Home Blog Page 1123

শীতকালত মাজনিশা চাহ খাব লাগে নে নালাগে? এনে সময়ত চাহ খালে হ’ব পাৰে নেকি ভয়ংকৰ সমস্যা ?

শীতকালত চাহ খোৱাৰ হেঁপাহ বাঢ়ে। দিনটো চাহেৰে আৰম্ভ কৰাৰ লগতে বিচনাত উঠাৰ পূৰ্বেও চাহ একাপ খাবলৈ মন যায়। এনে পৰিস্থিতিত প্ৰশ্ন হয় ৰাতি চাহ খোৱাটো উচিত নে?

শীতকালৰ মাজনিশা চাহ খোৱাৰ ফলত বহু সমস্যা হ’ব পাৰে।

এচিডিটিৰ সমস্যা

যদি কোনো ব্যক্তিয়ে শীতকালত ৰাতি চাহ খায় তেন্তে তেওঁৰ অভ্যাস সলনি কৰিব লাগে কাৰণ প্ৰতিদিনে মাজনিশা চাহ খালে এচিডিটিৰ সমস্যা হ’ব পাৰে। চাহ খোৱাৰ ফলত পেটত এচিডিটি হয়, যাৰ ফলত হাৰ্টবাৰ্ণ হ’ব পাৰে।

মানসিক চাপ বৃদ্ধি পায়
প্ৰতি নিশা চাহ খালে মানসিক চাপ বৃদ্ধি পাব পাৰে। চাহত পোৱা কেফেইনৰ বাবে এজন ব্যক্তিয়ে গভীৰ নিশালৈকে টোপনি যাব নোৱাৰে। একে সময়তে বহু সময় সজাগ হৈ থকাটোৱে মানসিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়।

হজম শক্তি বেয়া হৈ যায়

প্ৰতিদিনে ৰাতি চাহ খালে পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়। শীতকালত মাজনিশা চাহ খালে পেটত গেছ গঠন আৰু পেট ফুলাৰ দৰে সমস্যা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ লগতে হজম শক্তিতো বিৰূপ প্ৰভাৱ পৰে।

অস্বস্তি অনুভৱ কৰা
প্ৰতিদিনে ৰাতি চাহ খালে স্বাস্থ্যৰ অৱনতি হয়। মাজনিশা চাহ খালে অস্থিৰতাৰ সৃষ্টি হয়। গাখীৰৰ লগত চাহ খোৱাৰ বাবে শৰীৰত টেনিনৰ পৰিমাণ বৃদ্ধি পায়, যিটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়।

অনিদ্ৰাৰ সমস্যা
দৈনিক মাজনিশা চাহ খালে অনিদ্ৰা হব পাৰে। ৰাতি অনিদ্ৰাৰ স্থায়ী সমস্যাই সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। ইয়াৰ ফলত আন বহুতো সমস্যা যেনে মূৰৰ বিষ, মানসিক চাপ, উদ্বেগ আদিৰ সৃষ্টি হয়।

চিচিবৰগাঁৱত জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ বৰ্দ্ধিত কার্যনির্বাহ সভা ,অভিনন্দন আৰু আলাপ অনুষ্ঠান…

চিচিবৰগাঁৱত জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ বৰ্দ্ধিত কার্যনির্বাহ সভা, অভিনন্দন আৰু আলাপ অনুষ্ঠান।

“এসময়ত উজনি অসমৰ সৌমাৰপীঠত শৌৰ্য্য বীৰ্যৰে শাসন কৰা ঐতিহ্যপূর্ণ চুতীয়া জনগোষ্ঠীক অসমৰ প্ৰতিখন চৰকাৰে যিমান গুৰুত্ব প্রদান কৰিব লাগিছিল কার্যতঃ তেনে হোৱা নাই। জনজাতিকৰণ আৰু স্বায়ত্ব শাসন চুতীয়াসকলৰ ন্যার্যপ্রাপ্তি। যিকোনো বিনিময়ত এই অধিকাৰ পাবই লাগিব; আৰু তাৰ বাবে এতিয়া অসমৰ চুতীয়াসকলে একত্রিত হৈ গণসংগ্রামত নামিব লাগিব। চুতীসকল অধিকাৰৰ বাবে গণ সংগ্ৰামৰ বাদে বিকল্প ব্যৱস্থা নাই।” অলপতে চিচিবৰগাঁৱত অনুষ্ঠিত হোৱা সদৌ চুতীয়া জাতি সন্মিলনৰ জোনাই জিলা সমিতিৰ এখন গুৰুত্বপূর্ণ বৰ্দ্ধিত কার্যনির্বাহ সভা, অভিনন্দন আৰু আলাপ অনুষ্ঠানত এইদৰে মন্তব্য কৰে সদৌ চুতীয়া জাতি সন্মিলন সাধাৰণ সম্পাদক নৃপেন শইকীয়াই।

জোনাই জিলা চুতীয়া জাতি সম্মিলন উদ্যোগত আৰু চিচিবৰগাঁও আঞ্চলিকৰ আতিথ্যত চিচিবৰগাঁও ৰাজহুৱা পেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সভাখনিত শতাধিক লোকৰ উপস্থিতিত জোনাই জিলা চুতীয়া জাতি সম্মিলন সভাপতি ৰঞ্জিত শইকীয়াই সভাপতিত্ব কৰে। সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক বিশ্ব বৰাই। সভাখনিত কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি গোবিন চুতীয়া, সাধাৰণ সম্পাদক ক্ৰমে নৃপেন শইকীয়া আৰু দেৱজিৎ শইকীয়া, সম্পাদক কুবেৰ কাথ বৰা, চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তুভ কিশোৰ চুতীয়া, চুতীয়া জাতি সন্মিলনৰ প্রাক্তন সম্পাদক প্রদীপ চুতীয়া, চুতীয়া জাতীয় গৱেষণা পৰিষদৰ সদস্য সাংবাদিক মৃদু পরন চুতীয়া আদিকে কৰি কেইবাজনো ব্যক্তিয়ে বক্তব্য ৰাখে। যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াৰ নেতৃত্বত বর্তমান চুতীয়া জনগোষ্ঠীৰ গাঁও সমূহত ‘গাঁওবোৰ বিচাৰি যাওঁ’ কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন গাঁওসমূহ ভ্ৰমণ কৰি নিজা কৃষ্টি-সংস্কৃতিৰ ৰক্ষা কৰি বসবাস কৰি আহিছে বুলি মন্তব্য কৰে।

লগতে অসমৰ ৰাজনৈতিক দলসমূহক আগন্তুক লোকসভা, বিধান সভাৰ নিৰ্বাচনত চুতীয়া জনগোষ্ঠীৰ লোকক প্ৰাৰ্থীত্ব দিয়াত অগ্রাধিকাৰ দিবলৈ দাবী জনায়। সভাত চুতীয়া জাতি সন্মিলন চিচিবৰগাঁও আঞ্চলিকৰ সভাপতি তথা সমাজকৰ্মী ক্ষীৰোদ ভূঞা আৰু সম্পাদক পুলেন চুতীয়া, চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পূৰ্ণ চন্দ্ৰ চুতীয়া, অৱসৰী বিষয় শিক্ষক ৰামচন্দ্ৰ চুতীয়া, চুতীয়া জাতি মহিলা সন্মিলনৰ কাৰ্যকৰী সভানেত্ৰী গুণ চুতীয়া, অৱসৰী প্ৰধান শিক্ষক ক্ৰমে হেমন্ত হাজৰিকা, নাৰায়ণ চুতীয়া, শিশুৰাম ভূঞা, সুশীল ভূঞা, সমাজকৰ্মী ক্ৰমে মহেশ্বৰ চুতীয়া, বৈকুণ্ঠ চুতীয়া, লক্ষ্যজ্যোতি ভূঞা, পৱন চুতীয়া, চুতীয়াৰ জাতি সন্মিলন ৰাজ্যিক কার্য্যনিৰ্বাহক গোপাল বৰা, আশানন্দ চুতীয়া, চুতীয়া যুৱ সন্মিলন জোনাই জিলা সমিতিৰ সভাপতি ভুপেন চুতীয়া, সাধাৰণ সম্পাদক জিন্টু চুতীয়া, ৰুবী চুতীয়া আদিৰ বহুকেইজন ব্যক্তি উপস্থিত থাকে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত শলাগৰ শৰাই আগবঢ়ায় চুতীয়া জাতি সন্মিলনৰ চিচিবৰগাঁও আঞ্চলিকৰ সভাপতি ক্ষীৰোদ ভূঞাই আৰু ধন্যবাদসূচক বক্তব্য ৰাখে আঞ্চলিক সমিতিৰ সম্পদক পুলেন চুতীয়াই।

