতিথি আৰু পৰিয়ালৰ সদস্যই কেশৰ ৰঙৰ পাগুৰি পিন্ধিব আৰু সকলোকে পিন্ধিবলৈ এটা অনন্য বেজ দিয়া হ’ব য’ত ভগৱান শ্ৰীৰাম লিপিবদ্ধ হ’ব। ইয়াৰোপৰিও, বিয়াৰ মণ্ডপৰ ৰং কেশৰ ৰখা হ’ব।


বিয়াৰ কাৰ্ডত সীতাৰামৰ ছবি ছপা কৰাৰ সমান্তৰালকৈ মানুহে ৰাম মন্দিৰৰ ছবি ছপাইছে। ইয়াৰ ফলত তেওঁলোকৰ বিবাহৰ কাৰ্ড আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ লগতে আলোচনাৰ বিষয় হৈ পৰিছে।
লক্ষ্ণৌত ৰামায়ণ থীমত বিবাহৰ সংখ্যা প্ৰায় ৮ৰ পৰা ১০খন ।

ৰশ্মিকা মাণ্ডন্নাৰ Deepfake ভিডিঅ’ গোচৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাৰ ডিপফেক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ দুমাহতকৈও অধিক সময়ৰ পাছতে শনিবাৰে দিল্লী আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অন্ধ্ৰপ্ৰদেশৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যক্তিগৰাকীক।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত আপলোড হোৱাৰ পিছতে যোৱা ১০ নৱেম্বৰত এই গোচৰটো গ্ৰহণ কৰিছিল দিল্লী আৰক্ষীৰ বিশেষ কোষে।

মূল ভিডিঅ’টোত আন এগৰাকী মহিলাই ক’লা সাজ পিন্ধি লিফ্টত প্ৰৱেশ কৰা দেখা গৈছিল। অভিযোগ অনুসৰি অভিযুক্তই এআই ব্যৱহাৰ কৰি মাণ্ডন্নাৰ মুখখন ভিডিঅ’টোত দেখা মহিলাগৰাকীৰ মুখত মৰ্ফ কৰিছিল।

২১লিটাৰ তেলেৰে অযোধ্যাত জ্বলোৱা হ’ল পৃথিৱীৰ আটাইতকৈ বৃহৎ বন্তিগছি…

অযোধ্যাত জ্বলোৱা হ’ল পৃথিৱীৰ আটাইতকৈ বৃহৎ বন্তিগছি । ১,০০৮ টন মাটিৰে নিৰ্মিত এইগছি বন্তিয়ে পোহৰ দিবলৈ প্ৰয়োজন হৈছে ২১লিটাৰ তেল।

২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। লোকে লোকাৰণ্য হৈ পৰিছে ৰাম জন্মভূমি। দেশৰ বহু VIP, VVIP, ৰাজনৈতিক নেতা, অভিনেতা-অভিনেত্ৰী, ক্ৰীড়াবিদৰ পৰা সকলোৰে লক্ষ্য হৈ পৰিছে অযোধ্যা। ইতিমধ্যে অযোধ্যাত ভৰি পৰিছে দেশৰ ভিন্নপ্ৰান্তৰ হাজাৰ-হাজাৰ সাংবাদিক, সংবাদকৰ্মী। সকলোৰে অপেক্ষা ২২ জানুৱাৰীলৈ।

সোমবাৰে দুপৰীয়া ১২:১৫ৰ পৰা ১২:৪৫ বজাৰ ভিতৰত শ্ৰীৰামৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি পাঁচজন লোক গৰ্ভগৃহত উপস্থিত থাকিব ৪গৰাকীকৈ লোক।

তৃতীয় বাৰৰ বাৰে বিবাহপাশত আৱদ্ধ শ্বোৱেইব মালিক! এতিয়া পুত্ৰ ইজহানৰ যত্ন কোনে ল’ব…

শ্বোৱেইব মালিকৰ বিবাহঃ তৃতীয়বাৰৰ বাবে বিবাহ পাকিস্তানৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্বোৱেইব মালিকৰ। তেওঁ তৃতীয়বাৰৰ বাবে পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু এতিয়া তেওঁৰ পুত্ৰ ইজহানৰ কি হ’ব? এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ছানিয়া আৰু শ্বোয়েবৰ পুত্ৰ ইজহানৰ কি হ’ব, কোনে ডাঙৰ-দীঘল কৰিব। শ্বোয়াইব মালিকৰ পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে যে শ্বোৱেইবে ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাক বিবাহ বিচ্ছেদ কৰিছে আৰু দুয়োজনেই পাৰস্পৰিক সন্মতিৰে পৃথক হৈছে। শ্বোয়াইব মালিক আৰু ছানিয়া মিৰ্জাৰ পুত্ৰ ইজহান ডুবাইত থাকে। পিতৃ-মাতৃ দুয়ো মিলি পুত্ৰৰ খৰচ বহন কৰিব। ২০১৮ চনত ছানিয়া মিৰ্জা আৰু শ্বোয়াইব মালিক পিতৃ-মাতৃ হৈছিল।

