Home Blog Page 1129

বলিউদৰ ভাইজানৰ আজি জন্মদিন, পুৱা ৩ বজাৰ পৰা ঘৰৰ সন্মুখত অনুৰাগীৰ ভিৰ…

ছলমান খানৰ ঘৰৰ বাহিৰত অনুৰাগীৰ ভিৰ। ছলমান খানৰ আজি ৫৮তম জন্মদিন। জন্মদিন উপলক্ষে ছলমান খানক শুভেচ্ছা দিবলৈ অনুৰাগীয়ে ভিৰ কৰা দেখা গ’ল।

পুৱা ৩ বজাৰ পৰা ছলমান খানৰ ঘৰৰ সন্মুখত মানুহ গোট খাইছিল। অনুৰাগীৰ এই ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈছে।

দেশত পুনৰ কোভিডৰ সংহাৰী ৰূপ ধাৰণ, সক্ৰিয় ৰোগীৰ সংখ্যা ৪১৭০ ৰ ঘৰ, ২৪ ঘণ্টাত তিনিজনৰ মৃত্যু…

শীতৰ লগে লগে দেশত পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে কোভিডে। কোভিডৰ নতুন প্ৰজাতি জেএন.১ত এতিয়ালৈকে কেইবাজনো লোক আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত মুঠ ১১৬ গৰাকী লোক কোভিডত সংক্ৰমিত হৈছে। এই সময়ছোৱাত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ তিনিজন লোকৰ মৃত্যু হৈছে। একে সময়তে ২৬ ডিচেম্বৰৰ পুৱা ৮ বজালৈকে দেশত মুঠ ৪১৭০গৰাকী কোভিড আক্ৰান্ত লোক থকাৰ কথা পোহৰলৈ আহিছে। যোৱা ২৪ ঘণ্টাত ২৯৩ গৰাকী লোক কোভিডৰ পৰা মুক্ত হৈছে। কেৰালাত সৰ্বাধিক সংখ্যক লোক এতিয়ালৈকে সংক্ৰমিত হৈছে। ডিচেম্বৰ মাহত তীব্ৰ ঠাণ্ডাৰ লগতে কৰোনাৰ নতুন সংহাৰে ত্ৰাসৰ সৃষ্টি কৰিছে।একেৰাহে চাৰি বছৰ ধৰি কোভিড-১৯-ৰ প্ৰাদুৰ্ভাৱ শীতকালত অধিক হৈ আহিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত সৰ্বাধিক সংখ্যক কোভিড ৰোগী কৰ্ণাটকত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। ৰাজ্যখনত ২৪ ঘণ্টাত মুঠ ৯২ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। কৰ্ণাটকত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা ৪৯৬ লৈ বৃদ্ধি হৈছে। মহাৰাষ্ট্ৰত কৰোনাৰ ১৫ টা সক্ৰিয় ঘটনা নতুনকৈ ধৰা পৰিছে। তেলেংগানাত ৯ টা। উত্তৰ প্ৰদেশত এতিয়ালৈকে মুঠ কোভিড ৰোগীৰ সংখ্যা ১৬ হৈছে। যোৱা ২৪ ঘণ্টাত এজন লোক আক্ৰান্ত হৈছে। ২৪ ঘণ্টাত ৰাজধানী দিল্লীততিনি জন লোক আক্ৰান্ত হৈছে। দিল্লীত সংক্ৰমিত লোকৰ মুঠ সংখ্যা ৩২ লৈ বৃদ্ধি হৈছে।