শম্ভু দাস চিলাপথাৰ

গাইনৈৰ নামনিত মথাউৰি নিৰ্মাণৰ প্ৰস্তুতিত অসন্তুষ্ট নৈপৰীয়া ৰাইজ

ধেমাজিৰ অন্যতম চকুলো স্বৰূপ গাইনৈৰ নামনি অংশত দুয়োপাৰে পৰিকল্পিতভাৱে মথাউৰি নিৰ্মাণ কৰি অঞ্চলটোৰ বান সমস্যা স্থায়ী সমাধান কৰা দাবীত বৃহস্পতিবাৰে দুপৰীয়া চিচি কেৰেকনিত গাইনৈৰ শেষৰ অংশৰ ফালে খেতি-পথাৰৰ মাজতে এক গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হয়। ধেমাজি গোহাঁই গাঁও পঞ্চায়ত, মৰিধল আৰু চিচিবৰগাঁও গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ ৰাইজ সমবেত হৈ গাই নৈৰ নামনি অংশত দুয়োপাৰে পৰিকল্পিতভাৱে মথাউৰি নিৰ্মাণ কৰাৰ দাবীত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়।

উল্লেখ্য যে গাইনৈৰ নামনি অংশত মথাউৰি নথকা বাবে বিগত চাৰিটা দশক ধৰি প্ৰতি বাৰিষাত গাই নৈৰ ধাৰাবাহিক বানত অঞ্চলটোৰ ৰাইজে দিক বিদিক হেৰুৱাব লগীয়া হয়। গাইনৈৰ নামনি অংশত মথাউৰি নথকা বাবে প্ৰতি বাৰিষাত গাইনৈৰ বাঢ়নী পানীয়ে যেনি-তেনি গতি কৰা ফলত নামনি অংশত প্ৰতি বছৰে বিস্তাৰ ক্ষতি কৰি আহিছে। স্থানীয় ৰাইজৰ অনুৰোধ, দাবী, আন্দোলনৰ ফলত শেহতীয়াকৈ চৰকাৰে গাইনৈৰ নামনি অংশৰ বাওঁ দিশৰ মথাউৰিটো নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলাইছে যদিও মথাউৰিটো বেঁকা কৰি নিৰ্মাণ কৰিবলৈ লোৱা ফলত কিছু বিসংগতি হ’ব বুলি অনুমান কৰা হৈছে।

বেকাকৈ নিৰ্মাণ কৰিলে মথাউৰিটো ভবিষ্যতৰ কাৰণে সুৰক্ষিত নহ’ব। আনহাতেদি বাওঁ দিশৰ মথাউৰিটো বেকাঁকৈ নিৰ্মাণ হ’লে সোঁ দিশৰ মথাউৰিটোও বেকাঁ হৈ যাব। ফলত কেৰেকনি অঞ্চলৰ এটা অংশ নৈৰ বুকুত সোমাই পৰিব আৰু অঞ্চলটোলৈ ভাবুকি সৃষ্টি কৰিব।

আনহাতে গাইনৈৰ নামনিত বাওঁ দিশৰ মথাউৰিটো সম্প্ৰসাৰণ কৰাৰ বাবে বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বাবে গাইনৈৰ নামনিত সোঁফালে কেৰেকনিৰ লগতে বৰাচিৰা, গোহাঁই গাঁও, বঙালমাৰী আদি অঞ্চললৈ ভাবুকি সৃষ্টি কৰিব। সভাত উপস্থিত সকলোৱে চৰকাৰ-বিভাগৰ এনে বিসংগতিপূৰ্ণ আৰু একপক্ষীয় পদক্ষেপক ক্ষুৰধাৰ সমালোচনা কৰে।

আনহাতে বুধবাৰে অঞ্চলটোৰ একাংশ লোকে এই সম্পৰ্কত সাংসদ প্ৰদান বৰুৱাক অৱগত কৰিবলৈ গৈছিল যদিও সাংসদ প্ৰদান বৰুৱাই ৰাইজক কোনোধৰণৰ নিশ্চয়তা নিদিলে। ৰাইজক আশ্বাস আশ্বাস দিয়াৰ সলনি ওলোটাই টান কথাহে শুনালে বুলি সভাত ক্ষোভ প্ৰকাশ কৰে। চৰকাৰ এনে হঠকাৰী পদক্ষেপৰ বিপৰীতে সমূহ কেৰেকনি, গোহাঁই গাঁও, বৰাচিৰা, বঙালমাৰী আদি অঞ্চলৰ ৰাইজে গনতান্ত্ৰিক আন্দোলনৰ পথ ল’ব বুলি ভাবুকি দিয়ে।

সভাত ধেমাজি গোহাঁই গাঁৱৰ নিবাসী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী মনোজ দিহিঙীয়াই সভাপতিত্ব কৰা সভাখনিত কেৰেকনিৰ ৰমেন শইকীয়া, বিনোদ চুতীয়া, হেমচন্দ্ৰ গগৈ আৰু চন্দন জীয়ামৰীয়া, ধেমাজি গোহাঁই পঞ্চায়তৰ বাম গাঁৱৰ নিবাসী লীলা দাস, মনোজ কুমাৰ দাস, ধেমাজি গোহাঁই গাঁৱৰ মিৰেণ গোহাঁই আদিয়ে বক্তব্য ৰাখি তৎকালেই গাইনৈৰ নামনিৰ সোঁফালেও আসোঁৱাহ নোহোৱাকৈ মথাউৰি নিৰ্মাণ নকৰিলে ৰাইজে ৰাজ পথলৈ নামিব বুলি সকিয়াই দিয়ে।

অসমৰ দুই হাজাৰো অধিক বিদ্যালয়ত শৈক্ষিক মাৰ্গদৰ্শন প্ৰদান…

অসমৰ দুই হাজাৰো অধিক বিদ্যালয়ত শৈক্ষিক মাৰ্গদৰ্শন প্ৰদান

দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্যৰ ব্যতিক্ৰমী প্ৰয়াস

যিটো সময়ত ৰাজ্যৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলে অৱসৰৰ পাছত ঘৰতে থাকি নিজৰ পৰিয়ালৰ কথাত নিমজ্জিত হৈ আছে বা কোনো কোনো অৱসৰপ্ৰাপ্ত শিক্ষকে চৰকাৰৰ পৰা পেঞ্চন লৈ বেচৰকাৰী স্কুলৰ শিক্ষক বা মুৰব্বী হৈ আছে বা বেচৰকাৰী বিদ্যালয় আৰম্ভ কৰিছে , সেই সময়ত কামৰূপ জিলাৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষই অসমজুৰি শিক্ষাৰ পোহৰ বিলাবলৈ ঘূৰি ফুৰিছে। প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈকে ছাত্ৰ- ছাত্ৰীৰ মাজত জ্ঞানৰ পোহৰ বিলাই ফুৰিছে এই অৱসৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীয়ে। তেওঁ হ’ল কামৰূপ জিলাৰ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য। অৱসৰৰ পাছত কমেও দহ হাজাৰ শিক্ষানুষ্ঠানলৈ শৈক্ষিক সহায়তা আগবঢ়াবলৈ সংকল্প লৈ তেওঁ আৰম্ভ কৰিছে এই যাত্ৰা। ইতিমধ্যে বিগত ১৬ বছৰ ধৰি নিজৰ উপাৰ্জনৰ ধন খৰচ কৰি শিক্ষাৰ উত্তৰণৰ হকে কাম কৰিবলৈ পৰেশ বৈশ্য ফাউণ্ডেচন নামৰ এটি দাতব্য ন্যাস খুলি সেৱা আগবঢ়াই আহিছে। এইগৰাকী অৱসৰী অধ্যক্ষই নিজৰ কাৰ্যকালত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনক অসমৰ এখন জাকত জিলিকা বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰি অসমৰ বিদ্যালয়সমূহৰ মাজত অনুপম আৰ্হি হৈ পৰিছিল। মাত্ৰ চাৰে তিনি বছৰীয়া অধ্যক্ষৰ কালছোৱাত কৰা ভাল কামৰ বাবে অসমৰ তদানীন্তন ৰাজ্যপালে বিদ্যালয়খন পৰিদৰ্শন কৰিছিল। অসমৰ তদানীন্তন মুখ্য সচিব ভি.কে পিপাৰছেনীয়াই বিদ্যালয়খনৰ উত্তৰণ দেখি অতি উচ্চ প্ৰশংসাসূচক টোকা লিখি থৈ গৈছে। ২০২০ চনৰ ৩১ ডিছেম্বৰত অৱসৰ গ্ৰহণ কৰা এই গৰাকী কৃতী অধ্যক্ষই বিগত তিনি বছৰে পেঞ্চনৰ ধন খৰচ কৰি অসমৰ ইমূৰৰপৰা পৰা সিমূৰলৈ বিদ্যালয়ে বিদ্যালয়ে গৈ শিক্ষকসকলক দিছে শিক্ষাদানৰ কৌশল বৃদ্ধিৰ পৰামৰ্শ আৰু ছাত্ৰ- ছাত্ৰীক দিছে জীৱন গঢ়াৰ সঞ্জীৱনী বাণী।