শ্বোয়াইব মালিকৰ প্ৰথম পত্নীৰ নাম আছিল আয়েছা ছিদ্দিকী। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্বোয়াইবে ছানিয়া মিৰ্জাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে ২০১০ চনত প্ৰথম পত্নী আয়েছাৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল। এয়া শ্বোয়াইব মালিকৰ তৃতীয় বিবাহ, তেন্তে ছানা জাভেদো তেওঁৰ পিছত নাই। আনহাতে ছানা জাভেদে দ্বিতীয়বাৰৰ বাবে শ্বোৱেইব মালিকক বিয়া কৰাইছে। ইয়াৰ পূৰ্বে ২০২০ চনত ছানাই কন্ঠশিল্পী ওমৰ যছৱালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু তেওঁলোকৰ সম্পৰ্ক বিচ্ছেদ ঘটিল।


এমাহ পূৰ্বে নিমন্ত্ৰণ লাভ কৰি এইবাৰ কৈলাছ খেৰে উচৰ্গা কৰিলে ‘ৰাম কা ধাম’ গীত

২২ জানুৱাৰী সোমবাৰে ৰামলালাৰ ‘প্ৰাণপ্ৰতিষ্ঠা’। ১৭ জানুৱাৰীৰ পৰা মন্দিৰ কৰ্তৃপক্ষই ধ্ৰুপদী ৰীতি-নীতি অনুসৰণ কৰি অযোধ্যাৰ সকলো নিয়ম পালন কৰিবলৈ আৰম্ভ কৰিছে। অযোধ্যাবাসীৰ প্ৰায় উৎসৱমুখৰ আমেজ। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছে।

মুম্বাইৰ পৰা উৰা মাৰিছে তাৰকাসকল। পৰ্দাৰ ৰামায়ণৰ ৰাম, সীতা আৰু লক্ষ্মণক ইতিমধ্যে অযোধ্যাত খোজ কাঢ়ি থকা দেখা গৈছে। ১৬ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ অযোধ্যাত কেইবাটাও কাৰ্যসূচী। এইবাৰ ৰামলালাৰ ‘প্ৰাণপ্ৰতিষ্ঠা’ উপলক্ষে তেওঁৰ গীত ‘ৰাম কা ধাম’ উচৰ্গা কৰে গায়ক কৈলাছ খেৰে।

২২ তাৰিখে অযোধ্যালৈ অগণন বলীউডৰ তাৰকাক নিমন্ত্ৰণ জনোৱা হৈছে। এমাহ আগতে কৈলাছে নিমন্ত্ৰণ লাভ কৰিছিল। ইতিমধ্যে তেওঁ গেৰুৱা শিবিৰৰ ঘনিষ্ঠ বুলি জনা গৈছে।

কৈলাছে ক’লে, ৰাম মণ্ডীৰ উদ্বোধনী অনুষ্ঠানৰ বাবে গোটেই দেশে অপেক্ষা কৰি আছে। যেন সকলোৱে একেলগে দীপাৱলী উদযাপন কৰিবলৈ ওলাইছে। সেই প্ৰেক্ষাপটতে মই মোৰ ভজন গীত ‘ৰাম কা ধাম’ ৰাম মন্দিৰলৈ উৎসৰ্গা কৰিছো। এই গীতটোত মই মন্দিৰ নিৰ্মাণৰ আঁৰৰ সংগ্ৰামৰ কাহিনী আলোকপাত কৰিছো।”

এই দিনটোৰ অনুষ্ঠানত কি পিন্ধিব তেওঁ ইতিমধ্যে সিদ্ধান্ত লৈছে। কণ্ঠশিল্পীগৰাকীৰ মতে, ‘প্ৰাণপ্ৰতিষ্ঠা’ অনুষ্ঠানলৈ নিমন্ত্ৰণ পোৱাত তেওঁ নিজকে ভাগ্যৱান বুলি অনুভৱ কৰে। “সেইদিনা মই অযোধ্যাত থাকিম। দেউতাৰ স্মৃতিত মুকলি অনুষ্ঠানটো ধোতি পাৰ্ভা হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছো। আশাকৰোঁ ওপৰৰ পৰা দেখি মা-দেউতা সুখী হ’ব।”কণ্ঠশিল্পীগৰাকীয়ে কয়।

ৰামলালাৰ মূৰ্তি স্থাপনৰ শুভ সময় ১ মিনিট ৮৪ ছেকেণ্ড…

২২ জানুৱাৰীত দিনৰ ১২.২০ বজাৰ পৰা আৰম্ভ হ’ব ৰামলালাৰ অভিষেক। অৱশ্যে বৰ্তমান মূৰ্তিটো ঢাকি ৰখা হৈছে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী ২২ জানুৱাৰীৰ দিনৰ ১২.২০ বজাৰ পৰা আৰম্ভ হ’ব আৰু দিনৰ ১ বজাত সমাপ্ত হ’ব। প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিব। তথ্য অনুসৰি মহীশূৰস্থিত ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা ভগৱান ৰামৰ মূৰ্তিৰ উচ্চতা ৫১ ইঞ্চি।