কেন্দ্ৰীয় চৰকাৰ কোভিডৰ নতুন প্ৰকাৰৰ বিষয়ে সম্পূৰ্ণ সতৰ্ক হৈ পৰিছে। একে সময়তে, কৰ্ণাটক, পঞ্জাৱকে ধৰি বহু ৰাজ্য চৰকাৰে সতৰ্কবাণী জাৰি কৰিছে। পঞ্জাৱৰ ভগৱত মান চৰকাৰে অমৃতসৰত প্ৰথম ঘটনাটো ধৰা পৰাৰ পিছত মানুহক মাস্ক পিন্ধিবলৈ আৰু জনবহুল অঞ্চললৈ নাযাবলৈ আহ্বান জনাইছে। কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী দিনেশ গুণ্ডু ৰাৱে ২৬ ডিচেম্বৰত কোভিদ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰে। তেওঁ লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য চীনৰ এই ৰহস্যজনক ৰোগে পুনৰবাৰ উত্তেজনাত পেলাইছে বিশ্ববাসীক। কিছুদিনৰ পৰা চীনত শিশুৰ নিউমোনিয়াৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ কৰি দিয়া হৈছে বিদ্যালয়। এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাও তৎপৰ হৈ পৰিছে। ক্ৰমাৎ চীনত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। প্ৰথম কথা, চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে কয় যে এই ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকলৰ সংখ্যা ইতিমধ্যে বৃদ্ধি পাইছে। খবৰ অনুসৰি, এই ৰোগৰ সংক্ৰমণে প্ৰধানত শিশুসকলক আক্ৰান্ত কৰিছে। ইয়াৰ ফলত আক্ৰান্ত শিশুৱে তীব্ৰ জ্বৰ আৰু হাওঁফাওঁৰ সংক্ৰমণত ভুগিছে। অৱশ্যে তেওঁলোকৰ শৰীৰত কাঁহৰ দৰে আন শ্বাস-প্ৰশ্বাসজনিত লক্ষণ দেখিবলৈ পোৱা নাই। চীনৰ উত্তৰ-পূব অঞ্চলৰ দুটা প্ৰধান কেন্দ্ৰ বেইজিং আৰু লিয়াওনিঙত এই সংক্ৰমণ বিয়পি পৰিছে। বেইজিঙৰ এখন চিকিৎসালয়ে প্ৰতিদিনে গড়ে প্ৰায় ১২০০ ৰোগীক তেওঁলোকৰ জৰুৰীকালীন অৱস্থাত ভৰ্তি কৰা বুলি প্ৰকাশ কৰিছে।

বিশ্বৰ বহু নেতা পৰিল পিছঃ প্ৰধানমন্ত্ৰী মোদীৰ ইউটিউবত ছাবস্ক্ৰাইবাৰৰ সংখ্যাই অতিক্ৰম কৰিলে ২ কোটিৰ ঘৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ইউটিউব চেনেলত ছাবস্ক্ৰাইবাৰৰ সংখ্যাই মঙলবাৰে দুই কোটি অতিক্ৰম কৰে। এই ক্ষেত্ৰত মোদীয়েই হৈছে একমাত্ৰ ভাৰতীয় নেতা যিয়ে বিশ্বৰ আন বহু নেতাক ইউটিউবৰ ছাবস্ক্ৰাইবাৰৰ দিশৰ পৰা চেৰ পেলাবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ চেনেলত পোষ্ট কৰা ভিডিঅ’বোৰ ৪.৫ বিলিয়নতকৈও অধিক লোকে চাইছে, যি বিশ্বৰ আন নেতাতকৈ বহু বেছি। ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ বোলচোনাৰোৰ প্ৰায় ৬৪ লাখ ছাবস্ক্ৰাইবাৰ আছে। তেওঁ মোদীৰ পিছতে তালিকাৰ দ্বিতীয় স্থানত আছে । অৱশ্যে তেওঁৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা প্ৰধানমন্ত্ৰী মোদীৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যাতকৈ এক তৃতীয়াংশতকৈও কম। আনে মন্তব্য প্ৰদানৰ দিশৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি ২২.৪ কোটি মন্তব্যৰে প্ৰথম স্থানত আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী এইক্ষেত্ৰত দ্বিতীয় স্থানত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ৭.৮৯ লাখ ছাবস্ক্ৰাইবাৰ আছে।