বিদ্যালয বিলাকলৈ যাওতে অতি দুখীয়া অথচ প্ৰতিভাৱান ছাত্ৰ -ছাত্ৰীৰ সন্ধান পালে তেওঁলোকক কিতাপ পত্ৰ দি সহায় কৰি আহিছে। পৰেশ বৈশ্য ফাউণ্ডেচনৰ পোহৰ বিদ্যালয়ৰ উদ্যোগত তেওঁ অসমৰ বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ -ছাত্ৰীৰ মাজত অসমৰ ইতিহাস চেতনা জাগ্ৰত কৰা আৰু লগতে ভূগোলৰ জ্ঞান বৃদ্ধিৰ বাবে আৰম্ভ কৰি অন্য এক ব্যতিক্ৰমী শৈক্ষিক কাৰ্যসূচী। সেয়া হ’ল অকণিৰ বুৰঞ্জী মেল আৰু অকণিৰ ভূগোল মেল। বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীৰ জৰিয়তে অসম বুৰঞ্জীৰ বিভিন্ন বিষয় লৈ তেওঁ এই বুৰঞ্জী মেল অনুষ্ঠিত কৰি আহিছে। সেইদৰে অসমৰ ভূগোল বিষয়ক মেলো অনুষ্ঠিত কৰি আছে। তেওঁৰ এই প্ৰয়াসক অসমৰ বিদ্বৎ মহলে উচ্চ প্ৰশংসা কৰিছে। উল্লেখযোগ্য যে অধ্যক্ষগৰাকী অৱসৰৰ পাছত বিগত তিনি বছৰত অসমৰ প্ৰায় ২৪০০ বিদ্যালয়লৈ গৈ সংশ্লিষ্ট শিক্ষক আৰু ছাত্ৰ -ছাত্ৰী শৈক্ষিক মাৰ্গদৰ্শন দিছে। তেওঁ জনোৱা মতে অৱসৰৰ পাছত অসমৰ ইমূৰৰপৰা সিমূৰলৈ বিদ্যালয়ত পদাৰ্পণৰ নামত প্ৰায় ৭৬ হাজাৰ কিলোমিটাৰ পথ ভ্ৰমণ কৰিছে। বৈশ্যই জনোৱা মতে তেওঁ ছাত্ৰ- ছাত্ৰীসকলৰ উপযোগী কিছুমান মহৎ লোকৰ জীৱনী বিষয়ক সৰু হাত পুথি ছপাই তেওঁলোকৰ মাজত বিনামূলীয়াকৈ বিতৰণৰো ব্যৱস্থা কৰিছে। তেওঁ বহু বছৰ ধৰি কামৰূপৰ শিক্ষা বিভাগকো শৈক্ষিক ক্ষেত্ৰত মাৰ্গদৰ্শন দি আহিছে। শেহতীয়াকৈ কামৰূপৰ শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ বাবে প্ৰৱৰ্তন কৰা ” মিছন অল এচিভাৰ্ছ” আঁচনিখনৰো তেওঁ অন্যতম পৰামৰ্শদাতা। তেওঁ বিদ্যালয় বিলাকলৈ গৈ শ্ৰেণীকোঠাত নিজেও পাঠদান কৰে । তেওঁৰ পাঠদানত যথেষ্ট প্ৰেৰণা পাই শিক্ষাৰ্থীসকলে। অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৈশ্যই কলা আৰু বিজ্ঞান দুয়োটা শাখাৰ বিষয় পাঠদান কৰাৰ দক্ষতা থকাৰ সুবাদতেই ছাত্ৰ- ছাত্ৰীৰ লগতে শিক্ষক- শিক্ষয়িত্ৰী সকলক যিকোনো বিষয়ত সহায়তা আগবঢ়াব পাৰে।

তেওঁৰ প্ৰয়াস হ’ল সীমিত সা-সুবিধাৰ উচিত ব্যৱহাৰৰ জৰিয়তে কেনেকৈ এখন ভাল বিদ্যালয় গঢ়ি তুলিব পাৰি সেই বিষয়ত বিজ্ঞানসন্মত পৰামৰ্শ প্ৰদান কৰা। তেওঁৰ মতে বিদ্যালয় উত্তৰণৰ আটাইতকৈ ভাল কামবোৰ ধন নোহোৱাকৈয়ে কৰিব পাৰি। কিন্তু সেইখিনিৰ অৱহেলাৰ বাবেই সম্প্ৰতি চৰকাৰী বিদ্যালয়ৰ অৱক্ষয়ৰ অৱস্থা হোৱা বুলি তেওঁ কয়। তেওঁ অসমৰ বিশেষকৈ শংকৰদেৱ শিশু- বিদ্যা নিকেতন সমূহতো নিয়মীয়াকৈ শৈক্ষিক সহায়তা দি সেই বিদ্যালয়সমূহৰ মাজতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। নিজৰ অধ্যক্ষৰ কালছোৱাত এদিনো ছুটী নোলোৱাকৈ নিষ্ঠাৰে সেৱা আগবঢ়াই বাতৰি কাকতত স্থান দখল কৰিবলৈ সক্ষম হোৱা বৈশ্যৰ এই ইতিবাচক সেৱাসমূহৰ কথা ইতিমধ্যে অসমৰ বৌদ্ধিক মহলত সৰৱ চৰ্চা হৈছে। শিক্ষকতা লগতে বৈশ্যই শতাধিক পাঠ্যপুথিকে ধৰি প্ৰায় ৩৫০ খন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। বৈশ্যৰ পাঠ্যপুথি আৰু শিশু সাহিত্যই বিগত চাৰি দশক ধৰি শিক্ষাৰ্থীৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। নিজে আবেদন কৰি শিক্ষকৰ ৰাজ্যিক বঁটা বা সাহিত্যিক পেঞ্চন লোৱাৰ ইচ্ছা প্ৰকাশ নকৰা বৈশ্যই অসমৰ কৃতী শিক্ষক-শিক্ষয়িত্ৰী আৰু ভাল ভাল বিদ্যালয়বোৰক পৰেশ বৈশ্য ফাউণ্ডেচনৰ পৰা বঁটা প্ৰদান কৰি অহা কথাটো সঁচাকৈয়ে মনকৰিবলগীয়া। নিজৰ উপাৰ্জনৰ ধন বা পেঞ্চনৰ ধন খৰচ কৰি সম্পূৰ্ণ ত্যাগৰ মনোভাৱেৰে শিক্ষাৰ পোহৰ বিলোৱা অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্যৰ এনে ব্যতিক্ৰমী প্ৰয়াস নিশ্চয় ৰাজ্যখনৰ শৈক্ষিক জগতখনৰ বাবে এক ইতিবাচক খবৰ।

কাটাৰৰ আদালতত জয়লাভ ভাৰতৰ, নৌসেনাৰ প্ৰাক্তন ৮জন বিষয়াৰ মৃত্যুদণ্ড বাতিল

চোৰাংচোৱাগিৰিৰ অপৰাধত অভিযুক্ত ভাৰতীয় নৌসেনাৰ ৮জন প্ৰাক্তন বিষয়াৰ মৃত্যুদণ্ড বাতিল কৰিলে কাটাৰে। কাটাৰৰ সংশ্লিষ্ট আদালতে ভাৰত চৰকাৰৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মৃত্যুদণ্ড হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পূর্বে অক্টোবৰ মাহত ইজৰাইলৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত ভাৰতীয় নৌসেনাৰ প্রাক্তন আঠজন বিষয়াক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল নিম্ন আদালতে। শেহতীয়াকৈ ডুবাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কাটাৰৰ আমিৰ শ্বেখ তমিম বিন হামাদৰ মাজত হোৱা বৈঠকৰ কেইসপ্তাহমানৰ পাছত এই কথা প্ৰকাশ পাইছে।

এই ৰায়ৰ বিৰুদ্ধে ভাৰতে উচ্চতম ন্যায়ালয়ত আবেদন জনায়। কাটাৰৰ সংশ্লিষ্ট আদালতে চলিত মাহত ভাৰতৰ এই আৱেদন মানি লৈছে। বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কাটাৰৰ আদালতে এই অনুৰোধৰ পিছতে মৃত্যুদণ্ড স্থগিত ৰাখিছে। অৱশ্যে মৃত্যুদণ্ড হ্ৰাস কৰিবলৈ কি কৰা হ’ব, সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। বৈদেশিক মন্ত্ৰালয়ৰ এজন বিষয়াই কয় যে আমি এই বিষয়ত কাটাৰৰ আদালতৰ পৰা সম্পূৰ্ণ ৰায়দানৰ বাবে অপেক্ষা কৰি আছো।

কাটাৰত মৃত্যুদণ্ডৰ পৰা ৰক্ষা পোৱা প্ৰাক্তন নৌসেনা বিষয়া কেইজন হ’ল কেপ্তেইন নৱতেজ সিং গিল, কেপ্তেইন বীৰেন্দ্ৰ কুমাৰ ভাৰ্মা, কেপ্তেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কমাণ্ডাৰ সুগুনাকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা আৰু ছিমেন ৰাজেশ। এই আঠজন অৱসৰপ্ৰাপ্ত নৌসেনাৰ বিষয়াই কাটাৰৰ সশস্ত্ৰ বাহিনী আৰু নিৰাপত্তা সংস্থাসমূহক প্ৰশিক্ষণ আৰু আনুষংগিক সেৱা প্ৰদান কৰা ব্যক্তিগত প্ৰতিষ্ঠান আল ডাহৰা গ্ল’বেল টেকন’লজিছ এণ্ড কনছালটেন্সি চাৰ্ভিচেছত কাম কৰি আহিছিল। তেওঁলোকৰ জামিন আবেদন বহুবাৰ নাকচ কৰাৰ লগতে কাটাৰ কৰ্তৃপক্ষই তেওঁলোকৰ আটকৰ সময় বৃদ্ধি কৰিছিল।