চৰকাৰী কাৰ্যসূচী অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে পুৱা ১০.২৫ বজাত অযোধ্যা বিমানবন্দৰত উপস্থিত হ’ব। পুৱা ১০.৫৫ বজাত শ্ৰী ৰাম জন্মভূমি মন্দিৰত উপস্থিত হ’ব। সংৰক্ষিত সময় পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ। দিনৰ ১২.০৫ ​​বজাৰ পৰা আৰম্ভ হ’ব প্ৰাণ প্ৰতিষ্ঠা পূজা নিশা ১২.৫৫ বজালৈ চলিব। পূজাস্থলীৰ পৰা ৰাতি ১২.৫৫ বজাত ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোডী। দিনৰ ১ বজাত মঞ্চত উপস্থিত হৈ ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। দুপৰীয়া ২.১০ বজাত কুবেৰ টিলাৰ শিৱ মন্দিৰত উপস্থিত হৈ পূজা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

কেঁচা নাৰিকল স্বাস্থ্যৰ বাবে অতি উপকাৰী, সুস্থ স্বাস্থ্যৰ লগতে ওজনো কমিব…

কেঁচা নাৰিকলৰ পুষ্টিকৰ উপাদানৰ বাবে স্বাস্থ্যৰ বাবে অতি উপকাৰী। কেঁচা নাৰিকল খালে আপোনাৰ ওজনো নিয়ন্ত্ৰিত হ’ব আৰু চেনিৰ লগতে আপোনাৰ বহু সমস্যাও নিয়ন্ত্ৰিত হ’ব। কেঁচা নাৰিকল যিকোনো বতৰত খালে স্বাস্থ্যৰ বহু সমস্যা দূৰ হয়। বিশেষকৈ শীতকালত কেঁচা নাৰিকলে শৰীৰক সম্পূৰ্ণ পুষ্টি প্ৰদান কৰে কাৰণ এই বতৰত শৰীৰক অধিক শক্তিৰ প্ৰয়োজন হয়। কেঁচা নাৰিকলত প্ৰচুৰ পৰিমাণে আঁহ আৰু আইৰণৰ লগতে কপাৰ, চেলেনিয়াম, মেগনেছিয়াম আৰু পটাছিয়াম থাকে যিবোৰ শৰীৰৰ বিকাশৰ বাবে অপৰিহাৰ্য বুলি কোৱা হয়। যদি আপুনি দৈনিক খাই তেন্তে আপোনাৰ শৰীৰটো শক্তিশালী আৰু শক্তিৰে ভৰপূৰ হৈ থাকিব।

কেঁচা নাৰিকল খোৱাৰ স্বাস্থ্য উপকাৰীতা-

কেঁচা নাৰিকলত প্ৰচুৰ পৰিমাণে আঁহ থাকে আৰু সেয়েহে নাৰিকল খালে পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি নহয়। কেঁচা নাৰিকলত ৬০ শতাংশতকৈ অধিক পানী থাকে, ইয়াৰ সেৱনে কোষ্ঠকাঠিন্য, এচিডিটি, পেট জ্বলোৱা আৰু বদহজমৰ পৰা সকাহ দিয়ে। নাৰিকল খালে পাচনতন্ত্ৰ মসৃণ হৈ পৰে।

কেঁচা নাৰিকলে ওজন কমোৱাত বহু সহায় কৰে। কেঁচা নাৰিকলত থকা ট্ৰাইগ্লিচাৰাইডে শৰীৰত থকা চৰ্বি জ্বলোৱাত সহায় কৰে। কেঁচা নাৰিকল খালে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা সুস্থ হৈ থাকে। গতিকে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে কেঁচা নাৰিকল খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে ভাল হ’ব।

কেঁচা নাৰিকল কেৱল শৰীৰৰ বাবেই নহয় মনৰ বাবেও অতি উপকাৰী। ইয়াত আইৰণ আৰু ভিটামিন বি ৬ পোৱা যায়, যিয়ে মগজুক শক্তিশালী আৰু চোকা কৰে। এইখিনি খালে মগজুৰ কাৰ্যকলাপ বৃদ্ধি পায় আৰু স্মৃতিশক্তি বৃদ্ধি পায়।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে কেঁচা নাৰিকল শৰীৰত তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক বুলি প্ৰমাণিত হয়। গতিকে ডায়েবেটিছ ৰোগীয়ে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

ভিটামিনৰ লগতে কেঁচা নাৰিকলত বহুতো এন্টি অক্সিডেন্ট পোৱা যায় যিয়ে ছালৰ লগতে চুলিকো সম্পূৰ্ণ পুষ্টি প্ৰদান কৰে। ইয়াত পোৱা ভিটামিন ই ছালখনক সুন্দৰ, সুস্থ আৰু উজ্জ্বল কৰি তোলে। কেঁচা নাৰিকলত পোৱা এন্টি অক্সিডেণ্টে ফ্ৰী ৰেডিকেল ৰোধ কৰি চুলিৰ বৃদ্ধি ত্বৰান্বিত কৰে।