আনহাতে তুৰ্কীৰ প্ৰধানমন্ত্ৰী ৰিচেপ তায়িপ এৰ্দোগানৰ ৩.১৬ লাখ ছাবস্ক্ৰাইবাৰ আছে৷ অন্যান্য উল্লেখযোগ্য ভাৰতীয় নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীৰ চেনেলৰ ৩৫ লাখৰো অধিক ছাবস্ক্ৰাইবাৰ আছে প্ৰধানমন্ত্ৰীয়ে ২০০৭ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে তেওঁৰ ইউটিউব চেনেল আৰম্ভ কৰিছিল।

অনাতাঁৰ মৰম পৰিয়ালৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱস; মানস প্ৰতীম শৰ্মা, জয়বৰ পাংগিং আৰু সোণাৰাম লালুঙক ২০২৩ বৰ্ষৰ বঁটা প্ৰদান

২০১০ চনৰ ২৫ ডিচেম্বৰত মাজুলীৰ মুদৈবিলত প্ৰতিষ্ঠা হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ’ শ্ৰোতা সংঘ “অনাতাঁৰ মৰম পৰিয়াল” ৰ সোমবাৰে ধেমাজিৰ জোনাই তেলেমত অনুষ্ঠিত হোৱা চতুৰ্দশ প্ৰতিষ্ঠা দিৱসত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বাৰ্তা সম্পাদক মানস প্ৰতীম শৰ্মাক “শ্ৰোতা প্ৰেৰণা বঁটা -২০২৩” আৰু জোনাই তেলেমৰ জয়বৰ পাংগিং আৰু মেছাকী চাপৰিৰ সোণাৰাম লালুঙক “অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা – ২০২৩ প্ৰদান কৰে।

অনুষ্ঠানটিত পৰিয়ালটিৰ ফালৰপৰা প্ৰতি বছৰে প্ৰকাশ পাই অহা বাৰ্ষিক মুখপত্ৰ “মৰম এক যোগসূত্ৰ” উন্মোচন কৰে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰসাৰণ কাৰ্যবাহী পৰশা কোঁৱৰে ।

অনুষ্ঠানত চিলাপথাৰ প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ সচিব ৰেণু বৰুৱাই সঞ্চালনা কৰা সভাখনিত, মহাবিদ্যালয়ৰ খনিৰ অধ্যক্ষ, অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ বিপিন ৰাজখোৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেডিঅ’ জ্ঞান মালিনী ৰ অনুষ্ঠান কাৰ্যবাহী স্বপ্নালী ভূঞা, ওমানৰ নিবাসী বিশিষ্ট অভিযন্তা তথা গীতিকাৰ মনজিত শইকীয়া চলিহা , আকাশবাণী লখিমপুৰৰ সংবাদদাতা হিমাদ্ৰী ঠাকুৰীয়া , আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰিয়াংকী গোস্বামী , নেনচি বৰুৱা , সংহীতা মাধৱী দত্ত , উপাসনা বৰদলৈ , পৰিয়ালটোৰ বিভিন্ন জিলাৰ পৰা অহা সদস্য সকলৰ লগতে জোনাই অঞ্চলৰ প্ৰায় তিনিশৰো অধিক ৰেডিঅ’প্ৰেমী শ্ৰোতা ৰাইজ উপস্থিত থাকে।

অসম নাট্য সন্মিলনৰ অন্তৰ্গত ৰত্নপীঠ মণ্ডলৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশন…