যোৱা বছৰৰ আগষ্ট মাহত কাটাৰৰ চোৰাংচোৱা সংস্থাই গ্ৰেপ্তাৰ কৰিছিল এই আঠজন বিষয়াক। অভিযোগ অনুসৰি, ডোহাত থকা ভাৰতীয় দূতাবাসক তেওঁলোকক গ্ৰেপ্তাৰৰ সঠিক কাৰণৰ বিষয়ে অৱগত কৰা হোৱা নাছিল। ইয়াৰ পিছত চলিত বৰ্ষৰ এপ্ৰিল মাহত আদালতত আইনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে আত্মসাৎৰ অভিযোগ উত্থাপন হোৱা বুলি জানিব পৰা গৈছে।

কাটাৰত থকা ভাৰতৰ ৰাষ্ট্ৰদূত, বিষয়া আৰু কাৰাবন্দী নৌসেনাৰ প্ৰাক্তন জোৱানসকলৰ পৰিয়ালৰ সদস্যসকল আপিল আদালতত উপস্থিত আছিল।

অৱশ্যে কি অভিযোগত তেওঁলোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰাৰ কথা ঘোষণা হৈছিল সেয়া চৰকাৰে প্ৰকাশ কৰা নাই।

কেন্সাৰ প্ৰতিৰোধী অমিতাৰ বিষয়ে জানক…

ভিটামিনেৰে ভৰপূৰ অমিতা –

অমিতাত ভালেকেইবিধ ভিটামিন থাকে। একেৰাহে ১৫ দিন ধৰি পকা অমিতা খাই থাকিলে আপোনাৰ চকুৰ কমি যোৱা দৃষ্টিশক্তি পুনৰ শক্তিশালী হৈ উঠে। চকু দুটাও পৰিষ্কাৰ হৈ উঠে।

আপোনাৰ যদি কোষ্ঠকাঠিন্য বা বদহজমৰ দোষ আছে, তেনেহ’লে প্ৰতিদিনে পাচলি ৰূপে কেঁচা অমিতা বা ফলস্বৰূপে পকা অমিতা খাবলৈ লওক।

অমিতাত কেবাপ্ৰকাৰৰো এনজাইম আৰু খাদ্য আঁহ থাকে। এইবিলাকে আপোনাৰ পাচন শক্তি বৃদ্ধি কৰিব আৰু পুৰণি কোষ্ঠবদ্ধতাও নিৰ্মূল কৰিব।

১৫ দিন একেৰাহে অমিতা খোৱাৰ পিছত আপোনাৰ পাচন তন্ত্ৰ পূৰ্বৰ দৰে শক্তিশালী হৈ উঠিব আৰু ভালদৰে কাম কৰিবলৈ ধৰিব।

যদি ঋতু পৰিৱৰ্তনৰ লগে লগে আপোনাৰ কিবা কিবি সৰু-সুৰা বেমাৰ হৈ থাকে, তেনেহ’লে আপুনি অমিতা খাবলৈ আৰম্ভ কৰক। কাৰণ অমিতাই আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব।

ফলত শৰীৰটো ভালেমান ৰোগৰ সংক্ৰমণৰ পৰা বাচি থাকিব। এতিয়া অমিতাৰ বতৰ আৰম্ভ হৈছে।

বজাৰত এতিয়া সতেজ কেঁচা আৰু পকা অমিতা বিচাৰিলেই পোৱা যায়। এতিয়া আপুনি ইচ্ছা কৰিলে প্ৰতিদিনে অমিতাৰ পাচলি আৰু পকা অমিতাও খাব পাৰে। বিজ্ঞানীসকলে অমিতাৰ ওপৰত অধ্যয়ন চলাই মুঠ ৭ টা উপকাৰ আৱিষ্কাৰ কৰিছে।

পুষ্টি গুনেৰে ভৰা অমিতা –

বিভিন্ন গৱেষণাত প্ৰমাণ পোৱা গৈছে যে, এইবিধ ফলত ভালেকেইবিধ পুষ্টিকাৰক দ্ৰব্য থাকে। প্ৰধানকৈ কাৰ্বোহাইড্ৰেট, ফাইবাৰ, প্ৰোটিন, ভিটামিন ‘এ’, ভিটামিন ‘চি’ ভিটামিন ‘বি-৯’ আৰু পটাচিয়াম প্ৰচুৰ মাত্ৰাত থাকে। এইবিলাকৰ উপৰি ইয়াত কম পৰিমাণে হ’লেও মেগনেচিয়াম আৰু অন্য ভিটামিনো থাকে।

এন্টিঅক্সিডেন্টৰ অন্যতম উৎস –

শৰীৰত থকা হানিকাৰক বেক্টেৰিয়া ধ্বংস কৰিবৰ কাৰণে, এন্টিঅক্সিডেন্ট আৰু জৰুৰী বুলি বিভিন্ন অধ্যয়নত প্ৰমাণিত হৈছে। অমিতাত কেৰ’টিনড নামৰ এন্টিঅক্সিডেন্ট যথেষ্ট পৰিমাণে পোৱা যায়।

এইবিধ উপাদানে কেইবাবিধো ৰোগৰ বিপক্ষে যুঁজিবলৈ শৰীৰটোক সক্ষম কৰি ৰাখিব পাৰে। গৱেষণাত এই কথাও প্ৰমাণিত হৈছে যে, একেৰাহে ৬ মাহ ধৰি অমিতা খাই থাকিলে আলজেইমাৰ ৰোগৰ ৪০ শতাংশ তীব্ৰতা কমে।

কেন্সাৰ প্ৰতিৰোধী অমিতা –

বিভিন্ন গৱেষণাত এই কথাও প্ৰমাণিত হৈছে যে, অমিতা নিয়মীয়াকৈ খাই থাকিলে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ পৰাও বাচি থাকিব পাৰি। যিসকল ৰোগীৰ কেন্সাৰৰ চিকিৎসা চলি আছে, তেনে ৰোগীৰ কাৰণেও অমিতা যথেষ্ট উপকাৰী।

এন্টিঅক্সিডেন্টযুক্ত যি ১৪ বিধ ফল আৰু পাচলি বিজ্ঞানীসকলে চিনাক্ত কৰিছে। সেইবিলাকৰ ভিতৰত অমিতাই একমাত্ৰ ফল, য’ত কেন্সাৰ প্ৰতিৰোধী উপাদান আছে।

অমিতাই হৃদৰোগো প্ৰতিৰোধ কৰিব পাৰে:

অমিতাত লাইকোপিন নামৰ এবিধ এন্টিঅক্সিডেন্ট থাকে, যিবিলাকে মানুহক হৃদৰোগৰ পৰা ৰক্ষা কৰিব পাৰে।

বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে যে, একেৰাহে ১৪ সপ্তাহ ধৰি অমিতা পাচলি বা পকা অমিতা খাই থাকিলে হৃদৰোগৰ পৰা বাচি থাকিব পাৰি।

জ্বলা-পোৰাৰ পৰা ৰক্ষা কৰে:

জ্বলা-পোৰা কৰা বা বিষ হৈ থকাটো কেইবাবিধো ৰোগৰ প্ৰধান লক্ষণ।

অমিতাত পোৱা ভিটামিন আৰু এন্টিঅক্সিডেন্ট উপাদানে শৰীৰৰ বিষ বা জ্বলা-পোৰা সৃষ্টি কৰা কাৰকবিলাক হ্ৰাস কৰে।

পাচনতন্ত্ৰ ভাল কৰে অমিতাই –

বিভিন্ন অধ্যয়ন আৰু গৱেষণাৰ ফলাফল বিলাকৰ পৰা জানিব পৰা গৈছে যে, অমিতাই পাচন তন্ত্ৰ শক্তিশালী কৰি ৰাখে।

যিসকল লোক পেটৰ ৰোগত ভুগি আছে, তেওঁলোকৰ কাৰণেও অমিতা যথেষ্ট উপকাৰী। ৪০ দিন একেৰাহে অমিতা খাই থাকিলে যিকোনো ব্যক্তিৰে কোষ্ঠবদ্ধতা নিৰাময় হয়।

ছালৰ ৰোগ নাশ কৰে –

শৰীৰটোক সুস্থ কৰি ৰখাৰ লগতে অমিতাই আপোনাৰ ছালখনো ৰক্ষা কৰি থাকে। অমিতা খাই থাকিলে আপোনাৰ ছালখন উজ্জ্বল আৰু মিহি হৈ থাকে আৰু বেছি কোমল যেন দেখায়।

বয়স বঢ়াৰ লগে লগে ছালৰ ওপৰত পৰা পৰিৱৰ্তনৰ চাপ অৰ্থাৎ ছাল কোচ খাই ওলমি যোৱা আদি বিকাৰবোৰ নিয়মীয়াকৈ অমিতা খাই থকা লোকৰ গাত দেখা পোৱা নেযায়।

২০২৩ বৰ্ষটোত আমাৰ দেশৰ ঘটনা-পৰিঘটনা : এটি পৰ্যালোচনা…

২০২৩ বৰ্ষটোত আমাৰ দেশত নানা ঘটনা-পৰিঘটনাৰে ভৰি আছে। এই বৰ্ষত ভাৰতৰ বিজ্ঞানী সকলৰ বিশেষ সাফল্য, খেল জগতত ভাৰতৰ চমকপ্ৰদ অগ্ৰসৰ আৰু কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প আদিত উন্নত শিখৰত উপনীত হোৱা পৰিলক্ষিত হৈছে। উদাহৰণ হিচাপে, ২০২৩ চনত বিশ্ব পৰিৱেশ দিৱস”ৰ প্ৰতিপাদ্য বিষয় ,” প্লাষ্টিক প্ৰদূষণক পৰাস্ত কৰক” গোটেই ভাৰততে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। ২০২৩ চনত ভাৰতত আয়োজিত ” বিশ্ব কাপ ক্ৰিকেট” ভাৰতে চতুৰ্থ বাৰৰ বাবে কোনো দেশৰ সহায় নোলোৱাকৈ অকলে অনুষ্ঠিত কৰি সুনাম আৰ্জিছিল। এই খেল ৯ ফেব্ৰুৱাৰীৰ পৰা ২৬ মাৰ্চলৈকে চলি আছিল। পৃথিৱীৰ দহখন দলে অংশগ্ৰহণ কৰা এই ক্ৰিকেট খেলত অষ্ট্ৰেলিয়া ( ছষ্ঠ বাৰৰ বাবে) বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল। ২০২৩ চনটোত দুটা সূৰ্যগ্ৰহণ আৰু এটা চন্দ্ৰ গ্ৰহণ হৈছিল যদিও সূৰ্যগ্ৰহণৰ প্ৰভাৱ ভাৰতত বাৰুকৈয়ে পৰা নাছিল। কৰোনা ব্যাধিৰ প্ৰভাৱ নাছিল বুলি কব পাৰি যদিও বছৰটোৰ শেষৰ পিনে ইয়াৰ প্ৰাদুৰ্ভাৱ ঘটা চিন্তনীয় বিষয় হৈছে। এন এফ ডি চি ইণ্ডিয়াই ফ্লিম বজাৰত ২০২৩ ত সহ প্ৰযোজনা মাৰ্কেট ফিচাৰ দৈৰ্ঘ্যৰ প্ৰকল্পৰ বাবে বাছনি ঘোষণা কৰিছিল ; য’ত এঘাৰ খন দেশৰ বিশটা প্ৰকল্পত হিন্দী, ইংৰাজী, বঙালী, মাৰাঠী, গুজৰাটী,উৰিয়া, সিংহলী, জাৰ্মান, আৰু হিব্ৰু আদি ভাৰতীয় আৰু আন্তৰ্জাতিক ভাষা আছে। এইবাৰ ১৯ সংখ্যক চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছত ভাৰতে ২৮ টা স্বৰ্ণ পদক, ৩৮ টা ৰূপৰ পদক আৰু ৪১ টা ব্ৰঞ্জৰ পদক লাভ কৰি সৰ্বমুঠ ১০৭টা পদকেৰে আগৰ সকলো অভিলেখ ভংগ কৰি নতুন অভিলেখ সৃষ্টি কৰিছিল।


২০২৩ চনৰ জুলাই মাহৰ ১৪ তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী সকলে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ‘ জি এছ এল ভি মাৰ্ক ৩ ( এল ভি এম ৩) হেভি লিফ্ট উৎক্ষেপণ বাহনৰ জৰিয়তে দুপৰীয়া ২.৩৫ বজাত চন্দ্ৰ‌যান- ৩ অভিযান আৰম্ভ কৰি আগষ্ট মাহৰ ২৩ তাৰিখে চন্দ্ৰৰ অতি অন্ধকাৰাচ্ছন্ন চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰি গোটেই বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছিল।
ইয়াৰ পিছত ২ চেপ্তেম্বৰত সূৰ্য অভিমুখে “আদিত্য এল” যান অভিযানো বিজ্ঞানী সকলৰ চমকপ্ৰদ সাফল্য।
২০২৩ চনৰ ২৮ মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিল্লীৰ সংসদ ভৱনৰ চেন্ট্ৰেল ভিষ্ট্ৰা উদ্বোধন কৰে। ৰফি মাৰ্গত অৱস্থিত চেন্ট্ৰেল ভিষ্ট্ৰাৰ চাৰিওফালে পুৰণি সংসদ ভৱন,বিজয় চ’ক , ইণ্ডিয়া গেট, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, উপৰাষ্ট্ৰপতিৰ বাসভৱন, হায়দৰাবাদ হাউচ, সচিবালয় ভৱন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু বাসস্থান , মন্ত্ৰী ভৱন আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ হেজাৰ ৬০০ টা ভাৰতীয় বনৌষধি কেন্দ্ৰ উদ্বোধন কৰে; যাৰ দ্বাৰা প্ৰায় দেশৰ ১০/১২ লাখ লোক উপকৃত হ’ব। এই ঔষধসমূহৰ বজাৰ মূল্য ব্ৰেন্ডেড ঔষধৰ মূল্যতকৈ আধাৰো কম ।
ভাৰতৰ পাৰ্লিয়ামেন্টত কেন্দ্ৰীয় চৰকাৰে এক দেশ এক আইন, জাতীয় আইন ( UC C ) Uniform Civil Code) প্ৰৱৰ্তনৰ সিদ্ধান্ত লয় আৰু আৰু এক দেশ এক নাম পোষকতা কৰি ভাৰতবৰ্ষৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত নাম বাহাল কৰাৰ বাবে আইন প্ৰৱৰ্তনৰ সিদ্ধান্ত লয়। ” নাৰী শক্তি বন্দন অধিনিয়ম” সংসদত উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰে ২০২৯ চনত লোকসভা আৰু বিধানসভাত ভাৰতীয় নাৰীৰ বাবে ৩৩% সংৰক্ষণ কৰাৰ বাবে সিদ্ধান্ত লয়। তদুপৰি ভাৰতৰ সংবিধানত উল্লেখ থকা ” ধৰ্ম -নিৰপেক্ষ” শব্দটো উঠাই দিবৰ বাবেও কেন্দ্ৰীয় চৰকাৰে কুচ-কাৱাজ চলাই আছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী অপূৰ্ব চন্দ্ৰই নতুন দিল্লীত জি -২০ সভাপতিত্বত ই বুক ‘ পিপলছ জি -২০ ” উন্মোচন কৰে। গ্ৰন্থখনৰ প্ৰথম খণ্ডটিত ২০২৩ চনৰ ৯–১০ চেপ্তেম্বৰৰ ভিতৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা কীৰ্তিচিহ্ন-স্বৰূপ শীৰ্ষ সন্মিলনৰ বিষয়ে আলোচনা কৰা হৈছে।