অসম নাট্য সন্মিলনৰ অন্তৰ্গত ৰত্নপীঠ মণ্ডলৰ অষ্টম দ্বি বাৰ্ষিক অধিবেশন আৰু পুৰ্ণাংগ নাট প্ৰতিযোগিতাত তামুলপুৰ শাখাই শ্ৰেষ্ঠ নাট পৰিচালক আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান অৰ্জন কৰে৷ তামুলপুৰ শাখাই উদীয়মান নাট্যকাৰ তথা পৰিচালক অভিজিত দাস ৰচিত বড়ো ভাষাৰ নাট “ফেলেং “(ব্যৰ্থ) পৰিবেশন কৰি অভিজিত দাসে শ্ৰেষ্ঠ নাট পৰিচালক আৰু চৌমখৗৰ ব্ৰহ্মই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান অৰ্জন কৰে৷

উল্লেখযোগ্য যে বিগত বৰ্ষত বৰপেটাৰোডত অনুষ্ঠিত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতাত অভিজিত দাস ৰচিত বড়ো ভাষাৰ নাট বাইগ্লিনাই ছিমাং( ভগ্ন হৃদয়ৰ স্বপ্ন) নাট পৰিবেশন কৰি তামুলপুৰ শাখাই তৃতীয় শ্ৰেষ্ঠ নাট্য দল আৰু এই শাখাৰ বিদ্যুত বড়োয়ে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে৷

শিৱসাগৰৰ Zoonskayaত হ’ব নৰ্থ-ইষ্টৰ প্ৰথমখন বিমান থিমৰ ৰেষ্টুৰেণ্ট…

শিৱসাগৰত নৱবৰ্ষৰ প্ৰাক্ক্ষণত ব্যৱসায়ীক ক্ষেত্ৰত এক বিশেষ পদক্ষেপ লৈছে এজন বিশেষ ব্যক্তিয়ে।

শিৱসাগৰৰ Zoonskayaত হ’ব নৰ্থ-ইষ্টৰ প্ৰথমখন বিমান থিমৰ ৰেষ্টুৰেণ্ট।

এয়াৰ ইণ্ডিয়াৰ এখন বিমানক ফ্লাইট ৰেষ্টুৰেণ্টলৈ ৰূপান্তৰিত কৰিব।

২৪ ঘন্টাত ক’ৰণাত ৩ জনৰ মৃত্যু, ৪১২ জন নতুনকৈ আক্ৰান্ত, সংক্ৰমণ দ্ৰুতগতিত বিয়পিছে…

ভাৰতত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা। ২৪ ঘন্টাত দেশত নতুনকৈ ১১৮ জন লোক ক’ৰনাত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে সক্ৰিয় ৰোগীৰ সংখ্যা ৪১৭০ লৈ বৃদ্ধি পাইছে। আনহাতে ২৪ ঘন্টাত ২৯৩ জন ৰোগী সুস্থ হৈ উঠিছে। যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে তিনিজন লোকৰ। কৰ্ণাটকত এই তিনিওজনৰ মৃত্যু হৈছে। বৰ্তমান দেশত ৪১৭০ জন সক্ৰিয় ক’ৰ’না আক্ৰান্ত ৰোগী আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি যোৱা ২৪ ঘন্টাত ভাৰতত মুঠ ১১৬ গৰাকী Covid-19 ৰ নতুন ভেৰিয়েন্ট JN.1 ৰ নতুন ক’ভিড পঞ্জীয়ন কৰা হৈছে।

মঙলবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত এতিয়ালৈকে মুঠ Covid-19 আক্ৰান্তৰ সংখ্যা ৪.৫০ কোটি (৪,৫০,০৯,৬৬০) হৈছেগৈ। দেশত যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ বাবে তিনিজন লোকৰ মৃত্যু হোৱাৰ পিছত এই ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩৩,৩৩৭ লৈ বৃদ্ধি পাইছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি কৰ্ণাটকত যোৱা ২৪ ঘন্টাত কৰ্ণাটকত Covid-19ৰ বাবে তিনিজন ৰোগীৰ মৃত্যু হৈছে।

চিডিচিৰ মতে এই ৰোগত আক্ৰান্ত ৰোগীৰ জ্বৰ, ঠাণ্ডা, কাহ, উশাহ লোৱাত কষ্ট, উশাহ লোৱাত অসুবিধা, ভাগৰ, পেশীৰ বিষ, মূৰৰ বিষ, ৰুচি বা গোন্ধ নোহোৱা, ডিঙিৰ বিষ, ভিৰ, নাক পানী ওলোৱা আদি লক্ষণ দেখা দিব পাৰে। বমি আৰু ডায়েৰিয়া দেখা দিয়ে। কিন্তু বহু ক্ষেত্ৰত লক্ষণসমূহ ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে।

নতুন ভিন্নতাত দেখা গৈছে যে ইয়াৰ দ্বাৰা আক্ৰান্ত ৰোগী সুস্থ হোৱাৰ পিছতো লক্ষণসমূহ স্থায়ী হৈ থাকে। ইয়াৰ ভিতৰত মূৰৰ বিষ, ভাগৰুৱা, উশাহ-নিশাহৰ কষ্ট ইত্যাদি। চিকিৎসকে কয় যে এই লক্ষণসমূহ আৰোগ্য হোৱাৰ পিছত কমেও ৪ৰ পৰা ৬ সপ্তাহলৈকে থাকিব পাৰে।


ৰাম মন্দিৰত উৰিব ৪২ ফুট বহল – ৪০ ফুট দৈৰ্ঘ্যৰ পতাকা…

ৰাম মন্দিৰৰ পতাকাঃ অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ অভিষেক ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব। ইফালে খবৰ আহিছে যে ঝাৰখণ্ডৰ হাজাৰীবাগত নিৰ্মিত ৪০ ফুট দীঘল আৰু ৪২ ফুট বহলৰ পতাকাখন অযোধ্যাত উৰিব। অযোধ্যাত ৰাম মন্দিৰৰ সাজু হৈছে। এই পতাকাখন নিৰ্মাণৰ নিৰ্দেশ দিছে নৱল কিশোৰ খাণ্ডেলৱালে। ২০২৪ চনৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মূল অনুষ্ঠানৰ এসপ্তাহ পূৰ্বে ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বৈদিক অনুষ্ঠান।

অযোধ্যাত পতাকা উত্তোলন ৪০ ফুট দীঘল আৰু ৪২ ফুট বহল। ১১৫ মিটাৰ কাপোৰেৰে এই পতাকা তৈয়াৰ কৰা হৈছে। পতাকাত নিৰ্মাণ কৰা হৈছে দুটা প্ৰতিমূৰ্তি। ৬ ফুট ওখ বজৰংবলীৰ প্ৰতিমূৰ্তি। আনহাতে দ্বিতীয় মূৰ্তিটো ৪ ফুট ওখ, য’ত ভগৱান শ্ৰী ৰাম, লক্ষ্মণ আৰু বজৰংগবলীৰ চিত্ৰ অংকন কৰা হৈছে। পতাকাখন আকৰ্ষণীয়ভাৱে সজাই তোলা হৈছে। কোৱা হৈছে যে এই পতাকাখন স্থাপন কৰিবলৈ ১০০ ফুটতকৈ অধিক ওখ বাঁহৰ প্ৰয়োজন হ’ব।পতাকা লৈ অযোধ্যালৈ গৈ আছে ৮১ বছৰীয়া নৱল কিশোৰ। নৱল কিশোৰ খাণ্ডেলৱালে কয় যে যেতিয়া কাৰ সেৱকে বাবৰি মছজিদ ভাঙিবলৈ ওলাইছিল, তেতিয়া তেওঁক বাটতে গ্ৰেপ্তাৰ কৰা হৈছিল। ৩ মাহ ধৰি হাজৰিবাগ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল। এতিয়া যেতিয়া ৰাম মন্দিৰ পবিত্ৰ হ’বলৈ গৈ আছে, তেতিয়া তেওঁলোকৰ সুখৰ কোনো সীমা নাই। তেওঁ কয় যে যি সপোনৰ বাবে মানুহে সংগ্ৰাম কৰিছিল, সেই সপোন আজি পূৰণ হ’বলৈ গৈ আছে।