ৰায় বৰেলিৰ ” মৰ্ডাণ ৰে’ল কোশ্ব ফেক্টৰীত ২০২৩ চনৰ এপ্ৰিল মাহত ১০০০০০ ডবা নিৰ্মাণ কৰি অভিলেখ সৃষ্টি কৰিছিল।অসমৰ ৰাজ্যিক চৰকাৰে অৰুণোদয় আঁচনিৰ দ্বিতীয় পৰ্যায়ত ২০২৩ চনৰ ১০ এপ্ৰিলৰ পৰা ৰাজ্যৰ ২৭ লাখ ৬০ হাজাৰ হিতাধিকাৰীক প্ৰতিমাহে ১২৫০ টকাকৈ আৰ্থিক অনুদান, এই আচঁনিত অন্তৰ্ভুক্ত বিধৱা, বিবাহ বিচ্ছেদ হোৱা, অবিবাহিতা বা অকলশৰীয়া মহিলা, পদপথৰ বাসিন্দা, দিবাংগ, তৃতীয় লিংগ, চেৰিব্ৰেল পালছি, থেলাছেমিয়া, হিমফেলিয়া, কুষ্ঠ ৰোগী, অতিজিম, মানৱ সৰবৰাহ, ধৰ্ষণৰ বলি হোৱা, পকী ঘৰ নথকা পৰিয়াল, বৃদ্ধাশ্ৰমত থকা অসহায় পুৰুষ ইত্যাদি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪/১২/২০২৩ ইং নতুন দিল্লীৰ লালকিল্লাত প্ৰথম দ্বি-বাৰ্ষিক ভাৰতীয় কলা , স্থাপত্যবিদ্যা আদি মহোৎসৱ উদ্বোধন কৰে। পাঁচখন ৰাজ্য যেনে মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা, মিজোৰাম আৰু ছত্তীছগঢ় ৰ বিধানসভা নিৰ্বাচনত তিনিখন ৰাজ্যত বিজেপি দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি মন্ত্ৰীসভা গঠন কৰিবলৈ সক্ষম হয়। তেলেংগানা ৰাজ্যত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা আৰু মিজোৰাম ৰাজ্যত জোৰাম পিপলছ মুভমেণ্ট দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে।
মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মতে চলিত বছৰত অপৰাধী দোষী সাব্যস্ত হোৱাৰ হাৰ ১০০ শতাংশৰ ওপৰত। কোনো উগ্ৰপন্থীৰ সমস্যা নাই। বিচাৰাধীন গোচৰৰ সংখ্যা ৪৮ শতাংশতকৈ হ্ৰাস হৈছে।
অপৰাধীৰ সংখ্যা পূৰ্বৰ ১ লাখতকৈও কমি ৬৯ হাজাৰ লৈ হ্ৰাস হৈছে। মহিলা আৰু শিশুৰ প্ৰতি কৰা অপৰাধৰ হাৰ ৫১ শতাংশলৈ হ্ৰাস। আমাৰ অসমৰ ৰাজ্যিক চৰকাৰে ৯ চেপ্তেম্বৰৰ পৰা ১৭ চেপ্তেম্বৰ লৈকে ” অমৃত বৃক্ষ আন্দোলন” ৰ কাৰ্যসূচী হাতত লৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত ১ কোটি বৃক্ষ ৰোপন কৰে ; অমৃত কলহ ” কাৰ্যসূচীৰে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পবিত্ৰ মাটি কলহত ভৰাই এক নৱ আন্দোলনৰ সূচনা কৰে। এপ্ৰিলৰ ১৪ তাৰিখে গুৱাহাটীৰ সৰু সজাই স্ ষ্টেডিয়ামত ৰাজ্যৰ ১১ হাজাৰ বিহুৱতী আৰু ঢুলীয়াৰ দলক লৈ ৰঙালী বিহু নৃত্য প্ৰদৰ্শন কৰি গিনিছ বুকত বিশ্ব ৰেকৰ্ড গঢ়াত অগ্ৰগতি ভূমিকা গ্ৰহণ কৰে।
সাংস্কৃতিক মহা সংগ্ৰাম আৰু খেল মহাৰণ আদি অনুষ্ঠিত কৰি ৰাজ্যৰ শিশুৰ পৰা যুৱ-চামক ৰাজ্যৰ থলুৱা সংগীত প্ৰতিযোগিতা, বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰ ( পঞ্চায়ত বা ৱাৰ্ডৰ পৰা ক্ৰমান্বয়ে ৰাজ্যিক ভিত্তিত ) সূচনা কৰা এই বছৰটোৰ এক উল্লেখযোগ্য ঘটনা।
এইবোৰ ঘটনা-পৰিঘটনাৰ সফলতা লক্ষ্য কৰি দেশৰ বহুতে আনন্দত আত্মহাৰা হৈ পৰিছে যদিও আমি যদি আমাৰ দেশৰ ৰাজনৈতিক,সমাজনৈতিক, অৰ্থনৈতিক বা দেশৰ কোটি কোটি জনতাৰ মৌলিক প্ৰয়োজনীয় সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত ভালদৰে পৰ্যবেক্ষণ কৰোঁ, তেতিয়া এই বৰ্ষটোত আমাৰ দেশে বাহ্যিক সফলতা লাভ কৰাৰ তুলনাত বিফলতাই চূড়ান্ত পৰ্য্যায় পাইছে যেন লাগিছে। উদাহৰণ হিচাপে আন্তঃগাথঁনিৰ উন্নয়নৰ নামত ঘোষিত চৰকাৰী কৰ্ম-সূচীবোৰ ৰূপায়নৰ নামত বিদেশী ঋণৰ বোজা ক্ৰমে বৃদ্ধি হৈ আছে। দেশীয় অৰ্থনীতি টনকিয়াল কৰাৰ পৰিৱৰ্তে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ ব্যক্তিগত খণ্ডৰ হাতত দিবলৈ বৰ্তমান বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে উঠি পৰি লাগিছে। বিদেশৰ বেংকসমূহত জমা থকা ক’লা ধন ওভতাই অনাৰ প্ৰতিশ্ৰুতি বেবেৰিবাং হৈ এই ক’লা ধনৰ পৰিমান দ্বিগুণ বৃদ্ধি হৈ পৰিছে। দেশখনৰ আন্তঃগাথঁনিও একেবাৰে নিশকতীয়া হৈ পৰিছে। ৰাস্তা-পদুলিৰ দুৰৱস্থা, শিক্ষানুষ্ঠানসমূহৰ গৃহ সমূহ প্ৰায়ভাগেই কেঁচা, অত্যাৱশ্যকীয় দ্ৰব্যৰ জুই চাই দাম , দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ সংখ্যা বৃদ্ধি, দেশৰ কল-কাৰখানাত উৎপাদনৰ হাৰ হ্ৰাস, আমদানিৰ পৰিৱৰ্তে ৰপ্তানীৰ পৰিমাণ বৃদ্ধি, জনমূৰি আয় হ্ৰাস, ঋণৰ বোজা বৃদ্ধি, ডলাৰৰ তুলনাত টকাৰ মূল্য ক্ৰমে হ্ৰাস, জন বিৰোধী আইন চালু, সকলো চৰকাৰী সেৱাৰ অত্যধিক মাছুল বৃদ্ধি, পৌৰ কৰ বৃদ্ধি , বিদ্যুতৰ অগ্ৰিম বিল পৰিশোধৰ ব্যৱস্থা কৰি কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰে দেশৰ কৃষক-বনুৱা আৰু মধ্যবিত্ত পৰিয়ালৰ জীৱনলৈ দুৰ্বিসহ সংকট নমাই আনিছে। ৰাজহুৱা শিক্ষা-স্বাস্থ্য খণ্ডৰ নিশকতীয়া অৱস্থা পাইছেগৈ। শিক্ষকসকলকো নিয়মীয়া , অনিয়মীয়া, ঠিকা ভিত্তিক , টিউটৰ শিক্ষক হিচাপে ভাগ কৰাৰ ফলত শিক্ষাদান ব্যৱস্থা ভাঙি পৰাৰ উপক্ৰম হৈছে। ৰাইজে গাঁঠিৰ ধন ভাঙি গঢ়ি তোলা প্ৰায় বেছিভাগ শিক্ষানুষ্ঠান অ-প্ৰাদেশীকৃত হৈ থকাৰ বাবে উক্ত অ-প্ৰাদেশীকৃত শিক্ষক-মণ্ডলীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। অথচ চৰকাৰে অৰ্থহীন প্ৰচাৰত প্ৰতি মাহে কোটি কোটি টকা অপচয় কৰা দেখা যায়। ভোটৰ অংক কৰি ৰাজ্যত অৰুণোদয় আচঁনিত কোটি কোটি টকা ব্যয় কৰাৰ ফলত দ্ৰব্য মূল্য দ্ৰুত গতিত বৃদ্ধি হোৱাৰ উপৰিও ঋণৰ বোজা বাঢ়ি আছে। আমাৰ অসম চৰকাৰে এই আচঁনিসমূহ ৰূপায়ন কৰাৰ নামত ডেৰ লাখ কোটি টকা ঋণ গ্ৰহণ কৰিছে। অথচ উন্নয়নশীল ক্ষেত্ৰত এই ধন বিনিয়োগ কৰাৰ পৰিৱৰ্তে অ-উন্নয়নশীল ক্ষেত্ৰত বিনিয়োগ কৰাত দেশৰ অৰ্থনীতি একেবাৰে ভাঙি পৰিছে। যাৰ ফলত দিনে দিনে নিবনুৱাৰ সংখ্যা তীব্ৰ বেগেৰে বৃদ্ধি হৈছে আৰু হতাশাগ্ৰস্ত হৈ যুৱ-চামে এতিয়াও আলফা-স্বাধীনত যোগ দিয়াৰ বাতৰি পোৱা গৈছে। যোৱা আঠ বছৰীয়া বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ শাসন কালত চৰকাৰৰ আৰ্থিক নীতিৰ বিৰুদ্ধে মাত মাতিলেই বিশিষ্ট অৰ্থনীতিবিদ সকলক চৰকাৰ বিৰোধী, বাওঁপন্থী, কংগ্ৰেছী বুলি আখ্যা দি তেওঁলোকৰ এই বিশ্লেষণ বাৰে বাৰে নস্যাৎ কৰিছে। এই চৰকাৰৰ বিকাশ-উন্নয়নৰ নীতিক কৰ্ম-সংস্থানহীন বিকাশ বুলি বিশিষ্ট অৰ্থনীতিবিদ যশৱন্ত সিনহা আৰু অৰুণ জেটলিক বাস্তৱ পৰিস্থিতিৰ ওপৰত কোনো জ্ঞান নাই বুলি বিজেপি দলৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়ম স্বামীয়ে উপলুঙা কৰিছে। আনহাতে ভাৰতৰ অৰ্থনীতি ভাঙি পৰাৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা বিদেশী বিনিয়োগকাৰী সকলে বজাৰৰ দুৰৱস্থা দেখি দেশৰ পৰা আতৰি গৈছে। এতিয়া শ্বেয়াৰ বজাৰত নিৰ্বিনিয়োজন প্ৰক্ৰিয়া তৰান্বিত হৈছে।নউন্নয়নৰ ফটা ঢোল বজোৱা ৰাজ্যিক চৰকাৰৰ অধীনত পানী যোগান ব্যৱস্থাও স্থবিৰ হৈ পৰিছে। খোদ গুৱাহাটীতে এ মাহতে চাৰি ঠাইত পাইপ ফুটি ৰাইজক জলাকলা খুৱাইছে। পাইপৰ গাঁতত পৰি মানুহৰ মৃত্যু পৰ্যন্ত ঘটিছে।