কাৰ চকুৰ সৈতে কাৰ চকুৰ মিল! বলিউদত এতিয়া চকুৰ মণিক লৈ চৰ্চা, কৰীনাতকৈ কৰিশ্মাক কিয় বেছি ভালপাই ৰাজ কাপুৰে…

কৰীনা কাপুৰ খানে জ্যেষ্ঠ ভগ্নী কৰিশ্মা কাপুৰ আৰু ৰাজ কাপুৰৰ মাজত থকা বন্ধন সম্পৰ্কে কৰে মন্তব্য। অভিনেত্ৰী কৰীণাই কৈছিলমোতকৈ কৰিশ্মাক বেছি ভাল পায় দাদা ৰাজ কাপুৰে। বি-টাউনৰ জনপ্ৰিয় ভগ্নী কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰ খানক কোনো পৰিচয়ৰ প্ৰয়োজন নাই। য’ত কৰিশ্মা ৯০ দশকত শীৰ্ষ অভিনেত্ৰী আছিল। আনহাতে আজি কৰীনাৰ নাম বলীউডৰ ডাঙৰ নায়িকাৰ ভিতৰত অন্তৰ্ভুক্ত।

এই দুগৰাকী ভগ্নীয়ে প্ৰায়ে ইজনে সিজনৰ লগত মানসম্পন্ন সময় কটোৱা দেখা যায়। দুয়োৰে মাজত বহু মৰম। অৱশ্যে ইমান মৰম থকাৰ পিছতো কৰিশ্মাৰ এটা কথাই কৰীনাক বিৰক্ত কৰে আৰু ইয়াৰ বাবেই ঈৰ্ষা হয়। আচলতে বেবোৰ অনুভৱ হয় যে দাদা ৰাজ কাপুৰে কৰিশ্মা কাপুৰক বেছি ভাল পাই। এই কথা প্ৰকাশ কৰিছে নিজেই কৰীনাই। এক সাক্ষাৎকাৰত কৰীনা কাপুৰে কৈছিল যে মোৰ দাদা ৰাজ কাপুৰে মোতকৈ কৰিশ্মাক বেছি ভাল পায়। কৰীণাই কয় যে কৰিশ্মাৰ চকু দাডুৰ দৰে নীলা। এই বাবেই কৰিশ্মাক বেছি ভাল পাই ৰাজ কাপুৰে এইদৰে কয় কৰীণা কাপুৰে।

লাখ লাখ লোকক নতুন বছৰতেই অসম চৰকাৰে দিব ভাল খবৰ

নতুন বছৰতেই লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ।

ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ’ব ৰেচন কার্ড।

যিসকলে ৰেচন কাৰ্ডৰ বাবে আৱেদন কৰিছে তেওঁলোকলৈ সুখবৰ।

মাঘ বিহুৰ সময়ত সমষ্টিয়ে সমষ্টিয়ে বিতৰণ কৰা হ’ব ৰেচন কার্ড।

আপুনি ১৬ৰ পৰা ২২ জানুৱাৰীৰ ভিতৰত ৰেচন কার্ড লাভ কৰিব।

নতুনকৈ ৪২ লাখ পৰিয়ালক ৰেচন কার্ড দিয়া হ’ব ৰাজ্যত।

ৰেচন কার্ড নথকা লোকক এই ভাল খবৰ দিলে হিমন্ত চৰকাৰে।

‘বিকশিত ভাৰত সংকল্প যাত্রা’ৰ জৰিয়তে প্রদান কৰিব ৰেচন কার্ড।

জানুৱাৰী মাহৰ পৰাই নতুন হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চাউল।

বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব ৫ লাখ টকাৰ চিকিৎসা সেৱা।