দুৰ্নীতি,অপশাসনত আকণ্ঠ নিমজ্জিত হাজাৰ কোটি টকীয়া পানী যোগান ব্যৱস্থা অৰ্থহীন হৈ পৰিছে। উচ্চতৰ ন্যায়ালয়ৰ নিৰ্দেশনা নমনাকৈ আৰু পুনৰসংস্থাপন ব্যৱস্থা নকৰাকৈ সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ কৰা, আৰক্ষীৰ ওপৰত ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰা , পানী যোগান আঁচনিৰ খেলিমেলি, বানপানী আৰু গৰাখহনীয়াত আক্ৰান্ত সকলক ক্ষতি পূৰণ আৰু সংস্থাপন, ৰাজহুৱা শুনানি আৰু বিশেষজ্ঞৰ মতামত অবিহনেই ৰাজহুৱা অট্টালিকাৰ ভঙা পতা বন্ধ কৰা, প্ৰিপেইড মিটাৰ বন্ধ কৰা, প্ৰকৃত জৰিপ অবিহনে গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ বৃদ্ধি স্থগিত ৰখা, পুলিচ এনকাউন্টাৰ, বাল্য বিবাহ বন্ধ কৰাৰ নামত জনজাতীয় আৰু সংখ্যা-লঘুৰ ওপৰত নিৰ্যাতন বন্ধ কৰা আদি দাবী কৰি ” অসম নাগৰিক সমাজ” এ চৰকাৰক শ্বেতপত্ৰ প্ৰকাশ কৰাৰ বাবে দাবী তোলে।
দেশখনত নৈৰাজ্যবাদৰ সৃষ্টি হৈছে। ৰাজ্যিক চৰকাৰে পুলিচ প্ৰশাসনক সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰাৰ বাবে পুলিচ বিষয়াসকলে ড্ৰাগছৰ ব্যৱসায় কৰা ব্যৱসায়ী,জাল মুদ্ৰা বা নকল সোণ তৈয়াৰ কৰা কাৰখানা, বাল্য বিবাহ কৰা, চুপাৰি চিণ্ডিকেট, উগ্ৰপন্থী ধৰা, দুৰ্নীতি ভ্ৰষ্টাচাৰ ভেটিখোৱা, বলপূৰ্বক ভাৱে নাৰীৰ ওপৰত যৌন নিৰ্যাতন কৰা , নাৰী আৰু শিশু সৰবৰাহ কৰা আদি অপৰাধজনিত কাৰ্যত জড়িত অপৰাধীসকলক কৰায়ত্ত কৰাৰ নামত কোটি কোটি টকা উৎকোচ লোৱা, থানাৰ ভিতৰত যুৱতী নাৰীক উলঙ্গ কৰি যৌন আতিশয্য চলোৱা, উগ্ৰপন্থীক ধৰাৰ নামত নিৰীহ যুৱকক এনকাউন্টাৰ কৰি চিৰজীৱনৰ বাবে পঙ্গু বা মৰিয়াই মৰিয়াই হত্যা কৰা গৰ্হিত কাৰ্য কৰা পৰিলক্ষিত হৈছে। এতিয়ালৈকে এনকাউন্টাৰৰ নামত ৮৮ জন শিক্ষিত নিবনুৱাক হত্যা কৰি পুলিচ প্ৰশাসনে গাত কলঙ্কৰ কালিমা সানি লৈছে। বিশেষকৈ এ চি এছ পৰীক্ষাত বেঁকা পথেৰে উত্তীৰ্ণ অভিযুক্ত বিষয়া সকলক পুলিচ প্ৰশাসনে খানা তালাচি কৰি বা গ্ৰেপ্তাৰ কৰি এৰি দিয়া আৰু ধেমাজি বিস্ফোৰণত অভিযুক্ত সন্ত্ৰাসবাদীক গুৱাহাটী উচ্চ ন্যায়ালয়ে উপযুক্ত প্ৰমাণৰ অভাৱত মুক্ত কৰা ঘটনাই ৰাজ্যবাসীৰ চকু কপালত তুলিছে। এই বছৰৰ আটাইতকৈ কলঙ্কিত অধ্যায় হ’ল, মণিপুৰৰ গোষ্ঠীসংঘৰ্ষত শ শ যুৱক-যুৱতীয়ে মৃত্যুক আকোঁৱালি লোৱা আৰু প্ৰকাশ্য ৰাজপথত দুগৰাকী জনজাতীয় মহিলাক কৰা যৌন নিৰ্যাতন চলাই যোৱা। কাশ্মীৰ উপত্যকাতো সন্ত্ৰাসবাদীৰ আক্ৰমণত পাঁচ জন ভাৰতীয় সেনা জোৱানৰ কৰুণ মৃত্যুৱে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাহীনতাৰ এক বাস্তৱ চিত্ৰ ফুটি উঠিছে। ২০০১ চনৰ ১৩ ডিচেম্বৰত দিল্লীৰ সংসদ ভৱনত সন্ত্ৰাসবাদীৰ সন্ত্ৰাসমূলক ঘটনাত মৃত্যু হয় ৯ জন শ্বহীদক স্মৰণ কৰাৰ দিনাই এই বছৰতেই ১৩ ডিচেম্বৰত ভগৎ সিং ফেন ক্লাবৰ চাৰিজন সদস্যই তিনি তৰপীয়া কটকটীয়া নিৰাপত্তাৰ বুহ্য ভেদি সংসদ ভৱনত প্ৰৱেশ কৰি দুজন সংসদ ভৱনৰ ভিতৰত আৰু দুজন সংসদ ভৱনৰ বাহিৰত ৰাসায়নিক পদাৰ্থৰে ভৰা স্প্ৰে মাৰি দেশৰ কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্লোগান দি দি কৰা সন্ত্ৰাসমূলক কাৰ্যকলাপে দেশৰ চোৰাংচোৱা সংস্থাৰ সোলোক ঢোলোক প্ৰতিচ্ছবি ফুটি উঠিছে ; অথচ সংসদ ভৱনৰ নিৰাপত্তা বিচাৰি শ্লোগান দিয়াৰ বাবে সাংসদৰ অধ্যক্ষই ১৪১ জন সাংসদক সংসদ ভৱনৰ পৰা নিলম্বন কৰা কাৰ্যই দেশৰ কেন্দ্ৰীয় চৰকাৰৰ অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী স্বৰূপ স্পষ্টকৈ পৰিস্ফুট হৈছে।
অহা ২৯ ডিচেম্বৰত কংগ্ৰেছ চৰকাৰৰ দিনতে আত্মসমৰ্পন কৰা আলফাৰ সদস্যৰে কেন্দ্ৰীয় চৰকাৰৰ শান্তিৰ চুক্তি স্বাক্ষৰিত হ’লেও আলফা-স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই আত্মসমৰ্পন নকৰালৈকে এই আলফা সমস্যাৰ সমাধান হ’ব বুলি আশা কৰিব নোৱাৰি।
এই বছৰৰ একেবাৰে শেষত এটি গোপন সন্ত্ৰাসবাদী সংগঠনে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সান্তি কাম দাস আৰু কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক পদত্যাগ বিচাৰি ইমেইল যোগে কৰা দাবী ,অন্যথা ৰিজাৰ্ভ বেংকক বোমাৰে উৰুৱাই দিয়া হ’ব বুলি হুংকাৰ দিয়া ঘটনাই দেশত এক অশনি সংকেত কঢ়িয়াই আনিছে।
মুঠতে, ২০২৩ বৰ্ষটোত আমাৰ দেশত সফলতাৰ বিপৰীতে অসফলতাৰ বিভিন্ন দিশ বেছিকৈ অনুভূত হৈছে।
থুলমূল ভাবে এই বৰ্ষটোৰ ঘটনা-পৰিঘটনাৰ এক বিৱৰণ দাঙি ধৰা হ’ল।

নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা
ভ্ৰাম্যভাষ:-৯১০১৪৬৫৮০৫

আজি ভাৰতীয় ক্ৰিকেট দলৰ যুৱ বেটছমেন যশস্বী জয়ছৱালৰ জন্মদিন, ২২ বছৰীয়া হ’ল যুৱ বেটছমেনগৰাকী…

ভাৰতীয় ক্ৰিকেট দলৰ যুৱ বেটছমেন যশস্বী জয়ছৱালে আজি ২২ সংখ্যক জন্মদিন পালন কৰিছে। ২০২৩ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটোৱা জয়ছৱালে প্ৰথমখন খেলতে শতক অৰ্জন কৰিছিল। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক মেচখনৰ প্ৰথম ইনিংছত বাওঁহাতৰ ভাৰতীয় অ’পেনাৰগৰাকীয়ে ১৭১ ৰানৰ ইনিংছ খেলিছিল। এই ইনিংছৰ জৰিয়তে তেওঁ প্ৰাক্তন ভাৰতীয় কিংবদন্তি বীৰেন্দ্ৰ ছেহৱাগৰ ঐতিহাসিক অভিলেখৰ সমান কৰে। এছিয়াৰ বাহিৰত টেষ্টত অভিষেক ঘটোৱাৰ সময়ত শতক অৰ্জন কৰা দ্বিতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় জয়ছোৱাল। যশস্বীয়ে ভাৰতৰ হৈ টেষ্ট আৰু টি-২০ ক্ৰিকেট খেলে। ভাৰতৰ হৈ জয়ছৱালে এই পৰ্যন্ত ভাল প্ৰদৰ্শন আগবঢ়াইছে। দক্ষিণ আফ্ৰিকা ভ্ৰমণত খেলি থকা টেষ্ট শৃংখলাতো জয়ছোৱাল টিম ইণ্ডিয়াৰ অংশ। জয়ৱালে ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলত খেলে। ২০২৩ চনৰ আই পি এলত ৰাজস্থানৰ হৈ তেওঁ আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছিল।

জয়ছৱালে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত এই পৰ্যন্ত ২ খন টেষ্ট আৰু ১৫ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। টেষ্টৰ ৩ ইনিংছত তেওঁ ৮৮.৬৬ গড়ে ২৬৬ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ নিজৰ বেটৰ পৰা ১ শতক আৰু ১টা অৰ্ধশতক অৰ্জন কৰিছে। টেষ্টত জয়ছোৱালৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১৭১ ৰান, যিটো তেওঁ নিজৰ অভিষেক ইনিংছতে লাভ কৰে। ইয়াৰ উপৰিও টি-২০ ইণ্টাৰনেশ্যনেলৰ ১৪টা ইনিংছত ৩৩.০৭ গড়ে ৪৩০ ৰান আৰু ১৫৯.২৫ ষ্ট্ৰাইক ৰেটত ১টা শতক আৰু ৩টা অৰ্ধশতক অৰ্জন কৰিছে। টি-২০ত তেওঁৰ উচ্চ স্ক’ৰ হৈছে ১০০ ৰান।


কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে, খাদ্যৰ পৰিৱৰ্তন কৰি নিজকে বচাওক…

কেইবামাহো পিছত পুনৰ গতি লাভ কৰিবলৈ আৰম্ভ কৰিছে ক’ৰণা ভাইৰাছৰ ৰোগীয়ে। এনে পৰিস্থিতিত এই মাৰাত্মক ৰোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ খাদ্য আৰু জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিব লাগিব। ক’ৰণা মহামাৰীয়ে যোৱা কেইবছৰমানৰ পৰা বিশ্ববাসীক বহুত অশান্তি দিছে। আকৌ এবাৰ ক’ৰণা আক্ৰান্তই গতি লাভ কৰিছে আৰু সমগ্ৰ দেশতে Corona JN.1 ৰ নতুন ভেৰিয়েন্টৰ ৰোগী দেখা গৈছে। দিল্লীত প্ৰতিদিনে পাঁচৰ পৰা সাতজনকৈ ক’ৰ’না আক্ৰান্ত হোৱাৰ বিপৰীতে দেশৰ অন্যান্য প্ৰান্তত আৰু বিশেষকৈ দক্ষিণৰ ৰাজ্যসমূহত ক’ৰোনা আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। স্বাস্থ্য বিশেষজ্ঞসকলে পৰামৰ্শ দিছে যে যদি পুনৰক’ৰণা বৃদ্ধি পায় তেন্তে মানুহে নিজৰ খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগিব। ক’ৰণাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ খাদ্যৰ এই পৰিৱৰ্তন কৰক-


স্বাস্থ্য বিশেষজ্ঞৰ দৃষ্টিকোণৰ পৰা ক’ৰোনাৰ পৰা ৰক্ষা পাবলৈ সুষম আৰু স্বাস্থ্যসন্মত খাদ্যৰ প্ৰয়োজন। যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল সেইসকল লোকক কৰোনাই সোনকালে আক্ৰমণ কৰে। এনে পৰিস্থিতিত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা খাদ্য খাদ্যত যোগ কৰিব লাগে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে এনে খাদ্যৰ প্ৰয়োজন হয় যিয়ে শৰীৰক কেৱল পুষ্টি প্ৰদান কৰাই নহয় ভিতৰৰ পৰাও শক্তিশালী কৰি তোলে। কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ খাদ্যত ভিটামিন এ, ভিটামিন বি, ভিটামিন বি ১২, ভিটামিন চিৰ লগতে ভিটামিন ই আদি ভিটামিনৰো প্ৰয়োজন হয়। যদি আপুনি নিয়মিতভাৱে মাছ খাব পাৰে। ইয়াৰ বাহিৰেও ফলমূল, শুকান ফল আৰু গাখীৰ খাব পাৰে। কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈও শৰীৰত প্ৰ’টিনৰ প্ৰয়োজন। প্ৰটিনযুক্ত খাদ্যত কুকুৰা, কণী, মচুৰ দাইল আৰু পনিৰ যোগ কৰিব লাগিব। যদি আপুনি আইৰণ বুষ্টাৰ ডায়েট বিচাৰে, তেন্তে আপুনি আপোনাৰ খাদ্যত কচু, বুটমাহ, বন্ধাকবি, ব্ৰকলি খাব পাৰে। যদি আপুনি নন-ভেজ নাখায় তেন্তে খাদ্যত সেউজীয়া আৰু উদ্ভিদ ভিত্তিক শাক-পাচলি যোগ কৰিব লাগে। ইয়াৰ লগতে মাহজাতীয় শস্যও খাব।


কৰ’ণাৰ সময়ছোৱাত ইমিউনিটি শক্তিশালী কৰিবলৈ আদা আৰু তুলসীৰ পাত খাব পাৰে। ইয়াৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব আৰু ডিঙিৰ সংক্ৰমণ ৰোধ হ’ব। এই পৰিৱেশত খাদ্যাভ্যাসৰ লগতে জীৱনশৈলীও সলনি কৰিব লাগিব। সামাজিক দূৰত্ব মানি চলিলে আপুনি ক’ৰণাৰ বিধ্বংসী পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰিব। ইয়াৰ বাহিৰেও বাহিৰলৈ ওলাই যোৱাৰ সময়ত মাস্ক পৰিধান কৰাৰ অভ্যাস পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব। বাহিৰৰ পৰা উভতি অহাৰ পিছত ভালদৰে চাবোনেৰে হাত ধুই কৰোনাৰ বিধ্বংসীতাৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰিব।


ৰখাই থোৱা গাড়ীৰ ভিতৰত উদ্ধাৰ অস্কাৰ বিজয়ী ‘পেৰাছাইট’ ছবিৰ অভিনেতাৰ মৃতদেহ…

দক্ষিণ কোৰিয়াৰ অস্কাৰ বিজয়ী দক্ষিণ কোৰিয়াৰ ছবি ‘পেৰাছাইট’ৰ অন্যতম অভিনেতা লী চন কেন আৰু নাই। জানিব পৰা মতে অভিনেতাগৰাকীৰ মৃতদেহ চিউলৰ এখন পাৰ্কত ৰখাই থোৱা গাড়ী এখনৰ ভিতৰত উদ্ধাৰ হৈছে। অভিনেতাগৰাকীৰ পত্নীয়ে আৰক্ষীক জনোৱা অনুসৰি তেওঁ ঘৰৰ পৰা অভিনেতাজনে লিখি থৈ যোৱা এটা চুইচাইড নোট পাইছে। অভিনেতাজনৰ পত্নী, অভিনেত্ৰী জিয়ন হিজেন আৰু তেওঁলোকৰ দুই সন্তান অভিনেতাজনৰ মৃত্যুত স্বাভাৱিকতে বিধ্বস্ত হৈ পৰিছে। অভিনেতাজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

লী কেনে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা কলা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ২০০১ চনত টিভি শৃংখলা ‘লাভাৰ্ছ’ৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। দক্ষিণ কোৰিয়াৰ অভিনেতাজনে ২০১৯ চনত মুক্তি লাভ কৰা অস্কাৰ বিজয়ী চলচ্চিত্ৰ ‘পেৰছাইট’ত অভিনয় কৰি সকলোৰে পৰিচিত হৈ পৰিছিল।অত্যাধিক ড্ৰাগ সেৱনৰ বাবে অভিনেতাজনে পূৰ্বে বহুবাৰ আইনী সমস্যাত পৰিছিল। তেওঁ সামাজিক মাধ্যমত বহুবাৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰিছিল।অভিনেতাগৰাকীৰ মৃত্যুত শোকৰ ছা পৰিছে।